02/07/2023

গুৱাহাটীত ছানী লিয়নী

ব্যস্ত মহানগৰী
গুৱাহাটীত ছানী লিয়নী

সাংবাদিকসকলৰ জিভালৈকে 
নিমখৰ সোৱাদ

ব্যস্ত কৃষ্ণ
ব্যস্ত বুদ্ধ
ব্যস্ত হজৰত
ব্যস্ত যীশু

আহক নিমখীয়া জীৱনলৈ স্বাগতম
नमकीन हो जाए ये ज़िन्दगी 

ময়ো এদিন 
ছানী লিয়নীৰ প্ৰেমত পৰিছিলোঁ
সুৰঙ্গ বিচাৰি 
আটলান্টিকৰ অতল গহ্বৰলৈকে 
গতি কৰিছিলোঁ 

ময়ো এদিন সপোনতে 
চিঞৰি উঠিছিলোঁ
উহ্ আহ্
অসহ্য এই যন্ত্ৰণা
মই মুক্তি বিচাৰোঁ
I have need haven
স্বৰ্গৰ পথ কোনফালে
বেহস্তলৈ যোৱাৰ সুৰঙ্গ কোনদিশে

মই উন্মাদ হৈ উঠিছিলোঁ
আৰু কাষত বিচাৰি পাইছিলোঁ
ছানী লিয়নীক

বহি আছে
देवी सानी लियोन
Godess Sunny Leone
जन्नत की हूर सानी लियोन

ধৰ্মই মানুহৰ মাজত
বিভেদৰ সৃষ্টি কৰে
আৰু তাৰ মাজতে
মানৱতাবাদী ৰূপে থিয় হৈ আছে
ছানী লিয়নী

হিন্দুৰ সপোনতো 
अप्सरा सानी लियोन
মুছলমান ख्वाबতো
जन्नत की हूर सानी लियोन
খ্ৰীষ্টানৰ ড্ৰিমতো
Nymph Sunny Leone

আহক আজি ৰাতিটোৰ বাবে
সকলোৱে এবাৰ ছানী লিয়নীৰ প্ৰেমত
উন্মাদ হওঁ !

✍ #কন্দৰ্পজিৎ

No comments:

Post a Comment