05/05/2024

সংযোগ

সংযোগ 
======

ৰচী ছিগি যায় 
বৈদ্যুতিক তাঁৰ ছিগি যায় 
পথ ছিগি যায় 
কাপোৰ ছিগি যায় 
কেতিয়াবা সম্পৰ্কও ছিগি যায়

ওপৰোক্ত আটাইবোৰেই যোৰা দিব পাৰি 
যদিহে সংযোগাত্মক মানসিকতা থাকে

যোৰা লগাই দিব‌ বিচৰাসকলেই মানুহ 
ছিগি দিব বিচৰাসকলেই মানুহৰ কায়া

আহক
সময়বোৰ যোৰা দিওঁ 
সপোনবোৰ যোৰা দিওঁ

আহক 
সকলোৱে এবাৰ আওৰাও
“সৰ্বে ভৱন্তু সুখীনঃ
সৰ্বে সন্তু নিৰাময়ঃ”

                               ✍ কন্দৰ্পজিৎ

04/05/2024

জীৱনৰ গদ্য (১)

জীৱনৰ গদ্য (১)
============

      মানুহ বুলি ভাবি থকা মানুহবোৰৰ মাজত‌ যেতিয়া অমানৱীয়তা দেখা পাওঁ তেতিয়া বেতৰ ফলৰ দৰে ম্লান হৈ পৰে মোৰ দুচকু। আনহাতে অমানুহ বুলি ভাবি থকা মানুহবোৰৰ মাজত যেতিয়া মানৱতা দেখিবলৈ পাওঁ তেতিয়া মোৰ সময়বোৰ থৰ লাগি দুচকুভেদি বৈ আহে শুক্ষ জলস্ৰোত। 

     আপুনি মানুহ বুলি ভাবি থকা সেই সৎ, গুণী-জ্ঞানী, বিজ্ঞ, সমাজ সেৱক ব্যক্তিজন মানুহ নহ'বও পাৰে। আনহাতে আপুনি অমানুহ বুলি ভাবি থকা সেই মদাহী, গুণ্ডা, চৰিত্ৰহীন, অধাৰ্মিক ব্যক্তিজনো প্ৰকৃতাৰ্থত মানুহ হ'ব পাৰে। 

     জীৱনৰ আটাইতকৈ কঠিন কাম হ'ল মানুহৰ কায়াবোৰৰ মাজৰ পৰা প্ৰকৃত মানুহ বিচাৰি উলিয়াব পৰাটো। 

     যাৰ মানৱতা নাই তেওঁ কেতিয়াও মানুহ হ'ব নোৱাৰে; তেওঁ যিমানেই সৎ, চৰিত্ৰবান, ধাৰ্মিক, জ্ঞানী, শিক্ষিত আদি নহওক কিয়। আনহাতে যাৰ মানৱতা আছে তেৱেঁই প্ৰকৃতাৰ্থত মানুহ; সময়ৰ পাকচক্ৰত যদিওবা তেওঁ অসৎ, চৰিত্ৰহীন, অধাৰ্মিক, অজ্ঞানী, অশিক্ষিত, চোৰ, ডকাইত, গুণ্ডা আদি নহওক কিয়।

                                   ✍ কন্দৰ্পজিৎ
                                   ০৪/০৫/২০২৪

01/05/2024

বিচ্ছেদ

বিচ্ছেদ 
=====

আহক কিছুদিনৰ বাবে হালধীয়া হওঁ
                                   হালধীয়া সৰাপাত 
                                   হালধীয়া সংবাদ 
                                   হালধীয়া জীৱন 

আহক কিছুদিনৰ বাবে 
                        জখলাডাল আঁতৰাই থওঁ
              প্ৰেমৰ জখলা 
          সম্পৰ্কৰ জখলা
           উন্নতিৰ জখলা
উশাহ বৈ যোৱা জখলা

আহক কিছুদিনৰ বাবে চকুদুটা জপাই লওঁ
                     সপোনৰ চকু
                    অধ্যয়নৰ চকু 
            জ্ঞান-অজ্ঞানৰ চকু
 পোহৰ চাই মেল খোৱা চকু 

আহক কিছুদিনৰ বাবে 
           চুইংগাম চোবাই-চোবাই ‌চিনেমা চাওঁ
                                বিচ্ছেদৰ চিনেমা 
         প্ৰেমহীনতাত নিঃস্ব হোৱা চিনেমা 
সকলো হেৰুৱাই বাটৰুৱা হোৱা চিনেমা 
            ‌       জীৱনে ৰং সলোৱা চিনেমা

আহক কিছুদিনৰ বাবে বিচ্ছিন্ন হৈ ৰওঁ
                                   বিচ্ছিন্ন পথ
                                   বিচ্ছিন্ন নদী 
                                   বিচ্ছিন্ন ৰজনী

আহক কিছুদিনৰ বাবে বিচ্ছেদৰ গান গাওঁ 
                         প্ৰেমৰ বিচ্ছেদ 
                      সম্পৰ্কৰ বিচ্ছেদ 
                         সময়ৰ বিচ্ছেদ 

                   আহক কিছুদিনৰ বাবে 
   আমি মানুহবোৰ অমানুহ হৈ উঠোঁ
যাতে অমানুহবোৰ মানুহ হ'ব পাৰে !

                                ✍ কন্দৰ্পজিৎ

27/04/2024

চামুচ

চামুচ
====

এদিনাখন তেওঁ কৈছিল, 
“সোণৰ চামুচ দিম”
মই সোণৰ চামুচৰ আশাত বন্দী হৈ 
দৌৰি থাকিলোঁ 

কিছুদিন পিছত তেওঁ ক'লে, 
“সোণৰ চামুচ দিব নোৱাৰিলোঁ,
ৰূপত চামুচ দিম”
মই ৰূপৰ চামুচৰ আনন্দত মোহিত হৈ
দৌৰি আহিলোঁ

আৰু কেইজনমান পিছত তেওঁ ক'লে,
“ৰূপৰ চামুচো দিব নোৱাৰিম,
সাধাৰণ চামুচ এখনকে দিম”
সেই সাধাৰণ চামুচখনৰ আশাতেই 
উভতি আহিলোঁ

অৱশেষত তেওঁ ক'লে, 
“তোমাৰ চামুচ তুমি নিজেই কিনি লৈ 
তোমাৰ বাটেৰে যোৱা,
চামুচখনৰ দামটো জনাবা 
সেইখিনি দি দিম”

আৰু কেইদিনমান পিছত হয়তো তেওঁ ক'ব, 
“...... চামুচখনৰ দাম দিব পৰাকৈ 
মোৰ পকেট ৰিক্ত ..........................”

                                     ✍ কন্দৰ্পজিৎ

25/04/2024

সৰি পৰা নক্ষত্ৰৰ উচুপনি

সৰি পৰা নক্ষত্ৰৰ উচুপনি
==================

তেওঁ সৰি পৰিছিল সপোনতে
তাই ভৰাই লৈছিল উদৰ গৰ্ভত

তেওঁ তেওঁৰ দৰেই তেওঁ হৈ গজি উঠিছিল 
তাই তাইৰ দৰেই কেৱল আঙুলি ভাজ কৰিছিল 

মাজত সি এটা প্ৰস্তৰ খণ্ড হৈ ওলমি আছিল

আকৌ এটা তৰা উদৰস্ত হৈছিল তাইৰ ঔৰষত 

তৰাটো এদিন নক্ষত্ৰ হৈছিল 
নক্ষত্ৰটো সৰি পৰিছিল সপোনৰ সুৰুঙাৰে

এতিয়া এক বৃহৎ মহাভাৰ
সপোন আৰু ঐশ্বৰ্য্যৰ মহাসংগ্ৰাম 

কিন্তু সিহঁতেও নজনাকৈ
ইপেনেও শূন্যতা
সিপিনিও শূন্যতা
মাজত পূৰ্ণতাৰ ধূসৰ যাত্ৰা 

বি:দ্ৰ: - এইটো কবিতা নহয়
এয়া অকবিতাও নহয়
এয়া সপোনৰ সূতাৰে বৈ অহা
অসাপ্নৱিক সপোন গাঁথা!

✍ কন্দৰ্পজিৎ

20/04/2024

অধিকাৰ

আপোনালোকে যি কৰে কৰক
মোক মোৰ অধিকাৰ লাগিবই 

জীৱনৰ অধিকাৰ 
জন্মস্বত্ব অধিকাৰ 
নিৰাপত্তাৰ অধিকাৰ 
ভালপোৱাৰ অধিকাৰ 
দায়িত্ববোধৰ অধিকাৰ 
একেলগে থকাৰ অধিকাৰ
জীৱনক উপভোগ কৰাৰ অধিকাৰ

বহু অনিশ্চয়তাৰ বাটত ঘূৰিলোঁ
বাট বুলি অবাটে খোজ পেলালোঁ
পুনঃ বাট এৰি অবাটে যোৱাৰ ইচ্ছা মোৰ নাই

সপোনবোৰৰ এয়া আৰম্ভণি মাথোঁ 
আৰম্ভণিতে মৰি যাবলৈ দিব নোৱাৰিম মই

আপোনালোকে যি কৰে কৰক

আপোনালোকে মাৰিলেও মাৰিব
কাটিলেও কাটিব
মই সম্প্ৰতি গছৰ দৰে স্থিৰ
বাগৰি নপৰালৈকে থিয় হৈ থাকিম

এজাক বতাহে গছডালক বগৰাই দিবলৈ 
চেষ্টা চলাইয়ে থাকিব

তাৰ পিছতো 
শিপাৰে মাটি খামুচি 
অলৰ অচৰ স্থিৰপ্ৰজ্ঞ

                               ✍ কন্দৰ্পজিৎ

অন্য পথ

অন্য পথ 
(আত্মহত্যাৰ বিপক্ষে প্ৰথম কলম)

কিছুমান মৃত্যুৰ আগজাননী পোৱা যায়। তাৰ পিছতো মৌন হৈ থাকে বহুতে। মৃত্যুৰ পিছত দুখ প্ৰকাশ কৰাতকৈ মৃত্যুক ৰোধ কৰিবলৈ চেষ্টা কৰাই ভাল, যদিহে আপুনি ৰোধ কৰিবলৈ সক্ষম! 

মৰা জনে অকলে নমৰে, মাৰি থৈ যায় আনকো। সেয়েহে বাগৰি নপৰালৈকে যুঁজিবলৈ শিকক। 

এসময়ত মই আত্মহত্যাৰ সপক্ষে লিখিছিলোঁ, “আত্মহত্যা কৰিব জনাটোও এটা কলা”। এতিয়া এই ধাৰণা মোৰ সলনি হৈছে। হত্যা, আত্মহত্যা বা মৃত্যু মানেই সমস্যাৰ সমাধান নহয়। 

অৱশ্যে ধাৰণা বা অনুভৱ ৰথৰ চকাৰ দৰে ......