জীৱনৰ গদ্য (১)
============
মানুহ বুলি ভাবি থকা মানুহবোৰৰ মাজত যেতিয়া অমানৱীয়তা দেখা পাওঁ তেতিয়া বেতৰ ফলৰ দৰে ম্লান হৈ পৰে মোৰ দুচকু। আনহাতে অমানুহ বুলি ভাবি থকা মানুহবোৰৰ মাজত যেতিয়া মানৱতা দেখিবলৈ পাওঁ তেতিয়া মোৰ সময়বোৰ থৰ লাগি দুচকুভেদি বৈ আহে শুক্ষ জলস্ৰোত।
আপুনি মানুহ বুলি ভাবি থকা সেই সৎ, গুণী-জ্ঞানী, বিজ্ঞ, সমাজ সেৱক ব্যক্তিজন মানুহ নহ'বও পাৰে। আনহাতে আপুনি অমানুহ বুলি ভাবি থকা সেই মদাহী, গুণ্ডা, চৰিত্ৰহীন, অধাৰ্মিক ব্যক্তিজনো প্ৰকৃতাৰ্থত মানুহ হ'ব পাৰে।
জীৱনৰ আটাইতকৈ কঠিন কাম হ'ল মানুহৰ কায়াবোৰৰ মাজৰ পৰা প্ৰকৃত মানুহ বিচাৰি উলিয়াব পৰাটো।
যাৰ মানৱতা নাই তেওঁ কেতিয়াও মানুহ হ'ব নোৱাৰে; তেওঁ যিমানেই সৎ, চৰিত্ৰবান, ধাৰ্মিক, জ্ঞানী, শিক্ষিত আদি নহওক কিয়। আনহাতে যাৰ মানৱতা আছে তেৱেঁই প্ৰকৃতাৰ্থত মানুহ; সময়ৰ পাকচক্ৰত যদিওবা তেওঁ অসৎ, চৰিত্ৰহীন, অধাৰ্মিক, অজ্ঞানী, অশিক্ষিত, চোৰ, ডকাইত, গুণ্ডা আদি নহওক কিয়।
✍ কন্দৰ্পজিৎ
০৪/০৫/২০২৪