Showing posts with label কামতাপুৰী কবিতা. Show all posts
Showing posts with label কামতাপুৰী কবিতা. Show all posts

09/03/2024

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং

কা꯭ই꯭ল্কা꯭ যে꯭ঠে꯭ই ꯭মুঁ꯭ই ꯭খা꯭ড়া꯭ হ꯭য়া꯭ আ꯭ছি꯭লুং꯭

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
আইজ্কা অঠেই মুঁই নাই

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অঠেই আছিল স্বৰ্ণীল সৰীসৃপ শ্বাপদ

আইজ্কা যেঠেই মুঁই খাড়া হয়া আছুং
এঠেই আছে কণ্টক কেকটাছ সদৃশ উদ্ভিদ

কাইল্কা আকজন ৰাম আছিল
অয় আছিল নিৰ্গুণ নিৰাকাৰ ৰাম

আইজ্কাও আকজন ৰাম আছে
এয় হৈল ৰঙীন বৈভব সমৃদ্ধ ৰাম

ৰামতো ৰামেএ আছিল
ৰাম কুনোদিনে শ্যাম নাছিল

আইজ্কা ৰামেৰ ভিত্‌ৰাত শ্যাম
শ্যামেৰ ভিত্‌ৰাত ৰাম

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অঠেই আকজন হজৰত আছিল
নিজে বদলিয়া 
অন্যকো বদলেয়া দিবাৰ পাওয়া হজৰত

আইজ্কাও আকজন হজৰত আছে
হালাল আৰ্ হাৰামেৰ মাজত 
ঝুলিয়া থাকা হজৰত

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অঠেই আকজন বুদ্ধ আছিল
অঘৰী বুদ্ধ
জনগণেৰ মুক্তিৰ পথ বিছৰিয়া
উন্মাদ বুদ্ধ
বুদ্ধং শৰণং গোস্বামী
সংঘং শৰণং গোস্বামী

আইজ্কাও আকজন বুদ্ধ আছে
কোভিড নাইনটিনেৰ মাজত 
চেপ্টা খায়া ৰুগ্ন হোআ বুদ্ধ

কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অঠেই আকজন যীশু আছিল
নিজে কষ্ট ভুগিয়া
অন্যক ঘাটা দেখোআ যীশু

আইজ্কাও আকজন যীশু আছে
ঘাটা ছাড়িয়া বেঘাটাত বেড়োআ যীশু

আসলতে সময় বদলিছে না মুঁই

না কাইল্কাৰ মুঁই
আইজ্কা আৰ্ মুঁই হোয়া নাই

কিজানিবা 
কাইল্কা যেঠেই মুঁই খাড়া হয়া আছিলুং
অইজন মুঁয়েয় আছিলুং

আৰ্
আইজ্কা যেঠেই মুঁই খাড়া হয়া আছুং
এঠেই কিজানিবা মুঁয়েই নাই

আছে আৰ্ নাইৰ ধামখামাত
ধোঙাচ্ছন্ন আকটা জীবন যুঁজিয়া
হয়তো বৰ্তমান অন্য আকজন মুঁই!

01/05/2023

ভালে আছুং

সত্যয় হউক বা
মিছায় হউক
বৰ্তমান মুঁই ভালে আছুং

খায়ায় আছুং চাই নাখেয়ায় আছু্ং
বৰ্তমান মুঁই ভালে আছুং

সুখতে আছুং কিম্বা দুখতে
বৰ্তমান মুঁই ভালে আছুং

মিছা কথা ক'বাৰ জানাটাও 
আক্‌টা কলা (Arts)
মিছা কৰিয়া হৈলেও
বৰ্তমান মুঁই ভালে আছুং

বিঃদ্ৰঃ - পৃথিবীত সব থাকিয়া বেসি কৰিয়া কোৱা মিছা কথাটায় হৈল ... "ভালে আছুং" 🤔

✍ কন্দৰ্পজিৎ

অনুপ্ৰেৰণা / উৎস : Sanjib Kumar Choudhury

মুঁই খুজিয়া থাকা মুখখান‌ হঠাৎ বিছ্‌ৰিয়া পালুং

মুঁই খুজিয়া থাকা মুখখান‌ 
হঠাৎ বিছ্‌ৰিয়া পালুং

মুঁই খুজিয়া থাকা মুখখান‌ 
কুনো হিন্দুৰ নাহায়
মুঁই খুজিয়া থাকা মুখখান‌
কুনো মুছলমানেৰ নাহায় 

মুঁই খুজিয়া থাকা মুখখান‌
আকজন মানুসেৰ মুখ
যেইখান মুখ
মুখেৰ ফা‌ঁকেৰ মুখা নাহায়
যেইখান মুখ কুনো মানুসেৰ নাহায়
যেইখান মুখ মানুসেৰ উপৰেৰ মানুসেৰ

হয়,
এমন আখান মুখেৰেয়
অপেক্ষাত আছিলুং মুঁই
কৌটি কৌটি বছৰ ধৰিয়া

হঠাৎ লাগাল পালুং অ'ক
কুনো আকটা ভিৰেৰ মাজত

(সবিশেষ পৰে হৈবে
পৰে আকদিন কৈম)

✍ কন্দৰ্পজিৎ

29/01/2019

#অকবিতা - জ্বলি উঠুক শব্দৰ #ফুৰ্ঙা


এঠেই খাড়া হোয়া থাকা মুঁই মানুসটা
মুঁইয়েয় না
না সময়েৰ ধামখামাত হাৰেয়া যাৱা
মোৰ কায়া !
সময় বদলিল ৰাস্তা-ঘাটা বদলিল
বদলিল কবিতাৰ ভাষা শব্দ বাক্য

মুঁই সম্প্ৰতি শব্দহীনতাত দিন কাটাং
তাৰ পৰে কি কবিতা কিসেৰ কবিতা
যেই সময় সময়েৰ গদ্যয় মাথাত ডাঙায়
দলিবালিয়ে ইটাল ভাঙোৱাৰ মতন কৰিয়া
অই সময় আৰ্ কিসেৰ কবিতা

পৰিবৰ্তন
পৰিবৰ্তনেৰ হাৱাত
চলো পাল্টাই কবিতাৰ ভাষা
এলা আৰ্ কবিতা নাহয়
জ্বলি উঠুক শব্দৰ ফুৰ্ঙা

বিঃদ্ৰঃ - ফুৰ্ঙাৰ থাকিয়াও খাণ্ডব দাহ হয় ।

#কন্দৰ্পজিৎ