Showing posts with label জীৱনৰ গদ্য. Show all posts
Showing posts with label জীৱনৰ গদ্য. Show all posts

21/08/2025

স্মৃতি আৰু কিছু ব্যক্তিগত কথা

এবছৰ ধৰি একো লিখিব পৰা নাই। না কবিতা, না জীৱনৰ গদ্য! কেতিয়াবা পুৰণি কাকত-আলোচনীত প্ৰকাশিত তথা ফেচবুক, ব্লগ, ৱেবছাইট আদি লিখা নিজৰ সেই পুৰণি কবিতা, হাইকু, গল্প, জীৱনৰ গদ্য, উপন্যাসিকা, অনুবাদ আদি লুটিয়াই চাওঁ। ক্ৰমশঃ নিজৰ মাজতে নিজকে যেন হেৰুৱাই আছোঁ। বহু সময়ত বহু কথা ভাবোঁ, লিখিম বুলি আৰু লিখা নহয়। হৃদয়ৰ মাজতে জাহ যায় সেই কবিতা-অকবিতা বিলাক। কেৱল লিখা বুলিয়েই নহয়, পঢ়িবলৈও পাহৰি গৈছোঁ! পঢ়িব নোৱাৰোঁ এতিয়া আনৰ অনুভৱ আৰু চিন্তাধাৰা। (ৱিকিপিডিয়াক বাদ দি, কিয়নো ৱিকিপিডিয়াৰ বিষয়বস্তু মৌলিক নহয়।) 

সেই সময় এতিয়া আৰু নাই! জীৱনে বহু বস্তুৱেই কাঢ়ি ল'লে – কবিতাৰ আড্ডা, জীৱনৰ মাদকতা, যৌৱনৰ প্ৰাচুৰ্যতা, সুখ আৰু দুখবোৰ বাকিব পৰা স্বাধীনতা! সময়! – সময়ে বাট সলায়, সময়ে যান্ত্ৰিকতাৰ ফালে লৈ গৈ আছে। মানুহৰ মাজত হৃদয়ৰ পৰা হৃদয়লৈ যি আন্তৰিকতা আছিল, এতিয়া সেয়া নাই। যদিও সামান্য পৰিমানে সহানুভূতি দেখা যায়, সেয়াও যেন এক যান্ত্ৰিক কাৰুকাৰ্যতা হে মাথোঁ। মই নিজেই সলনি হৈছোঁ, যন্ত্ৰৰ দৰে হৈ গৈ আছোঁ দিনক দিনে, আনকনো কি কম! 

লিখিব নোৱাৰা কথা বিলাক ক'ব পাৰিছিলোঁ, ক'ব নোৱাৰা কথা বিলাক লিখিব পাৰিছিলোঁ। এতিয়া এটাও নোৱাৰোঁ।

মাজে মাজে পুৰণি গান বিলাক বজাওঁ, পুৰণি দিনবোৰলৈ উভতি যাবলৈ চেষ্টা কৰোঁ, কিন্তু বাস্তৱত সেয়া জানো সম্ভৱ! 

(বৰ্তমান কিবা এটা লিখাৰ পিছত ফেচবুকত দিম নে নিদিম, ভাবিব লগীয়া হয়। বিশেষকৈ আগৰ দৰে এতিয়া মানুহে দীঘলীয়া লেখা পঢ়িবলৈ ভাল নাপায়, সময় নাপায়। তাৰ পিছতো, আনে পঢ়ক বা নপঢ়ক, নিজৰ স্মৃতি হিচাবে সাঁচি ৰাখিবলৈয়ে ফেচবুকত দিয়াৰ সিদ্ধান্ত ল'লোঁ।)

সেই পুৰণি গাঁও, পুৰণি চহৰ, পুৰণি বাট-পথ, এইবিলাক এতিয়া স্মৃতিৰ বাহিৰে আন একো নহয়। স্মৃতি বিলাক বিস্তৃতি হৈ নাযাওক কোনোদিনে ......

                                     #কন্দৰ্পজিৎ

04/05/2024

জীৱনৰ গদ্য (১)

জীৱনৰ গদ্য (১)
============

      মানুহ বুলি ভাবি থকা মানুহবোৰৰ মাজত‌ যেতিয়া অমানৱীয়তা দেখা পাওঁ তেতিয়া বেতৰ ফলৰ দৰে ম্লান হৈ পৰে মোৰ দুচকু। আনহাতে অমানুহ বুলি ভাবি থকা মানুহবোৰৰ মাজত যেতিয়া মানৱতা দেখিবলৈ পাওঁ তেতিয়া মোৰ সময়বোৰ থৰ লাগি দুচকুভেদি বৈ আহে শুক্ষ জলস্ৰোত। 

     আপুনি মানুহ বুলি ভাবি থকা সেই সৎ, গুণী-জ্ঞানী, বিজ্ঞ, সমাজ সেৱক ব্যক্তিজন মানুহ নহ'বও পাৰে। আনহাতে আপুনি অমানুহ বুলি ভাবি থকা সেই মদাহী, গুণ্ডা, চৰিত্ৰহীন, অধাৰ্মিক ব্যক্তিজনো প্ৰকৃতাৰ্থত মানুহ হ'ব পাৰে। 

     জীৱনৰ আটাইতকৈ কঠিন কাম হ'ল মানুহৰ কায়াবোৰৰ মাজৰ পৰা প্ৰকৃত মানুহ বিচাৰি উলিয়াব পৰাটো। 

     যাৰ মানৱতা নাই তেওঁ কেতিয়াও মানুহ হ'ব নোৱাৰে; তেওঁ যিমানেই সৎ, চৰিত্ৰবান, ধাৰ্মিক, জ্ঞানী, শিক্ষিত আদি নহওক কিয়। আনহাতে যাৰ মানৱতা আছে তেৱেঁই প্ৰকৃতাৰ্থত মানুহ; সময়ৰ পাকচক্ৰত যদিওবা তেওঁ অসৎ, চৰিত্ৰহীন, অধাৰ্মিক, অজ্ঞানী, অশিক্ষিত, চোৰ, ডকাইত, গুণ্ডা আদি নহওক কিয়।

                                   ✍ কন্দৰ্পজিৎ
                                   ০৪/০৫/২০২৪