13/05/2023

ᥬ𑐣শ། 𑇖૨ 𑐔𑐖།ৰ 𑐀𑐎ᥬ𑐔𑐜།

বতাহত ভাহিঁ আহি আছে
                  কিছুমান শব্দ

                  কোনোবাই কান্দি আছে
                কোনোবাই চিঞৰি আছে
কোনোবাই ছট্‌ফটাই আছে যন্ত্ৰনাত

          আচলতে কোনোবাই 
                  কান্দি আছে নে 
          আচলতে কোনোবাই 
                চিঞৰি আছে নে 
          আচলতে কোনোবাই 
ছট্‌ফটাই আছে নে যন্ত্ৰনাত

নে বতাহত ভাঁহি আহি আছে
        মৌথুনৰ নিশাদ-গান্ধাৰ

                            যিমানেই ৰাতি বাঢ়ে
                        সিমানেই কেঁকনি বাঢ়ে
যেন নৰিয়াত পৰি কান্দি আছে সময়ে

                        সময়, মোক দুছেও কৰা
            এছেও ৰাখি দিয়া সভ্য সমাজত
আন এছেও বন্দি কৰা অশ্লীল আন্ধাৰত

                                          #কন্দৰ্পজিৎ

01/05/2023

ভালে আছুং

সত্যয় হউক বা
মিছায় হউক
বৰ্তমান মুঁই ভালে আছুং

খায়ায় আছুং চাই নাখেয়ায় আছু্ং
বৰ্তমান মুঁই ভালে আছুং

সুখতে আছুং কিম্বা দুখতে
বৰ্তমান মুঁই ভালে আছুং

মিছা কথা ক'বাৰ জানাটাও 
আক্‌টা কলা (Arts)
মিছা কৰিয়া হৈলেও
বৰ্তমান মুঁই ভালে আছুং

বিঃদ্ৰঃ - পৃথিবীত সব থাকিয়া বেসি কৰিয়া কোৱা মিছা কথাটায় হৈল ... "ভালে আছুং" 🤔

✍ কন্দৰ্পজিৎ

অনুপ্ৰেৰণা / উৎস : Sanjib Kumar Choudhury

মুঁই খুজিয়া থাকা মুখখান‌ হঠাৎ বিছ্‌ৰিয়া পালুং

মুঁই খুজিয়া থাকা মুখখান‌ 
হঠাৎ বিছ্‌ৰিয়া পালুং

মুঁই খুজিয়া থাকা মুখখান‌ 
কুনো হিন্দুৰ নাহায়
মুঁই খুজিয়া থাকা মুখখান‌
কুনো মুছলমানেৰ নাহায় 

মুঁই খুজিয়া থাকা মুখখান‌
আকজন মানুসেৰ মুখ
যেইখান মুখ
মুখেৰ ফা‌ঁকেৰ মুখা নাহায়
যেইখান মুখ কুনো মানুসেৰ নাহায়
যেইখান মুখ মানুসেৰ উপৰেৰ মানুসেৰ

হয়,
এমন আখান মুখেৰেয়
অপেক্ষাত আছিলুং মুঁই
কৌটি কৌটি বছৰ ধৰিয়া

হঠাৎ লাগাল পালুং অ'ক
কুনো আকটা ভিৰেৰ মাজত

(সবিশেষ পৰে হৈবে
পৰে আকদিন কৈম)

✍ কন্দৰ্পজিৎ