27/04/2024

চামুচ

চামুচ
====

এদিনাখন তেওঁ কৈছিল, 
“সোণৰ চামুচ দিম”
মই সোণৰ চামুচৰ আশাত বন্দী হৈ 
দৌৰি থাকিলোঁ 

কিছুদিন পিছত তেওঁ ক'লে, 
“সোণৰ চামুচ দিব নোৱাৰিলোঁ,
ৰূপত চামুচ দিম”
মই ৰূপৰ চামুচৰ আনন্দত মোহিত হৈ
দৌৰি আহিলোঁ

আৰু কেইজনমান পিছত তেওঁ ক'লে,
“ৰূপৰ চামুচো দিব নোৱাৰিম,
সাধাৰণ চামুচ এখনকে দিম”
সেই সাধাৰণ চামুচখনৰ আশাতেই 
উভতি আহিলোঁ

অৱশেষত তেওঁ ক'লে, 
“তোমাৰ চামুচ তুমি নিজেই কিনি লৈ 
তোমাৰ বাটেৰে যোৱা,
চামুচখনৰ দামটো জনাবা 
সেইখিনি দি দিম”

আৰু কেইদিনমান পিছত হয়তো তেওঁ ক'ব, 
“...... চামুচখনৰ দাম দিব পৰাকৈ 
মোৰ পকেট ৰিক্ত ..........................”

                                     ✍ কন্দৰ্পজিৎ

25/04/2024

সৰি পৰা নক্ষত্ৰৰ উচুপনি

সৰি পৰা নক্ষত্ৰৰ উচুপনি
==================

তেওঁ সৰি পৰিছিল সপোনতে
তাই ভৰাই লৈছিল উদৰ গৰ্ভত

তেওঁ তেওঁৰ দৰেই তেওঁ হৈ গজি উঠিছিল 
তাই তাইৰ দৰেই কেৱল আঙুলি ভাজ কৰিছিল 

মাজত সি এটা প্ৰস্তৰ খণ্ড হৈ ওলমি আছিল

আকৌ এটা তৰা উদৰস্ত হৈছিল তাইৰ ঔৰষত 

তৰাটো এদিন নক্ষত্ৰ হৈছিল 
নক্ষত্ৰটো সৰি পৰিছিল সপোনৰ সুৰুঙাৰে

এতিয়া এক বৃহৎ মহাভাৰ
সপোন আৰু ঐশ্বৰ্য্যৰ মহাসংগ্ৰাম 

কিন্তু সিহঁতেও নজনাকৈ
ইপেনেও শূন্যতা
সিপিনিও শূন্যতা
মাজত পূৰ্ণতাৰ ধূসৰ যাত্ৰা 

বি:দ্ৰ: - এইটো কবিতা নহয়
এয়া অকবিতাও নহয়
এয়া সপোনৰ সূতাৰে বৈ অহা
অসাপ্নৱিক সপোন গাঁথা!

✍ কন্দৰ্পজিৎ

20/04/2024

অধিকাৰ

আপোনালোকে যি কৰে কৰক
মোক মোৰ অধিকাৰ লাগিবই 

জীৱনৰ অধিকাৰ 
জন্মস্বত্ব অধিকাৰ 
নিৰাপত্তাৰ অধিকাৰ 
ভালপোৱাৰ অধিকাৰ 
দায়িত্ববোধৰ অধিকাৰ 
একেলগে থকাৰ অধিকাৰ
জীৱনক উপভোগ কৰাৰ অধিকাৰ

বহু অনিশ্চয়তাৰ বাটত ঘূৰিলোঁ
বাট বুলি অবাটে খোজ পেলালোঁ
পুনঃ বাট এৰি অবাটে যোৱাৰ ইচ্ছা মোৰ নাই

সপোনবোৰৰ এয়া আৰম্ভণি মাথোঁ 
আৰম্ভণিতে মৰি যাবলৈ দিব নোৱাৰিম মই

আপোনালোকে যি কৰে কৰক

আপোনালোকে মাৰিলেও মাৰিব
কাটিলেও কাটিব
মই সম্প্ৰতি গছৰ দৰে স্থিৰ
বাগৰি নপৰালৈকে থিয় হৈ থাকিম

এজাক বতাহে গছডালক বগৰাই দিবলৈ 
চেষ্টা চলাইয়ে থাকিব

তাৰ পিছতো 
শিপাৰে মাটি খামুচি 
অলৰ অচৰ স্থিৰপ্ৰজ্ঞ

                               ✍ কন্দৰ্পজিৎ

অন্য পথ

অন্য পথ 
(আত্মহত্যাৰ বিপক্ষে প্ৰথম কলম)

কিছুমান মৃত্যুৰ আগজাননী পোৱা যায়। তাৰ পিছতো মৌন হৈ থাকে বহুতে। মৃত্যুৰ পিছত দুখ প্ৰকাশ কৰাতকৈ মৃত্যুক ৰোধ কৰিবলৈ চেষ্টা কৰাই ভাল, যদিহে আপুনি ৰোধ কৰিবলৈ সক্ষম! 

মৰা জনে অকলে নমৰে, মাৰি থৈ যায় আনকো। সেয়েহে বাগৰি নপৰালৈকে যুঁজিবলৈ শিকক। 

এসময়ত মই আত্মহত্যাৰ সপক্ষে লিখিছিলোঁ, “আত্মহত্যা কৰিব জনাটোও এটা কলা”। এতিয়া এই ধাৰণা মোৰ সলনি হৈছে। হত্যা, আত্মহত্যা বা মৃত্যু মানেই সমস্যাৰ সমাধান নহয়। 

অৱশ্যে ধাৰণা বা অনুভৱ ৰথৰ চকাৰ দৰে ......

10/04/2024

দুটা আঙুলিত বন্দী পাঁচটা জীৱন

দুটা আঙুলিত বন্দী পাঁচটা জীৱন
-----------------------------------------------

দুটা আঙুলি
এডাল মেৰিয়াই লোৱা সূতা

সূত্ৰধাৰে আঙুলি জোঁকাৰি আছে 
পুতলা বিলাকে নাচি আছে

এজন সূত্ৰধাৰ 
পাঁচটা পুতলা 

দুটা আঙুলিত বন্দী 
পাঁচটা জীৱন

✍ কন্দৰ্পজিৎ

শিলৰ চোলা পিন্ধা মানুহ

শিলৰ চোলা পিন্ধা মানুহ 
=================

শিলৰ চোলা পিন্ধা মানুহবোৰ 
শিলৰ দৰে অবোধ

শিলৰ চোলা পিন্ধা মানুহবোৰে 
কান্দিব নোৱাৰে 
যদিওবা কান্দে কেতিয়াবা 
সিহঁতৰ চকুলো নিমখীয়া নহয়

পাৰিলে শিলৰ চোলা পিন্ধা মানুহবোৰৰ পৰা
দূৰৈত থকা উচিত 
কাৰণ সিহঁতে আপোনাকো পিন্ধাই দিব পাৰে 
শিলৰ চোলা

ভুলকৈ ময়ো কেতিয়াবা প্ৰেমত পৰি যাওঁ
শিলৰ চোলা পিন্ধা মানুহৰ
আৰু হৃদয়ত শিলৰ সাঁকো নিৰ্মান কৰি
গৈ থাকোঁ অন্য এক শিলাময় পথত

✍ কন্দৰ্পজিৎ

মৃত্যু

মৃত্যু 
===

আই, তোমাৰ গৰ্ভতে কিয় মৃত্যু নহ'ল মোৰ
কিয় মৃত্যু নহ'ল জন্মৰ প্ৰাকক্ষণত অথবা পূৰ্বক্ষণত 
মৃত্যু কি ইমানেই দুৰ্লভ!
কিয় মৃত্যু নহ'ল মোৰ

বাছ দুৰ্ঘটনাত মানুহ মৰে
মানুহৰ মৃত্যু হয় বাইক দুৰ্ঘটনাত 
এনেকি চাইকেল অথবা পথ দুৰ্ঘটনাত 
মৃত্যুৰো আছে অনেক পথ
তাৰ পিছতো কিয় মৃত্যু নহ'ল মোৰ 

মৃত্যু খুবেই দুৰ্লভ 
মৃত্যুহীন মানুহৰ!

✍ কন্দৰ্পজিৎ

৬ এপ্ৰিল, ২০২৪

আজি মোৰ জন্মদিনো নহয়
আজি মোৰ মৃত্যুদিনো নহয়
আজি মোৰ পুনৰ্জন্ম হ'ল 
গৰ্ভস্থ নহওঁ
শূন্যতাত জন্ম মোৰ
কাইলৈৰ পৰা এক দুই কৰি 
নতুন জীৱনযাত্ৰা আৰম্ভ কৰিম
শূন্যতাৰ পৰা অন্য এক যাত্ৰা ......

03/04/2024

কলিযুগৰ অন্য এক মহাভাৰতৰ তামসাবৃত্ত কৰ্ণ মই

<<<অসংলগ্ন শব্দগাঁথা>>>

“ক꯭লি꯭যু꯭গ꯭ৰ ꯭অ꯭ন্য꯭ এ꯭ক ꯭ম꯭হা꯭ভা꯭ৰ꯭ত꯭ৰ 
꯭তা꯭ম꯭সা꯭বৃ꯭ত্ত ꯭ক꯭ৰ্ণ꯭ ম꯭ই”

       তেওঁ কৈছিল “সাত শত্ৰুকো বৰপিৰা পাৰি দিব লাগে ”, তেওঁ কৈছিল “প্ৰেমেৰে সকলোৰে অন্তৰ স্পৰ্শ কৰিব পাৰি”। তেওঁ কেৱল কৈছিল হে, অৱশেষত পালন কৰিব নোৱাৰিলে। পালন কৰিব নোৱাৰিলে নে আনৰ দ্বাৰা পৰিচালিত হ'ল তেওঁ! 

      তেওঁ কৈছিল ব্যক্তিসত্বা কেতিয়াও হেৰুৱাব নালাগে। অথচ সম্প্ৰতি তেওঁ নিজেই নিজকে হেৰুৱাই এটা জীৱন্ত পুতলা। তেওঁকলৈ তেওঁৰ নিজৰ দুখ লাগে নে নাই সেয়া মই নাজানো, নে সুখ-দুখ বিহীন এটা প্ৰস্তৰ মূৰ্তি তেওঁ!

      মোক দলিয়াই দিয়া হ'ল। মোক ছলনা কৰি মোৰ পৰা কাঢ়ি লোৱা হ'ল কৱচকুণ্ডল। মোক কৰ্ণ সজোৱা হ'ল। মোকেই আকৌ একলব্যও সজোৱা হ'ল। গুৰু দক্ষিণাৰ নামত কেৱল সোঁহাতৰ বুঢ়া আঙুলি কাটি দিয়াটো বাকী।

      মই মোৰ নিজস্ব ইচ্ছা অনুসৰি কিছুমান কাম কৰিব নোৱাৰোঁ। তেনে কৰিলে হোনো তেওঁৰ হৃদয়ে আঘাত পায়। ঠিক আছে, মানি ল'লোঁ। কিন্তু মোৰ আভ্যন্তৰীণ সুখ-দুখকলৈতো তেওঁলোকে চিন্তা কৰা নেদেখিলোঁ। কেৱল কুন্তীৰ অনুৰোধ পালন কৰিবলৈয়ে কৰ্ণৰ জন্ম হয় নেকি যুগে-যুগে!

     কলিযুগৰ অন্য এক মহাভাৰতৰ তামসাবৃত্ত কৰ্ণ মই। বহুত হেৰুৱালোঁ। হেৰোৱা কৱচকুণ্ডল ঘূৰাই আনিবলৈ এতিয়া অন্য এক যুদ্ধ হ'ব। মই অপ্ৰতিৰোধ্য কৰ্ণ, অপ্ৰতিৰোধ্য একলব্য। বুঢ়া আঙুলি অক্ষত থকালৈকে অপৰাজেয়। এয়া হ'ব প্ৰাপ্যৰ যুঁজ, এয়া হ'ব অধিকাৰৰ যুঁজ, এয়া হ'ব জীয়াই থকা আৰু জীয়াই থাকিবলৈ দিয়াৰ যুঁজ। যদিওবা এই যুঁজলৈ সাজু নাছিলোঁ, ইচ্ছুক নাছিলোঁ। কিয়নো যুদ্ধলৈ ভয় লাগে। কাৰণ যুদ্ধ মানেই পৰাজয়। ইফালে জয় হ'লে সিফালে পৰাজয়। সিফালে জয় হ'লে ইফালে পৰাজয়। কোনেও পৰাজিত হোৱাৰ কামনা নকৰোঁ। কিন্তু সম্প্ৰীতিৰ বাটত কোনোবাই কাঁইট পাৰি দিলে যুদ্ধ নিশ্চিত হৈ পৰে।

        ইয়াৰ পিছত হেৰুৱাই পেলাম কবিতাৰ ভাষা। প্ৰতিক, চিত্ৰকল্প .... এইবিলাক বাদ।
যি কম সেয়া মুক্ত ভাবে ক'ম গদ্যৰ দৰে। 
 
                   হে মহাজীৱন

হে মহাজীৱন, আৰু এই কাব্য নহয়
এইবাৰ কঠিন কঠোৰ গদ্য লৈ আহা
পদ-লালিত্য-ঝংকাৰ মচি যাওক,
গদ্যৰ কঠিন হাতুৰিৰে আজি আঘাত কৰা।

প্ৰয়োজন নাই কবিতাৰ স্নিগ্ধতা---
কবিতা, তোমাক দিলোঁ আজি ছুটি,
ক্ষুধাতুৰ ৰাজ্যত পৃথিৱী গদ্যময়:
পূর্ণিমাৰ জোন যেন সেক্ দিয়া ৰুটি॥

মূল বাংলা কবি: সুকান্ত ভট্টাচার্য 
কাব্য সংকলন: ছাড়পত্র (১৯৪৭)