04/06/2023

ঝুমবালিকা

ঝুমবালিকা, 
এদিন তোমাৰ 
শ্যামবৰ্ণ লাস্যময়ী চেহেৰাত 
মই ফ়িদা আছিলোঁ

এতিয়া এইবোৰ 
সাধুকথাৰ চৰিত্ৰৰ দৰে অতীত

তুমি এতিয়া “কিচ্ছাৰ ৰাজকুমাৰী”
আৰু মই মৃতপ্ৰায় দিৱানা

আকৌ এবাৰ 
তোমাৰ প্ৰেমত পৰিবলৈ মন যায়
হৃদয়খন কেৰেকি উন্মাদ হ'ব পৰাকৈ
দুপৰনিশা

ঝুমবালিকা,
তোমাৰ বাবেই এদিন দিবানা হৈ
পুথিভঁৰালত পঢ়িছিলোঁ
অপ্ৰেমৰ অকবিতা

আজি আকৌ এবাৰ
য়াদো কি বাৰিশ কী ইন্তজাৰ মেঁ

ৰিক্ত হাত
ৰিক্ত দিল
ৰিক্ত সময়
অথচ আজিও মোৰ 
দুচকুত আঁকি লওঁ
ডাৰ্ক কালাৰচ্ 
কালাৰিং পেইণ্টিং 

ঝুমবালিকা ...................
ঝুমবালিকা ................... !!!!!!

#কন্দৰ্পজিৎ