20/04/2024

অধিকাৰ

আপোনালোকে যি কৰে কৰক
মোক মোৰ অধিকাৰ লাগিবই 

জীৱনৰ অধিকাৰ 
জন্মস্বত্ব অধিকাৰ 
নিৰাপত্তাৰ অধিকাৰ 
ভালপোৱাৰ অধিকাৰ 
দায়িত্ববোধৰ অধিকাৰ 
একেলগে থকাৰ অধিকাৰ
জীৱনক উপভোগ কৰাৰ অধিকাৰ

বহু অনিশ্চয়তাৰ বাটত ঘূৰিলোঁ
বাট বুলি অবাটে খোজ পেলালোঁ
পুনঃ বাট এৰি অবাটে যোৱাৰ ইচ্ছা মোৰ নাই

সপোনবোৰৰ এয়া আৰম্ভণি মাথোঁ 
আৰম্ভণিতে মৰি যাবলৈ দিব নোৱাৰিম মই

আপোনালোকে যি কৰে কৰক

আপোনালোকে মাৰিলেও মাৰিব
কাটিলেও কাটিব
মই সম্প্ৰতি গছৰ দৰে স্থিৰ
বাগৰি নপৰালৈকে থিয় হৈ থাকিম

এজাক বতাহে গছডালক বগৰাই দিবলৈ 
চেষ্টা চলাইয়ে থাকিব

তাৰ পিছতো 
শিপাৰে মাটি খামুচি 
অলৰ অচৰ স্থিৰপ্ৰজ্ঞ

                               ✍ কন্দৰ্পজিৎ

অন্য পথ

অন্য পথ 
(আত্মহত্যাৰ বিপক্ষে প্ৰথম কলম)

কিছুমান মৃত্যুৰ আগজাননী পোৱা যায়। তাৰ পিছতো মৌন হৈ থাকে বহুতে। মৃত্যুৰ পিছত দুখ প্ৰকাশ কৰাতকৈ মৃত্যুক ৰোধ কৰিবলৈ চেষ্টা কৰাই ভাল, যদিহে আপুনি ৰোধ কৰিবলৈ সক্ষম! 

মৰা জনে অকলে নমৰে, মাৰি থৈ যায় আনকো। সেয়েহে বাগৰি নপৰালৈকে যুঁজিবলৈ শিকক। 

এসময়ত মই আত্মহত্যাৰ সপক্ষে লিখিছিলোঁ, “আত্মহত্যা কৰিব জনাটোও এটা কলা”। এতিয়া এই ধাৰণা মোৰ সলনি হৈছে। হত্যা, আত্মহত্যা বা মৃত্যু মানেই সমস্যাৰ সমাধান নহয়। 

অৱশ্যে ধাৰণা বা অনুভৱ ৰথৰ চকাৰ দৰে ......

10/04/2024

দুটা আঙুলিত বন্দী পাঁচটা জীৱন

দুটা আঙুলিত বন্দী পাঁচটা জীৱন
-----------------------------------------------

দুটা আঙুলি
এডাল মেৰিয়াই লোৱা সূতা

সূত্ৰধাৰে আঙুলি জোঁকাৰি আছে 
পুতলা বিলাকে নাচি আছে

এজন সূত্ৰধাৰ 
পাঁচটা পুতলা 

দুটা আঙুলিত বন্দী 
পাঁচটা জীৱন

✍ কন্দৰ্পজিৎ

শিলৰ চোলা পিন্ধা মানুহ

শিলৰ চোলা পিন্ধা মানুহ 
=================

শিলৰ চোলা পিন্ধা মানুহবোৰ 
শিলৰ দৰে অবোধ

শিলৰ চোলা পিন্ধা মানুহবোৰে 
কান্দিব নোৱাৰে 
যদিওবা কান্দে কেতিয়াবা 
সিহঁতৰ চকুলো নিমখীয়া নহয়

পাৰিলে শিলৰ চোলা পিন্ধা মানুহবোৰৰ পৰা
দূৰৈত থকা উচিত 
কাৰণ সিহঁতে আপোনাকো পিন্ধাই দিব পাৰে 
শিলৰ চোলা

ভুলকৈ ময়ো কেতিয়াবা প্ৰেমত পৰি যাওঁ
শিলৰ চোলা পিন্ধা মানুহৰ
আৰু হৃদয়ত শিলৰ সাঁকো নিৰ্মান কৰি
গৈ থাকোঁ অন্য এক শিলাময় পথত

✍ কন্দৰ্পজিৎ

মৃত্যু

মৃত্যু 
===

আই, তোমাৰ গৰ্ভতে কিয় মৃত্যু নহ'ল মোৰ
কিয় মৃত্যু নহ'ল জন্মৰ প্ৰাকক্ষণত অথবা পূৰ্বক্ষণত 
মৃত্যু কি ইমানেই দুৰ্লভ!
কিয় মৃত্যু নহ'ল মোৰ

বাছ দুৰ্ঘটনাত মানুহ মৰে
মানুহৰ মৃত্যু হয় বাইক দুৰ্ঘটনাত 
এনেকি চাইকেল অথবা পথ দুৰ্ঘটনাত 
মৃত্যুৰো আছে অনেক পথ
তাৰ পিছতো কিয় মৃত্যু নহ'ল মোৰ 

মৃত্যু খুবেই দুৰ্লভ 
মৃত্যুহীন মানুহৰ!

✍ কন্দৰ্পজিৎ

৬ এপ্ৰিল, ২০২৪

আজি মোৰ জন্মদিনো নহয়
আজি মোৰ মৃত্যুদিনো নহয়
আজি মোৰ পুনৰ্জন্ম হ'ল 
গৰ্ভস্থ নহওঁ
শূন্যতাত জন্ম মোৰ
কাইলৈৰ পৰা এক দুই কৰি 
নতুন জীৱনযাত্ৰা আৰম্ভ কৰিম
শূন্যতাৰ পৰা অন্য এক যাত্ৰা ......

09/03/2024

আজিৰ তাৰিখত বাতৰি কাকতৰ দাম

আজিৰ তাৰিখত বাতৰি কাকতৰ দাম
                                   ০৬/০৩/২০২৪

❖ অসমীয়া:
• অসম বাৰ্তা - ১০ টকা (১৬ পৃষ্ঠা)
• দৈনিক গণ অধিকাৰ - ১০ টকা (১২ পৃষ্ঠা)
• অসমীয়া প্ৰতিদিন - ৯ টকা (১৬ পৃষ্ঠা)
• আমাৰ অসম - ৯ টকা (১৬ পৃষ্ঠা)
• দৈনিক জনমভূমি - ৯ টকা (১৬ পৃষ্ঠা)
• দৈনিক অগ্ৰদূত - ৯ টকা (১৬ পৃষ্ঠা)
• নিয়মীয়া বাৰ্তা - ৮ টকা (১৬ পৃষ্ঠা)
• অসমীয়া খবৰ - ৭ টকা (১২ পৃষ্ঠা)
• অসম আদিত্য - ৭ টকা (১২ পৃষ্ঠা)
• ই সংবাদ - ১ টকা (৮ পৃষ্ঠা)

❖ বাংলা:
• প্রথম আলো (বাংলাদেশ) 
            ১২ টাকা (১৬ পৃষ্ঠা)
• দৈনিক ইত্তেফাক (বাংলাদেশ) 
                  ১২ টাকা (১৬ পৃষ্ঠা)
• কালের কণ্ঠ (বাংলাদেশ) 
           ১২ টাকা (১৬ পৃষ্ঠা)
• দৈনিক সংগ্রাম (বাংলাদেশ) 
               ১২ টাকা (১৬ পৃষ্ঠা)
• নয়া দিগন্ত (বাংলাদেশ) 
         ১২ টাকা (১২ পৃষ্ঠা)
• বাংলাদেশ প্রতিদিন (বাংলাদেশ) 
                         ৮ টাকা (১৬ পৃষ্ঠা)
• দৈনিক সাময়িক প্রসঙ্গ (শিলচর)
                         ৮ টাকা (১২ পৃষ্ঠা)
• দৈনিক প্রান্তজ্যোতি (শিলচর)
                    ৮ টাকা (১২ পৃষ্ঠা)
• আনন্দবাজার পত্রিকা (পশ্চিম বঙ্গ)
           ৫ টাকা (১৬ পৃষ্ঠা)
• গণশক্তি (পশ্চিম বঙ্গ)
           ৫ টাকা (৮ পৃষ্ঠা)
• দৈনিক সংবাদ (ত্রিপুরা) 
           ৫ টাকা (১০ পৃষ্ঠা)
• আজকাল (পশ্চিম বঙ্গ)
           ৪ টাকা (১৬ পৃষ্ঠা)
• সংবাদ প্রতিদিন (পশ্চিম বঙ্গ)
           ৪ টাকা (১২ পৃষ্ঠা)

❖ মণিপুরী: 
• সঙাই এক্সপ্রেস — 6/- (12 Pages)
• পোক্নফম — 6/- (10 Pages)
• হুইয়েন লানপাউ — 5/- (12 Pages)
• সনালৈবাক — 5/- (10 Pages)

❖ ଓଡ଼ିଆ: (ওড়িয়া:)
• ପ୍ରଗତିବାଦୀ (প্ৰগতিবাদী)
‌ 10/- (20 Pages)
• ସଂପର୍କବାର୍ତା (সম্পৰ্কবাৰ্তা)
               10/- (8 Pages)
• ସମ୍ବାଦ (সম্বাদ) — 7/- (22 Pages)            
• ସମାଜ (সমাজ) — 7/- (22 Pages)
• ପ୍ରମେୟ (প্ৰমেয়) — 7/- (20 Pages)
• ଓଡ଼ିଶା ଭାସ୍କର (ওড়িশা ভাস্কৰ) 
                     7/- (12 Pages)
• ଧରିତ୍ରୀ (ধৰিত্ৰী) — 7/- (10 Pages)
• ସକାଳ (সকাল) — 6/- (16 Pages)
• ନିତିଦିନ (নিতিদিন) — 6/- (12 Pages)
• ସମୟ (সময়) — 5/- (14 Pages)
• ସୂର୍ଯ୍ୟପ୍ରଭା (সূৰ্য্যপ্ৰভা) — 4/- (8 Pages)
• ନିର୍ଭୟ ସୂଚନା (নিৰ্ভয় সূচনা) 
                    4/- (8 Pages)
• ନନ୍ଦିନୀ (নন্দিনী ) — 3/- (8 Pages)
• ସ୍ୱାଧିକାର (স্বাধীকাৰ) — 3/- (8 Pages)
• ଦିନଲିପି (দিনলিপি) — 2/- (8 Pages)
• ମାତୃଭାଷା (মাতৃভাষা) — 2/- (8 Pages)
• ସମ୍ବାଦ କଳିକା (সম্বাদ কলিকা)
                       2/- (8 Pages)
• ସେଇଠ ଆରମ୍ଭ (সেইঠ আৰম্ভ)
‌‌ 2/- (8 Pages)
• ଓଡ଼ିଶାର ସମ୍ମାନ (ওড়িশাৰ সম্মান)
                            2/- (8 Pages)
•ମହାଭାରତ (মহাভাৰত) — 2/- (8 Pages)

❖ हिन्दी:
• दैनिक पूर्वोदय (गुवाहाटी) 
          10/- (12 Pages)
• पूर्वांचल प्रहरी (गुवाहाटी) 
          10/- (12 Pages)
• प्रातः खबर (गुवाहाटी) 
          10/- (12 Pages)
• दैनिक जागरण (राष्ट्रीय संस्करण )
                        8/- (14 Pages)
• प्रभात खबर (रांची)
    6/- (22 Pages)
• जनसत्ता (लखनऊ)
    6/- (26 Pages)
• दैनिक जागरण (दिल्ली)
          5/- (22 Pages)
• नईदुनिया (इन्दोर, जबलपुर, ग्वालियर)
         5/- (22 Pages)
• हिन्दुस्तान (नई दिल्ली)
         5/- (20 Pages)
• नवभारत टाइम्स (दिल्ली)
            5/- (20 Pages)
• नवदुनिया (दिल्ली)
   5/- (20 Pages)
• दैनिक जागरण (पटना)
         4/- (24 Pages)
• दैनिक जागरण (कानपुर)
           4/- (22 Pages)
• नईदुनिया (रायपुर, बिलासपुर)
           4/- (18 Pages)
• नवोदय टाइम्स (मुख्य संस्करण)
           4/- (14 Pages)
• हरिभूमि (भोपाल)
  4/- (14 Pages)
• अमर उजाला (दिल्ली)
  3.50/- (18 Pages)

❖ संस्कृत:
• सुधर्मा 1.75/- (2 Pages)

❖ नेपाली:
• अन्नपूर्ण पोस्ट (काठमाडौं)
             10/- (8 Pages)
• राजधानी (काठमाडौं)
             10/- (8 Pages)

❖ बर': 
• सानसेयारि बड'सा — 8/- (8 Pages)

❖ ગુજરાતી: (গুজৰাতী:)
• ગુજરાત સમાચાર (গুজৰাত সমাচাৰ)
                                5/- (34 Pages)

❖ Garo: 
• Salantini Janera — 5/-

❖ English:
• Daily News (Sri Lanka) 
‌ 70/- (24 Pages) 
• The Times of India 
     9.50/- (46 Pages) 
• The Peoples Chronicle (Manipur) 
                    6/- (10 Pages) 
• The Meghalaya Guardian 
                      5/- (12 Pages) 
• The North-East Times 
                   2/- (8 Pages)

                                   © কন্দৰ্পজিৎ

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং

কা꯭ই꯭ল্কা꯭ যে꯭ঠে꯭ই ꯭মুঁ꯭ই ꯭খা꯭ড়া꯭ হ꯭য়া꯭ আ꯭ছি꯭লুং꯭

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
আইজ্কা অঠেই মুঁই নাই

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অঠেই আছিল স্বৰ্ণীল সৰীসৃপ শ্বাপদ

আইজ্কা যেঠেই মুঁই খাড়া হয়া আছুং
এঠেই আছে কণ্টক কেকটাছ সদৃশ উদ্ভিদ

কাইল্কা আকজন ৰাম আছিল
অয় আছিল নিৰ্গুণ নিৰাকাৰ ৰাম

আইজ্কাও আকজন ৰাম আছে
এয় হৈল ৰঙীন বৈভব সমৃদ্ধ ৰাম

ৰামতো ৰামেএ আছিল
ৰাম কুনোদিনে শ্যাম নাছিল

আইজ্কা ৰামেৰ ভিত্‌ৰাত শ্যাম
শ্যামেৰ ভিত্‌ৰাত ৰাম

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অঠেই আকজন হজৰত আছিল
নিজে বদলিয়া 
অন্যকো বদলেয়া দিবাৰ পাওয়া হজৰত

আইজ্কাও আকজন হজৰত আছে
হালাল আৰ্ হাৰামেৰ মাজত 
ঝুলিয়া থাকা হজৰত

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অঠেই আকজন বুদ্ধ আছিল
অঘৰী বুদ্ধ
জনগণেৰ মুক্তিৰ পথ বিছৰিয়া
উন্মাদ বুদ্ধ
বুদ্ধং শৰণং গোস্বামী
সংঘং শৰণং গোস্বামী

আইজ্কাও আকজন বুদ্ধ আছে
কোভিড নাইনটিনেৰ মাজত 
চেপ্টা খায়া ৰুগ্ন হোআ বুদ্ধ

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অঠেই আকজন যীশু আছিল
নিজে কষ্ট ভুগিয়া
অন্যক ঘাটা দেখোআ যীশু

আইজ্কাও আকজন যীশু আছে
ঘাটা ছাড়িয়া বেঘাটাত বেড়োআ যীশু

আসলতে সময় বদলিছে না মুঁই

না কাইল্কাৰ মুঁই
আইজ্কা আৰ্ মুঁই হোয়া নাই

কিজানিবা 
কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অইজন মুঁয়েয় আছিলুং

আৰ্
আইজ্কা যেঠেই মুঁই খাড়া হয়া আছুং
এঠেই কিজানিবা মুঁয়েই নাই

আছে আৰ্ নাইৰ ধামখামাত
ধোঙাচ্ছন্ন আকটা জীবন যুঁজিয়া
হয়তো বৰ্তমান অন্য আকজন মুঁই!

সময় (কামতাপুৰী অকবিতা)

সময়
====

সময়!
সময়ে গতি বদলায়

তুয়ো জানিস মু‌ঁয়ো জানুং
কৰ্ণ কাৰ অবহেলাৰ শিকাৰ

কৰ্ণৰ কি দোষ আছিল
কি দোষ আছিল কৰ্ণৰ?

তুইতো ধৰ্মশাস্ত্ৰৰ বিষয়ে জানিস
জানিস ৰামায়ণ, মহাভাৰতেৰ কাহিনী
জানিস কীৰ্তন অথবা ভাগবতেৰ কিচ্ছা

তুইতো জানিস ন্যায় আৰ অন্যায় কাক কয়
তাৰ পৰেও কেনে তুই মৌন

তাৰ পৰেও কেনে তুই মৌন
কৰ্ণৰ নিঃস্বাৰ্থ আহুতি যজ্ঞত
কেনে তুই মৌন
একলব্যৰ বুঢ়া আঙুল কাটিয়া দেওয়াৰ স্বাৰ্থত

মুঁই মদ খাং
মদ খাইলে অন্ততঃ অল্প সময়েৰ জৈন্যে 
শান্তি পাং

মুঁয়ো জানুং এই শান্তিয়ে চিৰ শান্তি নাহায়
মুঁয়ো জানুং
হয়, মুঁয়ো জানুং
জানুং সগ, বুজুং সগ
তাৰ পৰেও মৌন

মোৰ মৌনতাক মোৰ অসহায়তা নাভাবিস
কিন্তু বাৰে বাৰে যে হয়া উঠুং কৰ্ণ কিম্বা একলব্য

একদিন মুয়ো তোৰ মতোন হোবাৰ চাছিলুং
এলা নাচাং
মুঁইতো মোৰ মতোনে
এলা চাং মোৰ মতোনে থাকিবাৰ আজীবন
কাৰণ মুঁই মোৰ থাকিয়া বদলিয়া যায়া
অন্যৰ মতোন হোবাৰ নাপাইম কুনোদিনে

বাদ দিলুং এইলা কথা
তোৰ মনত আছে না
১২/১৪ বছৰ আগেৰ কথা

১৪ বছৰ ৰামেও বনবাস খাটছিল
১৪ বছৰে মৌন আছিল অযোধ‌্যাবাসী

সম্প্ৰতি মুঁই মৌন বুদ্ধ
হাতত চাকনাৰ প্লেট
লগত হজৰত আৰ্ কৃষ্ণ!

(বি:দ্ৰ: ১ - মোৰ প্ৰিয় মানুষজনেৰ হাতত
অথচ এই মুহূৰ্ত্তত ক'বাৰ নাপাইম
উক্ত প্ৰিয় মানুষজন কায়)

(বি:দ্ৰ: ২ - অবশ্যে মুঁই জানুং যে
উক্ত প্ৰিয় মানুষজনে আকবাৰ হৈলেও 
মোৰ এই অকবিতাটা পড়িবো।)

(বি:দ্ৰ: ৩ - কিন্তু নাজানুং অ'য় মোৰ 
মনেৰ কথা বুজিব না নাই! 
না বুজিয়াও নাবুজা "ধৃতৰাষ্ট্ৰ" হ'বো।)

মানুহ

মানুহ
====

মই হয়তো মানুহ নহওঁ, 
মানুহবিলাক বেলেগ ধৰণৰ,
খোজকাঢ়িব পাৰে, 
বহিব পাৰে, 
ইঘৰৰ পৰা সিঘৰলৈ যায়,
মানুহবিলাক বেলেগ ধৰণৰ, 
সাপে খুঁটিলে দৌৰি পলায়।

মই হয়তো মানুহ নহওঁ, 
গোটেই দিন থিয়হৈ থাকোঁ,
গছৰ দৰে থিয়হৈ থাকোঁ।
সাপে খুঁটিলে গম নাপাওঁ, 
চিনেমা চাই গান নাগাওঁ,
বহুদিন বৰফ মিশ্ৰিত পানী নাখাওঁ।
কিদৰে তথাপিও জীয়াই আছোঁ,
ছবি আকিছোঁ,
ৰাতিপুৱা, দুপৰীয়া অবাক কৰি
গোটেই দিন জীয়াই আছোঁ মোৰ দৰে। অবাক লাগে।

মই হয়তো মানুহ নহওঁ,  
মানুহ হ'লে জোতা থাকিল হেঁতেন,
ঘৰ থাকিল হেঁতেন,
ৰাতিৰ সময়ত ঘৰৰ ভিতৰত 
নাৰী থাকিল হেঁতেন,
পেটৰ পটত মোৰ 
ক'লা শিশু আঁকিল হেঁতেন।

মই হয়তো মানুহ নহওঁ, 
মানুহ হ'লে আকাশ দেখি হাঁহিম কিয়?
মানুহবিলাক বেলেগ ধৰণৰ, 
হাত থাকিব,
নাক থাকিব, 
তোমাৰ দৰে চকু থাকিব,
নিকেল মিশ্ৰিত অতি সুন্দৰ চকু থাকিব 
ভালপোৱাৰ কথা দিলেই কথা ৰাখিব।

মানুহ হ'লে ঊৰুৰ ভিতৰত 
দাগ থাকিল হেঁতেন,
দেউতা থাকিল হেঁতেন, 
ভণ্টি থাকিল হেঁতেন,
ভালপোৱাৰ মানুহ থাকিল হেঁতেন,
হঠাৎ কৰি মৰি যোৱাৰ ভয় থাকিল হেঁতেন।

মই হয়তো মানুহ নহওঁ, 
মানুহ হ'লে তোমাকলৈ কবিতা লিখা
আৰু নহ'ল হেঁতেন,
তোমাক এৰি গোটেই ৰাতি 
জীয়াই থকা আৰু নহ'ল হেঁতেন।

মানুহবিলাক সাপে খুঁটিলে দৌৰি পলায়;
অথচ মই সাপ দেখিলে আগুৱাই যাওঁ,
অবহেলাত মানুহে ভাবে সাবটি ধৰোঁ।

✍ মূল: নির্মলেন্দু গুণ (বাংলা কবি)
✍ অনুবাদ: কন্দৰ্পজিৎ কল্লোল