Showing posts with label অনুভৱ. Show all posts
Showing posts with label অনুভৱ. Show all posts

16/10/2025

দাপোন

দাপোন মোৰ ৰূপচৰ্চাৰ সামগ্ৰী নহয়। দাপোন মোৰ দুখৰ দিনৰ সহযাত্ৰী। দাপোনখনে মোক কয়, “সকলো হেৰুৱাই পেলোৱাৰ পিছতো/
পাবলৈ বাকী থাকে বহুতো”। মোৰ অতীতক চাবলৈ সহায় লওঁ দাপোনৰ, মোৰ ভৱিষ্যত চাবলৈও মই সহায় লওঁ দাপোনৰ। দাপোন কাঁচেৰে তৈয়াৰী। কাঁচৰ প্ৰেমিক আছিলোঁ এসময়ত। এইবোৰ যেনিবা সম্প্ৰতি অতীত। কেতিয়াবা কাঁচ আছিল মোৰ যৌৱনৰ গল্প, জীৱনৰ কবিতা। দাপোনৰ সৈতে মোৰ বহুদিনীয়া সম্পৰ্ক। মোৰ উচুপনিৰ নিৰোৱ দৰ্শক দাপোন, যি কেতিয়াবা মোৰ চকুপানীক স্পৰ্শ কৰি মোৰ সৈতে দুখবোৰ পান কৰিছিল। এনেকি চকুপানীবোৰ শুকাই যোৱাৰ পিছতো দাপোন মোৰ প্ৰিয়, য'ত দেখিবলৈ পাওঁ বহু ঘটনা আৰু কল্পনাৰ ৰূপৰেখা। আপোনাৰ দাপোন আৰু মোৰ দাপোনৰ মাজত পাৰ্থক্য আছে। পাৰ্থক্য অনুভৱৰ, পাৰ্থক্য জীৱন-দৰ্শনৰ। দাপোন মোৰ প্ৰিয়, কাৰণ হয়তো দাপোনৰ বাহিৰে আন কোনেও দেখা নাপায় মোৰ হৃদয়ৰ অন্তৰ্ভাগত বৈ থকা শব্দৰ প্ৰতিবিম্ব। 

আচলতে মোৰ কিবা এটা হৈছে, কি হৈছে মই নিজেই নাজানো, যি কথা কেৱল দাপোনখনে জানে, কিন্তু একো ক'ব নোৱাৰে।

                                   ✍ কন্দৰ্পজিৎ

05/05/2024

সংযোগ

সংযোগ 
======

ৰচী ছিগি যায় 
বৈদ্যুতিক তাঁৰ ছিগি যায় 
পথ ছিগি যায় 
কাপোৰ ছিগি যায় 
কেতিয়াবা সম্পৰ্কও ছিগি যায়

ওপৰোক্ত আটাইবোৰেই যোৰা দিব পাৰি 
যদিহে সংযোগাত্মক মানসিকতা থাকে

যোৰা লগাই দিব‌ বিচৰাসকলেই মানুহ 
ছিগি দিব বিচৰাসকলেই মানুহৰ কায়া

আহক
সময়বোৰ যোৰা দিওঁ 
সপোনবোৰ যোৰা দিওঁ

আহক 
সকলোৱে এবাৰ আওৰাও
“সৰ্বে ভৱন্তু সুখীনঃ
সৰ্বে সন্তু নিৰাময়ঃ”

                               ✍ কন্দৰ্পজিৎ

02/04/2019

যন্ত্ৰ

কেতিয়াবা কেতিয়াবা কান্দিব বিচাৰিও
                            কন্দাৰ সময় নাথাকে !
অনুভৱ হয় যান্ত্ৰিক যুগৰ ময়ো এটা যন্ত্ৰ ।

29/01/2019

জীৱনৰ_বাটে-ঘাটে

                                (১)

            এতিয়া বিয়াৰ বতৰ । গাঁৱে-ভূঁয়ে সকলোতে খাদ্য পৰিৱেশনৰ বাবে "কেটাৰিং" ব্যৱস্থা চলে । যুগৰ পৰিৱৰ্তন হৈছে, মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হৈছে । সেয়ে উক্ত ব্যৱস্থাক লৈ মোৰ ব্যক্তিগত কোনো মন্তব্য দিব বিচৰা নাই । কোকৰাঝাৰ আৰু ধুবুৰী জিলাত  থলুৱা মানুহৰ ঘৰত বাংলা ভাষী কেটাৰাৰক মতা হয় । এইক্ষেত্ৰতো মোৰ আপত্তি নাই । সিহঁতো আমাৰ ইয়াত বাস কৰি থকা পুৰণি বাসিন্দা । কিন্তু মোৰ আপত্তি হ'ল সিহঁতে থলুৱা মানুহৰ ঘৰত বাংলা ভাষাত ফলক (পোষ্টাৰ) লগোৱা কাৰ্য তথা বাংলা ভাষাৰ ব্যৱহাৰ । বাংলা ভাষী মানুহৰ ঘৰত বাংলা ভাষাত ফলক লগালে বা বাংলা ভাষা ব্যৱহাৰ কৰিলে মোৰ ক'ব লগা একো নাই । সিহঁতে ব্যৱসায়ৰ খাতিৰতো আমাৰ ভাষা ব্যৱহাৰ নকৰাটো পৰিতাপৰ বিষয় । দ্বিতীয়তে এই ক্ষেত্ৰত আমাৰ মানুহৰ নিৰৱতা তথা তৎপৰহীনতা হোৱা কাৰ্য খুবেই দুৰ্ভাগ্যজনক । কাৰণ মোৰ ঘৰত যদি মই বেলেগ ভাষাৰ পোষ্টাৰ লগাবলৈ নিদিওঁ সিহঁতে লগাব নোৱাৰিব ।
           মই বাংলা ভাষাৰ বিৰোধি নহওঁ, প্ৰয়োজন সাপেক্ষে বাংলা ভাষা কওঁ, বাংলা ভাষাত লিখোঁ । সকলো ভাষাকেই সন্মান কৰোঁ । মই বিচাৰোঁ সিহঁতেও প্ৰয়োজন সাপেক্ষে আন ভাষা ব্যৱহাৰ কৰক ।
          বহুতো বাংলা ভাষী মানুহে আমাৰ লগত আমাৰ ভাষা ব্যৱহাৰ কৰে । আমিও সিহঁতৰ ভাষা কওঁ । মই সকলোকে কোৱা নাই । অনুগ্ৰহ কৰি উক্ত পোষ্টটোৰ মূল উদ্দেশ্য নুবুজাকৈ বিতৰ্ক নকৰে যেন ।

                            (২)
       কিছুমান মানুহৰ পোচাক সলনি হ'লে মুখৰ ভাষাও সলনি হয় । ৰাজহুৱা স্থানত উচ্চ আধুনিক ভাষা ওলায় । যি গ্ৰাম্যাঞ্চলৰ ভাষাৰ মাজত সৰুৰ পৰা ডাঙৰ হয় সেই ভাষা ৰাজহুৱা স্থানত ক'বলৈ বহুতেই সংকোচবোধ কৰে । এইবোৰ কাৰণতেই বহু ভাৰতীয় ভাষা হেৰাই গৈছে । আৰু বহু ভাষা হেৰাই যোৱাৰ উপক্ৰম হৈছে ।

                          ‌    (৩)

          চিকিৎসকৰ চেম্বাৰ যেন ভাৰতীয় ভাষাৰ কচাইখানা! ঊর্ধ্বাঙ্গৰ পৰা নিম্নাঙ্গ, বক্ষৰ পৰা নিতম্ব আদি সকলো অঙ্গ-প্রত্যঙ্গৰ নাম ইয়াত ইংৰাজী ভাষাত ব্যৱহাৰ কৰা হয় । এই ক্ষেত্ৰত ভাৰতীয় ভাষাৰ শব্দ ইমানেই ‘অশ্লীল’ বুলি বিবেচিত যে কিবাকৈ এই অঙ্গৰ নাম আঞ্চলিক শব্দত কাৰোবাৰ মুখেৰে ওলালে সভ্য সমাজৰ ব্যক্তিয়ে মূৰ ঘূৰোৱা দেখা যায় । Urine বুলি ক'লে সভ্যতাৰ পৰিচয় । প্ৰেচাৱ বা প্ৰস্ৰাৱ বুলি ক'লে বহুতেই অৰ্ধ শিক্ষিত বুলি ভাবি লয় । মুত বা মুতা বুলি ক'লে অশিক্ষিত তথা অসভ্য বুলি ভাবে । বহুতে আপত্তিও কৰে । কিন্তু সেই সকল শিক্ষিত ব্যক্তিয়ে হয়তো নাজানে সংস্কৃতত মুত্ৰ বুলি কোৱা হয় ।

#কন্দৰ্পজিৎ


         এটা জাতিক নিশ্চিহ্ন কৰিবলৈ বোমা ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই, সিহঁতৰ ভাষা ধ্বংস কৰি দিলেই যথেষ্ট। - নোৱাম চমস্কি

18/01/2019

জলবেশ্যা

সুন্দৰবনৰ জলসীমাত ৰাজত্ব কৰে কিছুমান জলদস্যু ৷ সিহঁতে অবৈধভাবে বাঘ চিকাৰ কৰে, চামৰা বিক্ৰী কৰে বিদেশত ৷ ইয়াৰ উপৰিও সৰু ডাঙৰ লুটপাটতো আছেই ৷ এই জলদস্যুসকলে নানা ঠাইত ডকাইতি কৰিবলৈ গৈ উঠাই আনে গাঁৱৰ ছোৱালী বিলাকক ৷ নিজৰ যৌনক্ষুধা পৰিপূৰ্ণ কৰাৰ লগতে সিহঁতে এই ছোৱালী বিলাকক দি যৌন ব্যবসায় চালায় ৷ সুন্দৰবন এলাকাত নৌকাৰ বা নাওৰ ওপৰতে চলি থাকে সেই ভাসমান ‘বেশ্যাপল্লী’ । আৰু সেয়ে সেই ছোৱালী বিলাকক কোৱা হয় ‘জলবেশ্যা’ ৷

বাংলাদেশৰ প্ৰখ্যাত কবি সাহিত্যিক আল মাহমুদে জলবেশ্যা  নামৰ এটি গল্প লিখিছিল ৷ সেই কাহিনীটোৰ মূলত আছে এনে এদল ছোৱালী যিসকল একলগে বেদেনী আৰু বেশ্যা ৷ সিহঁত ভাঁহি ফুৰে সুন্দৰবনৰ গভীৰ অৰণ্যৰ কাষেৰে বৈ থকা খাঁড়িত (উপ নদীত) ৷  সাপৰ বিষ বিক্ৰী কৰাৰ লগতে সিহঁতে ৰাতিৰ সময়ত বিক্ৰী কৰে সিহঁতৰ শৰীৰো ৷ ইহঁতৰ মূৰৰ ওপৰত চৰ্দাৰ হিচাবে থাকে এজন জল-মাফিয়া, যাৰ নেতৃত্বত গোপনে সুন্দৰবনৰ বাঘৰ চামৰা, হৰিণাৰ চামৰা, কাঠ আদি ৰপ্তানি হয়, তেনেদৰেই সংলগ্ন দুইদেশৰ মাজত চোৰাং ভাবে চালান হয় আৰু অনেক বস্তু ৷ জঙ্গলৰ ’কোৰ এৰিয়া’, য’ত সাধাৰণ ব্যক্তিৰ প্ৰবেশ নিষেধ, তাতেই ইহঁতৰ গোপন বাণিজ্যৰ ডেৰা (জুপুৰী) ৷ দুইদেশৰ প্ৰশাসনক বুড়া আঙুলি দেখুৱাই দলবল লৈ দিনে নিশাই ইহঁতৰ ৰাজত্ব ৷ ইহঁত কোনো কাল্পনিক চৰিত্ৰ নহয় ৷ বৰঞ্চ অধিক মাত্ৰাতেই বাস্তৱিক ৷

উক্ত ঘটনাৰ আলমত কলকাতাৰ পৰা টান নামৰ এখন ১৮+ বাংলা ছবি নিৰ্মাণ কৰিছিল ৷ মই কালি YouTubeত দেখিছোঁ ৷ হৃদয়স্পৰ্শী কাহিনী ৷ ১৮+ দৃশ্য বিশেষ নাই ৷ অৱশ্যে মুখৰ ভাষাত অশ্লীলতা বিদ্যমান ৷ উক্ত অঞ্চলত তেনে অশ্লীল শব্দ মুকলি ভাবেই ব্যৱহাৰ হয় ৷ আৰু সেই অঞ্চলৰ কথিত ভাষাৰ ব্যৱহাৰে চিনেমাখনক বিশেষ ৰূপত আকৰ্ষণীয় কৰি তুলিছে বুলি ভাবোঁ ৷ ঋতুপৰ্ণা সেনগুপ্তা অভিনয়ৰ লগতে জুবিন গাৰ্গ  কণ্ঠই কাহিনীটো আৰু অধিক হৃদয়স্পৰ্শী কৰি তুলিছে