24/08/2026

জীৱনৰ বাটে-ঘাটে

“জীৱনৰ বাটে-ঘাটে”

(১)
আপুনি যদি জীৱনত বিফল হৈ থাকে তেন্তে কিছুমান মানুহে আপোনাক উপহাস কৰিব, আনহাতে যদি আপুনি সফলতাৰ ফালে আগবাঢ়ি যাবলৈ ধৰে তেতিয়াও সেই মানুহবোৰে হিংসাত জ্বলি-পুৰি মৰিব। এনেকি বহু সময়ত আপোন মানুহো। 

(২)
আটাইতকৈ ডাঙৰ বেমাৰ হ'ল অপ্ৰয়োজনীয় সন্দেহ। যিয়ে সেইজন ব্যক্তিক ভিতৰি ভিতৰি পুৰি ছাই কৰি দিয়ে, অথচ সি নিজেই নাজানে।

(৩)
যি মানুহ অতিৰিক্ত ভাবে টকা-পইচাৰ কথা চিন্তা কৰি থাকে, বেলেগক দিবলৈ ভয় কৰে, তেনে মানুহে কেতিয়াও টকা সাঁচিব নোৱাৰে। সময়ত বেলেগ ফালেৰে তাতোকৈ বহু বেছি ওলাই যায়।

(৪)
কিছুমান মানুহ নিজেও শান্তিত থাকিব নিবিচাৰে, আনকো শান্তিৰে থাকিবলৈ নিদিয়ে। শান্তি নিজৰ ভিতৰৰ এক সুক্ষ্ম অনুভূতিৰ বাহিৰে আন একো নহয়।

(৫)
এনে কিছুমান মানুহ থাকে, যি নিজে কি কৰি আছে নিজেই নাজানে। যাক আনেতো দূৰৈৰ কথা নিজেৰ আত্মায়ো সলনি কৰিব নোৱাৰে।

(৬)
কিছুমান মানুহে নিজৰ বিবেক-বুদ্ধিৰে কাম কৰিব নোৱাৰে, আৰু তেনে মানুহে আনকো নিজৰ দৰেই ভাবে। কিছুমানে আনৰ মগজুক পৰিচালনা কৰি ভাল পায়, তেনে ব্যক্তিয়ে আনকো তেওঁৰ দৰে এজন পৰিচালক বুলি ভাবে।

(৭)
জীৱনৰ স'তে যুঁজ কৰিব জনা মানুহৰ বিপদত সময় আৰু প্ৰকৃতিয়ে সহায় কৰে। আনহাতে ঈশ্বৰৰ নাম-কীৰ্তন কৰি আনৰ মনত আঘাত দিয়া মানুহক সময় আৰু প্ৰকৃতিয়ে তেনেধৰণৰেই বিচাৰ কৰে।

(৮)
এসময়ৰ নিয়ম আন এসময়ত অনিয়ম হৈ পৰে। সময় সদায় একে সোঁতেৰে গতি নকৰে। 

(৯)
যেতিয়া নিজৰ তেজেই নিজৰ বিৰুদ্ধে প্ৰতিবাদ কৰে, তেতিয়াই বহুতে নিজকে নিঃশেষ কৰি দিয়ে, কিছুমানে আকৌ জীয়াই থাকিবলৈ যুঁজ কৰিব পাৰে, আন কিছুমানে জীৱন-মৃত্যুৰ দোমোজাত বিভ্ৰান্ত হৈ পৰে।

(১০)
যিকোনো কাৰ্য সীমাৰ উৰ্দ্ধত কৰাটো উচিত নহয়। কাৰণ সীমাৰ সীমা ভাঙিলে সকলো সলনি হৈ যায়। এনেকি ভৌগোলিক সীমাও সদায় একেদৰে নাথাকে।

09/08/2026

জন্মদিনৰ শুভকামনাৰে

দিবলৈতো মোৰ একোৱেই নাই 
কেৱল হৃদয়ৰ শুভকামনাৰ বাহিৰে 

দিনবোৰ ৰঙীন হওক
সপোনবোৰ সাৰ পাওক
যাত্ৰাপথ হওক মসৃণ সৰল 

...... জন্মদিনৰ শুভকামনাৰে ......

(৪ ডিচেম্বৰ, ২০২৫ — দুহিতা ৰাগিণীৰ জন্মদিনৰ শুভেচ্ছাৰে)

✍️ কন্দৰ্পজিৎ কল্লোল 

হাইকু

সকলো হেৰুৱাই পেলোৱাৰ পিছতো 
পাবলৈ বাকী থাকে বহুতো!

✍️ কন্দৰ্পজিৎ 

ৰেডিঅ': তেতিয়া আৰু এতিয়া

বহু দিনৰ মূৰত পূৰণি ৰেডিঅ' খনত বেটাৰি ভৰালোঁ। কিন্তু চেনেল একেবাৰে কম। SWত শ্বিলং পূৰ্বোত্তৰ সেৱা কেন্দ্ৰ আছিল। এতিয়া নাই। এসময়ত কোকৰাঝাৰতো বড়ো ভাষাৰ ৰেডিঅ' ষ্টেচন আছিল, এতিয়া নাই। দুপৰীয়া ১.২০ৰ পৰা ২ বজালৈ শ্বিলং পূৰ্বোত্তৰ সেৱা কেন্দ্ৰত হিন্দী গীতৰ অনুষ্ঠান আছিল। আজি বিচাৰি নাপালোঁ। আবেলি বিবিধ ভাৰতীতো পুৰণি হিন্দী গীতৰ অনুষ্ঠান শুনিবলৈ পোৱা গৈছিল।‌ এতিয়া নাই। SWত কেৱল কেইটামান চীনা, পাস্তু আদি ভাষাৰ চেনেল আহে। MWত কেৱল কেইটামান বাংলাদেশৰ বাংলা চেনেল আহে। ৰাতি কলকতাও আহে। তাৰোপৰি ৰাতি কম সংখ্যক অসমীয়া, ওড়িয়া, নেপালী আৰু হিন্দী চেনেল আহে। ভূটানৰ BBS আগত আহিছিল, আবেলি নেপালী গীত দিছিল, এতিয়া অহা নাই। আগত প্ৰায় সকলো সময়তে, বিশেষকৈ পুৱা, দুপৰীয়া, আবেলি, সন্ধিয়া আৰু ৰাতি নিদৃষ্ট সময়ত কিছুমান হিন্দী গীতৰ অনুষ্ঠান পৰিৱেশন কৰিছিল, এতিয়া নাই বা খুবেই কম সংখ্যক চেনেল উপলব্ধ। দুপৰীয়া ২ বজাত ইংৰাজী আৰু ২.১৫ত হিন্দী ভাষাত অল ইণ্ডিয়া ৰেডিঅ'ৰ বাতৰি সম্প্ৰচাৰিত হৈছিল। স্পষ্ট ৰূপত শুনিব পৰা গৈছিল, আজি বিচাৰি পোৱা নাই। বৰ্তমান এনালাগ SW (Shortwave) আৰু MW (Medium Wave) ফ্ৰিকুৱেন্সীত চেনেলবোৰ প্ৰায় বন্ধ বা অতি সীমিত হৈ পৰিছে। জানিব পৰা মতে কোকৰাঝাৰ কেন্দ্ৰটো আচলতে সম্পূৰ্ণ বন্ধ হৈ যোৱা নাই, বৰঞ্চ ইয়াক FM প্ৰযুক্তিলৈ উন্নত কৰা হৈছে। শেহতীয়াকৈ ২০২৫ চনৰ আৰম্ভণিতে কোকৰাঝাৰত এটা নতুন 10 KW FM ট্ৰান্সমিটাৰ উদ্বোধন কৰা হৈছে। ইয়াৰ জৰিয়তে বড়ো এলবাম আৰু চিনেমাৰ গীত, লোকগীত আদি এতিয়া অতি পৰিষ্কাৰকৈ FM বেণ্ডত সম্প্ৰচাৰ কৰা হয়। কিন্তু পুৰণি MW বা SW ৰেডিঅ’ত ইয়াক আৰু বিচাৰি পোৱা নাযায়। শ্বিলং পূৰ্বোত্তৰ সেৱা নামৰ ঐতিহাসিক চৰ্টৱেভ (SW) সেৱাটো চৰকাৰে আনুষ্ঠানিকভাৱে বন্ধ কৰি দিছে। কাৰণ SW ট্ৰান্সমিটাৰ চলোৱাৰ খৰচ বহুত বেছি আছিল আৰু গোলকীয়ভাৱে ইয়াৰ ব্যৱহাৰ কমি আহিছিল। এতিয়া এই সেৱা কেৱল ডিজিটেল মাধ্যম আৰু স্থানীয় FM-তহে উপলব্ধ। আকাশবাণীৰ "বিবিধ ভাৰতী" বা আঞ্চলিক কেন্দ্ৰৰ "অনুৰোধৰ হিন্দী গীত"ৰ অনুষ্ঠানসমূহ এতিয়া আগৰ দৰে শুনিবলৈ পোৱা নাযায়। বহুতো MW/SW ট্ৰান্সমিটাৰ বন্ধ কৰি দিছে, সেয়ে পুৰণি ৰেডিঅ'ত এই চেনেলবোৰ ধৰা নপৰে। দিল্লীৰ পৰা সম্প্ৰচাৰিত হোৱা এই ৰাষ্ট্ৰীয় বাতৰি এতিয়াও নিয়মীয়াকৈ চলি আছে। কিন্তু আগতে যিহেতু ডিব্ৰুগড় বা গুৱাহাটীৰ শক্তিশালী MW ট্ৰান্সমিটাৰে ইয়াক লৈ গোটেই অসমতে শুনাইছিল, এতিয়া সেই এনালগ ট্ৰান্সমিটাৰৰ ক্ষমতা কমাই দিয়াৰ বাবে ধুবুৰী বা নামনি অসমৰ অঞ্চলসমূহত পুৰণি ৰেডিঅ'ত চিগনেল পোৱা নাযায়। চীনৰ CRI (China Radio International), পাকিস্তানৰ পাস্তু আদি ভাষাৰ চেনেল আৰু বাংলাদেশৰ কিছুমান চেনেল এতিয়াও শুনিবলৈ পোৱা যায়, কাৰণ তেওঁলোকে SW আৰু MW ট্ৰান্সমিটাৰসমূহ অতি শক্তিশালী কৰি ৰাখিছে, যাতে তেওঁলোকৰ প্ৰচাৰ ভাৰতৰ দৰে চুবুৰীয়া দেশতো বহুত দূৰলৈকে শুনিবলৈ পোৱা যায়। আনহাতে ভাৰত চৰকাৰে এনালগ SW/MW প্ৰযুক্তি প্ৰায় এৰি দিছে। তাৰ পৰিৱর্তে আকাশবাণীয়ে DRM (Digital Radio Mondiale) নামৰ নতুন ডিজিটেল ট্ৰান্সমিটাৰ লগাইছে। কিন্তু এই ডিজিটেল চেনেলবোৰ শুনিবলগীয়া হ'লে পুৰণি ৰেডিঅ’খন কামত নাহে, কিয়নো ইয়াৰ বাবে বিশেষ DRM ৰেডিঅ’ ছেটৰ প্ৰয়োজন হয়। আনহাতে ৰাতি হ’লে বায়ুমণ্ডলৰ আয়ন'স্ফিয়াৰ স্তৰৰ পৰিৱৰ্তনৰ বাবে ৰেডিঅ’ তৰংগ বহুত দূৰলৈকে প্ৰতিফলিত হয়। সেইবাবেই পুৰণি ৰেডিঅ’ত ৰাতি পশ্চিমবংগৰ বাংলা, নেপালী, ওড়িশাৰ ওড়িয়া তথা ভাৰতৰ বিভিন্ন ঠাইৰ হিন্দী চেনেলবোৰ ধৰা পৰে। কিছুমান স্পষ্টকৈ আহে, কিছুমান অস্পষ্টকৈ আহে। কিন্তু দিনৰ পোহৰত সিহঁতৰ চিগনেল একেবাৰে নাইকিয়া হৈ যায়। ভূটানৰ BBS ৰেডিঅ’য়ো এতিয়া SW সম্প্ৰচাৰ বন্ধ কৰি কেৱল নিজৰ দেশৰ বাবে FM আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ লৈছে।

✍️ কন্দৰ্পজিৎ 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
যেনেদৰে পাৰ কৰিব লগা নাছিল 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
য'ত আপোনাৰ উপস্থিতি শূন্য 
য'ত মোৰো উপস্থিতি শূন্য 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
না ফেচবুক ষ্টেটাছ 
না হোৱাটচএপ ষ্টেটাছ 
না ইউটিউব ভিডিঅ'

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
না মেছেজ, না ফোনকল 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
য'ত উশাহ বিলাক থমকি ৰয়
য'ত জীৱনটোৰ পোনপটীয়া সম্প্ৰচাৰ বন্ধ 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
য'ত নাই সংগীতৰ ধ্বনি 
য'ত নাই কবিতাৰ মাদকতা 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
য'ত সকলো হেৰুৱাই 
একো যেন হেৰুওৱা নাই 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
য'ত জীৱনটো এন্ধাৰৰ মাজত হেৰাই যোৱা 
এটা অসমাপ্ত বিষাদ সংগীত 
য'ত কবিতাবোৰ অকবিতাও হ'ব নোৱাৰি
বেকবিতা হৈ হেৰাই যোৱাৰ পথত 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো

হয়,
সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
যি আচলতে জীৱনো নহয় 
মৃত্যুও নহয় !

✍ কন্দৰ্পজিৎ

৬ এপ্ৰিল

সময়বোৰ এনেদৰেই পাৰ হৈ যায় 
সৰি পৰে 
সৰি সৰি সৰাপাত হয় ...... !

✍️ কন্দৰ্পজিৎ কল্লোল 

(৬ এপ্ৰিল, ২০২৬)

সাৰ নোপোৱা টোপনিৰ বাগিচাত

টেঙেচী ফুলৰ টোপনিৰ দৰে 
জোনমণি দাস টোপনি গ'ল
সাৰ নোপোৱা টোপনিৰ বাগিচাত ......

✍️ কন্দৰ্পজিৎ কল্লোল 

(১৩ মাৰ্চ, ২০২৬)

17/01/2026

জীৱন মুৰ্দাবাদ

মই ভালপাওঁ কবিতা 
তাই ভাল নাপায় 

তাই ভাল পায় 
জীৱনৰ কঠিন কঠোৰ গদ্য 

যাৰ বাবে মই প্ৰস্তুত নহওঁ!

মই ভালপাওঁ সপোন 
তাই ভালপায় দিঠক 

মই ভালপাওঁ জীৱনৰ নিচা 
তাই ভালপায় বাস্তৱতা 

আমি কেতিয়াও এজনে আনজনক 
সহজভাবে ল'ব নোৱাৰিম

তাৰ পিছতো এজনে আনজনক 
বিদায় জনাব নোৱাৰোঁ in officially 

So, এতিয়া মই বৌদ্ধ হ'ম 
মৌন বৌদ্ধ 
আৰম্ভ কৰিম
ঘৰ এৰি বেঘৰ হোৱা 
জীৱনৰ কঠিন কঠোৰ যুদ্ধ!

#কন্দৰ্পজিৎ

02/01/2026

“২০২৫-ৰ পৰা ২০২৬-লৈ .... কিছু ভিন্ন কথা, চিন্তা আৰু পৰিকল্পনা”

নিজৰ স্থায়ী কৰ্মৰ বাহিৰেও কিছুমান পাৰ্শ্ব কৰ্মৰ জড়িয়তেও আমি উপাৰ্জন কৰিব পাৰি। যদিওবা মই দামি ম'বাইল ব্যৱহাৰ কৰিবলৈ সক্ষম নহওঁ, তথাপিও ম'বাইলে আজিলৈকে মোক ৬০ হাজাৰ টকা উপাৰ্জন কৰাত সহায় কৰিছে। ইয়াৰ ভিতৰত যোৱা ২০২৫ চনত ৩০ হাজাৰ টকা ম'বাইলৰ জড়িয়তে উপাৰ্জন কৰিবলৈ সক্ষম হওঁ। নিজৰ স্থায়ী কৰ্মৰ বাহিৰে পাৰ্শ্ব কৰ্মৰ জড়িয়তে কৰা উপাৰ্জনৰ ক্ষেত্ৰত এক সুকীয়া আনন্দ থাকে। অৱশ্যে মই জমা ৰাখিব পৰা নাই। বিভিন্ন সমস্যা, হাত খৰচ আদিত খৰচ হৈ গৈছে। যোৱা ২০২৫ চনত ম'বাইলৰ জড়িয়তে উপাৰ্জন কৰা ৩০ হাজাৰ টকাৰ ভিতৰত আছে — ইউটিউবৰ ৮ হাজাৰ মান, ৱিকিপিডিয়াৰ ১০ হাজাৰ, শিক্ষামূলক PDF বিক্ৰী কৰি ১০ হাজাৰ, আৰু ৰাইটিং ৱাৰ্কৰ যোগেদি ২ হাজাৰ মান। অৱশ্যে ৰাইটিং ৱাৰ্কক ম'বাইলৰ ভিতৰত ধৰিব নোৱাৰি যদিও, এই ক্ষেত্ৰতো ম'বাইলে, বিশেষকৈ ChatGPT-য়ে বিশেষ সহায় কৰিছে। 

মুঠতে এইবিলাক কামৰ ক্ষেত্ৰত আৰম্ভণি কঠিন আৰু কষ্টকৰ হয়। প্ৰথমতে এবছৰমান ধৈৰ্য ধৰিবলগীয়া হয়। আপোনাৰ যিটো বিষয়ত দক্ষতা আছে, সেই দক্ষতা ব্যৱহাৰ কৰি ম'বাইলৰ যোগেদি উপাৰ্জন কৰিব পাৰে। বৰ্তমান বহুকেইটা প্লেটফৰ্ম আছে। যেনে - YouTube , Facebook, WhatsApp আদি। ইয়াৰ উপৰিও Affiliate Marketing-ৰ যোগেদিও উপাৰ্জন কৰিব পৰা যায়। Blog Writing-ৰ যোগেদিও উপাৰ্জন কৰিব পাৰি। ওপৰত উল্লেখ কৰা কাম সমূহ কোনোধৰণৰ আগধন খৰচ নকৰাকৈয়ে কৰিব পাৰি। যিহেতু ম'বাইল আছেই, নেট পেক ভৰায়েই। ইয়াৰ উপৰিও App বনাব পৰা দক্ষতা থাকিলে, তাৰ পৰাও উপাৰ্জন কৰিব পাৰি, অৱশ্যে এপ্‌ৰ ক্ষেত্ৰত কিছু আগধনৰ প্ৰয়োজন হয়। নাইবা Web hosting-ৰ যোগেদি, ইয়াতো কিছু আগধনৰ প্ৰয়োজন হয়। লিখা-মেলা, অনুবাদ, অভিনয়, সংগীত, ফটোগ্ৰাফি (ফটো উঠোৱা), ৰন্ধা-বঢ়া, ভ্ৰমণ কৰা, কৃষি কাৰ্য কৰা, কথা কোৱা, বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰা, ধৰ্ম চৰ্চা, অনলাইন গেম খেলা আদি যাৰ যিটো বিষয়ত ৰাপ আছে, সেইটো বিষয়কে ফকাচ কৰি পাৰ্শ্ব উপাৰ্জন (Side Income)-ৰ পথ উলিয়াব পাৰে। বিশেষ একো নাজানিলেও আজিকালি AI ব্যৱহাৰ কৰিও উপাৰ্জন কৰিব পাৰি। অৱশ্যে বিভিন্ন সামাজিক মাধ্যমত দিয়া কিছুমান বিজ্ঞাপন ভুৱা হয়। বিশেষকৈ ঘৰত বহি মাহত ২০ হাজাৰ টকা উপাৰ্জন কৰক জাতীয় বিজ্ঞাপন বিলাক ভুৱা, সেইবিলাক চক্ৰত পৰিলে উপাৰ্জন দূৰৈৰ কথা নিজৰ পকেটৰ খৰচহে হ'ব।

বহুতো মানুহ আছে, যিয়ে বিভিন্ন ঠাইলৈ গ'লে ফটো উঠাই ভাল পায়, স্মৃতি হিচাপে ফটো বিলাক ৰাখি দিয়ে বা ফেচবুকত আপলোড কৰে। কিন্তু বহুতেই নাজানে যে নিজৰ কেমেৰা বা ম'বাইলত আৱদ্ধ কৰা ফটোৰ যোগেদিও উপাৰ্জন কৰিব পাৰি। এখন ফটোৰ বাবে কমেও ১০ হাজাৰ টকা উপাৰ্জন কৰা ব্যক্তিও আছে। ৱিকিপিডিয়া কমন্সত হোৱা বিভিন্ন প্ৰতিযোগিতাত ফটো আপলোড কৰিও উপাৰ্জন কৰিব পাৰি, যদিহে ফটোখন মনোগ্ৰাহী হয়, বিচাৰকে শ্ৰেষ্ঠ স্থান দিয়ে, আপোনাৰ ভাগ্য ভাল হয়, তেন্তে এখন ফটো আপলোড কৰিও আপুনি উপাৰ্জন কৰিব পাৰিব। 

২০২৬ চনত আজৰি সময়ত সংখ্যা তত্ত্ব আৰু জ্যোতিষ শাস্ত্ৰৰ সদ্ ব্যৱহাৰ কৰি কিছু উপাৰ্জন কৰিম বুলি ভাবিছোঁ। আগতেই শিকিছিলোঁ, বহুদিন চৰ্চা কৰা নাছিলোঁ, আকৌ চৰ্চা আৰম্ভ কৰিম। প্ৰথম অৱস্থাত বিনামূলীয়াকৈ আৰম্ভ কৰিম। তাৰ পিছত যদিহে মানুহক বিশ্বাসযোগ্য ফলাফল উলিয়াই দিব পাৰোঁ, তেন্তে ইয়ো এটা উপাৰ্জনৰ মাধ্যম হ'ব।

যিয়েই নহওক ২০২৫ পাৰ হৈ গ'ল, ২০২৬ আহিল, আকৌ কিছুমান নতুন কথা চিন্তা কৰিছোঁ। আপুনিও চিন্তা কৰিব পাৰে, কাৰণ চিন্তা কৰাৰ বাবে কোনোধৰণৰ আগধন বহন কৰিবলগীয়া নহয়। চিন্তা কৰা মানেই চিন্তাটোক কামত খটুৱাবলৈ আৰম্ভ কৰক। প্ৰথমতে পৰিশ্ৰম কৰিবই লাগিব। দক্ষতা আৰু ধৈৰ্য থাকিলে তাৰ বিনিময় এদিন পাবই।

#কন্দৰ্পজিৎ

হাইকু

যিখন চিঠি পঢ়া নহ'ল 
সেইখন চিঠিৰ বাবেই 
সপোনবোৰ মৃত!

✍ কন্দৰ্পজিৎ 

ব্যক্তিগত

সকলো হেৰুৱাৰ পিছতো 
মই ভাগৰি নপৰোঁ
কাৰণ, মই জানো 
জীৱনটোক কিদৰে 
প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগে 

দুদিনমান কষ্ট হয় 
সেইখিনি সহ্য কৰিব পৰা ধৈৰ্য মোৰ আছে 
কিন্তু যি ঠাইত নূন্যতম সন্মানখিনিও লাভ কৰিব নোৱাৰি 
সেই ঠাইলৈ যাব পৰা মানসিকতা মোৰ নাই!

#কন্দৰ্পজিৎ

30/11/2025

এইখন চহৰৰ পৰা এদিন নিৰুদ্দেশ হৈ যাম মই

এইখন চহৰৰ পৰা এদিন নিৰুদ্দেশ হৈ যাম মই
================================

এইখন চহৰৰ পৰা এদিন মই নিৰুদ্দেশ হৈ যাম
নিৰুদ্দেশ হৈ যাম এটা অপ্ৰাসংগিক যুগলৈকে

এই ম'বাইল 
এই ইণ্টাৰনেট 
এই ফেচবুক 
এই ইউটিউব 
এই ৱিকিপিডিয়া
কোনেও মোক ঢুকি নাপাব

সময়ে সদায় মোক ব্যৱহাৰ কৰি আছে 
আকৌ সময়ত দলিয়াই দিয়ে মোক! 
যি শিপাই সাবটি ৰাখিব লাগিছিল
সেই শিপাই দলিয়াই দিয়ে বাৰে-বাৰে!

উঘালি পৰা শিপাৰ পৰা আঁতৰি গৈ গৈ ......
...... গৈ গৈ নিৰুদ্দেশ হৈ যাম 

নিৰুদ্দেশ হ'বলৈ বৰ মন যায় অ' মোৰ

নিৰুদ্দেশ হ'বলৈ এই সময়ৰ পৰা
যি সময়ে সততে দলিয়াই দিয়ে 

নিৰুদ্দেশ হ'বলৈ এইখন চহৰৰ পৰা 
যিখন চহৰত কামিজৰ পকেটত লৈ ফুৰোঁ
ৰক্তাক্ত হোৱা কলিজা

নিৰুদ্দেশ হ'বলৈ মন যায় 
আপোন মানুহবোৰৰ পৰা 
যিসকলে কোনোদিনে চুই নাচালে 
তেজেৰে লুতুৰি-পুতুৰি হৈ থকা 
মোৰ হৃদপিণ্ডৰ অকবিতা

হঠাৎ এদিন আপুনি শুনিবলৈ পাব
মানুহজন নিৰুদ্দেশ হৈছে 
অস্পষ্ট বিষাদ সহিব নোৱাৰি 
সময়ৰ পৰা, জীৱনৰ পৰা 

হয়তো কোনোবা এটা বৌদ্ধ মন্দিৰত
বাজি উঠিব বিষাদৰ অবৰুদ্ধ ঢৌ হৈ
বুদ্ধং শৰণং গচ্ছামি 
সংঘং শৰণং গচ্ছামি 

বহু বছৰ পিছত ......
বৰফাবৃত্ত বিষাদবোৰ ঠেলি 
বগা বগা চুলি উৰুৱাই বতাহত
চকুদুটা মোহাৰি কণামুনা বাটেৰে 
খোজ কাঢ়ি আহি উপস্থিত হ'ম 
আপোনাৰ কাষত 

সেইদিনা হয়তো আপুনি মোক চিনি নাপাব 
মই নিঃশব্দে কৈ যাম
বুদ্ধং শৰণং গচ্ছামি 
সংঘং শৰণং গচ্ছামি 

মোৰ কোনো দুখ নাই 
মোৰ কোনো বিষাদ নাই
মই পাহাৰৰ পাথৰৰ দৰে স্থিৰপ্ৰজ্ঞ
আনৰ বিষাদবোৰ মচি দিবলৈ ৰাতি-দিন

                        ✍ কন্দৰ্পজিৎ কল্লোল 
                               (৩০/১১/২০২৫)

15/11/2025

বাঁহী

বাঁহী
===

বাঁহীৰ সুৰত কিবা এটা পোৱাৰ উন্মাদনা 
বাঁহীৰ সুৰত কিবা এটা নোপোৱাৰ বেদনা 
বাঁহীৰ সুৰত মুগ্ধ পৃথিৱীৰ সপোন-ভালপোৱা
বাঁহীৰ সুৰত ঈশ্বৰহীনতাৰ মৌন প্ৰাৰ্থনা 

মই এটা বাঁহী হ'ব খোজোঁ 
তোমাৰ ওঁঠত সুৰ হ'বলৈ 
মই এটা বাঁহী হ'ব খোজোঁ 
তোমাৰ নৈৰাশ্যতাত জাহ যাবলৈ 

আচলতে বাঁহীত তেওঁ বিচাৰি পাইছিল 
সূৰ্যোদয়ৰ সেউজ সোণোৱালী স্বকাল
আচলতে বাঁহীত তেওঁ হেৰুৱাই পেলাইছিল 
সূৰ্যাস্তৰ অদৃশ্য বিষাদ

তেওঁ তেওঁ হৈ গুচি গ'ল 
বাজি থাকিল বাঁহীৰ সুৰ 
মই মই হৈ ৰৈ আছোঁ 
বাঁহীৰ সুৰত বাকৰুদ্ধ হৈ

এই সুৰ ৰৈ গ'লেই 
আমি এজন এজনকৈ ডুব যাম 
কেঁকুৰি নৈখনৰ আস্ফালিত বুকুত

দাদা, আকৌ এবাৰ বজাই দিয়াচোন 
তোমাৰ ওঁঠেৰে জীয়াই থকাৰ ৰাগ
মই পান কৰিব বিচাৰোঁ সেই ৰাগৰ ৰাগী!

(দীপক শৰ্মাৰ স্মৃতিত......)

#কন্দৰ্পজিৎ

Kill me If you can

Kill me  
If you can  

But you can't  
Because I am dead forever!

#kandarpajit

“ইউচ মি, কিল মি”

“ইউচ মি, কিল মি”
—————————

         সময়ে মোক ব্যৱহাৰ কৰিলে
         সময়ে মোক হত্যা কৰিলে
আৰু মোৰ আত্মাক দলিয়াই দিলে

সম্প্ৰতি আত্মাবিহীন এটা শৰীৰৰ মাজত
             নিজকে সামৰি লৈ গৈ আছোঁ ... 
                                           গৈ আছোঁ ...

             গৈ আছোঁ সেই পথত, 
       যি পথৰ কোনো শেষ নাই
        যি পথত কোনো ৰ'দ নাই
এন্ধাৰে ঘেৰি ধৰা কণামুনা বাট
                        বাট নে অবাট!

মন গ'লে আপুনিও ↷ 
                     Use Me
                     Kill Me
And throw my soul
      Into the dustbin 

   ‌‌ ✍ #কন্দৰ্পজিৎ কল্লোল 

16/10/2025

দাপোন

দাপোন মোৰ ৰূপচৰ্চাৰ সামগ্ৰী নহয়। দাপোন মোৰ দুখৰ দিনৰ সহযাত্ৰী। দাপোনখনে মোক কয়, “সকলো হেৰুৱাই পেলোৱাৰ পিছতো/
পাবলৈ বাকী থাকে বহুতো”। মোৰ অতীতক চাবলৈ সহায় লওঁ দাপোনৰ, মোৰ ভৱিষ্যত চাবলৈও মই সহায় লওঁ দাপোনৰ। দাপোন কাঁচেৰে তৈয়াৰী। কাঁচৰ প্ৰেমিক আছিলোঁ এসময়ত। এইবোৰ যেনিবা সম্প্ৰতি অতীত। কেতিয়াবা কাঁচ আছিল মোৰ যৌৱনৰ গল্প, জীৱনৰ কবিতা। দাপোনৰ সৈতে মোৰ বহুদিনীয়া সম্পৰ্ক। মোৰ উচুপনিৰ নিৰোৱ দৰ্শক দাপোন, যি কেতিয়াবা মোৰ চকুপানীক স্পৰ্শ কৰি মোৰ সৈতে দুখবোৰ পান কৰিছিল। এনেকি চকুপানীবোৰ শুকাই যোৱাৰ পিছতো দাপোন মোৰ প্ৰিয়, য'ত দেখিবলৈ পাওঁ বহু ঘটনা আৰু কল্পনাৰ ৰূপৰেখা। আপোনাৰ দাপোন আৰু মোৰ দাপোনৰ মাজত পাৰ্থক্য আছে। পাৰ্থক্য অনুভৱৰ, পাৰ্থক্য জীৱন-দৰ্শনৰ। দাপোন মোৰ প্ৰিয়, কাৰণ হয়তো দাপোনৰ বাহিৰে আন কোনেও দেখা নাপায় মোৰ হৃদয়ৰ অন্তৰ্ভাগত বৈ থকা শব্দৰ প্ৰতিবিম্ব। 

আচলতে মোৰ কিবা এটা হৈছে, কি হৈছে মই নিজেই নাজানো, যি কথা কেৱল দাপোনখনে জানে, কিন্তু একো ক'ব নোৱাৰে।

                                   ✍ কন্দৰ্পজিৎ

01/10/2025

বহু আশা বুকুত বান্ধি লৈ গুচি গ'ল তাই!

মানুহ গুচি যায়, থৈ যায় স্মৃতি! স্মৃতি হৈ সদায় আমাৰ মাজত থাকিব তাই। সময় কেতিয়াবা নিষ্ঠুৰ হৈ উঠে, নিষ্ঠুৰ সময়ে কাঢ়ি লৈ গ'ল 
পৰিয়ালটোৰ একমাত্ৰ ভৰসা! আশা কৰোঁ, পৰিয়ালটোক প্ৰকৃতি আৰু সময়ে সহায় কৰিব। 

কলেজীয়া দিনতেই লগ পাইছিলোঁ তাইক, তাৰপিছত তাই শিক্ষকতা কৰা বেচৰকাৰী বিদ্যালয়খনত তাইৰ স'তে একেলগে সাত বছৰমান শিক্ষকতা কৰিছিলোঁ। টেট, ডিএলএড আদি কিবাকিবি পাছ কৰিলে; কিন্তু তাই আশা কৰাৰ দৰে একো হ'ব নোৱাৰিলে। বহু সময়ত তাইৰ মাজত নোপোৱাৰ বেদনা দেখিবলৈ পাইছিলোঁ। জীয়াই থাকিবলৈ আৰু সময়ৰ স'তে যুঁজিবলৈ সকলোৱে সাহস দিছিলোঁ; আৰু তেনেদৰেই জীয়াই আছিল। আশা আছিল হৃদয়ত, সপোন আছিল দুচকুত, দ্বায়িত্ব আৰু মৰম আছিল পৰিয়ালৰ প্ৰতি। 

যোৱা তিনিবছৰ মানৰ পৰা বিশেষ যোগাযোগ নাই। আজি হঠাৎ অখবৰটো পালোঁ। মানসিক চাপত আছিল বুলি জানো, কিন্তু কৰ্কট ৰোগত ভুগি আছিল বুলি জনা নাছিলোঁ, আজিহে শুনিলোঁ। অৱশেষত সময়ে লৈ গ'ল দুজন বিশেষভাবে সক্ষম ভাতৃৰ ডাঙৰ ভগ্নীক। পিতৃ-মাতৃৰ একমাত্ৰ ভৰসা অৱশেষত আজীৱন শুই পৰিল। বহু আশা বুকুত বান্ধি লৈ গুচি গ'ল তাই! 

স্মৃতি হিচাবে সদায় সাৰে থাকিবা তুমি, সংগীতা বৰ্মন 

19/09/2025

এক উজ্বল নক্ষত্ৰৰ মহাপ্ৰয়াণত

“এক উজ্বল নক্ষত্ৰৰ মহাপ্ৰয়াণত”

শব্দবোৰ থমকি ৰ'ল!
শব্দবোৰ গান হোৱাহেঁতেন!
উমহু গান নহ'ল!

শব্দবোৰ হেৰাই গ'ল!
শব্দবোৰ কবিতা হোৱাহেঁতেন!
উমহু কবিতা নহ'ল!

শব্দ!
দুখবোৰ বাকিবলৈ আজি শব্দৰ অভাৱ!!

সময়!
সময় কাৰো বাবে ৰৈ নাথাকে!
ৰৈ নাথাকিল!
সময়ে কাঢ়ি লৈ গ'ল!

স্মৃতি!
স্মৃতি সদায় সাৰে থাকে,
সাৰে থাকিব চিৰকাল......

পাবলৈ আৰু একো নাথাকিল 
হেৰুৱাবলৈ অপ্ৰস্তুত মূহুৰ্তত......

দুখ!
দুখ এতিয়া বৰফ হ'ব!
বৰফ গলিব আজীৱন,
এক ইতিহাস হৈ!

কথাবিলাক সপোন হোৱাহেঁতেন!
সপোন ভাঙিব, দুঃস্বপ্ন আঁতৰি প্ৰভাত হ'ব 

কথাবিলাক কালিঘুঁকিৰ ডিঙিৰ কৰুণ ক্ৰন্দন
সকলোৰে বুকুত বাজি ৰ'ব 

কথাবিলাক সাধুকথাৰ দৰে হোৱাহেঁতেন
কিবা এক আশ্চৰ্যকৰ!
শুই থকা মানুহ জাগি উঠিব!!

(জুবিন দা, আমি আপোনাক বিদায় জনাব নোৱাৰিম কোনোদিনে!)

                                   #কন্দৰ্পজিৎ

21/08/2025

স্মৃতি আৰু কিছু ব্যক্তিগত কথা

এবছৰ ধৰি একো লিখিব পৰা নাই। না কবিতা, না জীৱনৰ গদ্য! কেতিয়াবা পুৰণি কাকত-আলোচনীত প্ৰকাশিত তথা ফেচবুক, ব্লগ, ৱেবছাইট আদি লিখা নিজৰ সেই পুৰণি কবিতা, হাইকু, গল্প, জীৱনৰ গদ্য, উপন্যাসিকা, অনুবাদ আদি লুটিয়াই চাওঁ। ক্ৰমশঃ নিজৰ মাজতে নিজকে যেন হেৰুৱাই আছোঁ। বহু সময়ত বহু কথা ভাবোঁ, লিখিম বুলি আৰু লিখা নহয়। হৃদয়ৰ মাজতে জাহ যায় সেই কবিতা-অকবিতা বিলাক। কেৱল লিখা বুলিয়েই নহয়, পঢ়িবলৈও পাহৰি গৈছোঁ! পঢ়িব নোৱাৰোঁ এতিয়া আনৰ অনুভৱ আৰু চিন্তাধাৰা। (ৱিকিপিডিয়াক বাদ দি, কিয়নো ৱিকিপিডিয়াৰ বিষয়বস্তু মৌলিক নহয়।) 

সেই সময় এতিয়া আৰু নাই! জীৱনে বহু বস্তুৱেই কাঢ়ি ল'লে – কবিতাৰ আড্ডা, জীৱনৰ মাদকতা, যৌৱনৰ প্ৰাচুৰ্যতা, সুখ আৰু দুখবোৰ বাকিব পৰা স্বাধীনতা! সময়! – সময়ে বাট সলায়, সময়ে যান্ত্ৰিকতাৰ ফালে লৈ গৈ আছে। মানুহৰ মাজত হৃদয়ৰ পৰা হৃদয়লৈ যি আন্তৰিকতা আছিল, এতিয়া সেয়া নাই। যদিও সামান্য পৰিমানে সহানুভূতি দেখা যায়, সেয়াও যেন এক যান্ত্ৰিক কাৰুকাৰ্যতা হে মাথোঁ। মই নিজেই সলনি হৈছোঁ, যন্ত্ৰৰ দৰে হৈ গৈ আছোঁ দিনক দিনে, আনকনো কি কম! 

লিখিব নোৱাৰা কথা বিলাক ক'ব পাৰিছিলোঁ, ক'ব নোৱাৰা কথা বিলাক লিখিব পাৰিছিলোঁ। এতিয়া এটাও নোৱাৰোঁ।

মাজে মাজে পুৰণি গান বিলাক বজাওঁ, পুৰণি দিনবোৰলৈ উভতি যাবলৈ চেষ্টা কৰোঁ, কিন্তু বাস্তৱত সেয়া জানো সম্ভৱ! 

(বৰ্তমান কিবা এটা লিখাৰ পিছত ফেচবুকত দিম নে নিদিম, ভাবিব লগীয়া হয়। বিশেষকৈ আগৰ দৰে এতিয়া মানুহে দীঘলীয়া লেখা পঢ়িবলৈ ভাল নাপায়, সময় নাপায়। তাৰ পিছতো, আনে পঢ়ক বা নপঢ়ক, নিজৰ স্মৃতি হিচাবে সাঁচি ৰাখিবলৈয়ে ফেচবুকত দিয়াৰ সিদ্ধান্ত ল'লোঁ।)

সেই পুৰণি গাঁও, পুৰণি চহৰ, পুৰণি বাট-পথ, এইবিলাক এতিয়া স্মৃতিৰ বাহিৰে আন একো নহয়। স্মৃতি বিলাক বিস্তৃতি হৈ নাযাওক কোনোদিনে ......

                                     #কন্দৰ্পজিৎ

কামতাপুৰ়ী ভাষা : সমস্যা আৰ়্ সমাধান

(ধনঞ্জয় সিংহ দাৰ় ফেচবুক পোষ্টেৰ় আধাৰ়ত)

১। হয়, নামেৰ় ক্ষেত্ৰত বিতৰ্ক আছে। এমনকি জাতিগত ভাবেও নামেৰ় ক্ষেত্ৰত ভিন্নতা আছে। মুঁই কামতাপুৰ়ী সমৰ্থন কৰ়ুং বা আপনি সমৰ্থন কৰ়েন ৰ়াজবংশী। যিয়েই নাহৌক উভয় পক্ষৰ়েই হাতত নিশ্চয় যুক্তি আছে। কিন্তু এইটাৰ় সমাধান চাং। তাৰ়োপৰ়ি উইকিমিডিয়াত কামতাপুৰ়ী ভাষা অন্তৰ্ভুক্ত কৰ়া হৈছে যুদিও Language Code হিসাবে কিন্তু ৰ়ংপুৰ়ী হোয়া আছে। অন্যহাতে নেপালেৰ় ৰ়াজবংশীৰ বাদে আলাদা কৰ়িয়া Language Code আছে, যেইটা হৈল ৰ়াজবংশী, কিন্তু অই Language Code-ত অসমীয়া/বাংলা লিপি লেখাৰ় অনুমতি নাই, অৰ়ে লিপি হৈল দেবনাগৰ়ী। গুগল ক্যিবৰ্ডোতো ”ৰ়ংপুৰ়ী (কামতা)” উল্লেখ আছে। এগুলানেৰ শুধৰ়ণিৰ় প্ৰয়োজন।

২। উত্তৰ়বঙ্গত 'ৱ' নাই। 'ৱ'ৰ বদল 'য়' বৰ্ণৰ প্ৰয়োগ দেখা যায়। কিন্তু অনেক ক্ষেত্ৰত য় ব্যবহাৰ় কৰ়িলে শুদ্ধ উচ্চাৰণ ফুটিয়া নাউঠে। যেমন - গোয়ালপাৰ়া, গুয়াহাটী (উচ্চাৰ়ণেৰ় ভিন্নতা আসে।) তাৰ যাগাত গোআলপাৰ়া আৰ়্ গুআহাটী বেসি শুদ্ধ। অবশ্যে কুনো কুনো ক্ষেত্ৰত 'ৱ' বাদ দিয়া শুদ্ধ উচ্চাৰ়ণ সম্ভব নাহয়। যেমন - ৱাশ্বিংটন, ৱাহিদা। (য় বা অ ব্যবহাৰ় কৰ়িলে শুদ্ধ উচ্চাৰ়ণ সম্ভব নাহবো।)

৩। “ৰ” আৰ়্ "র" – এই দুইটাৰ় সমাধান হিসাবে নিশ্চয় মোৰ় লেখাটাত ব্যবহাৰ় কৰা “ৰ়” সগায় ব্যবহাৰ় কৰ়িবাৰ় পায়।

৪। বৰ্ণ সংখ্যা, ব্যাকৰ়ণ আদিক নিয়া আলোচনাৰ় প্ৰয়োজন আছে।

৫। আৰ়ো কিছু আভ্যন্তৰ়িণ কাৰ়ণ আছে। বিশেষ কৰ়িয়া নিজেৰ় মাজত নিজকে চিনাৰ় অভাব, যোগাযোগ হীনতা, কিছু ক্ষেত্ৰত দূৰ়দৰ্শীতাৰ় অভাব। নিজেৰ় ভাষাক বাদ দিয়া অসমীয়া আৰ়্ বাংলাক মাধ্যম হিসাপে নিয়া জাতি আৰ়্ সংস্কৃতিৰ় কথা চিন্তা কৰ়া। ......

৫। অসম সৰ়কাৰ়েৰ় অধীনস্থ স্কুলত বিভিন্ন ভাষাত পাঠ্যপুথি আছে। বড়ো, গাৰ়ো, ৰ়াভা ইত্যাদি। কিন্তু আমাৰ় ভাষাত সম্ভব হবো না? কামতাপুৰ়বাসী (বিশেষ কৰ়িয়া ৰ়াজবংশী) মানুষে নিজেৰ় ছাওয়াক (ছাৱাক) পড়াবো না? 


সমাধান:

১। বিভিন্ন দিশত বিভিন্ন সংগঠন থাকিলেও ভাষা-সাহিত্যৰ় ক্ষেত্ৰত একটা মূল সংগঠন হোআ দৰ়কাৰ়।

২। প্ৰচাৰ়মূলক কাৰ্যসূচীৰ় প্ৰয়োজন। প্ৰচাৰ় আৰ়্ যোগাযোগ হীনতাৰ় ফলত এই অঞ্চলেৰ় কিছু মানুসে অই অঞ্চলেৰ় মানুষক বাঙালী বুলিয়া ভাবে। ঠিক উল্টা দৃষ্টিত অই অঞ্চলেৰ় কিছু মানুষে এই অঞ্চলেৰ় মানুষক অসমীয়া বুলিয়া ভাবে।

৩। অনলাইন অনুষ্ঠানেৰ় প্ৰয়োজন (ভাষাৰ় ক্ষেত্ৰত আলদা কৰ়িয়া)।

৪। দৈনিক খবৰ়েৰ় কাগজ প্ৰকাশ। (নিশ্চয় টাকা থাকা মানুষ আছে, কিন্তু চিন্তাৰ় অভাব বা লোকসানেৰ় ভয়।), দৈনিক নাহৈলেও সাপ্তাহিক, নাহৈলেও একখান মাসিক সাহিত্য পত্ৰিকা!

৫। কামতাপুৰ়ী উইকিমিডিয়াৰ় জৈন্যে অল্প সমায় দেওয়াৰ় মানসিকতা সৃষ্টি কৰ়া। প্ৰশিক্ষণেৰ় ব্যবস্থা কৰ়া। কাৰ়ণ সদস্য আৰ়্ প্ৰবন্ধেৰ় সংখ্যা বৃদ্ধি হৈলেসেই উইকিমিডিয়াৰ় থাকিয়া উইকিপিডিয়া সংস্কৰণ পাওয়া সম্ভব হবো।

#কন্দৰ্পজিৎ