19/08/2023

পানী আৰু নদী

“No man ever steps 
in the same river twice, 
for it's not the same river 
and he's not the same man.”     
                          ― Heraclitus.

নদী মানেই পানী
অথচ পানী মানেই নদী নহয়

পানীৰ কোনো ৰং নাই
পানী পানীৰ দৰেই পনীয়া
তাৰ পিছতো মানুহে 
পানীত মিহলি কৰিছে ৰং

পানীৰ কোনো স্বাদ নাই
তাৰ পিছতো মানুহে 
পানীত বাকিছে স্বাদ

পানী নিৰৱধি
তাৰ পিছতো মানুহে
বন্দী কৰিছে পানীক

অৰ্থাৎ পানীক পানীৰ দৰে 
থাকিবলৈ দিয়া নাই মানুহে

সেইবাবেই হয়তো মাজে-সময়ে
বিদ্ৰোহী হৈ উঠে পানী

পানীৰো আছে নানা ৰূপ
বৰষুণৰ পানী
নদ-নদীৰ পানী
সাগৰ-মহাসাগৰৰ পানী
এনে কি চকুপানীবোৰো পানীয়েই

মানুহে মানুহক ভাগ কৰাৰ দৰেই 
পানীকো নানা ভাগত ভাগ কৰি লৈছে
পানীৰ পৰা পানীক আঁতৰাই
অন্য নামেৰে নামাকৰণ কৰিছে

আচলতে প্ৰস্ৰাৱবিলাকো পানী
চৰৱতবিলাকো পানী
পানী তৃষ্ণাৰ্তৰ প্ৰাণ 
এনেকি মদিৰা বুলি আন একো নাই
সেইবোৰো পানীয়েই
জীৱনাৰ্ত মানুহৰ জান

নদীবোৰ লগ লাগি পানী নহয়
পানীবোৰ লগ লাগি নদী হৈ বয়

আপুনি বাৰু নদীত স্নান কৰি পাইছেনে?
কিমানবাৰ আপুনি গাধুইছে নদীত?
এবাৰ... দুবাৰ... এশবাৰ... অসংখ্য বাৰ

বি:দ্ৰ: - আপোনাৰ হিচাপ শুদ্ধ নহ'বও পাৰে

কাৰণ,
এজন মানুহে এখন নদীত 
দুবাৰ গাধুব নোৱাৰে!

✍ #কন্দৰ্পজিৎ

No comments:

Post a Comment