09/03/2024

মানুহ

মানুহ
====

মই হয়তো মানুহ নহওঁ, 
মানুহবিলাক বেলেগ ধৰণৰ,
খোজকাঢ়িব পাৰে, 
বহিব পাৰে, 
ইঘৰৰ পৰা সিঘৰলৈ যায়,
মানুহবিলাক বেলেগ ধৰণৰ, 
সাপে খুঁটিলে দৌৰি পলায়।

মই হয়তো মানুহ নহওঁ, 
গোটেই দিন থিয়হৈ থাকোঁ,
গছৰ দৰে থিয়হৈ থাকোঁ।
সাপে খুঁটিলে গম নাপাওঁ, 
চিনেমা চাই গান নাগাওঁ,
বহুদিন বৰফ মিশ্ৰিত পানী নাখাওঁ।
কিদৰে তথাপিও জীয়াই আছোঁ,
ছবি আকিছোঁ,
ৰাতিপুৱা, দুপৰীয়া অবাক কৰি
গোটেই দিন জীয়াই আছোঁ মোৰ দৰে। অবাক লাগে।

মই হয়তো মানুহ নহওঁ,  
মানুহ হ'লে জোতা থাকিল হেঁতেন,
ঘৰ থাকিল হেঁতেন,
ৰাতিৰ সময়ত ঘৰৰ ভিতৰত 
নাৰী থাকিল হেঁতেন,
পেটৰ পটত মোৰ 
ক'লা শিশু আঁকিল হেঁতেন।

মই হয়তো মানুহ নহওঁ, 
মানুহ হ'লে আকাশ দেখি হাঁহিম কিয়?
মানুহবিলাক বেলেগ ধৰণৰ, 
হাত থাকিব,
নাক থাকিব, 
তোমাৰ দৰে চকু থাকিব,
নিকেল মিশ্ৰিত অতি সুন্দৰ চকু থাকিব 
ভালপোৱাৰ কথা দিলেই কথা ৰাখিব।

মানুহ হ'লে ঊৰুৰ ভিতৰত 
দাগ থাকিল হেঁতেন,
দেউতা থাকিল হেঁতেন, 
ভণ্টি থাকিল হেঁতেন,
ভালপোৱাৰ মানুহ থাকিল হেঁতেন,
হঠাৎ কৰি মৰি যোৱাৰ ভয় থাকিল হেঁতেন।

মই হয়তো মানুহ নহওঁ, 
মানুহ হ'লে তোমাকলৈ কবিতা লিখা
আৰু নহ'ল হেঁতেন,
তোমাক এৰি গোটেই ৰাতি 
জীয়াই থকা আৰু নহ'ল হেঁতেন।

মানুহবিলাক সাপে খুঁটিলে দৌৰি পলায়;
অথচ মই সাপ দেখিলে আগুৱাই যাওঁ,
অবহেলাত মানুহে ভাবে সাবটি ধৰোঁ।

✍ মূল: নির্মলেন্দু গুণ (বাংলা কবি)
✍ অনুবাদ: কন্দৰ্পজিৎ কল্লোল

No comments:

Post a Comment