এসময়ত এজন ৰজা আছিল
ৰজাই কৈছিল, “হাত চাপৰি বজোৱা”
প্ৰজাই বজাই দিছিল হাত চাপৰি
ৰজাই কৈছিল, “ভগা ঢাৰি বজোৱা”
প্ৰজাই বজাই দিছিল ভগা ঢাৰি
... তথাপি ৰজা সন্তুষ্ট হোৱা নাছিল ...
কৈছিল, “চাকিবিলাক বন্ধ কৰি দিয়া”
প্ৰজাই চাকি বন্ধ কৰি এন্ধাৰত ৰৈছিল
ৰজাই কৈছিল, “বিজ্ঞানক লাথ মাৰা”
প্ৰজাই লাথ মাৰি দিছিল
ৰজাই কৈছিল,
“সূৰ্য্য পৃথিৱীৰ চাৰিওফালে ঘূৰে”
প্ৰজায়ো তাকেই মানি লৈছিল
কিছুমান প্ৰজা জন্মান্ধ আছিল
কিছুমান প্ৰজা ভয়ান্ধ আছিল
আৰু ৰজাৰ কথা নমনা
দুই-চাৰিজনক
গেলিলিঅ' বনাই
অন্ধকূপত এৰি দিয়া হৈছিল
ৰজাই কৈছিল, “অন্ধবিশ্বাসী হোৱা”
প্ৰজাগন অন্ধবিশ্বাসী হৈছিল
সেইসকল প্ৰজাই নদীক ৰোধ কৰিবলৈ
মোনাত বান্ধি লৈছিল এমুঠি মন্ত্ৰ
... ॐ नद्याय: नमः ... ... ॐ नद्याय: नमः ...
ৰজাই কৈছিল, “অমৃত পান কৰা”
প্ৰজাই পান কৰিছিল অমৃত
সেই দিনৰ পৰাই সকলো প্ৰজাৰ
সপোনতো অমৃত
দিঠকতো অমৃত
সেই দিনৰ পৰাই
মুত্ৰতো অমৃত
ঔষধতো অমৃত
গছবোৰো অমৃত
মাটিবোৰো অমৃত
কলহতো অমৃত
মদিৰাতো অমৃত
চাৰিওফালে অমৃতেই অমৃত
অমৃত পান কৰি
সকলো প্ৰজাই অমৰ হৈছিল
তেতিয়াৰে পৰা ৰজাও অমৰ
প্ৰজাসকলো অমৰ
প্ৰজাৰ আৰু
মৃত্যুলৈ ভয় নোহোৱা হৈছিল
আৰু তেতিয়াৰে পৰা প্ৰজাই
আৰম্ভ কৰি দিছিল
অন্য এক আন্দোলন
অ-মৃত আন্দোলন
এতিয়া সেই ৰজাও নাই
এতিয়া সেই প্ৰজাও নাই
কেৱল বতাহত ভাঁহি উঠে
জনশ্ৰুতিৰ লোকগান!
অমিও সেই অমৃতৰেই সন্তান
ব'লক আকৌ এবাৰ গাওঁ
অমৃতৰ জয়গান!
© ✍ #কন্দৰ্পজিৎ