09/03/2024

আজিৰ তাৰিখত বাতৰি কাকতৰ দাম

আজিৰ তাৰিখত বাতৰি কাকতৰ দাম
                                   ০৬/০৩/২০২৪

❖ অসমীয়া:
• অসম বাৰ্তা - ১০ টকা (১৬ পৃষ্ঠা)
• দৈনিক গণ অধিকাৰ - ১০ টকা (১২ পৃষ্ঠা)
• অসমীয়া প্ৰতিদিন - ৯ টকা (১৬ পৃষ্ঠা)
• আমাৰ অসম - ৯ টকা (১৬ পৃষ্ঠা)
• দৈনিক জনমভূমি - ৯ টকা (১৬ পৃষ্ঠা)
• দৈনিক অগ্ৰদূত - ৯ টকা (১৬ পৃষ্ঠা)
• নিয়মীয়া বাৰ্তা - ৮ টকা (১৬ পৃষ্ঠা)
• অসমীয়া খবৰ - ৭ টকা (১২ পৃষ্ঠা)
• অসম আদিত্য - ৭ টকা (১২ পৃষ্ঠা)
• ই সংবাদ - ১ টকা (৮ পৃষ্ঠা)

❖ বাংলা:
• প্রথম আলো (বাংলাদেশ) 
            ১২ টাকা (১৬ পৃষ্ঠা)
• দৈনিক ইত্তেফাক (বাংলাদেশ) 
                  ১২ টাকা (১৬ পৃষ্ঠা)
• কালের কণ্ঠ (বাংলাদেশ) 
           ১২ টাকা (১৬ পৃষ্ঠা)
• দৈনিক সংগ্রাম (বাংলাদেশ) 
               ১২ টাকা (১৬ পৃষ্ঠা)
• নয়া দিগন্ত (বাংলাদেশ) 
         ১২ টাকা (১২ পৃষ্ঠা)
• বাংলাদেশ প্রতিদিন (বাংলাদেশ) 
                         ৮ টাকা (১৬ পৃষ্ঠা)
• দৈনিক সাময়িক প্রসঙ্গ (শিলচর)
                         ৮ টাকা (১২ পৃষ্ঠা)
• দৈনিক প্রান্তজ্যোতি (শিলচর)
                    ৮ টাকা (১২ পৃষ্ঠা)
• আনন্দবাজার পত্রিকা (পশ্চিম বঙ্গ)
           ৫ টাকা (১৬ পৃষ্ঠা)
• গণশক্তি (পশ্চিম বঙ্গ)
           ৫ টাকা (৮ পৃষ্ঠা)
• দৈনিক সংবাদ (ত্রিপুরা) 
           ৫ টাকা (১০ পৃষ্ঠা)
• আজকাল (পশ্চিম বঙ্গ)
           ৪ টাকা (১৬ পৃষ্ঠা)
• সংবাদ প্রতিদিন (পশ্চিম বঙ্গ)
           ৪ টাকা (১২ পৃষ্ঠা)

❖ মণিপুরী: 
• সঙাই এক্সপ্রেস — 6/- (12 Pages)
• পোক্নফম — 6/- (10 Pages)
• হুইয়েন লানপাউ — 5/- (12 Pages)
• সনালৈবাক — 5/- (10 Pages)

❖ ଓଡ଼ିଆ: (ওড়িয়া:)
• ପ୍ରଗତିବାଦୀ (প্ৰগতিবাদী)
‌ 10/- (20 Pages)
• ସଂପର୍କବାର୍ତା (সম্পৰ্কবাৰ্তা)
               10/- (8 Pages)
• ସମ୍ବାଦ (সম্বাদ) — 7/- (22 Pages)            
• ସମାଜ (সমাজ) — 7/- (22 Pages)
• ପ୍ରମେୟ (প্ৰমেয়) — 7/- (20 Pages)
• ଓଡ଼ିଶା ଭାସ୍କର (ওড়িশা ভাস্কৰ) 
                     7/- (12 Pages)
• ଧରିତ୍ରୀ (ধৰিত্ৰী) — 7/- (10 Pages)
• ସକାଳ (সকাল) — 6/- (16 Pages)
• ନିତିଦିନ (নিতিদিন) — 6/- (12 Pages)
• ସମୟ (সময়) — 5/- (14 Pages)
• ସୂର୍ଯ୍ୟପ୍ରଭା (সূৰ্য্যপ্ৰভা) — 4/- (8 Pages)
• ନିର୍ଭୟ ସୂଚନା (নিৰ্ভয় সূচনা) 
                    4/- (8 Pages)
• ନନ୍ଦିନୀ (নন্দিনী ) — 3/- (8 Pages)
• ସ୍ୱାଧିକାର (স্বাধীকাৰ) — 3/- (8 Pages)
• ଦିନଲିପି (দিনলিপি) — 2/- (8 Pages)
• ମାତୃଭାଷା (মাতৃভাষা) — 2/- (8 Pages)
• ସମ୍ବାଦ କଳିକା (সম্বাদ কলিকা)
                       2/- (8 Pages)
• ସେଇଠ ଆରମ୍ଭ (সেইঠ আৰম্ভ)
‌‌ 2/- (8 Pages)
• ଓଡ଼ିଶାର ସମ୍ମାନ (ওড়িশাৰ সম্মান)
                            2/- (8 Pages)
•ମହାଭାରତ (মহাভাৰত) — 2/- (8 Pages)

❖ हिन्दी:
• दैनिक पूर्वोदय (गुवाहाटी) 
          10/- (12 Pages)
• पूर्वांचल प्रहरी (गुवाहाटी) 
          10/- (12 Pages)
• प्रातः खबर (गुवाहाटी) 
          10/- (12 Pages)
• दैनिक जागरण (राष्ट्रीय संस्करण )
                        8/- (14 Pages)
• प्रभात खबर (रांची)
    6/- (22 Pages)
• जनसत्ता (लखनऊ)
    6/- (26 Pages)
• दैनिक जागरण (दिल्ली)
          5/- (22 Pages)
• नईदुनिया (इन्दोर, जबलपुर, ग्वालियर)
         5/- (22 Pages)
• हिन्दुस्तान (नई दिल्ली)
         5/- (20 Pages)
• नवभारत टाइम्स (दिल्ली)
            5/- (20 Pages)
• नवदुनिया (दिल्ली)
   5/- (20 Pages)
• दैनिक जागरण (पटना)
         4/- (24 Pages)
• दैनिक जागरण (कानपुर)
           4/- (22 Pages)
• नईदुनिया (रायपुर, बिलासपुर)
           4/- (18 Pages)
• नवोदय टाइम्स (मुख्य संस्करण)
           4/- (14 Pages)
• हरिभूमि (भोपाल)
  4/- (14 Pages)
• अमर उजाला (दिल्ली)
  3.50/- (18 Pages)

❖ संस्कृत:
• सुधर्मा 1.75/- (2 Pages)

❖ नेपाली:
• अन्नपूर्ण पोस्ट (काठमाडौं)
             10/- (8 Pages)
• राजधानी (काठमाडौं)
             10/- (8 Pages)

❖ बर': 
• सानसेयारि बड'सा — 8/- (8 Pages)

❖ ગુજરાતી: (গুজৰাতী:)
• ગુજરાત સમાચાર (গুজৰাত সমাচাৰ)
                                5/- (34 Pages)

❖ Garo: 
• Salantini Janera — 5/-

❖ English:
• Daily News (Sri Lanka) 
‌ 70/- (24 Pages) 
• The Times of India 
     9.50/- (46 Pages) 
• The Peoples Chronicle (Manipur) 
                    6/- (10 Pages) 
• The Meghalaya Guardian 
                      5/- (12 Pages) 
• The North-East Times 
                   2/- (8 Pages)

                                   © কন্দৰ্পজিৎ

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং

কা꯭ই꯭ল্কা꯭ যে꯭ঠে꯭ই ꯭মুঁ꯭ই ꯭খা꯭ড়া꯭ হ꯭য়া꯭ আ꯭ছি꯭লুং꯭

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
আইজ্কা অঠেই মুঁই নাই

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অঠেই আছিল স্বৰ্ণীল সৰীসৃপ শ্বাপদ

আইজ্কা যেঠেই মুঁই খাড়া হয়া আছুং
এঠেই আছে কণ্টক কেকটাছ সদৃশ উদ্ভিদ

কাইল্কা আকজন ৰাম আছিল
অয় আছিল নিৰ্গুণ নিৰাকাৰ ৰাম

আইজ্কাও আকজন ৰাম আছে
এয় হৈল ৰঙীন বৈভব সমৃদ্ধ ৰাম

ৰামতো ৰামেএ আছিল
ৰাম কুনোদিনে শ্যাম নাছিল

আইজ্কা ৰামেৰ ভিত্‌ৰাত শ্যাম
শ্যামেৰ ভিত্‌ৰাত ৰাম

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অঠেই আকজন হজৰত আছিল
নিজে বদলিয়া 
অন্যকো বদলেয়া দিবাৰ পাওয়া হজৰত

আইজ্কাও আকজন হজৰত আছে
হালাল আৰ্ হাৰামেৰ মাজত 
ঝুলিয়া থাকা হজৰত

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অঠেই আকজন বুদ্ধ আছিল
অঘৰী বুদ্ধ
জনগণেৰ মুক্তিৰ পথ বিছৰিয়া
উন্মাদ বুদ্ধ
বুদ্ধং শৰণং গোস্বামী
সংঘং শৰণং গোস্বামী

আইজ্কাও আকজন বুদ্ধ আছে
কোভিড নাইনটিনেৰ মাজত 
চেপ্টা খায়া ৰুগ্ন হোআ বুদ্ধ

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অঠেই আকজন যীশু আছিল
নিজে কষ্ট ভুগিয়া
অন্যক ঘাটা দেখোআ যীশু

আইজ্কাও আকজন যীশু আছে
ঘাটা ছাড়িয়া বেঘাটাত বেড়োআ যীশু

আসলতে সময় বদলিছে না মুঁই

না কাইল্কাৰ মুঁই
আইজ্কা আৰ্ মুঁই হোয়া নাই

কিজানিবা 
কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অইজন মুঁয়েয় আছিলুং

আৰ্
আইজ্কা যেঠেই মুঁই খাড়া হয়া আছুং
এঠেই কিজানিবা মুঁয়েই নাই

আছে আৰ্ নাইৰ ধামখামাত
ধোঙাচ্ছন্ন আকটা জীবন যুঁজিয়া
হয়তো বৰ্তমান অন্য আকজন মুঁই!

সময় (কামতাপুৰী অকবিতা)

সময়
====

সময়!
সময়ে গতি বদলায়

তুয়ো জানিস মু‌ঁয়ো জানুং
কৰ্ণ কাৰ অবহেলাৰ শিকাৰ

কৰ্ণৰ কি দোষ আছিল
কি দোষ আছিল কৰ্ণৰ?

তুইতো ধৰ্মশাস্ত্ৰৰ বিষয়ে জানিস
জানিস ৰামায়ণ, মহাভাৰতেৰ কাহিনী
জানিস কীৰ্তন অথবা ভাগবতেৰ কিচ্ছা

তুইতো জানিস ন্যায় আৰ অন্যায় কাক কয়
তাৰ পৰেও কেনে তুই মৌন

তাৰ পৰেও কেনে তুই মৌন
কৰ্ণৰ নিঃস্বাৰ্থ আহুতি যজ্ঞত
কেনে তুই মৌন
একলব্যৰ বুঢ়া আঙুল কাটিয়া দেওয়াৰ স্বাৰ্থত

মুঁই মদ খাং
মদ খাইলে অন্ততঃ অল্প সময়েৰ জৈন্যে 
শান্তি পাং

মুঁয়ো জানুং এই শান্তিয়ে চিৰ শান্তি নাহায়
মুঁয়ো জানুং
হয়, মুঁয়ো জানুং
জানুং সগ, বুজুং সগ
তাৰ পৰেও মৌন

মোৰ মৌনতাক মোৰ অসহায়তা নাভাবিস
কিন্তু বাৰে বাৰে যে হয়া উঠুং কৰ্ণ কিম্বা একলব্য

একদিন মুয়ো তোৰ মতোন হোবাৰ চাছিলুং
এলা নাচাং
মুঁইতো মোৰ মতোনে
এলা চাং মোৰ মতোনে থাকিবাৰ আজীবন
কাৰণ মুঁই মোৰ থাকিয়া বদলিয়া যায়া
অন্যৰ মতোন হোবাৰ নাপাইম কুনোদিনে

বাদ দিলুং এইলা কথা
তোৰ মনত আছে না
১২/১৪ বছৰ আগেৰ কথা

১৪ বছৰ ৰামেও বনবাস খাটছিল
১৪ বছৰে মৌন আছিল অযোধ‌্যাবাসী

সম্প্ৰতি মুঁই মৌন বুদ্ধ
হাতত চাকনাৰ প্লেট
লগত হজৰত আৰ্ কৃষ্ণ!

(বি:দ্ৰ: ১ - মোৰ প্ৰিয় মানুষজনেৰ হাতত
অথচ এই মুহূৰ্ত্তত ক'বাৰ নাপাইম
উক্ত প্ৰিয় মানুষজন কায়)

(বি:দ্ৰ: ২ - অবশ্যে মুঁই জানুং যে
উক্ত প্ৰিয় মানুষজনে আকবাৰ হৈলেও 
মোৰ এই অকবিতাটা পড়িবো।)

(বি:দ্ৰ: ৩ - কিন্তু নাজানুং অ'য় মোৰ 
মনেৰ কথা বুজিব না নাই! 
না বুজিয়াও নাবুজা "ধৃতৰাষ্ট্ৰ" হ'বো।)

মানুহ

মানুহ
====

মই হয়তো মানুহ নহওঁ, 
মানুহবিলাক বেলেগ ধৰণৰ,
খোজকাঢ়িব পাৰে, 
বহিব পাৰে, 
ইঘৰৰ পৰা সিঘৰলৈ যায়,
মানুহবিলাক বেলেগ ধৰণৰ, 
সাপে খুঁটিলে দৌৰি পলায়।

মই হয়তো মানুহ নহওঁ, 
গোটেই দিন থিয়হৈ থাকোঁ,
গছৰ দৰে থিয়হৈ থাকোঁ।
সাপে খুঁটিলে গম নাপাওঁ, 
চিনেমা চাই গান নাগাওঁ,
বহুদিন বৰফ মিশ্ৰিত পানী নাখাওঁ।
কিদৰে তথাপিও জীয়াই আছোঁ,
ছবি আকিছোঁ,
ৰাতিপুৱা, দুপৰীয়া অবাক কৰি
গোটেই দিন জীয়াই আছোঁ মোৰ দৰে। অবাক লাগে।

মই হয়তো মানুহ নহওঁ,  
মানুহ হ'লে জোতা থাকিল হেঁতেন,
ঘৰ থাকিল হেঁতেন,
ৰাতিৰ সময়ত ঘৰৰ ভিতৰত 
নাৰী থাকিল হেঁতেন,
পেটৰ পটত মোৰ 
ক'লা শিশু আঁকিল হেঁতেন।

মই হয়তো মানুহ নহওঁ, 
মানুহ হ'লে আকাশ দেখি হাঁহিম কিয়?
মানুহবিলাক বেলেগ ধৰণৰ, 
হাত থাকিব,
নাক থাকিব, 
তোমাৰ দৰে চকু থাকিব,
নিকেল মিশ্ৰিত অতি সুন্দৰ চকু থাকিব 
ভালপোৱাৰ কথা দিলেই কথা ৰাখিব।

মানুহ হ'লে ঊৰুৰ ভিতৰত 
দাগ থাকিল হেঁতেন,
দেউতা থাকিল হেঁতেন, 
ভণ্টি থাকিল হেঁতেন,
ভালপোৱাৰ মানুহ থাকিল হেঁতেন,
হঠাৎ কৰি মৰি যোৱাৰ ভয় থাকিল হেঁতেন।

মই হয়তো মানুহ নহওঁ, 
মানুহ হ'লে তোমাকলৈ কবিতা লিখা
আৰু নহ'ল হেঁতেন,
তোমাক এৰি গোটেই ৰাতি 
জীয়াই থকা আৰু নহ'ল হেঁতেন।

মানুহবিলাক সাপে খুঁটিলে দৌৰি পলায়;
অথচ মই সাপ দেখিলে আগুৱাই যাওঁ,
অবহেলাত মানুহে ভাবে সাবটি ধৰোঁ।

✍ মূল: নির্মলেন্দু গুণ (বাংলা কবি)
✍ অনুবাদ: কন্দৰ্পজিৎ কল্লোল

03/12/2023

হঠাতে দুখবোৰ নামি আহে ক'ব নোৱাৰাকৈ

মই যেতিয়া সৰু আছিলোঁ (৭/৮ বছৰীয়া) তেতিয়া এটা কুকুৰ পুহিছিলোঁ। সৰ্পদংশনত সেই কুকুৰটোৰ মৃত্যু হৈছিল। সেই সময়ত মই মামা ঘৰত আছিলোঁ। তাৰ পিছত এটা মাইকী কুকুৰ আহি আমাৰ ঘৰত থাকিবলৈ লৈছিল। সেই কুকুৰটো বহু বছৰ আমাৰ লগতে আছিল। ৯ বছৰ মান। তাৰ পিছত এদিন হঠাতে জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰে। তাইৰ পোৱালি এটা আছিল। শাৰীৰিকভাৱে দুৰ্বল আছিল। সেইটো ডেৰ বছৰ মান বাছিছিল। তাৰ পিছত আৰু কুকুৰ পুহিবলৈ বাদ দিওঁ। 

কুকুৰটো থকা দিনতে মেকুৰী এটাও আহি ঘৰ ধৰিছিল। তাইৰ বহু কেইবাৰ পোৱালি হৈছিল। ঊণি নামৰ মোৰ মেকুৰীটো আমাৰ খুবেই মৰমৰ আছিল। হঠাৎ এদিন তেওঁ নিৰুদ্দেশ হৈছিল। বহুত বিচাৰিও পোৱা নাছিলোঁ। খুব কষ্টৰে পাৰ হৈছিল সেই দিনবোৰ। ছমাহ পাৰ হোৱাৰ পিছত আকৌ ঘৰত আহি উপস্থিত হৈছিল। আকৌ কেইমাহমান পিছত পুনৰ নিৰুদ্দেশ হয়। তাৰ পিছত কেতিয়াও ঘূৰি নাহে। তেওঁৰ ভণীজনীক গাড়ীয়ে খুন্দিয়াই মাৰে। তাৰ পিছত আৰু এটা মেকুৰী আছিল। সেইটোও এসময়ত নিৰুদ্দেশ হয়। এবছৰ মাহ আগতে আকৌ আহিছিল। বুঢ়া হৈছে। এমাহ মান থাকি আকৌ নিৰুদ্দেশ। মেকুৰী পুহিবলৈও বাদ দিওঁ।

মই জন্মৰে পৰা আমাৰ ঘৰত গৰু দেখিবলৈ পাওঁ। এটা লাওমূৰা গাই গৰু আছিল। তাইক বিক্ৰী কৰা হৈছিল। যিটো মোৰ বাবে খুবেই কষ্টকৰ আছিল। তেতিয়া মই সৰু আছিলোঁ। তাৰ পিছত ৰামু আৰু মাহী নামৰ দুটা গাই গৰু আছিল। তাৰে ভিতৰত ৰামু আছিল মোৰ প্ৰিয়। দুয়োজনী একে মাকৰ আছিল। তাৰ পিছত আহিল সোণীয়া। সোণীয়া ডাঙৰ হৈছিল। তেতিয়ালৈকে পোৱালি জন্ম দিয়া নাছিল। হয়তো আৰু ছমাহ বা এবছৰ পিছত পোৱালি জন্ম দিলে হেঁতেন। কিন্তু হঠাতে বেমাৰ হ'ল। চিকিৎসা কৰা হয়। কিন্তু নাবাছিলে। তাৰ কেইবছৰমান পিছত সকলো গৰু বিক্ৰী কৰা হয়। বৰ্তমান গৰু নাই।

হাঁহ বা কুকুৰা এতিয়ালৈকে আমাৰ ঘৰত পোহা হোৱা নাই। মই যেতিয়া সৰু আছিলোঁ সেই সময়ত মায়ে পাৰ চৰাই পুহিছিল। পিছলৈ পুহা বাদ দিয়ে। 

যোৱা বছৰ দুটা শালিকা চৰাই আহি ঘৰ ধৰিছিল। আপোন হৈ পৰিছিল। পিছত বেলেগ শালিকাৰ আক্ৰমণত সিহঁতৰ মৃত্যু হয়।

এইবোৰ কাৰণতেই মই এতিয়া একো পুহিব নিবিচাৰোঁ। তথাপিও পত্নীয়ে বিচৰা বাবে ছাগলী এটা অনা হয়। ক'লা ৰঙৰ ছাগলী। ছাগলীজনী অনাৰ তিনি-চাৰিমাহ মান পিছত যোৱা ১ আগষ্ট (২০২৩) তাৰিখে এটা পোৱালি হয়। যোৱা ১৪ নৱেম্বৰ তাৰিখে ছাগলীজনীক ঘৰৰ সন্মুখৰ পৰাই কোনোবাই উঠাই লৈ যায়। পোৱালিজনী অকলশৰীয়া হৈ পৰে। সেয়ে ১৯ নৱেম্বৰত আৰু এজনী ছাগলী কিনি অনা হয়। কালিলৈকে (২ ডিচেম্বৰলৈকে) সকলো ঠিকেই আছিল। আজি (৩ ডিচেম্বৰ, ২০২৩) ৰাতিপুৱা উঠাৰ পিছত পোৱালিজনী উঠিব নোৱাৰা হৈ আছে। শৰীৰটো এৰি দিয়াৰ দৰে। চিকিৎসাললৈ লৈ গ'লোঁ। একো injection বা sline নিদিলে। কেবল এটা ঔষধৰ কথা ক'লে। ফাৰ্মাচীৰ পৰা ঔষটো কিনি ঘৰলৈ আহিলোঁ। Nurokind Plus Vet Syrup. ঘৰত আহি ঔষধ খুৱাই দিয়াৰ ৫ মিনিট মান পিছতে তাই সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰিলে। এতিয়া ১৯ নৱেম্বৰত কিনি অনা ছাগলীজনী আছে। তাই এতিয়াও আপোন হৈ পৰা নাই। আপোন হৈ পৰিলেই দুখ আহে। সেয়ে তাইক আৰু হয়তো নাৰাখিম। এনেকি আৰু কেতিয়াও কোনো জীৱ-জন্তু নুপুহিম।

                                    কন্দৰ্পজিৎ

02/12/2023

"নষ্ট প্ৰেমিকৰ নষ্ট প্ৰেমৰ অসম্পূর্ণ অধ্যায়" (New and Edited Version)

(১) অনামিকা বর্মন : হয়তো মই তাইক ভাল পাইছিলোঁ। কিন্তু কথাটো মই নিজেই অনুভৱ কৰিব পৰা নাছিলোঁ। তাইৰ বিয়াৰ পিছতহে কথাটো মোৰ হৃদয়ে অনুভৱ কৰিবলৈ লৈছিল। তাইক লগ নোপোৱা ২০ বছৰেই পাৰ হৈ গ'ল। 

(২) প্ৰিয়দর্শিনী কলিতা : তাইক ভাল পাইছিলোঁ যদিও সেয়া উচিত নাছিল। সম্বন্ধত তাই মোৰ পেহী হয়। কথাটো আগতে জনা নাছিলোঁ। ভুল!

(৩) সুলোচনা ব্ৰহ্ম : তাইক মই খুব ভাল পাইছিলোঁ। কিন্তু তাই নুবুজিলে। বহুতো ঘাত-প্ৰতিঘাত, বিপদক নেওচিও তাইক ভাল পাবলৈ প্ৰস্তুত আছিলোঁ। কিন্তু কিছুমান ব্যক্তিয়ে তেতিয়াৰ সশস্ত্ৰ উগ্ৰপন্থী BLTৰ ওচৰত মোৰ বিৰুদ্ধে জাননী দিছিল। তথাপিও মই ভয় খোৱা নাছিলোঁ। কাৰণ উগ্ৰবাদীৰো এখন হৃদয় থাকে, সিহঁতেও হয়তো এদিন কাৰোবাৰ প্ৰেমত পৰে। কিন্তু বিশেষ কাৰণত তাইক এৰিবলৈ বাধ্য হওঁ, যিটো মোৰ বাবে খুবেই কষ্টকৰ আছিল।

(৪) বিপাশা ৰয় : সুলোচনা এৰি যোৱাৰ সুযোগলৈ তাই মোলৈ প্ৰেমৰ প্ৰস্তাৱ দিলে। মানি ল'লোঁ। কিন্তু যেতিয়া তাইৰ নষ্ট চৰিত্ৰৰ কথা গম পালোঁ তেতিয়া বন্ধু-বান্ধৱীসকলক মাতি এখন মিটিং মাতিলোঁ। আৰু তাইক তালক দিলোঁ। তাইয়ো চহী কৰি দিলে। তাইৰ পিছত তাইৰ বিয়া হৈছিল। কিন্তু বর্তমান স্বামীৰ দ্বাৰা পৰিত্যক্ত।

(৫) সাগৰীকা দেব : তাই এতিয়া ব্যক্তিগত খণ্ডৰ এখন স্কুলত চাকৰী কৰে। মধুৰীআম পকিলে আজিও সাগৰীকালৈ মনত পৰে।

(৬) কল্পিতা মণ্ডল : তাইক যেতিয়া বিদায় জনাইছিলোঁ সিদিনা আছিল ভেলেনটাইচ ডে।

(৭) দ্বীপান্বিতা মণ্ডল : দেউতাক বাংলাভাষী যদিও অসমীয়া ভাষা ভালদৰে জানিছিল। মাকজনী অসমীয়া। বৰপেটা জিলাৰ। তাইৰ মাক-দেউতাক ৰাজি আছিল। কিন্তু সময়ৰ কিবা এটা পাকচক্ৰত পৰি তাইক হেৰুৱাবলৈ বাধ্য হওঁ। বর্তমান তাই বিবাহিতা। দুজনী যমজ ছোৱালী। শিলিগুড়িত থাকে। বিয়াৰ পিছত এবাৰ লগ পাইছিলোঁ। তাৰ পিছত ম'বাইলত যোগাযোগ চলি আছিল। কালক্ৰমত যোগাযোগ বন্ধ হয়। 

(৮) অনামিকা কলিতা : সম্প্ৰতি তায়ো বিবাহিতা। অনামিকা, যাৰ শৰীৰত মই প্ৰথম স্পর্শ কৰিছিলোঁ।

(৯) কুঁৱলী ৰয় : তেতিয়া মই এজনী বিষণ্ণ ব্যক্তি। প্ৰেমহীনতনা স্মৃতিৰ চিগাৰেট হুঁপো। মোৰ লগত পঢ়া দুজনী ছোৱালীয়ে একেলগে প্ৰেমৰ প্ৰস্তাৱ দিলে। সিহঁতৰ কথা যাক মন যায় তাকে ভালপাব পাৰোঁ। তাৰ বাবে সিহঁতৰ এজনীয়ে আনজনীক বেয়া নাপাব। ৰশ্মিতা বর্মন আৰু কুঁৱলী ৰয়। কুঁৱলীক পচন্দ কৰি ল'লোঁ। আমি তেতিয়া B.A. পঢ়োঁ। তাৰ পিছত প্ৰেমত পৰি গ'লোঁ ৰক্তিমা মেধীৰ। কথাটোৱে কুঁৱলীক দুখ দিলে। আৰু তাই দিয়া অন্তিম চিঠিখন পঢ়িলে মই নিজকে অপৰাধী যেন অনুভৱ কৰোঁ। বহু বছৰ পাৰ হৈ যায় কুঁৱলীক লগ নোপোৱা। বহু বছৰৰ পাছতহে তাইক লগ পাওঁ। এতিয়া তাই বিবাহিতা। এজন ল'ৰা আৰু এজনী ছোৱালী আছে। _বৰ্তমানো মাজে সময়ে ফোনত কথা পাতোঁ।_

(১০) ৰক্তিমা মেধী : ৰক্তিমাক খুবেই ভাল পাইছিলোঁ। তাইৰ ঘৰৰ পৰা যেতিয়া বাধা পালোঁ তেতিয়া তাইৰ নামত এটা কবিতা লিখি কাকত এখনলৈ পঠিয়াওঁ। প্ৰকাশ হোৱাৰ পিছত তাকেলৈ মিটিং হ'ল। অৱশেষত কাকতখনলৈ প্ৰেমৰ স্বীকাৰোক্তি এটা লিখি পঠিয়াও। সেইটোও প্ৰকাশ হয়। তাকেলৈ মোৰ ওচৰত কিছুমান ব্যক্তি প্ৰতিশোধ পৰায়ণ হৈ উঠিছিল। সময়ত সেইবোৰ অতীত হৈ গ'ল। এতিয়া তাইৰো বিয়া হৈ গৈছে। 

(১১) ৱাহিদা বেগম : হয়তো ধর্মৰ মাজত থকা বাধ্য-বাধকতাৰ বাবে তাই মোৰ প্ৰেমক স্বীকাৰ কৰিব নোৱাৰিলে।

(১২) প্ৰার্থনা সাহা : তাইয়ো এতিয়া বিবাহিতা। তেতিয়া সন্ধিয়া সন্ধিয়া তাইক চাবলৈয়ে বাইকৰ তেল খৰচ কৰি ৭ কিঃমিঃ যাব লগা হৈছিল। একে লগে পঢ়া আছিলোঁ। কিন্তু তেতিয়া প্ৰেমত পৰা নাছিলোঁ। পঢ়া বাদ দিয়াৰ পিছতহে তাইৰ প্ৰেমত পৰোঁ। তাই মোৰ প্ৰেমক গ্ৰহণ নকৰিলে। তেতিয়া মোৰ হৃদয়ত এটাই কথা আছিল ---
"দুষ্ট মেয়ের মিষ্টি হাঁসি,
সত্যি সত্যি প্রার্থনা
আমি তোমাকে ভালবাসি"

     ওপৰত উল্লেখ কৰা ঘটনাবোৰৰ বাহিৰেও আন বহুতৰে প্ৰেমত পৰিছিলোঁ। বহুতকে ক'ব পৰা নাছিলোঁ। বহুতকে এবাৰেই লগ পাইছোঁ। কাৰোবাক বাছত, কাৰোবাক বজাৰত, কাৰোবাক ৰেলত, কাৰোবাক গ্ৰন্থমেলাত ...

     সিহঁতৰ বিভিন্ন নাম দি ডায়েৰীত লিখি ৰাখিছিলোঁ। আজিলৈকে এনেদৰে শতাধিক নাৰীৰ প্ৰেমত পৰিছোঁ। এতিয়া আৰু নামবিলাক লিখি আপোনালোকক আমনি দিব নিবিচাৰোঁ। আৰু কাক ক'ত লগ পাইছিলোঁ কিছুমান মনত আছে, কিছুমান পাহৰণিৰ গর্ভত ।
"প্ৰেম হয়তো একটা উড়ন্ত মৌ-মাছি !
আমার যাকে মন যায়,
আমি তাকে ভালোবাসি !"

     বহুদিন ছিমৰণৰ প্ৰেমত পৰিছিলোঁ। কিন্তু ক'ব পৰা নাছিলোঁ। এনেকুৱা সৰু সুৰা বহুতো ঘটনা আছে। এইখিনিতে হঠাতে এজনী ছোৱালীৰ কথা মনত পৰিল। কোনো প্ৰেম অবিহনে তাই ডাইৰেক্ট মোক যৌনতাৰ প্ৰস্তাৱ দিছিল। মই প্ৰেমিক ব্যক্তি। গভীৰ প্ৰেমত যৌনতাৰ কথা আহি যাব পাৰে। কিন্তু প্ৰেমহীন যৌনতাক মই মানি ল'ব নোৱাৰোঁ। সেয়ে মানি নল'লোঁ। এতিয়া তাইয়ো বিবিহিতা। এনেকুৱা আৰু সৰু সৰু বহুত ঘটনা আছে। সেইবিলাক আৰু নকওঁ দিয়ক।

(১৩) এদিনৰ সংবাদ, জালাহৰ নামাই ঈপ্সিতা তালুকদাৰ আৰু এজন নষ্ট অকবিৰ আত্মহত্যা :

    দৈনিক অসমীয়া বাতৰি কাকত 'এদিনৰ সংবাদ'ৰ ২০/০৮/২০০৮ সংখ্যাত প্ৰকাশ হৈছিল 'সিমান সহজ নহয় তোমাক বিদায় জনোৱা' নামৰ মোৰ কবিতাটো। কবিতাটো পঢ়ি জালাহৰ পৰা এজনী ছোৱালীয়ে ফোন কৰিছিল। মোৰ বয়স জানিব বিচাৰিলে। কলোঁ। মোতকৈ তাই ডাঙৰ। তাইৰ সৰু ভনী আছে বুলি ক'লে আৰু তাইৰ ভনীৰ লগত কথা পাতিবলৈও দিলে। তাইৰ ভনীৰ নাম ঈপ্সিতা তালুকদাৰ। ঈপ্সিতাৰ প্ৰেমত পৰিলোঁ। বহু দিন এনেদৰেই গ'ল। ঈপ্সিতা, মোৰ টেলিফোনিক প্ৰেমিকা। নেদেখাকৈয়ে প্ৰেম-ভালপোৱা।...
 
      তাইৰ ককাইদেউ (দাদা) বাহিৰত কিবা কাম কৰে। ঘৰলৈ আহি কথাবোৰ শুনে। পিছলৈ তেওঁৰ বাবে আমাৰ প্ৰেমৰ যৱনিকা পৰিল। সেইদিনা মই গুৱাহাটীত আছিলোঁ। জালাহলৈ ফোন কৰিলোঁ। জালাহ সম্প্ৰতি বাক্সা জিলাত। ফোন ৰিচিভ কৰিলে বাইদেউয়ে। অলপ কথা পাতিলোঁ, তাৰ পিছত ঈপ্সিতাক দিবলৈ ক'লোঁ। তাই কলে তাইৰ দাদাই এই সম্বন্ধ মানি ল'ব নিবিচাৰে। তেখেতৰ ভাষাত কবিবোৰ নষ্ট। ভাল মানুহে কবিতা নপঢ়ে। এতিয়া এজন নষ্ট অকবিৰ মৃত্যুৰ কথা। এদিন সন্ধিয়া সাপটগ্ৰামত মই আৰু ৰমেনদাই মদ খাই দীপান্বিতা মণ্ডলৰ ঘৰলৈ যাওঁ। তাইয়ো মোৰ প্ৰেমিকা আছিল। বিয়া হৈছে শিলিগুড়িত। (দীপান্বিতাৰ কথা ইতিমধ্যে কৈছোঁ)। তাতে দুয়োজনে আলোচনা কৰিলোঁ। তাৰ পিছত ৰমেন দাই সেই ছোৱালীজনীৰ ম'বাইলত ফোন কৰিলে। বায়েকে ফোন ৰিচিভ কৰিলে। ৰমেন দাই ক'লে: মই অ'.ছি. দিগন্ত কলিতাই কৈ আছোঁ। সাপটগ্ৰাম থানাৰ পৰা। কন্দর্পক চিনি পায় নহয়। তেওঁ আত্মহত্যা কৰিছে। তেওঁৰ লগত তোমালোকৰ সম্বন্ধ কি..... ইত্যাদি ইত্যাদি।

      কেইদিন মান পিছত সেই ছোৱালীজনীৰ ফোনৰ পৰা কল আহিল। ৰিচিভ কৰিলোঁ, পুৰুষ কণ্ঠ। মই ক'লোঁ: হেল্ল', কোনে কৈছে? তেওঁ কন্দর্পৰ বন্ধু বুলি ক'লে। মোৰ পৰিচয় সোধাত ক'লোঁ: মইয়ো কন্দর্পৰ বন্ধুই কৈ আছোঁ।
     তেখেতে সুধিলেঃ কন্দর্পজিৎ কল্লোল নাই নেকি? মই ক'লোঁ: তেওঁ আৰু এই পৃথিৱীত নাই। জালাহৰ কোনোবা এজনীৰ ছোৱালীৰ বাবে তেওঁ আত্মহত্যা কৰিছে। তেখেতে দুখ প্ৰকাশ কৰিলে। মোক সুধিলে ছোৱালীজনীৰ নম্বৰটো পাওঁ নেকি? মই নাপাওঁ বুলি ক'লোঁ। কেইদিনমান পিছৰ পৰা সেই নম্বৰটোত বহুত চেষ্টা কৰিছোঁ কিন্তু কোনো দিনে নালাগিল।

    এজন নষ্ট অকবিৰ বাবে এজনী ছোৱালীৰ ছিমকার্ড এখন বর্বাদ!

(১৪) ৰাগিণী বর্মন : মই দিয়া নাম ৰাগিণী বর্মন। আচল নাম ৰুণুমী বর্মন। কেইদিনমানৰ প্ৰেমিকা। তাকো অজব দুনীয়াৰ গজব প্ৰেম! তাৰ পিছত এতিয়ালৈকে মোৰ প্ৰেয়সী+পত্নী। তাইক মই দুবাৰ বিয়া কৰাইছোঁ। এজন ব্যক্তিয়ে এজনী যুৱতীক দুইবাৰ বিয়া! হয়, সঁচা কথা। আগতে ক'ৰোবাত লিখিছিলোঁ। আজি আৰু এইবিষয়ে নকওঁ। পিছত কেতিয়াবা কম বাৰু।

                              ✍ কন্দৰ্পজিৎ

07/10/2023

অমৃতৰ জয়গান

এসময়ত এজন ৰজা আছিল 
ৰজাই কৈছিল, “হাত চাপৰি বজোৱা”
      প্ৰজাই বজাই দিছিল হাত চাপৰি 

ৰজাই কৈছিল, “ভগা ঢাৰি বজোৱা”
    ‌ প্ৰজাই বজাই দিছিল ভগা ঢাৰি

... তথাপি ৰজা সন্তুষ্ট হোৱা নাছিল ...

কৈছিল, “চাকিবিলাক বন্ধ কৰি দিয়া”
প্ৰজাই চাকি বন্ধ কৰি এন্ধাৰত ৰৈছিল 

ৰজাই কৈছিল, “বিজ্ঞানক লাথ মাৰা”
                 প্ৰজাই লাথ মাৰি দিছিল

ৰজাই কৈছিল, 
“সূৰ্য্য পৃথিৱীৰ চাৰিওফালে ঘূৰে”
   প্ৰজায়ো তাকেই মানি লৈছিল

কিছুমান প্ৰজা জন্মান্ধ আছিল
কিছুমান প্ৰজা ভয়ান্ধ আছিল
  আৰু ৰজাৰ কথা নমনা 
                           দুই-চাৰিজনক
  গেলিলিঅ' বনাই
      অন্ধকূপত এৰি দিয়া হৈছিল 

ৰজাই কৈছিল, “অন্ধবিশ্বাসী হোৱা”
         প্ৰজাগন অন্ধবিশ্বাসী হৈছিল 

সেইসকল প্ৰজাই নদীক ৰোধ কৰিবলৈ
          মোনাত বান্ধি লৈছিল এমুঠি মন্ত্ৰ
... ॐ नद्याय: नमः ... ... ॐ नद्याय: नमः ... 

ৰজাই কৈছিল, “অমৃত পান কৰা”
       প্ৰজাই পান কৰিছিল অমৃত

সেই দিনৰ পৰাই সকলো প্ৰজাৰ
                       সপোনতো অমৃত
                        দিঠকতো অমৃত

সেই দিনৰ পৰাই
                          মুত্ৰতো অমৃত
                       ঔষধতো অমৃত
                      গছবোৰো অমৃত
                    মাটিবোৰো অমৃত
                       কলহতো অমৃত
                      মদিৰাতো অমৃত

    চাৰিওফালে অমৃতেই অমৃত

                   অমৃত পান কৰি 
সকলো প্ৰজাই অমৰ হৈছিল 

তেতিয়াৰে পৰা ৰজাও অমৰ
               প্ৰজাসকলো অমৰ

প্ৰজাৰ আৰু 
মৃত্যুলৈ ভয় নোহোৱা হৈছিল
আৰু তেতিয়াৰে পৰা প্ৰজাই 
আৰম্ভ কৰি দিছিল
অন্য এক আন্দোলন
অ-মৃত আন্দোলন

এতিয়া সেই ৰজাও নাই
এতিয়া সেই প্ৰজাও নাই
কেৱল বতাহত ভাঁহি উঠে
     জনশ্ৰুতিৰ লোকগান!

অমিও সেই অমৃতৰেই সন্তান
     ব'লক আকৌ এবাৰ গাওঁ 
                 অমৃতৰ জয়গান!

© ✍ #কন্দৰ্পজিৎ