সময় গৈ থাকে
গৈ গৈ ৰৈ যায়
থমকি ৰ'য়
পুনঃ গৈ গৈ ৰৈ নোযোৱাৰ আশাত বন্দী হৈ
গৈ গৈ ৩৫ টা বছৰ পাৰ হৈ গ'ল
ৰৈ ৰৈ স্মৃতিবোৰ মাথোঁ বকুত থমকি ৰ'ল
পাৰ হৈ যোৱা ধুমুহাই বিধ্বস্ত কৰা হৃদয়খনত
হঠাৎ সপোনবোৰ পৰাস্ত হৈ সৰি পৰিল
সৰি পৰিল মানে পৰিলেই
তথাপিও মৰুভূমিৰ মাজতো
পানীৰ সপোন দেখোঁ
কিন্তু জীৱনৰ গণিত বৰ জটিল
x-35 = ৰৈ থকা সময়
ধৰি লোৱা হ'ল x = Avg. Age
∴ x = 70
∴ 70-35
= ³⁵/₇₀
= ½ %
ৰছীডাল দুটুকুৰা হ'ল
এটুকুৰা ইফালে
এটুকুৰা সিফালে
মাজত ওলমি মই
প্ৰতিবছৰে একো একোটা সংখ্যাক
আদৰণি জনোৱাৰ দৰে
এইবাৰ আদৰণি জনাব নোৱাৰিলোঁ
36 - তোমাক🕯️
মই যিয়েই কৰোঁ বা নকৰোঁ
সময় গৈয়েই থাকিব
ৰৈ নাযায় কেতিয়াও
ৰৈ নোযোৱালৈকে উশাহ-নিশাহ
গোপনে গোপনে
অকলে অকলে
সংগোপনে বিদায় জনালোঁ
৬ এপ্ৰিল
নাহিব অ' ৬ এপ্ৰিল
মোৰ উশাহবোৰ চুটি হৈ যায় অ' !
৬ এপ্ৰিল !
কিদৰে আদৰণি জনাম তোমাক ?
মই যে ইপাৰৰ পৰা সিপাৰ নেদেখোঁ !
✍ কন্দৰ্পজিৎ
No comments:
Post a Comment