16/10/2025

দাপোন

দাপোন মোৰ ৰূপচৰ্চাৰ সামগ্ৰী নহয়। দাপোন মোৰ দুখৰ দিনৰ সহযাত্ৰী। দাপোনখনে মোক কয়, “সকলো হেৰুৱাই পেলোৱাৰ পিছতো/
পাবলৈ বাকী থাকে বহুতো”। মোৰ অতীতক চাবলৈ সহায় লওঁ দাপোনৰ, মোৰ ভৱিষ্যত চাবলৈও মই সহায় লওঁ দাপোনৰ। দাপোন কাঁচেৰে তৈয়াৰী। কাঁচৰ প্ৰেমিক আছিলোঁ এসময়ত। এইবোৰ যেনিবা সম্প্ৰতি অতীত। কেতিয়াবা কাঁচ আছিল মোৰ যৌৱনৰ গল্প, জীৱনৰ কবিতা। দাপোনৰ সৈতে মোৰ বহুদিনীয়া সম্পৰ্ক। মোৰ উচুপনিৰ নিৰোৱ দৰ্শক দাপোন, যি কেতিয়াবা মোৰ চকুপানীক স্পৰ্শ কৰি মোৰ সৈতে দুখবোৰ পান কৰিছিল। এনেকি চকুপানীবোৰ শুকাই যোৱাৰ পিছতো দাপোন মোৰ প্ৰিয়, য'ত দেখিবলৈ পাওঁ বহু ঘটনা আৰু কল্পনাৰ ৰূপৰেখা। আপোনাৰ দাপোন আৰু মোৰ দাপোনৰ মাজত পাৰ্থক্য আছে। পাৰ্থক্য অনুভৱৰ, পাৰ্থক্য জীৱন-দৰ্শনৰ। দাপোন মোৰ প্ৰিয়, কাৰণ হয়তো দাপোনৰ বাহিৰে আন কোনেও দেখা নাপায় মোৰ হৃদয়ৰ অন্তৰ্ভাগত বৈ থকা শব্দৰ প্ৰতিবিম্ব। 

আচলতে মোৰ কিবা এটা হৈছে, কি হৈছে মই নিজেই নাজানো, যি কথা কেৱল দাপোনখনে জানে, কিন্তু একো ক'ব নোৱাৰে।

                                   ✍ কন্দৰ্পজিৎ

No comments:

Post a Comment