21/08/2025

দুটা ব্যতিক্ৰমী ভাষাৰ বিষয়ে

বিভিন্ন ভাষাৰ বিষয়ে অধ্যয়ন কৰি ভালপাওঁ। সাধাৰণতে এটা ভাষাৰ সৈতে আন এটা ভাষাৰ সংযোগ থাকে। তাৰোপৰি বৰ্তমান সময়ত প্ৰায়বিলাক ভাষাতেই কিছুমান ইংৰাজী শব্দ ব্যৱহাৰ হয়। ইয়াৰোপৰি মানুহৰ নাম, ঠাইৰ আদি প্ৰায় সকলো ভাষাতেই একে, কেতিয়াবা বানান বা উচ্চাৰণৰ সামান্য তাৰতম্য দেখিবলৈ পোৱা যায়। কিন্তু এনে কিছুমান ভাষা আছে, যিবিলাক ভাষাত মানুহৰ নাম, ঠাই (ৰাজ্য, দেশ)ৰ নাম আদিও সলনি হয়। উদাহৰণস্বৰূপে চীনা, জোংখা আদি ভাষাৰ কথা ক'ব পাৰি। চীনা ভাষাৰ কোনো নিৰ্দিষ্ট বৰ্ণমালা নাই, প্ৰতীক হে আছে, আনহাতে ভূটানৰ জোংখা ভাষাৰ বৰ্ণমালা আছে, তিব্বতী বৰ্ণমালা ব্যৱহাৰ কৰে, যাৰ দেৱনাগৰী বৰ্ণমালাৰ সৈতে কিছু পৰিমাণে সাদৃশ্য আছে, আখৰবিলাক শিকিব পৰা যায়, কিন্তু ভাষাটো খুবেই জটিল। 

চীনাৰ দৰে, জোংখাতো বহিৰাগত শব্দ, বিশেষকৈ ব্যক্তিৰ নাম, দেশৰ নাম, আৰু স্থানসমূহ জোংখাৰ ধ্বনিসমূহৰ সৈতে মিল ৰাখি স্থানীয়কৰণ (localization) কৰা হয়।
উদাহৰণস্বৰূপে গৌতম বুদ্ধক জোংখা ভাষাত "চাংগে" বুলি কোৱা হয়। তলত জোংখা ভাষাত কেইখনমান ৰাষ্ট্ৰৰ নাম দিয়া হ'ল:
১. ভূটান - ড্ৰুক-ইয়ুল
২. ভাৰত — গ্যাগাৰ
৩. চীন – গ্যানাক
৪. বাংলাদেশ — লো-হুৰু-ৰি
৫. নেপাল‌ — বেল্যুল
৬. ইংলেণ্ড — ইংজি

এতিয়া আহো চীনা ভাষালৈ,
চীনা ভাষাত কেইখনমান দেশৰ নাম:
১. ভাৰত – ইন-তু (লিখোতে "ইন্দু" লিখে যদিও সিহঁতৰ উচ্চাৰণ হয় ইন-তু)
২. বাংলাদেশ – মেং-চিয়া-লা-গুৱো
৩. পাকিস্তান – পা-চি-স্‌থান
৪. নেপাল – নি-পো-আৰ
৫. শ্ৰীলংকা – ছলি-লান্-খা
৬. ভূটান – পু-তান
৭. আমেৰিকা – মেই-কু'ও
৮. ইংলেণ্ড – ইং-কু'ও
৯. অষ্ট্ৰেলিয়া – আ'ও-তা-লি-য়া
১০. চীন – চুং-কুও

চীনা ভাষাত ভাৰতৰ কেইখনমান চহৰৰ নাম:
১. দিল্লী – ত্‌ লি
২. মুম্বাই – মেং-মাই
৩. কলকাতা – চিয়া-আ'ৰ-কু'-তা'
৪. চেন্নাই – চিন-নাই
৫. গুৱাহাটী – কু-ৱা-খা-থি

 চীনা ভাষাত ভাৰতৰ ৰাজ্যৰ নাম:
১. অসম – আ'-ছা-মু
২. পশ্চিমবঙ্গ – চি-মেং-চিয়া-লা-পাং

চীনা ভাষাত কেইটামান ভাষাৰ নাম:
১. অসমীয়া ভাষা – আ'-ছা-মু-ইউ
২. হিন্দী ভাষা – ইন-তি-ইউ
৩. বাংলা ভাষা – মেং-চিয়া-লা-ইউ
৪. নেপালী ভাষা – নি-পো-আৰ-ইউ
৫. ইংৰাজী ভাষা – ইং-ইউ
৬. চীনা ভাষা – হান-ইউ / চুং-ৱেন

চীনা ভাষাত কেইজনমান বিখ্যাত ব্যক্তিৰ নাম:
১. শংকৰদেৱ – চাং-ক্‌আ-ত্‌-ত্‌উ
২. গৌতম বুদ্ধ – চিয়াও-তা-মো · চি-তা-তু'অ
৩. শ্বেইকছপীয়েৰ – চা-চি-পি-য়া
৪. মহাত্মা গান্ধী – চেং-চিৱং-কান-তি
৫. শচীন তেণ্ডুলকাৰ – ছা'-চিন · থান-তু-আ'ৰ-কা'আ'ৰ
৬. অমিতাভ বচ্চন – আ-মি-থা-বু · পা-চিয়াং
৭. শ্বাহৰুখ খান – ছা-লু-খু · খাং

অৰ্থাৎ চীনা এনেকুৱা এটা ভাষা, যিটো ভাষাত আপোনাৰ নাম ক'লে আপুনি বুজি নাপাব।

চীনা ভাষাত ভাৰতীয় বা অ-চীনা মানুহৰ নাম দুইধৰণে হ'ব পাৰে, পোনপটীয়া লিপ্যন্তৰ, নাইবা, অৰ্থ অনুসৰি ভাষান্তৰ। বিখ্যাত ব্যক্তিৰ ক্ষেত্ৰত হয়তো নামৰ ওপৰত ভিত্তি কৰি যিকোনো এটা পদ্ধতি মানি লয়। সাধাৰণ মানুহৰ ক্ষেত্ৰত কিছু সমস্যা হয়। উদাহৰণস্বৰূপে মোৰ নামটো (কন্দৰ্পজিৎ) চীনা ভাষাত দুইধৰণে হ'ব পাৰে। লিপ্যন্তৰ কৰিলে- 康达吉特 (কাং-তা-চি-থা ), আনহাতে অৰ্থৰ ওপৰত ভিত্তি কৰি ভাষান্তৰ কৰিলে- 爱神胜利 (আই-চেন ছেং-লি)। 
আই = প্ৰেম, চেন = দেৱতা, (অৰ্থাৎ প্ৰেমৰ দেৱতা কামদেৱৰ আন এটা নাম কন্দৰ্প), 
ছেং = জয়, লি = লাভ কৰা (অৰ্থাৎ বিজয়ী হোৱা, জিৎ)।

সঁচাকৈয়ে Chinese is a amazing language.

#কন্দৰ্পজিৎ

16/01/2025

২০২৪-২০২৫ : কিছু ব্যক্তিগত কথা, কিছু স্মৃতি

নিজৰ ভিতৰৰ পৰা নিজকে লুকুৱাই ৰখাৰ কচৰৎ ...... ২০২৫ চনৰ ১৫ টা দিন পাৰ হৈ গ'ল। একো নিলিখিলোঁ। ফেচবুকতো কোনো এটা প'ষ্ট নিদিলোঁ। ...... কমাই কমাই শূণ্যতাৰ ফালে গতি ...... প্ৰায় তিনিমাহ ধৰি একো নিলিখাকৈয়ে পাৰ কৰিলোঁ। ...... 

অৱশ্যে ব্যক্তিগত জীৱনৰ কথা (কবিতা, গদ্য আদি) বাদ দি ৱিকিপিডিয়াত কিবাকিবি প্ৰবন্ধ তৈয়াৰ কৰি আছোঁ। যোৱা ১ ডিচেম্বৰ তাৰিখে ৱিকিপিডিয়াত ২০০ প্ৰবন্ধ অতিক্ৰম কৰোঁ। বৰ্তমান ২৫০ পাৰ হৈছে। কামতাপুৰী (ৰাজবংশী) উইকিমিডিয়াৰ পৃষ্ঠাৰ সংখ্যাও বৃদ্ধি কৰি আছোঁ। লগতে আৰু কেইবাটাও ভাষাৰ ৱিকিপিডিয়াত কিছু সংখ্যককৈ পৃষ্ঠা যোগ দিছোঁ। লগতে অসমীয়া ৱিকিপিডিয়াৰ এছিয়ান মাহ ২০২৪ সম্পাদনা মেলাত অংশগ্ৰহণ কৰি সাতটা প্ৰবন্ধ সৃষ্টি কৰাৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ 'পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৪'-ত অংশ লৈ (২৩টা প্ৰবন্ধ সম্পাদনা কৰি) 'সম্পাদনা মেলাত অৱদানৰ ভিত্তিত' দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হওঁ। 

তাৰোপৰি নতুন বছৰৰ প্ৰথম সপ্তাহত মোৰ ইউটিউব চেনেলৰ Subscriber-ৰ সংখ্যা ২০ হাজাৰ অতিক্ৰম হয়।

ইয়াৰ পিছতো কিবা এটা শূণ্যতাই খেদি ফুৰে মোক। ...... কিছুমান কথা ভিতৰি ভিতৰি আত্মস্থ কৰিব পাৰি। লিখিব নোৱাৰি, ক'ব নোৱাৰি। ...... যিবোৰ কথা কাকো খুলি ক'ব নোৱাৰি, সেইবোৰেই যন্ত্ৰণা! ...... পাৰ হৈ যোৱা দিনবোৰ দিন আছিল, সম্প্ৰতি ৰাতি! ...... সময়ে সকলো সলনি কৰে। সময়ৰ স'তে ময়ো সলনি হৈ গ'লোঁ। ...... সম্প্ৰতি মই নিজেই মোৰ মাজত মোক বিচাৰি নাপাওঁ। ......

ৰৈ ৰৈ পুৰণি দিনবোৰ স্মৰণ কৰি আছোঁ। ...... পুৰণি কাকতৰ লেখা বিলাক উলিয়াই চালোঁ। পুৰণি হাতে লিখা বহীৰ পৃষ্ঠা লুটিয়াই চালোঁ। ...... তাৰে কিছুমান আগৰে টাইপ কৰা আছিল, কিছুমান স্কেনিং কৰিলোঁ, কিছুমান আৰু কৰা নহ'ল। ...... মোৰ কবিতা, অনুবাদ কবিতা, গল্প, গদ্য, প্ৰবন্ধ আদি PDF File বনাই ৰাখিলোঁ ...... স্মৃতি হিচাবে ...... 

❖ অসমীয়া : ↷ 







• কবিতা সমগ্ৰ (২০১৩) (১৩০ পৃষ্ঠা) 

কবিতা সমগ্ৰ (২০১৪) (৬৫ পৃষ্ঠা) 

• কবিতা সমগ্ৰ (২০১৫) (৪১ পৃষ্ঠা) 

• কবিতা সমগ্ৰ (২০১৬) (২০ পৃষ্ঠা) 

• কবিতা সমগ্ৰ (২০১৭) (১০ পৃষ্ঠা) 

• কবিতা সমগ্ৰ (২০১৮) (১৩ পৃষ্ঠা) : 


• কবিতা সমগ্ৰ (২০২৩) (৩৩ পৃষ্ঠা) 

• কবিতা সমগ্ৰ (২০২৪) (২০ পৃষ্ঠা) 


• ভিন্ন গদ্য (২০১৩) (৩০ পৃষ্ঠা) 




• ওড়িয়া প্ৰবচন (৬ পৃষ্ঠা) 


আংবাং (৬ পৃষ্ঠা) 

ছেক্স ভাৰ্ছেচ্ ছুই্চাইড (গল্প) (৬ পৃষ্ঠা) 




জীৱনৰ বাটে-ঘাটে (৩ পৃষ্ঠা) 

জীৱনৰ গদ্য (২০২৪) (২ পৃষ্ঠা)


জলবেশ্যা (২ পৃষ্ঠা) 



অমিয়া-মাধুৰী (মোৰ সম্পাদনাত প্ৰকাশিত আলোচনী) (৮০ পৃষ্ঠা) 


❖ কামতাপুৰ়ী : ↷ 

বিন্না কুমাৰীৰ কিচ্ছা (কামতাপুৰী কবিতা সমগ্ৰ) (৬৬ পৃষ্ঠা) 



আলগা চৰেৰ বাইচাৰ (উপন্যাসিকা) (৫২ পৃষ্ঠা) 


মুঁই নষ্ট শিব (কবিতা) (কণ্ঠ: স্পন্দন অনুৰাগ বৰ্মন) 

❖ চা-বাগানীয়া : ↷ 


❖ বাংলা : ↷ 


𒊹︎ YouTube Channel (প্ৰায় এহেজাৰ ভিডিঅ', 20 K+ Subscribers) 








⦿ Google Search :









⦿ Facebook # Search :

1. কন্দৰ্পজিৎ (ৰ) : #কন্দৰ্পজিৎ 

2. কন্দর্পজিৎ (র) : #কন্দর্পজিৎ 

3. Kandarpajit : #Kandarpajit

27/10/2024

সুভদ্ৰাৰ মূৰত ১০০ কলংক

সুভদ্ৰাৰ মূৰত ১০০ কলংক
===================

কোৱা হে 
দেৱতাসকল 
তোমালোকে কাৰ কথা শুনিবা?

যেতিয়া 
৫৬ ইঞ্চি বুকু দেখুৱাই
এই দেশৰ ৰজাই 
এই মাটিতে কৰিছিল 
সুভদ্ৰাৰ গুণ‌গান, 
ঠিক সেই সময়তে
সুভদ্ৰাই কান্দিছিলে হিয়া ধাকুৰি
গণতন্ত্ৰৰ সুৰক্ষা মন্দিৰত 
ৰুদ্ধদ্বাৰ পাৰ হৈ বিয়পি পৰিছিল 
কৰুণ ক্ৰন্দন।

পোচাকধাৰী দেৱতা সকল
হৈ পৰিছিল চয়তান
সেইবাবেই তো আমাৰ দেশৰ
আইন সলনি হৈছে 
আমি সকলোৱেই ভাগ্যৱান!

কোৱা কোৱা দেৱতাসকল 
তোমালোকে কাৰ কথা শুনিবা? 
এশ দিনৰ মধুৰ মাত
কিমান শক্তিশালী, কিমান সফল 
নে
সুভদ্ৰাৰ মূৰত এশটা কলংক!

আমাৰ কাণ ফাটি
বৈ গৈছে তেজ
সিদ্ধান্ত লোৱা দেৱতাসকল 
তেজ দেখিবা নে সলনি হৈ যাবা 
চয়তানৰ ভক্ত!

֍ মূল ওড়িয়া কবিতা ֍
• কবি: সন্তোষ কুমাৰ পণ্ডা
• অসমীয়া অনুবাদ: কন্দৰ্পজিৎ কল্লোল



ସୁଭଦ୍ରା ମଥାରେ ୧୦୦ କଳଙ୍କ 
© ସନ୍ତୋଷ କୁମାର ପଣ୍ଡା 

କୁହ ହେ 
ଦେବତାମାନେ 
ତୁମେ କାହା କଥା ଶୁଣିବ ? 

ଯେତେବେଳେ 
୫୬ ଇଞ୍ଚ ଛାତି ଦେଖାଇ 
ଏ ଦେଶର ରାଜା 
ଏଇ ମାଟିରେ କରୁଥିଲେ 
ସୁଭଦ୍ରାର ଗୁଣ‌ଗାନ, 
ଠିକ୍ ସେତିକିବେଳେ 
ସୁଭଦ୍ରା କାନ୍ଦୁଥୁଲା ଛାତି ଫଟାଇ 
ଗଣତନ୍ତ୍ରର ସୁରକ୍ଷା ମନ୍ଦିରରେ 
ରୁଦ୍ଧଦ୍ଵାର ଦେଇ ଶୁଭୁଥିଲା 
କରୁଣ କ୍ରନ୍ଦନ । 

ପୋଷାକଧାରୀ ଦେବତା ସବୁ 
ପାଲଟିଥିଲେ ସଇତାନ 
ତେଣୁ ତ ଆମ ଦେଶର 
ଆଇନ ବଦଳିଛି 
ଆମେ ସବୁ ଭାଗ୍ୟବାନ ! 

କୁହକୁହ ଦେବତାଗଣ 
ତୁମେ କାହା କଥା ଶୁଣିବ ? 
ଶହେ ଦିନର ମୋହନ ସ୍ୱର 
କେତେ ଶକ୍ତିଶାଳୀ କେତେ ସଫଳ 
ନା 
ସୁଭଦ୍ରା ମଥାରେ ଶହେ କଳଙ୍କ ! 

ଆମର କାନଫାଟି 
ବୋହି ଯାଉଛି ରକ୍ତ 
ନିଷ୍ପତ୍ତି ନିଅ ଦେବତାମାନେ 
ରକ୍ତ ଦେଖୁବ କି ପାଲଟିବ 
ସଇତାନର ଭକ୍ତ !

29/08/2024

ৰঙিলী, ৰৰৈ আৰু ৰচকী

আজি তিনিটা অসমীয়া শব্দকলৈ আলোচনা কৰিম। শব্দ আৰু আখৰ অভিধানত শব্দ তিনিটাৰ যি অৰ্থ দিছে তাকলৈ একমত হ'ব নোৱাৰিলোঁ। উক্ত শব্দ তিনিটা হ'ল - ৰঙিলী, ৰৰৈ আৰু ৰচকী। 

শব্দ আৰু আখৰ অভিধানৰ মতে ৰঙিলী আৰু ৰৰৈ শব্দৰ অৰ্থ হ'ল — আন মহিলাৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰা মহিলা (A woman whose sexual orientation is to women) English: lesbian, Assamese: সমকামী মহিলা, ৰঙিলী, ৰৰৈ, Bodo: जोआथोनारी गोसो। 
আনহাতে আধুনিক অসমীয়া অভিধানৰ মতে ৰঙিলী শব্দৰ অৰ্থ হ'ল — ৰঙিয়াল তিৰোতা। আৰু ৰৰৈ শব্দৰ অৰ্থ হ'ল — কথকী তিৰোতা; ৰঙিয়াল তিৰোতা। হেমকোষৰ আৰু চন্দ্ৰকান্ত অভিধানত ৰঙিলী শব্দটো উল্লেখ নাই। অৱশ্যে ৰৰৈ শব্দটো আছে। হেমকোষৰ মতে ৰৰৈ শব্দৰ অৰ্থ হ'ল — ৰঙ্গেৰে বহুতকৈ কথা কোৱা তিৰোতা, কথকী। চন্দ্ৰকান্ত অভিধানৰ মতে ৰৰৈ শব্দৰ অৰ্থ হ'ল — ধেমেলীয়া কথকী তিৰোতা। 

শব্দ আৰু আখৰ অভিধানৰ মতে ৰচকী শব্দৰ অৰ্থ হ'ল — কোনো কামতে মনপুতি নলগা। তাৰোপৰি ৰচকী তিৰোতাৰ অৰ্থ — ধুন-পেচ মাৰি চটফটাই ফুৰা দুশ্চৰিত্ৰা তিৰোতা। আনহাতে হেমকোষ, চন্দ্ৰকান্ত অভিধান আৰু আধুনিক অসমীয়া অভিধানত দুশ্চৰিত্ৰা শব্দটো নাই। হেমকোষৰ মতে ৰচকী শব্দৰ অৰ্থ হ'ল — গা সজাই বা ধুন মাৰি ফুৰা তিৰোতা, পুৰুষৰ মন আকর্ষণ কৰিবলৈ মনৰ ভাব আৰু গাৰ ভঙ্গি দেখাই ফুৰা তিৰী, ধুন মাৰি গা ঘেলাই ফুৰা, চঞ্চলা (স্ত্রী); যেনে, ৰচকী তিৰীত বিশ্বাস নাই। চন্দ্ৰকান্ত অভিধানৰ‌ মতে ৰচকী শব্দৰ অৰ্থ হ'ল — গা সজাই বা ধুন মাৰি ফুৰা তিৰী; ধুন মাৰি ফুৰা; চঞ্চলা। আধুনিক অসমীয়া অভিধানৰ মতে ৰচকী শব্দৰ অৰ্থ হ'ল — ৰচক-পচক কৰি ফুৰা তিৰোতা। ধুন পেচ মাৰি গা দেখুৱাই ফুৰা।

✍ কন্দৰ্পজিৎ 

11/07/2024

আহা আকৌ এবাৰ প্ৰেমত পৰো

আহা আকৌ এবাৰ প্ৰেমত পৰো
=======================

দীপান্বিতা, 
আহা আকৌ এবাৰ প্ৰেমত পৰো
ইজনে সিজনৰ 

তোমাৰ ঠাইত তুমি থাকিবা
মোৰ ঠাইত মই

তোমাক তোমাৰ পৰা কাঢ়ি লৈ নাহো
মোকো মোৰ ঠাইত মোৰ দৰে থাকিবলৈ দিয়া 

কেৱল দুয়ো দুয়োৰে প্ৰেমত পৰো আহা
বিচ্ছেদৰ নাওখন আগতীয়াকৈ পাৰত বান্ধি থৈ

আগৰ দৰেই আকৌ এবাৰ প্ৰেমত পৰিম
আগৰ দৰেই আকৌ এবাৰ বিচ্ছেদ হম

আগৰ দৰেই এইখন প্ৰাচীন চহৰত 
কিছুদিনৰ বাবে প্ৰেমিক হৈ উঠিম

আগৰ দৰেই কিছুদিনৰ বাবে উন্মাদ হম
আগৰ দৰেই আকৌ বিচ্ছেদ হম
আগৰ দৰেই সেই পুৰণি গান গুণগুণাম

আগৰ দৰেই ভগা বাঁহি ভগা সুৰ
আগৰ দৰেই ৰ'দ দি দি বৰষুণ 
আগৰ দৰেই পিছল পিছল বাট
আগৰ দৰেই মামৰে ধৰা তৰোৱাল 
আগৰ দৰেই বিচ্ছেদৰ ধূসৰ আকাশ

দীপান্বিতা, 
আহা আগৰ দৰেই 
আকৌ এবাৰ প্ৰেমত পৰো
ইজনে সিজনৰ 
বিষাদৰ নদীত নাও বাবলৈ

                                  ✍ কন্দৰ্পজিৎ

10/06/2024

বৰষুণ মোৰ আজন্ম প্ৰেমিকা

এতিয়া এজাক বৰষুণত তিতিম 
                  তিতিবৰ বাবে নহয় 
  সাবটি ধৰিবলৈ দুখৰ দিনবোৰ

“Some people feel the rain, 
            Others just get wet.” 
                      – Roger Miller 

মই বৰষুণত তিতিবলৈ ভালপাওঁ 
      অশ্ৰু লুকুৱাই নিৰৱ দুপৰীয়া 
   তেজৰ দাগ ঢাকি জয়াল নিশা 

“I always like walking in the rain, 
    so no one can see me crying.”
                          – Charlie Chaplin

                 এতিয়া অলপ উন্মাদ হম 
                এই বৰষুণ জাকৰ প্ৰেমত
কাৰণ, বৰষুণ মোৰ আজন্ম প্ৰেমিকা
           বুকুৰ অন্তৰ্ভাগ ভেদি বৈ অহা 
                        এঢোঙা তেজৰ দৰে
      যি ধুই দিয়ে মোৰ অশ্ৰুৰ টোপাল

এজনী নাৰী
এমুঠি বিষাদ
এচলু চকুলো 
এটা নিস্তব্ধ বাট
এজন দুৰ্ভগীয়া পুৰুষ 
এটা কবিতা
সকলোকে উটুৱাই লৈ যাবলৈ  
এজাক বৰষুণৰ প্ৰয়োজন

সেই বৰষুণ এতিয়া 
মেঘ হৈ উৰি আছে 
মোৰ হৃদয়ৰ ভিতৰত 

                এতিয়া মোৰ চকুলো বৈ আহিব
লগতে মোৰ দুখ ঢাকি ৰখা এজাক বৰষুণ
      এতিয়া মই সেই বৰষুণ জাকত তিতিম
 আৰু গুণগুণাই থাকিম এটা অন্তহীন গান

                                        ✍ কন্দৰ্পজিৎ