04/06/2023

ঝুমবালিকা

ঝুমবালিকা, 
এদিন তোমাৰ 
শ্যামবৰ্ণ লাস্যময়ী চেহেৰাত 
মই ফ়িদা আছিলোঁ

এতিয়া এইবোৰ 
সাধুকথাৰ চৰিত্ৰৰ দৰে অতীত

তুমি এতিয়া “কিচ্ছাৰ ৰাজকুমাৰী”
আৰু মই মৃতপ্ৰায় দিৱানা

আকৌ এবাৰ 
তোমাৰ প্ৰেমত পৰিবলৈ মন যায়
হৃদয়খন কেৰেকি উন্মাদ হ'ব পৰাকৈ
দুপৰনিশা

ঝুমবালিকা,
তোমাৰ বাবেই এদিন দিবানা হৈ
পুথিভঁৰালত পঢ়িছিলোঁ
অপ্ৰেমৰ অকবিতা

আজি আকৌ এবাৰ
য়াদো কি বাৰিশ কী ইন্তজাৰ মেঁ

ৰিক্ত হাত
ৰিক্ত দিল
ৰিক্ত সময়
অথচ আজিও মোৰ 
দুচকুত আঁকি লওঁ
ডাৰ্ক কালাৰচ্ 
কালাৰিং পেইণ্টিং 

ঝুমবালিকা ...................
ঝুমবালিকা ................... !!!!!!

#কন্দৰ্পজিৎ

13/05/2023

ᥬ𑐣শ། 𑇖૨ 𑐔𑐖།ৰ 𑐀𑐎ᥬ𑐔𑐜།

বতাহত ভাহিঁ আহি আছে
                  কিছুমান শব্দ

                  কোনোবাই কান্দি আছে
                কোনোবাই চিঞৰি আছে
কোনোবাই ছট্‌ফটাই আছে যন্ত্ৰনাত

          আচলতে কোনোবাই 
                  কান্দি আছে নে 
          আচলতে কোনোবাই 
                চিঞৰি আছে নে 
          আচলতে কোনোবাই 
ছট্‌ফটাই আছে নে যন্ত্ৰনাত

নে বতাহত ভাঁহি আহি আছে
        মৌথুনৰ নিশাদ-গান্ধাৰ

                            যিমানেই ৰাতি বাঢ়ে
                        সিমানেই কেঁকনি বাঢ়ে
যেন নৰিয়াত পৰি কান্দি আছে সময়ে

                        সময়, মোক দুছেও কৰা
            এছেও ৰাখি দিয়া সভ্য সমাজত
আন এছেও বন্দি কৰা অশ্লীল আন্ধাৰত

                                          #কন্দৰ্পজিৎ

01/05/2023

ভালে আছুং

সত্যয় হউক বা
মিছায় হউক
বৰ্তমান মুঁই ভালে আছুং

খায়ায় আছুং চাই নাখেয়ায় আছু্ং
বৰ্তমান মুঁই ভালে আছুং

সুখতে আছুং কিম্বা দুখতে
বৰ্তমান মুঁই ভালে আছুং

মিছা কথা ক'বাৰ জানাটাও 
আক্‌টা কলা (Arts)
মিছা কৰিয়া হৈলেও
বৰ্তমান মুঁই ভালে আছুং

বিঃদ্ৰঃ - পৃথিবীত সব থাকিয়া বেসি কৰিয়া কোৱা মিছা কথাটায় হৈল ... "ভালে আছুং" 🤔

✍ কন্দৰ্পজিৎ

অনুপ্ৰেৰণা / উৎস : Sanjib Kumar Choudhury

মুঁই খুজিয়া থাকা মুখখান‌ হঠাৎ বিছ্‌ৰিয়া পালুং

মুঁই খুজিয়া থাকা মুখখান‌ 
হঠাৎ বিছ্‌ৰিয়া পালুং

মুঁই খুজিয়া থাকা মুখখান‌ 
কুনো হিন্দুৰ নাহায়
মুঁই খুজিয়া থাকা মুখখান‌
কুনো মুছলমানেৰ নাহায় 

মুঁই খুজিয়া থাকা মুখখান‌
আকজন মানুসেৰ মুখ
যেইখান মুখ
মুখেৰ ফা‌ঁকেৰ মুখা নাহায়
যেইখান মুখ কুনো মানুসেৰ নাহায়
যেইখান মুখ মানুসেৰ উপৰেৰ মানুসেৰ

হয়,
এমন আখান মুখেৰেয়
অপেক্ষাত আছিলুং মুঁই
কৌটি কৌটি বছৰ ধৰিয়া

হঠাৎ লাগাল পালুং অ'ক
কুনো আকটা ভিৰেৰ মাজত

(সবিশেষ পৰে হৈবে
পৰে আকদিন কৈম)

✍ কন্দৰ্পজিৎ

07/04/2023

৩৬

.................. ৩৬ ..................

সময় গৈ থাকে
         গৈ গৈ ৰৈ যায়
         থমকি ৰ'য়
পুনঃ গৈ গৈ ৰৈ নোযোৱাৰ আশাত বন্দী হৈ

        গৈ গৈ ৩৫ টা বছৰ পাৰ হৈ গ'ল
ৰৈ ৰৈ স্মৃতিবোৰ মাথোঁ বকুত থমকি ৰ'ল

পাৰ হৈ যোৱা ধুমুহাই বিধ্বস্ত কৰা হৃদয়খনত
হঠাৎ সপোনবোৰ পৰাস্ত হৈ সৰি পৰিল

                    সৰি পৰিল মানে পৰিলেই

তথাপিও মৰুভূমিৰ মাজতো
           পানীৰ সপোন দেখোঁ
      কিন্তু জীৱনৰ গণিত বৰ জটিল

                       x-35 = ৰৈ থকা সময়
ধৰি লোৱা হ'ল x = Avg. Age 
                     ∴ x = 70
                           ∴ 70-35
                           = ³⁵/₇₀ 
                           = ½ %

ৰছীডাল দুটুকুৰা হ'ল
              এটুকুৰা ইফালে
              এটুকুৰা সিফালে
          মাজত ওলমি মই

প্ৰতিবছৰে একো একোটা সংখ্যাক
আদৰণি জনোৱাৰ দৰে 
এইবাৰ আদৰণি জনাব নোৱাৰিলোঁ 
36 - তোমাক🕯️

মই যিয়েই কৰোঁ বা নকৰোঁ
           সময় গৈয়েই থাকিব
                            ৰৈ নাযায় কেতিয়াও
ৰৈ নোযোৱালৈকে উশাহ-নিশাহ

গোপনে গোপনে
              অকলে অকলে
        সংগোপনে বিদায় জনালোঁ
                                     ৬ এপ্ৰিল

                     নাহিব অ' ৬ এপ্ৰিল 
মোৰ উশাহবোৰ চুটি হৈ যায় অ' !

                                        ৬ এপ্ৰিল !
     কিদৰে আদৰণি জনাম তোমাক ?
মই যে ইপাৰৰ পৰা সিপাৰ নেদেখোঁ !

                                 ✍ কন্দৰ্পজিৎ

17/03/2022

👞 জোতা 👞

(বেচৰকাৰী স্কুলৰ 
শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি)

মহোদয়, 
সদায় জোতা জোতা কৈ নাথাকিব

মহোদয়, কাৰনো মন নাযায় 
নিজৰ সন্তানক এযোৰ 
নতুন জোতা কিনি দিবলৈ

মহোদয়, আপুনি বা আপোনালোকে 
নক'লেও মই বুজিব পাৰোঁ
মোৰ সন্তানৰ মনৰ কথা

কিন্তু মহোদয়, 
সময় যে বৰ কঠোৰ
বৰ কঠিন

ক'লেইতো ‌সকলো হৈ নাযায়
ক'লেইতো 
শাকা-লাকা বুম-বুমৰ পেঞ্চিলেৰে
আঁকি বনাই দিব নোৱাৰো
এযোৰ জোতা

মহোদয়, আমি দুখীয়া মানুহ
তথাপিও স্বপ্ন দেখো
স্বপ্ন দেখো 
নিজৰ সন্তানক ডাঙৰ কৰাৰ
কিন্তু ক'ৰোনাৰ নাটকখনৰ দ্বাৰা
আমি বাৰুকৈয়ে জৰ্জৰিত

মহোদয়, ক'বলৈ গ'লে
হৃদয়ত বহু শব্দই 
বহু বাক্যৰ সৃষ্টি কৰে
তাৰ পিছতো বাকৰূদ্ধ হৈ যাওঁ

মহোদয়, আৰু বেছি নকওঁ
অনুগ্ৰহ কৰি সদায় 
জোতাৰ কথা নক'বচোন
মোৰ সন্তানে যে ক'ব বিচাৰিও 
ক'ব নোৱাৰে মোক

মই কেৱল
ইকানে-সিকানে শুনো
আৰু ......

আৰু একো নহয় দিয়ক
অনুগ্ৰহ কৰি সদায় 
জোতাৰ কথা নক'বচোন


✍ কন্দৰ্পজিৎ

19/09/2020

ক’ৰোনা আৰু ভগৱান দুয়ো একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি


কিছুমান মানুহে ভগৱানৰ অস্তিত্বক বিশ্বাস কৰে
আন কিছুমানে নকৰে
ঠিক তেনেদৰেই কিছুমানৰ মতে ক’ৰোনা আছে
কিছুমানৰ মতে নাই

ধৰ্মৰ চকুৰে হেনো ভগৱানক দেখা যায়
ঠিক তেনেকৈয়ে 
বিজ্ঞানৰ দৃষ্টিৰে দেখা যায় ক’ৰোনাক
কিন্তু আমাৰ সাধাৰণ দুচকুত
ক’ৰোনা আৰু ভগৱান দুয়ো অদৃশ্য

ধৰ্মই ভগৱানৰ ৰূপ আঁকে
ঠিক তেনেদৰেই বিজ্ঞানে দেখুৱায় আমাক
ক’ৰোনাৰ চিত্ৰ

ভগৱান আছে বুলি কোৱা সকল আস্তিক
ভগৱান নাই বুলি কোৱা সকল নাস্তিক

ক’ৰোনা আছে বুলি কোৱা সকল হেনো গেৰুৱা
ক’ৰোনা নাই বুলি কোৱা সকল হেনো সেউজীয়া

মানুহৰ কথা এইবোৰ
মই ভাই নাজানো 
সেউজীয়া নে হালধীয়া

কাৰণ মই অজ্ঞেয়বাদী

আস্তিকে নাস্তিকৰ বিৰুদ্ধে প্ৰতিবাদ কৰে
নাস্তিকেও আস্তিকৰ বিৰুদ্ধে 
কলা পতাকা উৰুৱায়
কেতিয়াবা এই প্ৰতিবাদত পথাৰ হয়
ৰক্তৰ দৰে ৰঙা
এইক্ষেত্ৰতো ঠিক তেনেকুৱাই

অজ্ঞেয়বাদীয়ে একো মন্তব্য নিদিয়ে
যদিওবা তেৱঁৰো ভিতৰত থাকে কিছু অনুভূতি
কিন্তু নিবিচাৰে তেওঁ তেজৰ পৃথিৱী

ঠিক তেনেদৰে ক’ৰোনাৰ ক্ষেত্ৰতো 
বহুতেই অজ্ঞেয়বাদৰ ভূমিকা পালন কৰে
কাৰণ নৈখনৰ পানীত আছে ঘঁৰিয়াল
আৰু পাৰত আছে নাহৰফুটুকী বাঘ

আস্তিকৰ মতে
ভগৱানে আমাক পৰিচালনা কৰে
পৰিচালনা কৰে
আমাৰ জীৱন আৰু মৃত্যু

ঠিক তেনেদৰে বহুতৰে মতে
সম্প্ৰতি ক’ৰোনাই আমাক পৰিচালনা কৰে
পৰিচালনা কৰে
আমাৰ জীৱন আৰু মৃত্যু

ভগৱানৰ নামত কিছুমানে 
উপাৰ্জনৰ পথ বাচি লয়
ঠিক তেনেদৰেই 
বৰ্তমান কিছুমানে উপাৰ্জনৰ পথ বাচি লয়
ক’ৰোনাৰ নামত

ভগৱানক কোনে সৃষ্টি কৰিছে? 
মানুহে। 
ক’ৰোনাৰ সৃষ্টি কোনে কৰিছে? 
এইটোও মানুহে। 

ভগৱানক লৈ যিদৰে ধৰ্মৰ মতানৈক্য আছে
ঠিক তেনেদৰে ক’ৰোনাক লৈও 
ভিন্ন দেশত ভিন্ন নিয়ম

ধৰ্মই সময়ে সময়ে ৰূপ পৰিৱৰ্তন কৰে
ঠিক তেনেদৰেই সময়ে সময়ে পৰিৱৰ্তন হয়
ক’ৰোনাক লৈ পালন কৰিব লগীয়া
নীতি-নিৰ্দেশনা

ধাৰ্মিকৰ মতে সমস্ত বিশ্বব্ৰহ্মাণ্ড
ভগৱানৰ অধীনত
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সম্প্ৰতি গোটেই পৃথিৱী
ক’ৰোনা অধীনত

বিঃদ্ৰঃ - 
কাৰোবাৰ মতে আকৌ 
ক’ৰোনাও এগৰাকী দেৱী

মোৰ বোধেৰে
সেয়া একান্ত ব্যক্তিগত কথা

কাৰণ বিশ্বাসে মিলয় হৰি
ক’ৰোনাও বিশ্বাস 
খালী চুকুৰে দেখা পোৱা নাযায়

ঠিক তেনেদৰেই যাৰ যি বিশ্বাস 

কাৰোবাৰ মতে ক’ৰোনা মহামাৰী
কাৰোবাৰ মতে সাধাৰণ বেমাৰ
তেনেদৰেই আন কাৰোবাৰ মতে 
অদৃশ্য শক্তি অথবা দেৱী 

আৰে ভাই, যাৰ যি বিচাৰ সেয়াই ভগৱান
যাৰ যি মানসিক অনুভূতি সেয়াই ক’ৰোনা

মুঠতে 
আপুনি যেনেদৰেই বিচাৰ বিশ্লেষণ নকৰক কিয়
এয়া চিৰন্তন সত্য যে
ক’ৰোনা আৰু ভগৱান দুয়ো 
একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি! 

© কন্দৰ্পজিৎ কল্লোল