24/07/2023

কাইলৈ হয়তো মই নাথাকিম

কাইলৈ হয়তো মই নাথাকিম
আৰু মই নথকাৰ এই বাতৰি 
হয়তো আপুনি প'ষ্ট কৰিব 
আপোনাৰ টাইমলাইনত

আপোনাৰ সেই প'ষ্টত 
সকলোৱে 😪 ৰিয়েচন দিব
  
কিছুমানে অৱশ্যে 👍 কৰিব
আন দুই-চাৰিজন বোকা****ই
❤️ অথবা 😆 দিব


কাইলৈ হয়তো মই নাথাকিম
আৰু মই নথকাৰ এই বাতৰি শুনি
কিছুমানে মোৰ প্ৰফাইল খুচৰি চাব

এনেদৰেই কিছুদিন পাৰহৈ যাব

তাৰ পিছত মোৰ টাইমলাইনত
মকৰাই জাল বান্ধিব
শগুনে মৰাশ বিচাৰি অহাৰ দৰেও
কোনেও নাহিব এবাৰো


তাৰ পিছত আপুনি আপোনাৰ পথত

আৰু মই বিষাদৰ বেহেলা বজাই
তাণ্ডৱ নৃত্য কৰিম এন্ধাৰৰ গৰ্ভত!


#কন্দৰ্পজিৎ
২৪/০৭/২০২৩

No comments:

Post a Comment