09/08/2026

জন্মদিনৰ শুভকামনাৰে

দিবলৈতো মোৰ একোৱেই নাই 
কেৱল হৃদয়ৰ শুভকামনাৰ বাহিৰে 

দিনবোৰ ৰঙীন হওক
সপোনবোৰ সাৰ পাওক
যাত্ৰাপথ হওক মসৃণ সৰল 

...... জন্মদিনৰ শুভকামনাৰে ......

(৪ ডিচেম্বৰ, ২০২৫ — দুহিতা ৰাগিণীৰ জন্মদিনৰ শুভেচ্ছাৰে)

✍️ কন্দৰ্পজিৎ কল্লোল 

হাইকু

সকলো হেৰুৱাই পেলোৱাৰ পিছতো 
পাবলৈ বাকী থাকে বহুতো!

✍️ কন্দৰ্পজিৎ 

ৰেডিঅ': তেতিয়া আৰু এতিয়া

বহু দিনৰ মূৰত পূৰণি ৰেডিঅ' খনত বেটাৰি ভৰালোঁ। কিন্তু চেনেল একেবাৰে কম। SWত শ্বিলং পূৰ্বোত্তৰ সেৱা কেন্দ্ৰ আছিল। এতিয়া নাই। এসময়ত কোকৰাঝাৰতো বড়ো ভাষাৰ ৰেডিঅ' ষ্টেচন আছিল, এতিয়া নাই। দুপৰীয়া ১.২০ৰ পৰা ২ বজালৈ শ্বিলং পূৰ্বোত্তৰ সেৱা কেন্দ্ৰত হিন্দী গীতৰ অনুষ্ঠান আছিল। আজি বিচাৰি নাপালোঁ। আবেলি বিবিধ ভাৰতীতো পুৰণি হিন্দী গীতৰ অনুষ্ঠান শুনিবলৈ পোৱা গৈছিল।‌ এতিয়া নাই। SWত কেৱল কেইটামান চীনা, পাস্তু আদি ভাষাৰ চেনেল আহে। MWত কেৱল কেইটামান বাংলাদেশৰ বাংলা চেনেল আহে। ৰাতি কলকতাও আহে। তাৰোপৰি ৰাতি কম সংখ্যক অসমীয়া, ওড়িয়া, নেপালী আৰু হিন্দী চেনেল আহে। ভূটানৰ BBS আগত আহিছিল, আবেলি নেপালী গীত দিছিল, এতিয়া অহা নাই। আগত প্ৰায় সকলো সময়তে, বিশেষকৈ পুৱা, দুপৰীয়া, আবেলি, সন্ধিয়া আৰু ৰাতি নিদৃষ্ট সময়ত কিছুমান হিন্দী গীতৰ অনুষ্ঠান পৰিৱেশন কৰিছিল, এতিয়া নাই বা খুবেই কম সংখ্যক চেনেল উপলব্ধ। দুপৰীয়া ২ বজাত ইংৰাজী আৰু ২.১৫ত হিন্দী ভাষাত অল ইণ্ডিয়া ৰেডিঅ'ৰ বাতৰি সম্প্ৰচাৰিত হৈছিল। স্পষ্ট ৰূপত শুনিব পৰা গৈছিল, আজি বিচাৰি পোৱা নাই। বৰ্তমান এনালাগ SW (Shortwave) আৰু MW (Medium Wave) ফ্ৰিকুৱেন্সীত চেনেলবোৰ প্ৰায় বন্ধ বা অতি সীমিত হৈ পৰিছে। জানিব পৰা মতে কোকৰাঝাৰ কেন্দ্ৰটো আচলতে সম্পূৰ্ণ বন্ধ হৈ যোৱা নাই, বৰঞ্চ ইয়াক FM প্ৰযুক্তিলৈ উন্নত কৰা হৈছে। শেহতীয়াকৈ ২০২৫ চনৰ আৰম্ভণিতে কোকৰাঝাৰত এটা নতুন 10 KW FM ট্ৰান্সমিটাৰ উদ্বোধন কৰা হৈছে। ইয়াৰ জৰিয়তে বড়ো এলবাম আৰু চিনেমাৰ গীত, লোকগীত আদি এতিয়া অতি পৰিষ্কাৰকৈ FM বেণ্ডত সম্প্ৰচাৰ কৰা হয়। কিন্তু পুৰণি MW বা SW ৰেডিঅ’ত ইয়াক আৰু বিচাৰি পোৱা নাযায়। শ্বিলং পূৰ্বোত্তৰ সেৱা নামৰ ঐতিহাসিক চৰ্টৱেভ (SW) সেৱাটো চৰকাৰে আনুষ্ঠানিকভাৱে বন্ধ কৰি দিছে। কাৰণ SW ট্ৰান্সমিটাৰ চলোৱাৰ খৰচ বহুত বেছি আছিল আৰু গোলকীয়ভাৱে ইয়াৰ ব্যৱহাৰ কমি আহিছিল। এতিয়া এই সেৱা কেৱল ডিজিটেল মাধ্যম আৰু স্থানীয় FM-তহে উপলব্ধ। আকাশবাণীৰ "বিবিধ ভাৰতী" বা আঞ্চলিক কেন্দ্ৰৰ "অনুৰোধৰ হিন্দী গীত"ৰ অনুষ্ঠানসমূহ এতিয়া আগৰ দৰে শুনিবলৈ পোৱা নাযায়। বহুতো MW/SW ট্ৰান্সমিটাৰ বন্ধ কৰি দিছে, সেয়ে পুৰণি ৰেডিঅ'ত এই চেনেলবোৰ ধৰা নপৰে। দিল্লীৰ পৰা সম্প্ৰচাৰিত হোৱা এই ৰাষ্ট্ৰীয় বাতৰি এতিয়াও নিয়মীয়াকৈ চলি আছে। কিন্তু আগতে যিহেতু ডিব্ৰুগড় বা গুৱাহাটীৰ শক্তিশালী MW ট্ৰান্সমিটাৰে ইয়াক লৈ গোটেই অসমতে শুনাইছিল, এতিয়া সেই এনালগ ট্ৰান্সমিটাৰৰ ক্ষমতা কমাই দিয়াৰ বাবে ধুবুৰী বা নামনি অসমৰ অঞ্চলসমূহত পুৰণি ৰেডিঅ'ত চিগনেল পোৱা নাযায়। চীনৰ CRI (China Radio International), পাকিস্তানৰ পাস্তু আদি ভাষাৰ চেনেল আৰু বাংলাদেশৰ কিছুমান চেনেল এতিয়াও শুনিবলৈ পোৱা যায়, কাৰণ তেওঁলোকে SW আৰু MW ট্ৰান্সমিটাৰসমূহ অতি শক্তিশালী কৰি ৰাখিছে, যাতে তেওঁলোকৰ প্ৰচাৰ ভাৰতৰ দৰে চুবুৰীয়া দেশতো বহুত দূৰলৈকে শুনিবলৈ পোৱা যায়। আনহাতে ভাৰত চৰকাৰে এনালগ SW/MW প্ৰযুক্তি প্ৰায় এৰি দিছে। তাৰ পৰিৱর্তে আকাশবাণীয়ে DRM (Digital Radio Mondiale) নামৰ নতুন ডিজিটেল ট্ৰান্সমিটাৰ লগাইছে। কিন্তু এই ডিজিটেল চেনেলবোৰ শুনিবলগীয়া হ'লে পুৰণি ৰেডিঅ’খন কামত নাহে, কিয়নো ইয়াৰ বাবে বিশেষ DRM ৰেডিঅ’ ছেটৰ প্ৰয়োজন হয়। আনহাতে ৰাতি হ’লে বায়ুমণ্ডলৰ আয়ন'স্ফিয়াৰ স্তৰৰ পৰিৱৰ্তনৰ বাবে ৰেডিঅ’ তৰংগ বহুত দূৰলৈকে প্ৰতিফলিত হয়। সেইবাবেই পুৰণি ৰেডিঅ’ত ৰাতি পশ্চিমবংগৰ বাংলা, নেপালী, ওড়িশাৰ ওড়িয়া তথা ভাৰতৰ বিভিন্ন ঠাইৰ হিন্দী চেনেলবোৰ ধৰা পৰে। কিছুমান স্পষ্টকৈ আহে, কিছুমান অস্পষ্টকৈ আহে। কিন্তু দিনৰ পোহৰত সিহঁতৰ চিগনেল একেবাৰে নাইকিয়া হৈ যায়। ভূটানৰ BBS ৰেডিঅ’য়ো এতিয়া SW সম্প্ৰচাৰ বন্ধ কৰি কেৱল নিজৰ দেশৰ বাবে FM আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ লৈছে।

✍️ কন্দৰ্পজিৎ 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
যেনেদৰে পাৰ কৰিব লগা নাছিল 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
য'ত আপোনাৰ উপস্থিতি শূন্য 
য'ত মোৰো উপস্থিতি শূন্য 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
না ফেচবুক ষ্টেটাছ 
না হোৱাটচএপ ষ্টেটাছ 
না ইউটিউব ভিডিঅ'

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
না মেছেজ, না ফোনকল 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
য'ত উশাহ বিলাক থমকি ৰয়
য'ত জীৱনটোৰ পোনপটীয়া সম্প্ৰচাৰ বন্ধ 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
য'ত নাই সংগীতৰ ধ্বনি 
য'ত নাই কবিতাৰ মাদকতা 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
য'ত সকলো হেৰুৱাই 
একো যেন হেৰুওৱা নাই 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
য'ত জীৱনটো এন্ধাৰৰ মাজত হেৰাই যোৱা 
এটা অসমাপ্ত বিষাদ সংগীত 
য'ত কবিতাবোৰ অকবিতাও হ'ব নোৱাৰি
বেকবিতা হৈ হেৰাই যোৱাৰ পথত 

সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো

হয়,
সম্প্ৰতি এনেদৰেই পাৰ কৰি আছোঁ জীৱনটো
যি আচলতে জীৱনো নহয় 
মৃত্যুও নহয় !

✍ কন্দৰ্পজিৎ

৬ এপ্ৰিল

সময়বোৰ এনেদৰেই পাৰ হৈ যায় 
সৰি পৰে 
সৰি সৰি সৰাপাত হয় ...... !

✍️ কন্দৰ্পজিৎ কল্লোল 

(৬ এপ্ৰিল, ২০২৬)

সাৰ নোপোৱা টোপনিৰ বাগিচাত

টেঙেচী ফুলৰ টোপনিৰ দৰে 
জোনমণি দাস টোপনি গ'ল
সাৰ নোপোৱা টোপনিৰ বাগিচাত ......

✍️ কন্দৰ্পজিৎ কল্লোল 

(১৩ মাৰ্চ, ২০২৬)