07/07/2023

হিন্দুৰ ব্ৰাহ্মণ্যবাদ, ধৰ্মান্তকৰণ, ভাৰতত বৌদ্ধৰ পতন আৰু দেৱদাসী প্ৰথা

(হেমন্ত শৰ্মাৰ ফেচবুক প'ষ্টৰ আঁতধৰি)

১/ মানক বা নামানক, ব্ৰাহ্মণৰ হৃদয় মানৱতাৰে ভৰা। 
     হয়, ব্ৰাহ্মণৰ হৃদয় ইমানেই মানৱতাৰে ভৰা যে তেওঁলোকৰ বাবেই এক শ্ৰেণীৰ হিন্দু ব্যক্তিক “অছুত” অৰ্থাৎ স্পৰ্শৰ বাহিৰত ৰখা হৈছিল। 
    ব্ৰাহ্মণৰ হৃদয় ইমানেই মানৱতাৰে ভৰা যে এইটো কৰিব নাপায়, সেইটো কৰিব নাপায় বুলি নিয়ম নিৰ্দ্ধাৰণ কৰি দিছিল আৰু নিয়ম ভঙ্গ কাৰিক প্ৰায়চিত্ত হিচাপে মানসিক, শাৰীৰিক আৰু আৰ্থিক দণ্ড দিয়া হৈছিল। এনে বহু জীৱন্ত কাহিনী আছে। তাকো ঐতিহাসিক বা প্ৰাক্ ঐতিহাসিক নহয়, স্বাধীনোত্তৰ যুগৰ কাহিনী।¹
    ব্ৰাহ্মণৰ হৃদয় ইমানেই মানৱতাৰে ভৰা যে, ভাৰতৰ বহু সনাতনী হিন্দু ব্যক্তিয়ে নিৰ্যাতন সহ্য কৰিব নোৱাৰি ধৰ্মান্তৰিত হৈছিল। আৰু তাক নাম দিয়া হৈছিল ধৰ্মান্তকৰণ। মোগল শাসন কালত কিছুসংখ্যক ব্যক্তি ভয়তে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু খ্ৰীষ্টান মিছনেৰীৰ আগমনৰ পিছত সিহঁতৰ আৰ্থিক প্ৰলোভনত কিছুমান মানু্হ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। এয়া সঁচা। কিন্তু বহু সংখ্যক লোকে ব্ৰাহ্মণ্যবাদৰ হেঁচাত স্ব-ইচ্ছাৰে ধৰ্মান্তৰিত হৈছিল।
   ব্ৰাহ্মণৰ হৃদয় ইমানেই মানৱতাৰে ভৰা যে, সৌসিদিনা এজন ব্ৰাহ্মণ নেতাই দলিতৰ মূৰত প্ৰেচাৱ কৰি দিলে।²
    আচলতে ব্ৰাহ্মণ শব্দৰ শাস্ত্ৰীয় অৰ্থৰ ব্যাখ্যাক গুৰুত্ব নিদি জন্মগত ব্ৰাহ্মণ্যবাদক আন সকলো হিন্দুৱে মানি লোৱাৰ ফলস্বৰূপে এইবোৰ ঘটনাৰ পুনৰাবৃত্তি হয়।
   ব্ৰাহ্মণৰ হৃদয় ইমানেই মানৱতাৰে ভৰা যে, জন্মগত ব্ৰাহ্মণৰ ক্ষেত্ৰত হে সেইবোৰ মানৱতাবাদৰ কথা ওলাই আহে।
     
২/ ব্ৰাহ্মণ আছে বাবেই সমাজত আধ্যাত্মিক চিন্তা চৰ্চা অব্যাহত আছে। 
     হয়, ব্ৰাহ্মণ আছে বাবেই সমাজত আধ্যাত্মিক চিন্তা চৰ্চা অব্যাহত আছে। অন্যথায় আধ্যাত্মিক চিন্তাতকৈ মানৱতাবাদী চিন্তাৰ উত্থান ঘটিলেহেঁতেন। কিন্তু ব্ৰাহ্মণ্যবাদৰ আধ্যাত্মিক নিৰ্দেশাৱলীয়ে মানৱতাবাদৰ পতন ঘটাবলৈ সক্ষম হৈছে। 
    ব্ৰাহ্মণ আছে বাবেই সিহঁতৰ চিন্তাধাৰাকে সমাজত আধ্যাত্মিক চিন্তা বুলি প্ৰচাৰ কৰি আনৰ চিন্তাধাৰাক হেঁচা প্ৰয়োগ কৰি নিঃশেষ কৰিব পাৰিছে। 
   ব্ৰাহ্মণ আছে বাবেই শংকৰদেৱৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিব পাৰিছিল, শংকৰদেৱক অসমৰ পৰা খেদি পঠিয়াব পাৰিছিল। 
   ব্ৰাহ্মণ আছে বাবেই বৌদ্ধ ধৰ্মক ভাৰতৰ পৰা নিঃশেষ কৰাৰ ক্ষেত্ৰত বহু পৰিমাণে সফল হ'ব পাৰিছে। 

৩/ আনুষ্ঠানিক শিক্ষা নাথাকিলেও ব্ৰাহ্মণৰ মগজটো বেলেগ৷
     হয়, আনুষ্ঠানিক শিক্ষা নাথাকিলেও ব্ৰাহ্মণৰ মগজটো বেলেগ৷ কাৰণ আনুষ্ঠানিক শিক্ষা নাথাকিলেও সিহঁতে শিক্ষিত ব্যক্তিৰ মগজুতো ধৰ্মৰ ঔষধ স্প্ৰে কৰিব পাৰে। সেইবাবেই আধুনিক শিক্ষাৰে শিক্ষিত হৈও, বিজ্ঞান বিষয়ত স্নাতকোত্তৰ উপাধি অৰ্জন কৰিও মানুহে তথাকথিত জন্মগত ব্ৰাহ্মণৰ চৰণ পখালি দিবলৈ অপেক্ষাৰত হৈ থাকে। 
     হয়, আনুষ্ঠানিক শিক্ষা নাথাকিলেও ব্ৰাহ্মণৰ মগজটো বেলেগ৷ কাৰণ সিহঁত যে জন্মগত ব্ৰাহ্মণ।
    খ্ৰীষ্টান পাদুৰী হ'বলৈ খ্ৰীষ্টান ধৰ্ম সম্পৰ্কে অধ্যয়ন কৰিবলগীয়া হয়, ইছলামৰ মোল্লা বা মৌলানা বা মৌলবী হ'বলৈ হ'লে ইছলাম ধৰ্ম সম্বন্ধীয় অধ্যয়নৰ প্ৰয়োজন হয়। বৌদ্ধ লামা হ'বলৈ হ'লেও বৌদ্ধ ধৰ্মৰ জ্ঞান আহৰণ কৰিবলগীয়া হয়। কিন্তু হিন্দু ধৰ্মৰ ব্ৰাহ্মণ হ'বলৈ হ'লে কোনো ধৰ্ম শাস্ত্ৰ অধ্যয়নৰ বা ধৰ্ম সম্পৰ্কে আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন নহয়। ব্ৰাহ্মণ জন্মগত। এই ধাৰণা সকলো হিন্দু ধৰ্মাৱলম্বীৰ মাজত বিয়পাই দিয়াৰ ক্ষেত্ৰতো ব্ৰাহ্মণ সকলে সফল হৈছিল, কাৰণ আনুষ্ঠানিক শিক্ষা নাথাকিলেও ব্ৰাহ্মণৰ মগজটো বেলেগ৷

    বুদ্ধদেৱ বাহিৰৰ নাছিল। কিন্তু বৰ্তমান বৌদ্ধ ধৰ্মালম্বী লোকৰ ভিতৰত বেছি সংখ্যক ম্যানমাৰ, শ্ৰীলংকা, কম্বোডিয়া, লাওচ, ভূটান আদি দেশত দেখিবলৈ পোৱা যায়। বুদ্ধদেৱে বৌদ্ধ অৰ্থাৎ বোধ বা জ্ঞানক প্ৰাধান্য দিছিল। ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে একো উল্লেখ কৰা নাছিল। সেয়ে বৌদ্ধ ধৰ্মক নাস্তিকৰ ধৰ্ম বুলি প্ৰচাৰ চলাই ভাৰতত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰতো এই বেলেগ মগজুৱে বিশেষ ভূমিকা লৈছিল। ব্ৰাহ্মণবাদৰ বিপক্ষে কবিতা লিখা বাবেই কবি নাগাৰ্জুনক দেশান্তৰিত কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা লৈছিল এই বিশেষ ধৰণৰ বেলেগ মগজুৱে। নাস্তিকৰ বিৰুদ্ধাচৰণ কৰিবলৈ মানুহৰ মন-মগজুত ধৰ্মীয় নিচাৰে নিচাশক্ত কৰি তুলিছিল এই সকলেই। নাস্তিকতাবাদ পাশ্চাত্যৰ পৰা অহা বুলি পাশ্চাত্য শিক্ষাৰ পৰাও মানুহক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল এসময়ত। অৱশ্যে নাস্তিকতাবাদৰ জন্মদাতা চাৰ্বাক যে এজন ভাৰতীয় ঋষি তথা দাৰ্শনিক আছিল আৰু তেওঁ চাৰ্বাক দৰ্শনৰ সৃষ্টি কৰিছিল, এই কথা ভাৰততে ভালদৰে প্ৰচাৰ হ'বলৈ দিয়া নাছিল।
     কিছুমানে আকৌ বুদ্ধদেৱক ভগৱানৰ নৱম অৱতাৰ বুলি কৈ বৌদ্ধ ধৰ্ম হিন্দুৰ অংশ বুলি মানুহৰ মাজত প্ৰচাৰ চলাইছিল। আন কিছুমানৰ মতে ভগৱানৰ অৱতাৰ বুদ্ধ আৰু গৌতম বুদ্ধ একেজন ব্যক্তি নহয়। এইবিষয়ে আগতে লিখিছিলোঁ।³ আনহাতে কল্কি পুৰাণৰ মতে বুদ্ধ অৱতাৰৰ যোগেদি ভগৱানে মানুহক বামানয় শাস্ত্ৰৰ প্ৰতি আকৰ্ষিত কৰি বিপথে পৰিচালিত কৰাৰ কথা আছে। ভগৱানে বাৰু মানুহক বিপথে পৰিচালিত কৰিবলৈও অৱতাৰ লয় নে? তাতেই আকৌ উল্লেখ কৰিছে যে কল্কি অৱতাৰ হৈ বৌদ্ধগণক সংহাৰ কৰিব বুলি।⁴
    শংকৰদেৱ বিৰচিত কীৰ্ত্তন-ঘোষাতো উল্লেখ আছে⁵ —
       বুদ্ধ অৱতাৰে বেদপন্থ কৰি ছন্ন ।
    বামানয় সাস্ত্ৰে মুহি আছা অজ্ঞজন ॥
     নিচিন্তে চৰন নাম নলৱে তোহ্মাৰ ।
  সদায়ে প্ৰমত্ত লোক পাষণ্ড আচাৰ ॥১৩॥

     কলিৰ শেষত হৈবা কল্কি অৱতাৰ ।
    কাটি মাৰি ম্লেছক কৰিবা বুন্দামাৰ ॥
     সবাকু বধিবা বৌদ্ধগন যত আছে ।
কলিৰ শেষত সত্য প্ৰবৰ্ত্তাইবা পাছে ॥১৪॥

   এইবোৰ শাস্ত্ৰ হয়তো বুদ্ধদেৱে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰাৰ পিছত লিখা। কল্কি পুৰাণৰ মতে - বৌদ্ধ, নাস্তিক, ম্লেচ্চক ধ্বংস কৰি কলি কালক নিঃশেষ কৰাৰ উদ্দেশ্যে ভগৱানে কল্কি হিচাপে আবিৰ্ভাৱ হ'ব। এয়া একধৰণৰ স্ববিৰোধি মনোভাৱ নহয় নে? পৃথিৱীত থকা আন কোনো ধৰ্মৰ কথা ইয়াত উল্লেখ নাই। এনে কি হিন্দুৰ ভগৱানৰ অৱতাৰ কেৱল অবিভক্ত ভাৰততে নেকি? কোনো এটা অৱতাৰতো প্ৰাচ্য বা পাশ্চাত্যৰ দেশতো হ'ব পাৰিলেহেঁতেন! কোনো হিন্দু ভগৱানৰ অৱতাৰে নাইবা কোনো হিন্দু দেৱ-দেৱীয়ে প্ৰাচ্য বা পাশ্চাত্যৰ বিশেষ ভাবে প্ৰচলিত আন বেলেগ ধৰ্মৰ অপৰাধী ব্যক্তিক দণ্ড দিয়াৰ উদাহৰণ কিয় নাই? নে সেই ধৰ্মাৱলম্বীৰ লগত বলে নোৱাৰিব বুলি তেনে শাস্ত্ৰ লিখা নহ'ল?

    তেওঁলোক চতুৰ আছিল বাবেই নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ প্ৰকৃতিৰ উপাসক সকলকো হিন্দু ধৰ্মৰ অন্তৰ্গত কৰি লৈছিল। পাহাৰীয়া জনজাতীয় লোকসকলে হিন্দু ধৰ্মৰ বিষয়ে একো নাজানিছিল। সিহঁতে গছ, শিল আদিক উপাসনা কৰিছিল। হাবিত পোৱা ফল-মূল তথা যিকোনো বন্যপ্ৰাণীৰ মাংস সিহঁতে খাইছিল। এই গছ, শিল, পাহাৰ, নদী আদিৰ উপাসনাক পূজা বুলি কৈ সিহঁতক নিজৰ মাজলৈ টানি আনিছিল, ধৰ্মীয় শিক্ষা দিছিল, কিছু পৰিমানে সংস্কাৰিত বা পৰিৱৰ্তিত কৰিছিল। কিন্তু আকোঁৱালি ল'ব পৰা নাছিল। আনহাতে সেই জনজাতীয় লোকসকলে আকৌ কিছুমান পৰম্পৰা বাদ দিব পৰা নাছিল। সেইবোৰৰ বাবেই তেওঁলোকক অন্য দৃষ্টিৰে চোৱা হৈছিল। যাৰ বাবেই পৰৱৰ্তী সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ বহুতো জনগোষ্ঠীয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। কাৰণ সিহঁতে জনজাতীয় লোকসকলক নিজৰ পৰম্পৰাগত কিছুমান অভ্যাসৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰা নাছিল।

    এই ব্ৰাহ্মণ্যবাদৰ বাবেই সৃষ্টি হৈছিল সতীদাহ প্ৰথা, দেৱদাসী প্ৰথা আৰু বহুতো। 
দেৱদাসী সকলৰ জীৱন নিৰ্বাহ সম্পৰ্কে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বৰ্তমান অধিকাংশ মানুহেই জানে সিহঁতৰ যন্ত্ৰণাময় অতীতৰ কাহিনী। কিন্তু সেইক্ষেত্ৰতো ব্ৰাহ্মণবাদী বেলেগ মগজুৱে কিদৰে সাধাৰণ মানুহৰ মন-মগজুক নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল, এই বিষয়ে কম।

     মন্দিৰত কিয় ঘণ্টা লগোৱা হয়? মন্দিৰত প্ৰৱেশ কৰাৰ পূৰ্বে কিয় ঘণ্টা বজাব লাগে? (প্ৰস্থানৰ ক্ষেত্ৰত বজাব নালাগে।) জানেনে? এই সম্পৰ্কে ব্ৰাহ্মণ সকলে কয় — “ঘণ্টা বজালে মন্দিৰত স্থাপন কৰা দেৱ-দেৱীৰ মূৰ্তিবোৰত চেতনা জাগ্ৰত হয়। ইয়াৰ পিছত মানুহে কৰা পূজা অধিক ফলপ্ৰসূ হয়।”⁶
   তাৰ মানে ঘণ্টা বজোৱাৰ আগত দেৱ-দেৱী সকল শুই থাকে নেকি? যিয়েই নহওক, ব্ৰাহ্মণৰ এই যুক্তিক তেতিয়াৰ সাধাৰণ ৰাইজে মানি লৈছিল। সময় পৰিৱৰ্তন হ'ল। মানুহৰ চিন্তাধাৰাৰ বিকাশ হ'ল। সিহঁতৰো কিছুমানে শিক্ষা লাভ কৰি সকলো কথা বুজিব পাৰিছিল। কিন্তু ব্ৰাহ্মণ্যবাদৰ পতন ঘটাটো সিহঁতে নিবিচাৰে।
      তাৰ পিছত কিছুমান শিক্ষিত ব্ৰাহ্মণে ঘণ্টাৰ লগত বৈজ্ঞানিক সম্পৰ্ক স্থাপনৰ চেষ্টা কৰি নতুন যুক্তি দাঙি ধৰিলে — ঘণ্টা বাজিলে ইয়াৰ শব্দই বায়ুমণ্ডলত এক প্ৰবল কম্পনৰ সৃষ্টি কৰে। বতাহৰ বাবে ই কেৱল ওচৰতে নহয় বহু দূৰলৈও যায়। যাৰ বাবে পৰিৱেশত উপস্থিত থকা ক্ষতিকাৰক বেক্টেৰিয়া, ভাইৰাছ আৰু অণুজীৱবোৰ ঘণ্টাৰ কম্পনৰ প্ৰভাৱত ধ্বংস হৈ আমাৰ চৌপাশৰ পৰিৱেশ বিশুদ্ধ হৈ পৰে। তাৰোপৰি ঘণ্টাৰ শব্দৰ পৰা নিৰ্গত শব্দ সাত ছেকেণ্ডলৈকে প্ৰতিধ্বনিত হৈ থাকে। ঘণ্টাৰ প্ৰতিধ্বনিয়ে কিছু সময়ৰ বাবে আমাৰ শৰীৰৰ সাতটা চক্ৰ সক্ৰিয় কৰে, যাৰ ফলত নেতিবাচক চিন্তাৰ অন্ত পৰে আৰু শৰীৰটো ধনাত্মক শক্তিৰে ভৰি পৰে।⁷
    এইবিলাক আছিল মানুহক বুজনি দিয়াৰ বিভিন্ন কৌশল। কাৰণ সিহঁতৰ মগজু আন মানুহতকৈ পৃথক। বেলেগ মগজুৰ অধিকাৰী সিহঁত। এতিয়া আহো আচল কাহিনীলৈ — মন্দিৰৰ পূজাৰী সকলে দেৱদাসী সকলৰ লগত বিভিন্ন সময়ত যৌন সম্পৰ্ক স্থাপন কৰিছিল। সেয়ে সিহঁতে আলোচনা কৰি মন্দিৰৰ ঠিক বাহিৰৰ গেটত ঘণ্টাটো ওলোমাই থোৱাৰ ব্যৱস্থা কৰিছিল আৰু ভক্ত সকলৰ মনত অন্য এক ধাৰণা দিয়া হৈছিল। যাতে তেওঁলোকে প্ৰৱেশৰ পূৰ্বে কেইবাবাৰমান ঘণ্টা বজায়। কাৰণ ঘণ্টা বাজিলে পূজাৰীয়ে কোনোবা আহিছে বুলি গম পাব আৰু সচেতন হ'ব পাৰিব।⁸
    পৰম্পৰাগত ভাবে চলি অহা বাবে বৰ্তমানো এই নিয়ম প্ৰচলিত। বৰ্তমান আন একো কোনো বিশেষ কাৰণ নাই, যিহেতু বৰ্তমান দেৱদাসী প্ৰথা নাই। কিন্তু পৰম্পৰাগতভাৱে নিয়ম এটা হোৱাৰ পিছত সেই নিয়ম চলি থাকে।

   যিয়েই নহওক মানৱতাবাদেৰে ভৰা এই ব্ৰাহ্মণসকলক, আধ্যাত্মিক চিন্তাৰে ভৰপূৰ এই এই ব্ৰাহ্মণসকলক, বেলেগ ধৰণৰ মগজু সম্পন্ন এই ব্ৰাহ্মণসকলক অনুসৰণ কৰোঁ আহক!

✍ #কন্দৰ্পজিৎ কল্লোল

হেমন্ত শৰ্মাৰ ফেচবুক প'ষ্টৰ লিংক : https://m.facebook.com/story.php?story_fbid=6259244317516862&id=100002940663393&mibextid=Nif5oz

তথ্যসূত্ৰ:
1. https://kkallol2014.mobie.in/a2
2. https://www.google.com/amp/s/organiser.org/2023/07/04/182088/bharat/madhya-pradesh-cm-initiated-action-against-man-seen-in-the-viral-video-urinating-on-the-face-of-another-man/amp/
3. https://m.facebook.com/story.php?story_fbid=2512484302224262&id=100003881492215&mibextid=Nif5oz
4. https://hinduism.stackexchange.com/questions/18218/is-kalki-avatar-a-killer-of-buddhist
5. https://as.m.wikisource.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE_%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1:_%E0%A6%9A%E0%A6%A4%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%82%E0%A6%B6%E0%A6%A4%E0%A6%BF_%E0%A6%85%E0%A7%B1%E0%A6%A4%E0%A6%BE%E0%A7%B0
6, 7. https://www.google.com/amp/s/www.amarujala.com/amp/photo-gallery/bizarre-news/ajab-gajab-hindu-temple-bells-why-do-bells-rings-before-entering-to-temple-know-the-scientific-reason-2023-03-12

8. https://rahulsinghbauddha.wordpress.com/2021/05/10/%E0%A4%AE%E0%A4%82%E0%A4%A6%E0%A4%BF%E0%A4%B0-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%87%E0%A4%B6-%E0%A4%95%E0%A5%87-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B0%E0%A4%82%E0%A4%AD-%E0%A4%AE/comment-page-1/

02/07/2023

গুৱাহাটীত ছানী লিয়নী

ব্যস্ত মহানগৰী
গুৱাহাটীত ছানী লিয়নী

সাংবাদিকসকলৰ জিভালৈকে 
নিমখৰ সোৱাদ

ব্যস্ত কৃষ্ণ
ব্যস্ত বুদ্ধ
ব্যস্ত হজৰত
ব্যস্ত যীশু

আহক নিমখীয়া জীৱনলৈ স্বাগতম
नमकीन हो जाए ये ज़िन्दगी 

ময়ো এদিন 
ছানী লিয়নীৰ প্ৰেমত পৰিছিলোঁ
সুৰঙ্গ বিচাৰি 
আটলান্টিকৰ অতল গহ্বৰলৈকে 
গতি কৰিছিলোঁ 

ময়ো এদিন সপোনতে 
চিঞৰি উঠিছিলোঁ
উহ্ আহ্
অসহ্য এই যন্ত্ৰণা
মই মুক্তি বিচাৰোঁ
I have need haven
স্বৰ্গৰ পথ কোনফালে
বেহস্তলৈ যোৱাৰ সুৰঙ্গ কোনদিশে

মই উন্মাদ হৈ উঠিছিলোঁ
আৰু কাষত বিচাৰি পাইছিলোঁ
ছানী লিয়নীক

বহি আছে
देवी सानी लियोन
Godess Sunny Leone
जन्नत की हूर सानी लियोन

ধৰ্মই মানুহৰ মাজত
বিভেদৰ সৃষ্টি কৰে
আৰু তাৰ মাজতে
মানৱতাবাদী ৰূপে থিয় হৈ আছে
ছানী লিয়নী

হিন্দুৰ সপোনতো 
अप्सरा सानी लियोन
মুছলমান ख्वाबতো
जन्नत की हूर सानी लियोन
খ্ৰীষ্টানৰ ড্ৰিমতো
Nymph Sunny Leone

আহক আজি ৰাতিটোৰ বাবে
সকলোৱে এবাৰ ছানী লিয়নীৰ প্ৰেমত
উন্মাদ হওঁ !

✍ #কন্দৰ্পজিৎ

04/06/2023

ঝুমবালিকা

ঝুমবালিকা, 
এদিন তোমাৰ 
শ্যামবৰ্ণ লাস্যময়ী চেহেৰাত 
মই ফ়িদা আছিলোঁ

এতিয়া এইবোৰ 
সাধুকথাৰ চৰিত্ৰৰ দৰে অতীত

তুমি এতিয়া “কিচ্ছাৰ ৰাজকুমাৰী”
আৰু মই মৃতপ্ৰায় দিৱানা

আকৌ এবাৰ 
তোমাৰ প্ৰেমত পৰিবলৈ মন যায়
হৃদয়খন কেৰেকি উন্মাদ হ'ব পৰাকৈ
দুপৰনিশা

ঝুমবালিকা,
তোমাৰ বাবেই এদিন দিবানা হৈ
পুথিভঁৰালত পঢ়িছিলোঁ
অপ্ৰেমৰ অকবিতা

আজি আকৌ এবাৰ
য়াদো কি বাৰিশ কী ইন্তজাৰ মেঁ

ৰিক্ত হাত
ৰিক্ত দিল
ৰিক্ত সময়
অথচ আজিও মোৰ 
দুচকুত আঁকি লওঁ
ডাৰ্ক কালাৰচ্ 
কালাৰিং পেইণ্টিং 

ঝুমবালিকা ...................
ঝুমবালিকা ................... !!!!!!

#কন্দৰ্পজিৎ

13/05/2023

ᥬ𑐣শ། 𑇖૨ 𑐔𑐖།ৰ 𑐀𑐎ᥬ𑐔𑐜།

বতাহত ভাহিঁ আহি আছে
                  কিছুমান শব্দ

                  কোনোবাই কান্দি আছে
                কোনোবাই চিঞৰি আছে
কোনোবাই ছট্‌ফটাই আছে যন্ত্ৰনাত

          আচলতে কোনোবাই 
                  কান্দি আছে নে 
          আচলতে কোনোবাই 
                চিঞৰি আছে নে 
          আচলতে কোনোবাই 
ছট্‌ফটাই আছে নে যন্ত্ৰনাত

নে বতাহত ভাঁহি আহি আছে
        মৌথুনৰ নিশাদ-গান্ধাৰ

                            যিমানেই ৰাতি বাঢ়ে
                        সিমানেই কেঁকনি বাঢ়ে
যেন নৰিয়াত পৰি কান্দি আছে সময়ে

                        সময়, মোক দুছেও কৰা
            এছেও ৰাখি দিয়া সভ্য সমাজত
আন এছেও বন্দি কৰা অশ্লীল আন্ধাৰত

                                          #কন্দৰ্পজিৎ

01/05/2023

ভালে আছুং

সত্যয় হউক বা
মিছায় হউক
বৰ্তমান মুঁই ভালে আছুং

খায়ায় আছুং চাই নাখেয়ায় আছু্ং
বৰ্তমান মুঁই ভালে আছুং

সুখতে আছুং কিম্বা দুখতে
বৰ্তমান মুঁই ভালে আছুং

মিছা কথা ক'বাৰ জানাটাও 
আক্‌টা কলা (Arts)
মিছা কৰিয়া হৈলেও
বৰ্তমান মুঁই ভালে আছুং

বিঃদ্ৰঃ - পৃথিবীত সব থাকিয়া বেসি কৰিয়া কোৱা মিছা কথাটায় হৈল ... "ভালে আছুং" 🤔

✍ কন্দৰ্পজিৎ

অনুপ্ৰেৰণা / উৎস : Sanjib Kumar Choudhury

মুঁই খুজিয়া থাকা মুখখান‌ হঠাৎ বিছ্‌ৰিয়া পালুং

মুঁই খুজিয়া থাকা মুখখান‌ 
হঠাৎ বিছ্‌ৰিয়া পালুং

মুঁই খুজিয়া থাকা মুখখান‌ 
কুনো হিন্দুৰ নাহায়
মুঁই খুজিয়া থাকা মুখখান‌
কুনো মুছলমানেৰ নাহায় 

মুঁই খুজিয়া থাকা মুখখান‌
আকজন মানুসেৰ মুখ
যেইখান মুখ
মুখেৰ ফা‌ঁকেৰ মুখা নাহায়
যেইখান মুখ কুনো মানুসেৰ নাহায়
যেইখান মুখ মানুসেৰ উপৰেৰ মানুসেৰ

হয়,
এমন আখান মুখেৰেয়
অপেক্ষাত আছিলুং মুঁই
কৌটি কৌটি বছৰ ধৰিয়া

হঠাৎ লাগাল পালুং অ'ক
কুনো আকটা ভিৰেৰ মাজত

(সবিশেষ পৰে হৈবে
পৰে আকদিন কৈম)

✍ কন্দৰ্পজিৎ

07/04/2023

৩৬

.................. ৩৬ ..................

সময় গৈ থাকে
         গৈ গৈ ৰৈ যায়
         থমকি ৰ'য়
পুনঃ গৈ গৈ ৰৈ নোযোৱাৰ আশাত বন্দী হৈ

        গৈ গৈ ৩৫ টা বছৰ পাৰ হৈ গ'ল
ৰৈ ৰৈ স্মৃতিবোৰ মাথোঁ বকুত থমকি ৰ'ল

পাৰ হৈ যোৱা ধুমুহাই বিধ্বস্ত কৰা হৃদয়খনত
হঠাৎ সপোনবোৰ পৰাস্ত হৈ সৰি পৰিল

                    সৰি পৰিল মানে পৰিলেই

তথাপিও মৰুভূমিৰ মাজতো
           পানীৰ সপোন দেখোঁ
      কিন্তু জীৱনৰ গণিত বৰ জটিল

                       x-35 = ৰৈ থকা সময়
ধৰি লোৱা হ'ল x = Avg. Age 
                     ∴ x = 70
                           ∴ 70-35
                           = ³⁵/₇₀ 
                           = ½ %

ৰছীডাল দুটুকুৰা হ'ল
              এটুকুৰা ইফালে
              এটুকুৰা সিফালে
          মাজত ওলমি মই

প্ৰতিবছৰে একো একোটা সংখ্যাক
আদৰণি জনোৱাৰ দৰে 
এইবাৰ আদৰণি জনাব নোৱাৰিলোঁ 
36 - তোমাক🕯️

মই যিয়েই কৰোঁ বা নকৰোঁ
           সময় গৈয়েই থাকিব
                            ৰৈ নাযায় কেতিয়াও
ৰৈ নোযোৱালৈকে উশাহ-নিশাহ

গোপনে গোপনে
              অকলে অকলে
        সংগোপনে বিদায় জনালোঁ
                                     ৬ এপ্ৰিল

                     নাহিব অ' ৬ এপ্ৰিল 
মোৰ উশাহবোৰ চুটি হৈ যায় অ' !

                                        ৬ এপ্ৰিল !
     কিদৰে আদৰণি জনাম তোমাক ?
মই যে ইপাৰৰ পৰা সিপাৰ নেদেখোঁ !

                                 ✍ কন্দৰ্পজিৎ