08/07/2019

মায়া

সপোন
প্ৰেম
মায়া

মায়াৰ় আছে অসংখ্য কায়া
কায়াৰ়ো আছে কিছু ছায়া  !

(ওপৰোক্ত অনুভৱখিনি অসমীয়া নে বাংলা নে কামতাপুৰী ভাষাত লিখা সেয়া সঠিককৈ ক'ব পৰা নাযায় । তেন্তে এই ভাষাটোৰ কি নাম দিব পৰা যায় ?!)

অসুখৰ অসুখ

==========

নদীৰ দৰে বাট
মৰুভূমিৰ দৰে ঘাট
আৰু বুকুত বৈ থাকে
ছাঁ-পোহৰৰ জলপ্ৰপাত

আজি কিছুদিনৰ পৰা
অসুখৰ অসুখ
কঢ়িয়াই লৈ ফুৰোতে
হেৰাই থাকিল
সুখ-দুখৰ নিমখীয়া আলাপ!

ණ কন্দৰ্পজিৎ কল্লোল

বৈদ্যুতিক শ

বৈদ্যুতিক গতিৰে পাৰ হৈ যোৱা
সপোন এটাৰ পৰাই জন্ম হয়
এই বিদ্যুৎস্পৰ্শী নদীখনৰ 

আৰু তাৰ জলতৰঙ্গত উটি আহে
এটা সদ্যজাত শ
অস্থিৰ উন্মাদ উন্মুক্ত

সেই শ এদিন ডাঙৰ দীঘল হয়
সেই একেই উন্মাদপ্ৰায় অস্থিৰ
নদীৰ দৰে
বৈদ্যুতিক গতিৰ দৰে

নদীৰো আছে সুখ-দুখৰ অনুভূতি
কিন্তু নাথাকে কোনো নিৰ্দিষ্ট পথ
কেৱল ৰৈ ৰৈ বৈ যায়
সৃষ্টি হয় জলতৰঙ্গ !

♦ কন্দৰ্পজিৎ

07/05/2019

উৰিষ্যা নে ওড়িশা

মূল ওড়িআ /ওড়িয়া ভাষাত ( উৰিয়া ভাষা নহয়) ৰাজ্যখনৰ নাম ওড়িশা "ଓଡ଼ିଶା" । ইংৰাজীতো Odisha. হিন্দীতো ओड़िशा । সৰুতে আমি উৰিষ্যা বুলি পঢ়িছিলোঁ যদিও মূল ভাষাৰ দিশৰ পৰা চাবলৈ গ'লে "ওড়িশা" শুদ্ধ নহয় । আনহাতে ওডিছা বা ওড়িশ্যা সম্পূৰ্ণ ভুল । ঠিক যেনেকৈ আসামী বা অসমিয়া বুলি আন ভাষাত লিখিলেও আমি "অসমীয়া" বুলি লিখোঁ, ঠিক তেনেকৈ যাৰ ভূমি সিহঁতে "ওড়িশা" বুলি লিখে । ভূপেন হাজৰিকাৰ নামটো কোনোবাই হিন্দীত ভূপেন হাজাৰিকা বুলি লিখিলেও আমি লিখিম জানো ? এতিয়া আমি শুদ্ধ ৰূপত তেলেগুৰ ঠাইত তেলুগু, কানাড়াৰ ঠাইত কন্নড় আৰু পাঞ্জাবৰ ঠাইত পঞ্জাব লিখোঁ । ঠিক তেনেদৰে বেংগলী বা বঙালী ভাষা নাই । বাঙালী (বঙালী নহয়) জাতিগত অৰ্থত ব্যৱহাৰ হয় । কিন্তু ভাষাৰ নাম "বাংলা" । শ্ৰীলংকাৰ ভাষাক আমি সিংহলী বুলি লিখোঁ । কিন্তু শুদ্ধ ৰূপ হ'ল - সিংহল ভাষা ।
এই বিষয়ে মই ৫/৬ বছৰ মান আগতে লিখিছিলোঁ । তলত পুনৰ সেই লেখাটো সংযোগ কৰিলোঁ । -

বিষয়: ৰোমাণ লিপি আৰু অসমীয়া বানান

(১)
আমাৰ গাঁওৰ নাম HARALTARI.
অসমীয়ালৈ লিপ্যন্তৰিত
কৰিলে হৰলটাৰী (হাৰালতাৰী নহয়)।
Ramen = ৰমেন (ৰামেন নহয়) ।
Karna = কর্ণ (কার্ণ নহয়) ।
Sagarika =
সাগৰীকা (সাগাৰীকা নহয়) ।
Tarali = তৰালী (টৰালী,
তাৰালী বা টাৰালী নহয়) ।

ঠিক তেনেকৈ
* Odia = ওড়িআ [ওড়িয়া] < ଓଡ଼ିଆ >
* Tamil = তমিলং [তমিল] < தமிழ் >
* Telugu = তেলুগু < తెలుగు >
* Malayalam =
মলয়ালং [মলয়ালম] < മലയാളം > *
Kannada = কন্নড় < ಕನ್ನಡ >
* Marathi = মৰাঠী < मराठी >
* Gujrati = গুজৰাতী < ગુજરાતી >
* Bangla = বাংলা
* Punjabi = পঞ্জাবী < ਪੰਜਾਬੀ >

(২)
অভিধান অনুসৰি অ= a,
আ=a.
ৰমেন = Ramen (Romen নহয়)
কন্দর্প = Kandarpa
(Kondorpo নহয়)
কিন্তু আমি আজিকালি ৰোমান লিপিৰে অসমীয়া লিখোতে উচ্চাৰণৰ
ওপৰত ভিত্তি কৰি লিখোঁ, কিছুক্ষেত্ৰত সংক্ষিপ্তৰূপ ব্যৱহাৰ কৰোঁ। কিন্তু
এতিয়া প্ৰশ্ন হ'ল স= ?,
হ= ?
সাহিত্য= Sahitya (শুদ্ধৰূপ),
আজিকালি Sahityo, Xahityo আদিও
লিখোঁ। কিন্তু কিছুমানে কিয় স= h
আকৌ হ= h ব্যৱহাৰ
কৰে বুজি নাপালোঁ। যেনেঃ hahityo, homoy, hagor.
আকৌ কিছুমানে হ=x ব্যৱহাৰ কৰে।
যেনেঃ xol (হ'ল), xahi আদি। ঠিক তেনেকৈ জোনাক= Jonak, ৰ'দ=
rod, তোমাৰ= tomar আদিৰ ঠাইত Junak, rud, tumar আদি ব্যৱহাৰ
কৰে !

(৩)
স+থ = স্থ (স্থান/ স্হান নহয়)
স+ হ = স্হ
ন+ত+উ = ন্তু (কিন্তু/ কিন্ত্ত নহয় )
ন+ত+ত = ন্ত্ত

ණ কন্দর্পজিৎ কল্লোল

02/04/2019

যন্ত্ৰ

কেতিয়াবা কেতিয়াবা কান্দিব বিচাৰিও
                            কন্দাৰ সময় নাথাকে !
অনুভৱ হয় যান্ত্ৰিক যুগৰ ময়ো এটা যন্ত্ৰ ।

11/02/2019

বিষাদ শূণ্যতা

মই শূণ্যতাৰ চিকাৰ
শূণ্যতাৰ স'তে মোৰ
আজীৱন সহবাস !

শূণ্যতাই বুকুত হেঁচা মাৰি ধৰে
বিষাদবোৰ মৌনতাৰ নৌকাত উঠি
অসীমলে' ভাঁহি ফুৰে দিকভ্ৰষ্ট হৈ !!

মোৰ নিজৰ বুলিবলে' একো নাই
যি আছে সব বিষাদগ্ৰস্ততাৰ যন্ত্ৰণা
যি আছে সব মৌন কৰ্হাল
যি আছে সব বৈ থকা শূণ্যতাৰ
ৰৈ থকা অপূৰ্ণতা !!!

© কন্দৰ্পজিৎ

29/01/2019

#অকবিতা - জ্বলি উঠুক শব্দৰ #ফুৰ্ঙা


এঠেই খাড়া হোয়া থাকা মুঁই মানুসটা
মুঁইয়েয় না
না সময়েৰ ধামখামাত হাৰেয়া যাৱা
মোৰ কায়া !
সময় বদলিল ৰাস্তা-ঘাটা বদলিল
বদলিল কবিতাৰ ভাষা শব্দ বাক্য

মুঁই সম্প্ৰতি শব্দহীনতাত দিন কাটাং
তাৰ পৰে কি কবিতা কিসেৰ কবিতা
যেই সময় সময়েৰ গদ্যয় মাথাত ডাঙায়
দলিবালিয়ে ইটাল ভাঙোৱাৰ মতন কৰিয়া
অই সময় আৰ্ কিসেৰ কবিতা

পৰিবৰ্তন
পৰিবৰ্তনেৰ হাৱাত
চলো পাল্টাই কবিতাৰ ভাষা
এলা আৰ্ কবিতা নাহয়
জ্বলি উঠুক শব্দৰ ফুৰ্ঙা

বিঃদ্ৰঃ - ফুৰ্ঙাৰ থাকিয়াও খাণ্ডব দাহ হয় ।

#কন্দৰ্পজিৎ

জীৱনৰ_বাটে-ঘাটে

                                (১)

            এতিয়া বিয়াৰ বতৰ । গাঁৱে-ভূঁয়ে সকলোতে খাদ্য পৰিৱেশনৰ বাবে "কেটাৰিং" ব্যৱস্থা চলে । যুগৰ পৰিৱৰ্তন হৈছে, মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হৈছে । সেয়ে উক্ত ব্যৱস্থাক লৈ মোৰ ব্যক্তিগত কোনো মন্তব্য দিব বিচৰা নাই । কোকৰাঝাৰ আৰু ধুবুৰী জিলাত  থলুৱা মানুহৰ ঘৰত বাংলা ভাষী কেটাৰাৰক মতা হয় । এইক্ষেত্ৰতো মোৰ আপত্তি নাই । সিহঁতো আমাৰ ইয়াত বাস কৰি থকা পুৰণি বাসিন্দা । কিন্তু মোৰ আপত্তি হ'ল সিহঁতে থলুৱা মানুহৰ ঘৰত বাংলা ভাষাত ফলক (পোষ্টাৰ) লগোৱা কাৰ্য তথা বাংলা ভাষাৰ ব্যৱহাৰ । বাংলা ভাষী মানুহৰ ঘৰত বাংলা ভাষাত ফলক লগালে বা বাংলা ভাষা ব্যৱহাৰ কৰিলে মোৰ ক'ব লগা একো নাই । সিহঁতে ব্যৱসায়ৰ খাতিৰতো আমাৰ ভাষা ব্যৱহাৰ নকৰাটো পৰিতাপৰ বিষয় । দ্বিতীয়তে এই ক্ষেত্ৰত আমাৰ মানুহৰ নিৰৱতা তথা তৎপৰহীনতা হোৱা কাৰ্য খুবেই দুৰ্ভাগ্যজনক । কাৰণ মোৰ ঘৰত যদি মই বেলেগ ভাষাৰ পোষ্টাৰ লগাবলৈ নিদিওঁ সিহঁতে লগাব নোৱাৰিব ।
           মই বাংলা ভাষাৰ বিৰোধি নহওঁ, প্ৰয়োজন সাপেক্ষে বাংলা ভাষা কওঁ, বাংলা ভাষাত লিখোঁ । সকলো ভাষাকেই সন্মান কৰোঁ । মই বিচাৰোঁ সিহঁতেও প্ৰয়োজন সাপেক্ষে আন ভাষা ব্যৱহাৰ কৰক ।
          বহুতো বাংলা ভাষী মানুহে আমাৰ লগত আমাৰ ভাষা ব্যৱহাৰ কৰে । আমিও সিহঁতৰ ভাষা কওঁ । মই সকলোকে কোৱা নাই । অনুগ্ৰহ কৰি উক্ত পোষ্টটোৰ মূল উদ্দেশ্য নুবুজাকৈ বিতৰ্ক নকৰে যেন ।

                            (২)
       কিছুমান মানুহৰ পোচাক সলনি হ'লে মুখৰ ভাষাও সলনি হয় । ৰাজহুৱা স্থানত উচ্চ আধুনিক ভাষা ওলায় । যি গ্ৰাম্যাঞ্চলৰ ভাষাৰ মাজত সৰুৰ পৰা ডাঙৰ হয় সেই ভাষা ৰাজহুৱা স্থানত ক'বলৈ বহুতেই সংকোচবোধ কৰে । এইবোৰ কাৰণতেই বহু ভাৰতীয় ভাষা হেৰাই গৈছে । আৰু বহু ভাষা হেৰাই যোৱাৰ উপক্ৰম হৈছে ।

                          ‌    (৩)

          চিকিৎসকৰ চেম্বাৰ যেন ভাৰতীয় ভাষাৰ কচাইখানা! ঊর্ধ্বাঙ্গৰ পৰা নিম্নাঙ্গ, বক্ষৰ পৰা নিতম্ব আদি সকলো অঙ্গ-প্রত্যঙ্গৰ নাম ইয়াত ইংৰাজী ভাষাত ব্যৱহাৰ কৰা হয় । এই ক্ষেত্ৰত ভাৰতীয় ভাষাৰ শব্দ ইমানেই ‘অশ্লীল’ বুলি বিবেচিত যে কিবাকৈ এই অঙ্গৰ নাম আঞ্চলিক শব্দত কাৰোবাৰ মুখেৰে ওলালে সভ্য সমাজৰ ব্যক্তিয়ে মূৰ ঘূৰোৱা দেখা যায় । Urine বুলি ক'লে সভ্যতাৰ পৰিচয় । প্ৰেচাৱ বা প্ৰস্ৰাৱ বুলি ক'লে বহুতেই অৰ্ধ শিক্ষিত বুলি ভাবি লয় । মুত বা মুতা বুলি ক'লে অশিক্ষিত তথা অসভ্য বুলি ভাবে । বহুতে আপত্তিও কৰে । কিন্তু সেই সকল শিক্ষিত ব্যক্তিয়ে হয়তো নাজানে সংস্কৃতত মুত্ৰ বুলি কোৱা হয় ।

#কন্দৰ্পজিৎ


         এটা জাতিক নিশ্চিহ্ন কৰিবলৈ বোমা ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই, সিহঁতৰ ভাষা ধ্বংস কৰি দিলেই যথেষ্ট। - নোৱাম চমস্কি

18/01/2019

জলবেশ্যা

সুন্দৰবনৰ জলসীমাত ৰাজত্ব কৰে কিছুমান জলদস্যু ৷ সিহঁতে অবৈধভাবে বাঘ চিকাৰ কৰে, চামৰা বিক্ৰী কৰে বিদেশত ৷ ইয়াৰ উপৰিও সৰু ডাঙৰ লুটপাটতো আছেই ৷ এই জলদস্যুসকলে নানা ঠাইত ডকাইতি কৰিবলৈ গৈ উঠাই আনে গাঁৱৰ ছোৱালী বিলাকক ৷ নিজৰ যৌনক্ষুধা পৰিপূৰ্ণ কৰাৰ লগতে সিহঁতে এই ছোৱালী বিলাকক দি যৌন ব্যবসায় চালায় ৷ সুন্দৰবন এলাকাত নৌকাৰ বা নাওৰ ওপৰতে চলি থাকে সেই ভাসমান ‘বেশ্যাপল্লী’ । আৰু সেয়ে সেই ছোৱালী বিলাকক কোৱা হয় ‘জলবেশ্যা’ ৷

বাংলাদেশৰ প্ৰখ্যাত কবি সাহিত্যিক আল মাহমুদে জলবেশ্যা  নামৰ এটি গল্প লিখিছিল ৷ সেই কাহিনীটোৰ মূলত আছে এনে এদল ছোৱালী যিসকল একলগে বেদেনী আৰু বেশ্যা ৷ সিহঁত ভাঁহি ফুৰে সুন্দৰবনৰ গভীৰ অৰণ্যৰ কাষেৰে বৈ থকা খাঁড়িত (উপ নদীত) ৷  সাপৰ বিষ বিক্ৰী কৰাৰ লগতে সিহঁতে ৰাতিৰ সময়ত বিক্ৰী কৰে সিহঁতৰ শৰীৰো ৷ ইহঁতৰ মূৰৰ ওপৰত চৰ্দাৰ হিচাবে থাকে এজন জল-মাফিয়া, যাৰ নেতৃত্বত গোপনে সুন্দৰবনৰ বাঘৰ চামৰা, হৰিণাৰ চামৰা, কাঠ আদি ৰপ্তানি হয়, তেনেদৰেই সংলগ্ন দুইদেশৰ মাজত চোৰাং ভাবে চালান হয় আৰু অনেক বস্তু ৷ জঙ্গলৰ ’কোৰ এৰিয়া’, য’ত সাধাৰণ ব্যক্তিৰ প্ৰবেশ নিষেধ, তাতেই ইহঁতৰ গোপন বাণিজ্যৰ ডেৰা (জুপুৰী) ৷ দুইদেশৰ প্ৰশাসনক বুড়া আঙুলি দেখুৱাই দলবল লৈ দিনে নিশাই ইহঁতৰ ৰাজত্ব ৷ ইহঁত কোনো কাল্পনিক চৰিত্ৰ নহয় ৷ বৰঞ্চ অধিক মাত্ৰাতেই বাস্তৱিক ৷

উক্ত ঘটনাৰ আলমত কলকাতাৰ পৰা টান নামৰ এখন ১৮+ বাংলা ছবি নিৰ্মাণ কৰিছিল ৷ মই কালি YouTubeত দেখিছোঁ ৷ হৃদয়স্পৰ্শী কাহিনী ৷ ১৮+ দৃশ্য বিশেষ নাই ৷ অৱশ্যে মুখৰ ভাষাত অশ্লীলতা বিদ্যমান ৷ উক্ত অঞ্চলত তেনে অশ্লীল শব্দ মুকলি ভাবেই ব্যৱহাৰ হয় ৷ আৰু সেই অঞ্চলৰ কথিত ভাষাৰ ব্যৱহাৰে চিনেমাখনক বিশেষ ৰূপত আকৰ্ষণীয় কৰি তুলিছে বুলি ভাবোঁ ৷ ঋতুপৰ্ণা সেনগুপ্তা অভিনয়ৰ লগতে জুবিন গাৰ্গ  কণ্ঠই কাহিনীটো আৰু অধিক হৃদয়স্পৰ্শী কৰি তুলিছে