Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

30/11/2025

এইখন চহৰৰ পৰা এদিন নিৰুদ্দেশ হৈ যাম মই

এইখন চহৰৰ পৰা এদিন নিৰুদ্দেশ হৈ যাম মই
================================

এইখন চহৰৰ পৰা এদিন মই নিৰুদ্দেশ হৈ যাম
নিৰুদ্দেশ হৈ যাম এটা অপ্ৰাসংগিক যুগলৈকে

এই ম'বাইল 
এই ইণ্টাৰনেট 
এই ফেচবুক 
এই ইউটিউব 
এই ৱিকিপিডিয়া
কোনেও মোক ঢুকি নাপাব

সময়ে সদায় মোক ব্যৱহাৰ কৰি আছে 
আকৌ সময়ত দলিয়াই দিয়ে মোক! 
যি শিপাই সাবটি ৰাখিব লাগিছিল
সেই শিপাই দলিয়াই দিয়ে বাৰে-বাৰে!

উঘালি পৰা শিপাৰ পৰা আঁতৰি গৈ গৈ ......
...... গৈ গৈ নিৰুদ্দেশ হৈ যাম 

নিৰুদ্দেশ হ'বলৈ বৰ মন যায় অ' মোৰ

নিৰুদ্দেশ হ'বলৈ এই সময়ৰ পৰা
যি সময়ে সততে দলিয়াই দিয়ে 

নিৰুদ্দেশ হ'বলৈ এইখন চহৰৰ পৰা 
যিখন চহৰত কামিজৰ পকেটত লৈ ফুৰোঁ
ৰক্তাক্ত হোৱা কলিজা

নিৰুদ্দেশ হ'বলৈ মন যায় 
আপোন মানুহবোৰৰ পৰা 
যিসকলে কোনোদিনে চুই নাচালে 
তেজেৰে লুতুৰি-পুতুৰি হৈ থকা 
মোৰ হৃদপিণ্ডৰ অকবিতা

হঠাৎ এদিন আপুনি শুনিবলৈ পাব
মানুহজন নিৰুদ্দেশ হৈছে 
অস্পষ্ট বিষাদ সহিব নোৱাৰি 
সময়ৰ পৰা, জীৱনৰ পৰা 

হয়তো কোনোবা এটা বৌদ্ধ মন্দিৰত
বাজি উঠিব বিষাদৰ অবৰুদ্ধ ঢৌ হৈ
বুদ্ধং শৰণং গচ্ছামি 
সংঘং শৰণং গচ্ছামি 

বহু বছৰ পিছত ......
বৰফাবৃত্ত বিষাদবোৰ ঠেলি 
বগা বগা চুলি উৰুৱাই বতাহত
চকুদুটা মোহাৰি কণামুনা বাটেৰে 
খোজ কাঢ়ি আহি উপস্থিত হ'ম 
আপোনাৰ কাষত 

সেইদিনা হয়তো আপুনি মোক চিনি নাপাব 
মই নিঃশব্দে কৈ যাম
বুদ্ধং শৰণং গচ্ছামি 
সংঘং শৰণং গচ্ছামি 

মোৰ কোনো দুখ নাই 
মোৰ কোনো বিষাদ নাই
মই পাহাৰৰ পাথৰৰ দৰে স্থিৰপ্ৰজ্ঞ
আনৰ বিষাদবোৰ মচি দিবলৈ ৰাতি-দিন

                        ✍ কন্দৰ্পজিৎ কল্লোল 
                               (৩০/১১/২০২৫)

15/11/2025

বাঁহী

বাঁহী
===

বাঁহীৰ সুৰত কিবা এটা পোৱাৰ উন্মাদনা 
বাঁহীৰ সুৰত কিবা এটা নোপোৱাৰ বেদনা 
বাঁহীৰ সুৰত মুগ্ধ পৃথিৱীৰ সপোন-ভালপোৱা
বাঁহীৰ সুৰত ঈশ্বৰহীনতাৰ মৌন প্ৰাৰ্থনা 

মই এটা বাঁহী হ'ব খোজোঁ 
তোমাৰ ওঁঠত সুৰ হ'বলৈ 
মই এটা বাঁহী হ'ব খোজোঁ 
তোমাৰ নৈৰাশ্যতাত জাহ যাবলৈ 

আচলতে বাঁহীত তেওঁ বিচাৰি পাইছিল 
সূৰ্যোদয়ৰ সেউজ সোণোৱালী স্বকাল
আচলতে বাঁহীত তেওঁ হেৰুৱাই পেলাইছিল 
সূৰ্যাস্তৰ অদৃশ্য বিষাদ

তেওঁ তেওঁ হৈ গুচি গ'ল 
বাজি থাকিল বাঁহীৰ সুৰ 
মই মই হৈ ৰৈ আছোঁ 
বাঁহীৰ সুৰত বাকৰুদ্ধ হৈ

এই সুৰ ৰৈ গ'লেই 
আমি এজন এজনকৈ ডুব যাম 
কেঁকুৰি নৈখনৰ আস্ফালিত বুকুত

দাদা, আকৌ এবাৰ বজাই দিয়াচোন 
তোমাৰ ওঁঠেৰে জীয়াই থকাৰ ৰাগ
মই পান কৰিব বিচাৰোঁ সেই ৰাগৰ ৰাগী!

(দীপক শৰ্মাৰ স্মৃতিত......)

#কন্দৰ্পজিৎ

11/07/2024

আহা আকৌ এবাৰ প্ৰেমত পৰো

আহা আকৌ এবাৰ প্ৰেমত পৰো
=======================

দীপান্বিতা, 
আহা আকৌ এবাৰ প্ৰেমত পৰো
ইজনে সিজনৰ 

তোমাৰ ঠাইত তুমি থাকিবা
মোৰ ঠাইত মই

তোমাক তোমাৰ পৰা কাঢ়ি লৈ নাহো
মোকো মোৰ ঠাইত মোৰ দৰে থাকিবলৈ দিয়া 

কেৱল দুয়ো দুয়োৰে প্ৰেমত পৰো আহা
বিচ্ছেদৰ নাওখন আগতীয়াকৈ পাৰত বান্ধি থৈ

আগৰ দৰেই আকৌ এবাৰ প্ৰেমত পৰিম
আগৰ দৰেই আকৌ এবাৰ বিচ্ছেদ হম

আগৰ দৰেই এইখন প্ৰাচীন চহৰত 
কিছুদিনৰ বাবে প্ৰেমিক হৈ উঠিম

আগৰ দৰেই কিছুদিনৰ বাবে উন্মাদ হম
আগৰ দৰেই আকৌ বিচ্ছেদ হম
আগৰ দৰেই সেই পুৰণি গান গুণগুণাম

আগৰ দৰেই ভগা বাঁহি ভগা সুৰ
আগৰ দৰেই ৰ'দ দি দি বৰষুণ 
আগৰ দৰেই পিছল পিছল বাট
আগৰ দৰেই মামৰে ধৰা তৰোৱাল 
আগৰ দৰেই বিচ্ছেদৰ ধূসৰ আকাশ

দীপান্বিতা, 
আহা আগৰ দৰেই 
আকৌ এবাৰ প্ৰেমত পৰো
ইজনে সিজনৰ 
বিষাদৰ নদীত নাও বাবলৈ

                                  ✍ কন্দৰ্পজিৎ

01/05/2024

বিচ্ছেদ

বিচ্ছেদ 
=====

আহক কিছুদিনৰ বাবে হালধীয়া হওঁ
                                   হালধীয়া সৰাপাত 
                                   হালধীয়া সংবাদ 
                                   হালধীয়া জীৱন 

আহক কিছুদিনৰ বাবে 
                        জখলাডাল আঁতৰাই থওঁ
              প্ৰেমৰ জখলা 
          সম্পৰ্কৰ জখলা
           উন্নতিৰ জখলা
উশাহ বৈ যোৱা জখলা

আহক কিছুদিনৰ বাবে চকুদুটা জপাই লওঁ
                     সপোনৰ চকু
                    অধ্যয়নৰ চকু 
            জ্ঞান-অজ্ঞানৰ চকু
 পোহৰ চাই মেল খোৱা চকু 

আহক কিছুদিনৰ বাবে 
           চুইংগাম চোবাই-চোবাই ‌চিনেমা চাওঁ
                                বিচ্ছেদৰ চিনেমা 
         প্ৰেমহীনতাত নিঃস্ব হোৱা চিনেমা 
সকলো হেৰুৱাই বাটৰুৱা হোৱা চিনেমা 
            ‌       জীৱনে ৰং সলোৱা চিনেমা

আহক কিছুদিনৰ বাবে বিচ্ছিন্ন হৈ ৰওঁ
                                   বিচ্ছিন্ন পথ
                                   বিচ্ছিন্ন নদী 
                                   বিচ্ছিন্ন ৰজনী

আহক কিছুদিনৰ বাবে বিচ্ছেদৰ গান গাওঁ 
                         প্ৰেমৰ বিচ্ছেদ 
                      সম্পৰ্কৰ বিচ্ছেদ 
                         সময়ৰ বিচ্ছেদ 

                   আহক কিছুদিনৰ বাবে 
   আমি মানুহবোৰ অমানুহ হৈ উঠোঁ
যাতে অমানুহবোৰ মানুহ হ'ব পাৰে !

                                ✍ কন্দৰ্পজিৎ

27/04/2024

চামুচ

চামুচ
====

এদিনাখন তেওঁ কৈছিল, 
“সোণৰ চামুচ দিম”
মই সোণৰ চামুচৰ আশাত বন্দী হৈ 
দৌৰি থাকিলোঁ 

কিছুদিন পিছত তেওঁ ক'লে, 
“সোণৰ চামুচ দিব নোৱাৰিলোঁ,
ৰূপত চামুচ দিম”
মই ৰূপৰ চামুচৰ আনন্দত মোহিত হৈ
দৌৰি আহিলোঁ

আৰু কেইজনমান পিছত তেওঁ ক'লে,
“ৰূপৰ চামুচো দিব নোৱাৰিম,
সাধাৰণ চামুচ এখনকে দিম”
সেই সাধাৰণ চামুচখনৰ আশাতেই 
উভতি আহিলোঁ

অৱশেষত তেওঁ ক'লে, 
“তোমাৰ চামুচ তুমি নিজেই কিনি লৈ 
তোমাৰ বাটেৰে যোৱা,
চামুচখনৰ দামটো জনাবা 
সেইখিনি দি দিম”

আৰু কেইদিনমান পিছত হয়তো তেওঁ ক'ব, 
“...... চামুচখনৰ দাম দিব পৰাকৈ 
মোৰ পকেট ৰিক্ত ..........................”

                                     ✍ কন্দৰ্পজিৎ

20/04/2024

অধিকাৰ

আপোনালোকে যি কৰে কৰক
মোক মোৰ অধিকাৰ লাগিবই 

জীৱনৰ অধিকাৰ 
জন্মস্বত্ব অধিকাৰ 
নিৰাপত্তাৰ অধিকাৰ 
ভালপোৱাৰ অধিকাৰ 
দায়িত্ববোধৰ অধিকাৰ 
একেলগে থকাৰ অধিকাৰ
জীৱনক উপভোগ কৰাৰ অধিকাৰ

বহু অনিশ্চয়তাৰ বাটত ঘূৰিলোঁ
বাট বুলি অবাটে খোজ পেলালোঁ
পুনঃ বাট এৰি অবাটে যোৱাৰ ইচ্ছা মোৰ নাই

সপোনবোৰৰ এয়া আৰম্ভণি মাথোঁ 
আৰম্ভণিতে মৰি যাবলৈ দিব নোৱাৰিম মই

আপোনালোকে যি কৰে কৰক

আপোনালোকে মাৰিলেও মাৰিব
কাটিলেও কাটিব
মই সম্প্ৰতি গছৰ দৰে স্থিৰ
বাগৰি নপৰালৈকে থিয় হৈ থাকিম

এজাক বতাহে গছডালক বগৰাই দিবলৈ 
চেষ্টা চলাইয়ে থাকিব

তাৰ পিছতো 
শিপাৰে মাটি খামুচি 
অলৰ অচৰ স্থিৰপ্ৰজ্ঞ

                               ✍ কন্দৰ্পজিৎ

10/04/2024

দুটা আঙুলিত বন্দী পাঁচটা জীৱন

দুটা আঙুলিত বন্দী পাঁচটা জীৱন
-----------------------------------------------

দুটা আঙুলি
এডাল মেৰিয়াই লোৱা সূতা

সূত্ৰধাৰে আঙুলি জোঁকাৰি আছে 
পুতলা বিলাকে নাচি আছে

এজন সূত্ৰধাৰ 
পাঁচটা পুতলা 

দুটা আঙুলিত বন্দী 
পাঁচটা জীৱন

✍ কন্দৰ্পজিৎ

শিলৰ চোলা পিন্ধা মানুহ

শিলৰ চোলা পিন্ধা মানুহ 
=================

শিলৰ চোলা পিন্ধা মানুহবোৰ 
শিলৰ দৰে অবোধ

শিলৰ চোলা পিন্ধা মানুহবোৰে 
কান্দিব নোৱাৰে 
যদিওবা কান্দে কেতিয়াবা 
সিহঁতৰ চকুলো নিমখীয়া নহয়

পাৰিলে শিলৰ চোলা পিন্ধা মানুহবোৰৰ পৰা
দূৰৈত থকা উচিত 
কাৰণ সিহঁতে আপোনাকো পিন্ধাই দিব পাৰে 
শিলৰ চোলা

ভুলকৈ ময়ো কেতিয়াবা প্ৰেমত পৰি যাওঁ
শিলৰ চোলা পিন্ধা মানুহৰ
আৰু হৃদয়ত শিলৰ সাঁকো নিৰ্মান কৰি
গৈ থাকোঁ অন্য এক শিলাময় পথত

✍ কন্দৰ্পজিৎ

07/10/2023

অমৃতৰ জয়গান

এসময়ত এজন ৰজা আছিল 
ৰজাই কৈছিল, “হাত চাপৰি বজোৱা”
      প্ৰজাই বজাই দিছিল হাত চাপৰি 

ৰজাই কৈছিল, “ভগা ঢাৰি বজোৱা”
    ‌ প্ৰজাই বজাই দিছিল ভগা ঢাৰি

... তথাপি ৰজা সন্তুষ্ট হোৱা নাছিল ...

কৈছিল, “চাকিবিলাক বন্ধ কৰি দিয়া”
প্ৰজাই চাকি বন্ধ কৰি এন্ধাৰত ৰৈছিল 

ৰজাই কৈছিল, “বিজ্ঞানক লাথ মাৰা”
                 প্ৰজাই লাথ মাৰি দিছিল

ৰজাই কৈছিল, 
“সূৰ্য্য পৃথিৱীৰ চাৰিওফালে ঘূৰে”
   প্ৰজায়ো তাকেই মানি লৈছিল

কিছুমান প্ৰজা জন্মান্ধ আছিল
কিছুমান প্ৰজা ভয়ান্ধ আছিল
  আৰু ৰজাৰ কথা নমনা 
                           দুই-চাৰিজনক
  গেলিলিঅ' বনাই
      অন্ধকূপত এৰি দিয়া হৈছিল 

ৰজাই কৈছিল, “অন্ধবিশ্বাসী হোৱা”
         প্ৰজাগন অন্ধবিশ্বাসী হৈছিল 

সেইসকল প্ৰজাই নদীক ৰোধ কৰিবলৈ
          মোনাত বান্ধি লৈছিল এমুঠি মন্ত্ৰ
... ॐ नद्याय: नमः ... ... ॐ नद्याय: नमः ... 

ৰজাই কৈছিল, “অমৃত পান কৰা”
       প্ৰজাই পান কৰিছিল অমৃত

সেই দিনৰ পৰাই সকলো প্ৰজাৰ
                       সপোনতো অমৃত
                        দিঠকতো অমৃত

সেই দিনৰ পৰাই
                          মুত্ৰতো অমৃত
                       ঔষধতো অমৃত
                      গছবোৰো অমৃত
                    মাটিবোৰো অমৃত
                       কলহতো অমৃত
                      মদিৰাতো অমৃত

    চাৰিওফালে অমৃতেই অমৃত

                   অমৃত পান কৰি 
সকলো প্ৰজাই অমৰ হৈছিল 

তেতিয়াৰে পৰা ৰজাও অমৰ
               প্ৰজাসকলো অমৰ

প্ৰজাৰ আৰু 
মৃত্যুলৈ ভয় নোহোৱা হৈছিল
আৰু তেতিয়াৰে পৰা প্ৰজাই 
আৰম্ভ কৰি দিছিল
অন্য এক আন্দোলন
অ-মৃত আন্দোলন

এতিয়া সেই ৰজাও নাই
এতিয়া সেই প্ৰজাও নাই
কেৱল বতাহত ভাঁহি উঠে
     জনশ্ৰুতিৰ লোকগান!

অমিও সেই অমৃতৰেই সন্তান
     ব'লক আকৌ এবাৰ গাওঁ 
                 অমৃতৰ জয়গান!

© ✍ #কন্দৰ্পজিৎ

19/08/2023

পানী আৰু নদী

“No man ever steps 
in the same river twice, 
for it's not the same river 
and he's not the same man.”     
                          ― Heraclitus.

নদী মানেই পানী
অথচ পানী মানেই নদী নহয়

পানীৰ কোনো ৰং নাই
পানী পানীৰ দৰেই পনীয়া
তাৰ পিছতো মানুহে 
পানীত মিহলি কৰিছে ৰং

পানীৰ কোনো স্বাদ নাই
তাৰ পিছতো মানুহে 
পানীত বাকিছে স্বাদ

পানী নিৰৱধি
তাৰ পিছতো মানুহে
বন্দী কৰিছে পানীক

অৰ্থাৎ পানীক পানীৰ দৰে 
থাকিবলৈ দিয়া নাই মানুহে

সেইবাবেই হয়তো মাজে-সময়ে
বিদ্ৰোহী হৈ উঠে পানী

পানীৰো আছে নানা ৰূপ
বৰষুণৰ পানী
নদ-নদীৰ পানী
সাগৰ-মহাসাগৰৰ পানী
এনে কি চকুপানীবোৰো পানীয়েই

মানুহে মানুহক ভাগ কৰাৰ দৰেই 
পানীকো নানা ভাগত ভাগ কৰি লৈছে
পানীৰ পৰা পানীক আঁতৰাই
অন্য নামেৰে নামাকৰণ কৰিছে

আচলতে প্ৰস্ৰাৱবিলাকো পানী
চৰৱতবিলাকো পানী
পানী তৃষ্ণাৰ্তৰ প্ৰাণ 
এনেকি মদিৰা বুলি আন একো নাই
সেইবোৰো পানীয়েই
জীৱনাৰ্ত মানুহৰ জান

নদীবোৰ লগ লাগি পানী নহয়
পানীবোৰ লগ লাগি নদী হৈ বয়

আপুনি বাৰু নদীত স্নান কৰি পাইছেনে?
কিমানবাৰ আপুনি গাধুইছে নদীত?
এবাৰ... দুবাৰ... এশবাৰ... অসংখ্য বাৰ

বি:দ্ৰ: - আপোনাৰ হিচাপ শুদ্ধ নহ'বও পাৰে

কাৰণ,
এজন মানুহে এখন নদীত 
দুবাৰ গাধুব নোৱাৰে!

✍ #কন্দৰ্পজিৎ

🍁 বহুদিনৰ মূৰত প্ৰাচীন পাত এখিলা সাৰ পাই উঠিল 🍁

🍁 বহুদিনৰ মূৰত 
প্ৰাচীন পাত এখিলা 
সাৰ পাই উঠিল 🍁
==============

এসময়ত পাতৰ প্ৰেমিক আছিলোঁ
শুকান পাত 🍁
কেঁচা পাত 🌱
হালধীয়া পাত 🍁
সেউজীয়া পাত 🌱
মৰহি যোৱা পাত 🍂

পাত পাতেই

পাতৰ দৰে জীৱন 🏃
জীৱনৰ দৰে পাত 🌿

কিতাপৰ পাত 📖
বহীৰ পাত 📝
ডায়েৰীৰ পাত 📚

পাতত লিপিবদ্ধ হয় জীৱনৰ পাঠ

পাতত কবিতা
পাতত গল্প
পাতত উপন্যাস

পাতত খবৰ 🗞️
পাতত ইতিহাস 📕
পাতত উপাখ্যান
পাতত নষ্ট প্ৰেমিকৰ নষ্ট গদ্য

পাত পাতেই
পাতবিলাক আন কাৰো দৰে নহয়
পাতৰ দৰেই

আম গছৰ পাত
কঁঠাল গছৰ পাত
আঁহত গছৰ পাত
কদম গছৰ পাত
মোৰ প্ৰিয় হিজল গছৰ পাত

হাতত পাত 🍃
পাতত হাত 🍀
পাতৰ প্ৰেমিক 🪴
প্ৰেমিকৰ পাত ☘️

পাতত (a+b)² = a²+b²-2ab 
যদিহে ভুল হোৱা নাই
(অংকত সিমান ভাল নাছিলোঁ
এইবাবেই হয়তো
জীৱনৰ অংকৰ হিচাপ নলায়)

পাতত x+y = এটা সপোনৰ গান 

আগলতি কলা পাত ল'ৰে কি চ'ৰে
চিলনী আই মোৰ কাষৰতে পৰে

পাতত দিয়া মাছ 🐠
পাতত দিয়া খাৰ
পাতত দিয়া শাক 🥦

ৰৈ ৰৈ ৰৈ 🧍🧍🧍
গৈ গৈ গৈ 🏃🏃🏃
পাৰ হৈ হৈ হৈ🤾🤾🤾
অৰ্কুটৰ পাত
গুগল প্লাচৰ পাত
ফেচবুকৰ পাত
টুইটাৰৰ পাত

অৰ্কুট কি জানানে?
গুগল প্লাচ কি জানানে?
আমি সেই যুগৰ মানুহ
সেইবোৰ এতিয়া
পুৰি ছাই হোৱা পাত
টুইটাৰো ৰূপ সলাই এক্স হ'ল
ফেচবুকৰ পাতবোৰো
সেউজীয়াৰ পৰা হালধীয়া হৈ আছে ক্ৰমশঃ

পাতো সলনি হয়
মনৰ দৰে
মগজুৰ দৰে 
মানুহৰ দৰে

২৪ খিলা পাত = ১ দিস্তা
এতিয়া ১ দিস্তা = ১২ খিলা

চকুৰ আগতে পাতবোৰে ৰং সলালে
চকুৰ আগতে পাতবোৰে পৰিমাণ সলালে
অথচ মই আজিও স্থিৰপ্ৰজ্ঞ এক শিখাখণ্ড

শিলাখণ্ডৰ কথা আহিল যিহেতু
পাতক আলপ আঁতৰাই থৈ দিলোঁ

শিলাখণ্ডও পাতৰ দৰে প্ৰেমিক
কিন্তু শিলাখণ্ড পাতৰ দৰে অস্থিৰ নহয়

পাৰ্বতীৰ অক্ষত যোনীত
আজিও সাৰ পাই উঠে শিৱৰ শিলাখণ্ড
তাতেই লুকাই লুকাই বাজি উঠে
যৌৱনৰ তন্ত্ৰ-মন্ত্ৰ

পাত বতাহত উৰে
এই কবিতাটোও পাতৰ দৰে
ক'ৰ পৰা উৰি আহি ক'ত পালে
মই নিজেই নাজানো

আচলতে পাতৰ প্ৰেমত পৰি
কবিতা বুলি অকবিতাৰ হাত ধৰি
আকৌ এবাৰ জীৱনক অংকন কৰাৰ
এয়া এক আংবাং প্ৰয়াস

বহুদিনৰ মূৰত 
প্ৰাচীন পাত এখিলা 
সাৰ পাই উঠিল

যিখিলা পাতক কোনেও
বুটলি নাৰাখিলে নিজৰ মাজত!

✍ কন্দৰ্পজিৎ

24/07/2023

কাইলৈ হয়তো মই নাথাকিম

কাইলৈ হয়তো মই নাথাকিম
আৰু মই নথকাৰ এই বাতৰি 
হয়তো আপুনি প'ষ্ট কৰিব 
আপোনাৰ টাইমলাইনত

আপোনাৰ সেই প'ষ্টত 
সকলোৱে 😪 ৰিয়েচন দিব
  
কিছুমানে অৱশ্যে 👍 কৰিব
আন দুই-চাৰিজন বোকা****ই
❤️ অথবা 😆 দিব


কাইলৈ হয়তো মই নাথাকিম
আৰু মই নথকাৰ এই বাতৰি শুনি
কিছুমানে মোৰ প্ৰফাইল খুচৰি চাব

এনেদৰেই কিছুদিন পাৰহৈ যাব

তাৰ পিছত মোৰ টাইমলাইনত
মকৰাই জাল বান্ধিব
শগুনে মৰাশ বিচাৰি অহাৰ দৰেও
কোনেও নাহিব এবাৰো


তাৰ পিছত আপুনি আপোনাৰ পথত

আৰু মই বিষাদৰ বেহেলা বজাই
তাণ্ডৱ নৃত্য কৰিম এন্ধাৰৰ গৰ্ভত!


#কন্দৰ্পজিৎ
২৪/০৭/২০২৩

অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল


অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল
কিদৰে শুকাই যায় অশ্ৰুৰ টোপাল

অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল
কিদৰে মৰাশ এটাও জীয়াই থকাৰ সপোন দেখে

অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল
তেজৰ সোঁতত নৈ বয়

অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল
যি বুজিব নোৱাৰিলে তেওঁ

আৰু মই ......

আৰু মই 
বুজিও নুবুজা এটা শ
টিকা ফঁটা ৰ'দত শুকাই নিজৰেই মৃতদেহ !

#কন্দৰ্পজিৎ
২৩/০৭/২০২৩

ঘূৰি নহা বাটেৰে

খবৰ বিচাৰি ফুৰা মানুহজন
খবৰ সংগ্ৰহ কৰিবলৈ ওলাই গ'ল
আজি নিজেই এটা খবৰ হৈ 
অন্য এক জগতৰ খবৰ বিচাৰি

কবিতা ভালপোৱা মানুহজন
কবিতা বিচাৰি ওলাই গ'ল
ঘূৰি নহা বাটেৰে ...... 

(ছত্ৰপতি গোস্বামী দাৰ স্মৃতিত) 🕉️

✍ #কন্দৰ্পজিৎ
০৬/০৭/২০২৩

ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
“অসমীয়া প্ৰতিদিন” কাকতৰ সাপটগ্ৰামৰ 
সাংবাদিক ছত্ৰপতি গোস্বামীয়ে আজি 
পুৱা দহমান বজাত ইহলীলা সম্বৰণ কৰে। 
ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ

11/07/2023

এখন হাত

=======

এখন হাত
শব্দৰে প্ৰকাশ কৰিব নোৱাৰিলোঁ 

এখন হাত
এটা কবিতা
কবিতা-অকবিতা একোৱেই নহ'ল 
উমহু লিখিব নোৱাৰিলোঁ 
আঁকিব নোৱাৰিলোঁ শব্দৰ আঁচ টানি

দূৰত্বই অনাস্পৰ্শৰ গৰ্ভলৈ ঠেলি দিয়া
এখন হাত
শৈশৱৰ সোণালী হাত
যৌৱনৰ ৰূপালী হাত

চকুপানী মচি দিবলৈও 
এখন হাতৰ প্ৰয়োজন
মোৰ তৃতীয়খন হাত

অনাস্পৰ্শিত তৃতীয়খন হাত আছে সিপাৰে ৰৈ
আৰু ইপাৰে স্মৃতিৰ গৰল পান কৰি আছোঁ মই

এখন হাত ......
হাত নহয়
শৈশৱৰ মাত
যৌৱনৰ বাট

আৰু সম্প্ৰতি 
সেই তৃতীয়খন হাত বিচাৰিলে 
মোৰ চাৰিওফালে বৈ আহে
শূন্যতাৰ নিনাদ !

✍ কন্দৰ্পজিৎ

02/07/2023

গুৱাহাটীত ছানী লিয়নী

ব্যস্ত মহানগৰী
গুৱাহাটীত ছানী লিয়নী

সাংবাদিকসকলৰ জিভালৈকে 
নিমখৰ সোৱাদ

ব্যস্ত কৃষ্ণ
ব্যস্ত বুদ্ধ
ব্যস্ত হজৰত
ব্যস্ত যীশু

আহক নিমখীয়া জীৱনলৈ স্বাগতম
नमकीन हो जाए ये ज़िन्दगी 

ময়ো এদিন 
ছানী লিয়নীৰ প্ৰেমত পৰিছিলোঁ
সুৰঙ্গ বিচাৰি 
আটলান্টিকৰ অতল গহ্বৰলৈকে 
গতি কৰিছিলোঁ 

ময়ো এদিন সপোনতে 
চিঞৰি উঠিছিলোঁ
উহ্ আহ্
অসহ্য এই যন্ত্ৰণা
মই মুক্তি বিচাৰোঁ
I have need haven
স্বৰ্গৰ পথ কোনফালে
বেহস্তলৈ যোৱাৰ সুৰঙ্গ কোনদিশে

মই উন্মাদ হৈ উঠিছিলোঁ
আৰু কাষত বিচাৰি পাইছিলোঁ
ছানী লিয়নীক

বহি আছে
देवी सानी लियोन
Godess Sunny Leone
जन्नत की हूर सानी लियोन

ধৰ্মই মানুহৰ মাজত
বিভেদৰ সৃষ্টি কৰে
আৰু তাৰ মাজতে
মানৱতাবাদী ৰূপে থিয় হৈ আছে
ছানী লিয়নী

হিন্দুৰ সপোনতো 
अप्सरा सानी लियोन
মুছলমান ख्वाबতো
जन्नत की हूर सानी लियोन
খ্ৰীষ্টানৰ ড্ৰিমতো
Nymph Sunny Leone

আহক আজি ৰাতিটোৰ বাবে
সকলোৱে এবাৰ ছানী লিয়নীৰ প্ৰেমত
উন্মাদ হওঁ !

✍ #কন্দৰ্পজিৎ

04/06/2023

ঝুমবালিকা

ঝুমবালিকা, 
এদিন তোমাৰ 
শ্যামবৰ্ণ লাস্যময়ী চেহেৰাত 
মই ফ়িদা আছিলোঁ

এতিয়া এইবোৰ 
সাধুকথাৰ চৰিত্ৰৰ দৰে অতীত

তুমি এতিয়া “কিচ্ছাৰ ৰাজকুমাৰী”
আৰু মই মৃতপ্ৰায় দিৱানা

আকৌ এবাৰ 
তোমাৰ প্ৰেমত পৰিবলৈ মন যায়
হৃদয়খন কেৰেকি উন্মাদ হ'ব পৰাকৈ
দুপৰনিশা

ঝুমবালিকা,
তোমাৰ বাবেই এদিন দিবানা হৈ
পুথিভঁৰালত পঢ়িছিলোঁ
অপ্ৰেমৰ অকবিতা

আজি আকৌ এবাৰ
য়াদো কি বাৰিশ কী ইন্তজাৰ মেঁ

ৰিক্ত হাত
ৰিক্ত দিল
ৰিক্ত সময়
অথচ আজিও মোৰ 
দুচকুত আঁকি লওঁ
ডাৰ্ক কালাৰচ্ 
কালাৰিং পেইণ্টিং 

ঝুমবালিকা ...................
ঝুমবালিকা ................... !!!!!!

#কন্দৰ্পজিৎ

13/05/2023

ᥬ𑐣শ། 𑇖૨ 𑐔𑐖།ৰ 𑐀𑐎ᥬ𑐔𑐜།

বতাহত ভাহিঁ আহি আছে
                  কিছুমান শব্দ

                  কোনোবাই কান্দি আছে
                কোনোবাই চিঞৰি আছে
কোনোবাই ছট্‌ফটাই আছে যন্ত্ৰনাত

          আচলতে কোনোবাই 
                  কান্দি আছে নে 
          আচলতে কোনোবাই 
                চিঞৰি আছে নে 
          আচলতে কোনোবাই 
ছট্‌ফটাই আছে নে যন্ত্ৰনাত

নে বতাহত ভাঁহি আহি আছে
        মৌথুনৰ নিশাদ-গান্ধাৰ

                            যিমানেই ৰাতি বাঢ়ে
                        সিমানেই কেঁকনি বাঢ়ে
যেন নৰিয়াত পৰি কান্দি আছে সময়ে

                        সময়, মোক দুছেও কৰা
            এছেও ৰাখি দিয়া সভ্য সমাজত
আন এছেও বন্দি কৰা অশ্লীল আন্ধাৰত

                                          #কন্দৰ্পজিৎ

07/04/2023

৩৬

.................. ৩৬ ..................

সময় গৈ থাকে
         গৈ গৈ ৰৈ যায়
         থমকি ৰ'য়
পুনঃ গৈ গৈ ৰৈ নোযোৱাৰ আশাত বন্দী হৈ

        গৈ গৈ ৩৫ টা বছৰ পাৰ হৈ গ'ল
ৰৈ ৰৈ স্মৃতিবোৰ মাথোঁ বকুত থমকি ৰ'ল

পাৰ হৈ যোৱা ধুমুহাই বিধ্বস্ত কৰা হৃদয়খনত
হঠাৎ সপোনবোৰ পৰাস্ত হৈ সৰি পৰিল

                    সৰি পৰিল মানে পৰিলেই

তথাপিও মৰুভূমিৰ মাজতো
           পানীৰ সপোন দেখোঁ
      কিন্তু জীৱনৰ গণিত বৰ জটিল

                       x-35 = ৰৈ থকা সময়
ধৰি লোৱা হ'ল x = Avg. Age 
                     ∴ x = 70
                           ∴ 70-35
                           = ³⁵/₇₀ 
                           = ½ %

ৰছীডাল দুটুকুৰা হ'ল
              এটুকুৰা ইফালে
              এটুকুৰা সিফালে
          মাজত ওলমি মই

প্ৰতিবছৰে একো একোটা সংখ্যাক
আদৰণি জনোৱাৰ দৰে 
এইবাৰ আদৰণি জনাব নোৱাৰিলোঁ 
36 - তোমাক🕯️

মই যিয়েই কৰোঁ বা নকৰোঁ
           সময় গৈয়েই থাকিব
                            ৰৈ নাযায় কেতিয়াও
ৰৈ নোযোৱালৈকে উশাহ-নিশাহ

গোপনে গোপনে
              অকলে অকলে
        সংগোপনে বিদায় জনালোঁ
                                     ৬ এপ্ৰিল

                     নাহিব অ' ৬ এপ্ৰিল 
মোৰ উশাহবোৰ চুটি হৈ যায় অ' !

                                        ৬ এপ্ৰিল !
     কিদৰে আদৰণি জনাম তোমাক ?
মই যে ইপাৰৰ পৰা সিপাৰ নেদেখোঁ !

                                 ✍ কন্দৰ্পজিৎ

17/03/2022

👞 জোতা 👞

(বেচৰকাৰী স্কুলৰ 
শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি)

মহোদয়, 
সদায় জোতা জোতা কৈ নাথাকিব

মহোদয়, কাৰনো মন নাযায় 
নিজৰ সন্তানক এযোৰ 
নতুন জোতা কিনি দিবলৈ

মহোদয়, আপুনি বা আপোনালোকে 
নক'লেও মই বুজিব পাৰোঁ
মোৰ সন্তানৰ মনৰ কথা

কিন্তু মহোদয়, 
সময় যে বৰ কঠোৰ
বৰ কঠিন

ক'লেইতো ‌সকলো হৈ নাযায়
ক'লেইতো 
শাকা-লাকা বুম-বুমৰ পেঞ্চিলেৰে
আঁকি বনাই দিব নোৱাৰো
এযোৰ জোতা

মহোদয়, আমি দুখীয়া মানুহ
তথাপিও স্বপ্ন দেখো
স্বপ্ন দেখো 
নিজৰ সন্তানক ডাঙৰ কৰাৰ
কিন্তু ক'ৰোনাৰ নাটকখনৰ দ্বাৰা
আমি বাৰুকৈয়ে জৰ্জৰিত

মহোদয়, ক'বলৈ গ'লে
হৃদয়ত বহু শব্দই 
বহু বাক্যৰ সৃষ্টি কৰে
তাৰ পিছতো বাকৰূদ্ধ হৈ যাওঁ

মহোদয়, আৰু বেছি নকওঁ
অনুগ্ৰহ কৰি সদায় 
জোতাৰ কথা নক'বচোন
মোৰ সন্তানে যে ক'ব বিচাৰিও 
ক'ব নোৱাৰে মোক

মই কেৱল
ইকানে-সিকানে শুনো
আৰু ......

আৰু একো নহয় দিয়ক
অনুগ্ৰহ কৰি সদায় 
জোতাৰ কথা নক'বচোন


✍ কন্দৰ্পজিৎ