সেই সময় এতিয়া আৰু নাই! জীৱনে বহু বস্তুৱেই কাঢ়ি ল'লে – কবিতাৰ আড্ডা, জীৱনৰ মাদকতা, যৌৱনৰ প্ৰাচুৰ্যতা, সুখ আৰু দুখবোৰ বাকিব পৰা স্বাধীনতা! সময়! – সময়ে বাট সলায়, সময়ে যান্ত্ৰিকতাৰ ফালে লৈ গৈ আছে। মানুহৰ মাজত হৃদয়ৰ পৰা হৃদয়লৈ যি আন্তৰিকতা আছিল, এতিয়া সেয়া নাই। যদিও সামান্য পৰিমানে সহানুভূতি দেখা যায়, সেয়াও যেন এক যান্ত্ৰিক কাৰুকাৰ্যতা হে মাথোঁ। মই নিজেই সলনি হৈছোঁ, যন্ত্ৰৰ দৰে হৈ গৈ আছোঁ দিনক দিনে, আনকনো কি কম!
লিখিব নোৱাৰা কথা বিলাক ক'ব পাৰিছিলোঁ, ক'ব নোৱাৰা কথা বিলাক লিখিব পাৰিছিলোঁ। এতিয়া এটাও নোৱাৰোঁ।
মাজে মাজে পুৰণি গান বিলাক বজাওঁ, পুৰণি দিনবোৰলৈ উভতি যাবলৈ চেষ্টা কৰোঁ, কিন্তু বাস্তৱত সেয়া জানো সম্ভৱ!
(বৰ্তমান কিবা এটা লিখাৰ পিছত ফেচবুকত দিম নে নিদিম, ভাবিব লগীয়া হয়। বিশেষকৈ আগৰ দৰে এতিয়া মানুহে দীঘলীয়া লেখা পঢ়িবলৈ ভাল নাপায়, সময় নাপায়। তাৰ পিছতো, আনে পঢ়ক বা নপঢ়ক, নিজৰ স্মৃতি হিচাবে সাঁচি ৰাখিবলৈয়ে ফেচবুকত দিয়াৰ সিদ্ধান্ত ল'লোঁ।)
সেই পুৰণি গাঁও, পুৰণি চহৰ, পুৰণি বাট-পথ, এইবিলাক এতিয়া স্মৃতিৰ বাহিৰে আন একো নহয়। স্মৃতি বিলাক বিস্তৃতি হৈ নাযাওক কোনোদিনে ......
#কন্দৰ্পজিৎ
No comments:
Post a Comment