Showing posts with label অকবিতা. Show all posts
Showing posts with label অকবিতা. Show all posts

17/01/2026

জীৱন মুৰ্দাবাদ

মই ভালপাওঁ কবিতা 
তাই ভাল নাপায় 

তাই ভাল পায় 
জীৱনৰ কঠিন কঠোৰ গদ্য 

যাৰ বাবে মই প্ৰস্তুত নহওঁ!

মই ভালপাওঁ সপোন 
তাই ভালপায় দিঠক 

মই ভালপাওঁ জীৱনৰ নিচা 
তাই ভালপায় বাস্তৱতা 

আমি কেতিয়াও এজনে আনজনক 
সহজভাবে ল'ব নোৱাৰিম

তাৰ পিছতো এজনে আনজনক 
বিদায় জনাব নোৱাৰোঁ in officially 

So, এতিয়া মই বৌদ্ধ হ'ম 
মৌন বৌদ্ধ 
আৰম্ভ কৰিম
ঘৰ এৰি বেঘৰ হোৱা 
জীৱনৰ কঠিন কঠোৰ যুদ্ধ!

#কন্দৰ্পজিৎ

11/07/2024

আহা আকৌ এবাৰ প্ৰেমত পৰো

আহা আকৌ এবাৰ প্ৰেমত পৰো
=======================

দীপান্বিতা, 
আহা আকৌ এবাৰ প্ৰেমত পৰো
ইজনে সিজনৰ 

তোমাৰ ঠাইত তুমি থাকিবা
মোৰ ঠাইত মই

তোমাক তোমাৰ পৰা কাঢ়ি লৈ নাহো
মোকো মোৰ ঠাইত মোৰ দৰে থাকিবলৈ দিয়া 

কেৱল দুয়ো দুয়োৰে প্ৰেমত পৰো আহা
বিচ্ছেদৰ নাওখন আগতীয়াকৈ পাৰত বান্ধি থৈ

আগৰ দৰেই আকৌ এবাৰ প্ৰেমত পৰিম
আগৰ দৰেই আকৌ এবাৰ বিচ্ছেদ হম

আগৰ দৰেই এইখন প্ৰাচীন চহৰত 
কিছুদিনৰ বাবে প্ৰেমিক হৈ উঠিম

আগৰ দৰেই কিছুদিনৰ বাবে উন্মাদ হম
আগৰ দৰেই আকৌ বিচ্ছেদ হম
আগৰ দৰেই সেই পুৰণি গান গুণগুণাম

আগৰ দৰেই ভগা বাঁহি ভগা সুৰ
আগৰ দৰেই ৰ'দ দি দি বৰষুণ 
আগৰ দৰেই পিছল পিছল বাট
আগৰ দৰেই মামৰে ধৰা তৰোৱাল 
আগৰ দৰেই বিচ্ছেদৰ ধূসৰ আকাশ

দীপান্বিতা, 
আহা আগৰ দৰেই 
আকৌ এবাৰ প্ৰেমত পৰো
ইজনে সিজনৰ 
বিষাদৰ নদীত নাও বাবলৈ

                                  ✍ কন্দৰ্পজিৎ

10/06/2024

বৰষুণ মোৰ আজন্ম প্ৰেমিকা

এতিয়া এজাক বৰষুণত তিতিম 
                  তিতিবৰ বাবে নহয় 
  সাবটি ধৰিবলৈ দুখৰ দিনবোৰ

“Some people feel the rain, 
            Others just get wet.” 
                      – Roger Miller 

মই বৰষুণত তিতিবলৈ ভালপাওঁ 
      অশ্ৰু লুকুৱাই নিৰৱ দুপৰীয়া 
   তেজৰ দাগ ঢাকি জয়াল নিশা 

“I always like walking in the rain, 
    so no one can see me crying.”
                          – Charlie Chaplin

                 এতিয়া অলপ উন্মাদ হম 
                এই বৰষুণ জাকৰ প্ৰেমত
কাৰণ, বৰষুণ মোৰ আজন্ম প্ৰেমিকা
           বুকুৰ অন্তৰ্ভাগ ভেদি বৈ অহা 
                        এঢোঙা তেজৰ দৰে
      যি ধুই দিয়ে মোৰ অশ্ৰুৰ টোপাল

এজনী নাৰী
এমুঠি বিষাদ
এচলু চকুলো 
এটা নিস্তব্ধ বাট
এজন দুৰ্ভগীয়া পুৰুষ 
এটা কবিতা
সকলোকে উটুৱাই লৈ যাবলৈ  
এজাক বৰষুণৰ প্ৰয়োজন

সেই বৰষুণ এতিয়া 
মেঘ হৈ উৰি আছে 
মোৰ হৃদয়ৰ ভিতৰত 

                এতিয়া মোৰ চকুলো বৈ আহিব
লগতে মোৰ দুখ ঢাকি ৰখা এজাক বৰষুণ
      এতিয়া মই সেই বৰষুণ জাকত তিতিম
 আৰু গুণগুণাই থাকিম এটা অন্তহীন গান

                                        ✍ কন্দৰ্পজিৎ

01/05/2024

বিচ্ছেদ

বিচ্ছেদ 
=====

আহক কিছুদিনৰ বাবে হালধীয়া হওঁ
                                   হালধীয়া সৰাপাত 
                                   হালধীয়া সংবাদ 
                                   হালধীয়া জীৱন 

আহক কিছুদিনৰ বাবে 
                        জখলাডাল আঁতৰাই থওঁ
              প্ৰেমৰ জখলা 
          সম্পৰ্কৰ জখলা
           উন্নতিৰ জখলা
উশাহ বৈ যোৱা জখলা

আহক কিছুদিনৰ বাবে চকুদুটা জপাই লওঁ
                     সপোনৰ চকু
                    অধ্যয়নৰ চকু 
            জ্ঞান-অজ্ঞানৰ চকু
 পোহৰ চাই মেল খোৱা চকু 

আহক কিছুদিনৰ বাবে 
           চুইংগাম চোবাই-চোবাই ‌চিনেমা চাওঁ
                                বিচ্ছেদৰ চিনেমা 
         প্ৰেমহীনতাত নিঃস্ব হোৱা চিনেমা 
সকলো হেৰুৱাই বাটৰুৱা হোৱা চিনেমা 
            ‌       জীৱনে ৰং সলোৱা চিনেমা

আহক কিছুদিনৰ বাবে বিচ্ছিন্ন হৈ ৰওঁ
                                   বিচ্ছিন্ন পথ
                                   বিচ্ছিন্ন নদী 
                                   বিচ্ছিন্ন ৰজনী

আহক কিছুদিনৰ বাবে বিচ্ছেদৰ গান গাওঁ 
                         প্ৰেমৰ বিচ্ছেদ 
                      সম্পৰ্কৰ বিচ্ছেদ 
                         সময়ৰ বিচ্ছেদ 

                   আহক কিছুদিনৰ বাবে 
   আমি মানুহবোৰ অমানুহ হৈ উঠোঁ
যাতে অমানুহবোৰ মানুহ হ'ব পাৰে !

                                ✍ কন্দৰ্পজিৎ

27/04/2024

চামুচ

চামুচ
====

এদিনাখন তেওঁ কৈছিল, 
“সোণৰ চামুচ দিম”
মই সোণৰ চামুচৰ আশাত বন্দী হৈ 
দৌৰি থাকিলোঁ 

কিছুদিন পিছত তেওঁ ক'লে, 
“সোণৰ চামুচ দিব নোৱাৰিলোঁ,
ৰূপত চামুচ দিম”
মই ৰূপৰ চামুচৰ আনন্দত মোহিত হৈ
দৌৰি আহিলোঁ

আৰু কেইজনমান পিছত তেওঁ ক'লে,
“ৰূপৰ চামুচো দিব নোৱাৰিম,
সাধাৰণ চামুচ এখনকে দিম”
সেই সাধাৰণ চামুচখনৰ আশাতেই 
উভতি আহিলোঁ

অৱশেষত তেওঁ ক'লে, 
“তোমাৰ চামুচ তুমি নিজেই কিনি লৈ 
তোমাৰ বাটেৰে যোৱা,
চামুচখনৰ দামটো জনাবা 
সেইখিনি দি দিম”

আৰু কেইদিনমান পিছত হয়তো তেওঁ ক'ব, 
“...... চামুচখনৰ দাম দিব পৰাকৈ 
মোৰ পকেট ৰিক্ত ..........................”

                                     ✍ কন্দৰ্পজিৎ

25/04/2024

সৰি পৰা নক্ষত্ৰৰ উচুপনি

সৰি পৰা নক্ষত্ৰৰ উচুপনি
==================

তেওঁ সৰি পৰিছিল সপোনতে
তাই ভৰাই লৈছিল উদৰ গৰ্ভত

তেওঁ তেওঁৰ দৰেই তেওঁ হৈ গজি উঠিছিল 
তাই তাইৰ দৰেই কেৱল আঙুলি ভাজ কৰিছিল 

মাজত সি এটা প্ৰস্তৰ খণ্ড হৈ ওলমি আছিল

আকৌ এটা তৰা উদৰস্ত হৈছিল তাইৰ ঔৰষত 

তৰাটো এদিন নক্ষত্ৰ হৈছিল 
নক্ষত্ৰটো সৰি পৰিছিল সপোনৰ সুৰুঙাৰে

এতিয়া এক বৃহৎ মহাভাৰ
সপোন আৰু ঐশ্বৰ্য্যৰ মহাসংগ্ৰাম 

কিন্তু সিহঁতেও নজনাকৈ
ইপেনেও শূন্যতা
সিপিনিও শূন্যতা
মাজত পূৰ্ণতাৰ ধূসৰ যাত্ৰা 

বি:দ্ৰ: - এইটো কবিতা নহয়
এয়া অকবিতাও নহয়
এয়া সপোনৰ সূতাৰে বৈ অহা
অসাপ্নৱিক সপোন গাঁথা!

✍ কন্দৰ্পজিৎ

20/04/2024

অধিকাৰ

আপোনালোকে যি কৰে কৰক
মোক মোৰ অধিকাৰ লাগিবই 

জীৱনৰ অধিকাৰ 
জন্মস্বত্ব অধিকাৰ 
নিৰাপত্তাৰ অধিকাৰ 
ভালপোৱাৰ অধিকাৰ 
দায়িত্ববোধৰ অধিকাৰ 
একেলগে থকাৰ অধিকাৰ
জীৱনক উপভোগ কৰাৰ অধিকাৰ

বহু অনিশ্চয়তাৰ বাটত ঘূৰিলোঁ
বাট বুলি অবাটে খোজ পেলালোঁ
পুনঃ বাট এৰি অবাটে যোৱাৰ ইচ্ছা মোৰ নাই

সপোনবোৰৰ এয়া আৰম্ভণি মাথোঁ 
আৰম্ভণিতে মৰি যাবলৈ দিব নোৱাৰিম মই

আপোনালোকে যি কৰে কৰক

আপোনালোকে মাৰিলেও মাৰিব
কাটিলেও কাটিব
মই সম্প্ৰতি গছৰ দৰে স্থিৰ
বাগৰি নপৰালৈকে থিয় হৈ থাকিম

এজাক বতাহে গছডালক বগৰাই দিবলৈ 
চেষ্টা চলাইয়ে থাকিব

তাৰ পিছতো 
শিপাৰে মাটি খামুচি 
অলৰ অচৰ স্থিৰপ্ৰজ্ঞ

                               ✍ কন্দৰ্পজিৎ

10/04/2024

দুটা আঙুলিত বন্দী পাঁচটা জীৱন

দুটা আঙুলিত বন্দী পাঁচটা জীৱন
-----------------------------------------------

দুটা আঙুলি
এডাল মেৰিয়াই লোৱা সূতা

সূত্ৰধাৰে আঙুলি জোঁকাৰি আছে 
পুতলা বিলাকে নাচি আছে

এজন সূত্ৰধাৰ 
পাঁচটা পুতলা 

দুটা আঙুলিত বন্দী 
পাঁচটা জীৱন

✍ কন্দৰ্পজিৎ

শিলৰ চোলা পিন্ধা মানুহ

শিলৰ চোলা পিন্ধা মানুহ 
=================

শিলৰ চোলা পিন্ধা মানুহবোৰ 
শিলৰ দৰে অবোধ

শিলৰ চোলা পিন্ধা মানুহবোৰে 
কান্দিব নোৱাৰে 
যদিওবা কান্দে কেতিয়াবা 
সিহঁতৰ চকুলো নিমখীয়া নহয়

পাৰিলে শিলৰ চোলা পিন্ধা মানুহবোৰৰ পৰা
দূৰৈত থকা উচিত 
কাৰণ সিহঁতে আপোনাকো পিন্ধাই দিব পাৰে 
শিলৰ চোলা

ভুলকৈ ময়ো কেতিয়াবা প্ৰেমত পৰি যাওঁ
শিলৰ চোলা পিন্ধা মানুহৰ
আৰু হৃদয়ত শিলৰ সাঁকো নিৰ্মান কৰি
গৈ থাকোঁ অন্য এক শিলাময় পথত

✍ কন্দৰ্পজিৎ

মৃত্যু

মৃত্যু 
===

আই, তোমাৰ গৰ্ভতে কিয় মৃত্যু নহ'ল মোৰ
কিয় মৃত্যু নহ'ল জন্মৰ প্ৰাকক্ষণত অথবা পূৰ্বক্ষণত 
মৃত্যু কি ইমানেই দুৰ্লভ!
কিয় মৃত্যু নহ'ল মোৰ

বাছ দুৰ্ঘটনাত মানুহ মৰে
মানুহৰ মৃত্যু হয় বাইক দুৰ্ঘটনাত 
এনেকি চাইকেল অথবা পথ দুৰ্ঘটনাত 
মৃত্যুৰো আছে অনেক পথ
তাৰ পিছতো কিয় মৃত্যু নহ'ল মোৰ 

মৃত্যু খুবেই দুৰ্লভ 
মৃত্যুহীন মানুহৰ!

✍ কন্দৰ্পজিৎ

৬ এপ্ৰিল, ২০২৪

আজি মোৰ জন্মদিনো নহয়
আজি মোৰ মৃত্যুদিনো নহয়
আজি মোৰ পুনৰ্জন্ম হ'ল 
গৰ্ভস্থ নহওঁ
শূন্যতাত জন্ম মোৰ
কাইলৈৰ পৰা এক দুই কৰি 
নতুন জীৱনযাত্ৰা আৰম্ভ কৰিম
শূন্যতাৰ পৰা অন্য এক যাত্ৰা ......

13/05/2023

ᥬ𑐣শ། 𑇖૨ 𑐔𑐖།ৰ 𑐀𑐎ᥬ𑐔𑐜།

বতাহত ভাহিঁ আহি আছে
                  কিছুমান শব্দ

                  কোনোবাই কান্দি আছে
                কোনোবাই চিঞৰি আছে
কোনোবাই ছট্‌ফটাই আছে যন্ত্ৰনাত

          আচলতে কোনোবাই 
                  কান্দি আছে নে 
          আচলতে কোনোবাই 
                চিঞৰি আছে নে 
          আচলতে কোনোবাই 
ছট্‌ফটাই আছে নে যন্ত্ৰনাত

নে বতাহত ভাঁহি আহি আছে
        মৌথুনৰ নিশাদ-গান্ধাৰ

                            যিমানেই ৰাতি বাঢ়ে
                        সিমানেই কেঁকনি বাঢ়ে
যেন নৰিয়াত পৰি কান্দি আছে সময়ে

                        সময়, মোক দুছেও কৰা
            এছেও ৰাখি দিয়া সভ্য সমাজত
আন এছেও বন্দি কৰা অশ্লীল আন্ধাৰত

                                          #কন্দৰ্পজিৎ