30/11/2025

এইখন চহৰৰ পৰা এদিন নিৰুদ্দেশ হৈ যাম মই

এইখন চহৰৰ পৰা এদিন নিৰুদ্দেশ হৈ যাম মই
================================

এইখন চহৰৰ পৰা এদিন মই নিৰুদ্দেশ হৈ যাম
নিৰুদ্দেশ হৈ যাম এটা অপ্ৰাসংগিক যুগলৈকে

এই ম'বাইল 
এই ইণ্টাৰনেট 
এই ফেচবুক 
এই ইউটিউব 
এই ৱিকিপিডিয়া
কোনেও মোক ঢুকি নাপাব

সময়ে সদায় মোক ব্যৱহাৰ কৰি আছে 
আকৌ সময়ত দলিয়াই দিয়ে মোক! 
যি শিপাই সাবটি ৰাখিব লাগিছিল
সেই শিপাই দলিয়াই দিয়ে বাৰে-বাৰে!

উঘালি পৰা শিপাৰ পৰা আঁতৰি গৈ গৈ ......
...... গৈ গৈ নিৰুদ্দেশ হৈ যাম 

নিৰুদ্দেশ হ'বলৈ বৰ মন যায় অ' মোৰ

নিৰুদ্দেশ হ'বলৈ এই সময়ৰ পৰা
যি সময়ে সততে দলিয়াই দিয়ে 

নিৰুদ্দেশ হ'বলৈ এইখন চহৰৰ পৰা 
যিখন চহৰত কামিজৰ পকেটত লৈ ফুৰোঁ
ৰক্তাক্ত হোৱা কলিজা

নিৰুদ্দেশ হ'বলৈ মন যায় 
আপোন মানুহবোৰৰ পৰা 
যিসকলে কোনোদিনে চুই নাচালে 
তেজেৰে লুতুৰি-পুতুৰি হৈ থকা 
মোৰ হৃদপিণ্ডৰ অকবিতা

হঠাৎ এদিন আপুনি শুনিবলৈ পাব
মানুহজন নিৰুদ্দেশ হৈছে 
অস্পষ্ট বিষাদ সহিব নোৱাৰি 
সময়ৰ পৰা, জীৱনৰ পৰা 

হয়তো কোনোবা এটা বৌদ্ধ মন্দিৰত
বাজি উঠিব বিষাদৰ অবৰুদ্ধ ঢৌ হৈ
বুদ্ধং শৰণং গচ্ছামি 
সংঘং শৰণং গচ্ছামি 

বহু বছৰ পিছত ......
বৰফাবৃত্ত বিষাদবোৰ ঠেলি 
বগা বগা চুলি উৰুৱাই বতাহত
চকুদুটা মোহাৰি কণামুনা বাটেৰে 
খোজ কাঢ়ি আহি উপস্থিত হ'ম 
আপোনাৰ কাষত 

সেইদিনা হয়তো আপুনি মোক চিনি নাপাব 
মই নিঃশব্দে কৈ যাম
বুদ্ধং শৰণং গচ্ছামি 
সংঘং শৰণং গচ্ছামি 

মোৰ কোনো দুখ নাই 
মোৰ কোনো বিষাদ নাই
মই পাহাৰৰ পাথৰৰ দৰে স্থিৰপ্ৰজ্ঞ
আনৰ বিষাদবোৰ মচি দিবলৈ ৰাতি-দিন

                        ✍ কন্দৰ্পজিৎ কল্লোল 
                               (৩০/১১/২০২৫)

15/11/2025

বাঁহী

বাঁহী
===

বাঁহীৰ সুৰত কিবা এটা পোৱাৰ উন্মাদনা 
বাঁহীৰ সুৰত কিবা এটা নোপোৱাৰ বেদনা 
বাঁহীৰ সুৰত মুগ্ধ পৃথিৱীৰ সপোন-ভালপোৱা
বাঁহীৰ সুৰত ঈশ্বৰহীনতাৰ মৌন প্ৰাৰ্থনা 

মই এটা বাঁহী হ'ব খোজোঁ 
তোমাৰ ওঁঠত সুৰ হ'বলৈ 
মই এটা বাঁহী হ'ব খোজোঁ 
তোমাৰ নৈৰাশ্যতাত জাহ যাবলৈ 

আচলতে বাঁহীত তেওঁ বিচাৰি পাইছিল 
সূৰ্যোদয়ৰ সেউজ সোণোৱালী স্বকাল
আচলতে বাঁহীত তেওঁ হেৰুৱাই পেলাইছিল 
সূৰ্যাস্তৰ অদৃশ্য বিষাদ

তেওঁ তেওঁ হৈ গুচি গ'ল 
বাজি থাকিল বাঁহীৰ সুৰ 
মই মই হৈ ৰৈ আছোঁ 
বাঁহীৰ সুৰত বাকৰুদ্ধ হৈ

এই সুৰ ৰৈ গ'লেই 
আমি এজন এজনকৈ ডুব যাম 
কেঁকুৰি নৈখনৰ আস্ফালিত বুকুত

দাদা, আকৌ এবাৰ বজাই দিয়াচোন 
তোমাৰ ওঁঠেৰে জীয়াই থকাৰ ৰাগ
মই পান কৰিব বিচাৰোঁ সেই ৰাগৰ ৰাগী!

(দীপক শৰ্মাৰ স্মৃতিত......)

#কন্দৰ্পজিৎ

Kill me If you can

Kill me  
If you can  

But you can't  
Because I am dead forever!

#kandarpajit

“ইউচ মি, কিল মি”

“ইউচ মি, কিল মি”
—————————

         সময়ে মোক ব্যৱহাৰ কৰিলে
         সময়ে মোক হত্যা কৰিলে
আৰু মোৰ আত্মাক দলিয়াই দিলে

সম্প্ৰতি আত্মাবিহীন এটা শৰীৰৰ মাজত
             নিজকে সামৰি লৈ গৈ আছোঁ ... 
                                           গৈ আছোঁ ...

             গৈ আছোঁ সেই পথত, 
       যি পথৰ কোনো শেষ নাই
        যি পথত কোনো ৰ'দ নাই
এন্ধাৰে ঘেৰি ধৰা কণামুনা বাট
                        বাট নে অবাট!

মন গ'লে আপুনিও ↷ 
                     Use Me
                     Kill Me
And throw my soul
      Into the dustbin 

   ‌‌ ✍ #কন্দৰ্পজিৎ কল্লোল 

16/10/2025

দাপোন

দাপোন মোৰ ৰূপচৰ্চাৰ সামগ্ৰী নহয়। দাপোন মোৰ দুখৰ দিনৰ সহযাত্ৰী। দাপোনখনে মোক কয়, “সকলো হেৰুৱাই পেলোৱাৰ পিছতো/
পাবলৈ বাকী থাকে বহুতো”। মোৰ অতীতক চাবলৈ সহায় লওঁ দাপোনৰ, মোৰ ভৱিষ্যত চাবলৈও মই সহায় লওঁ দাপোনৰ। দাপোন কাঁচেৰে তৈয়াৰী। কাঁচৰ প্ৰেমিক আছিলোঁ এসময়ত। এইবোৰ যেনিবা সম্প্ৰতি অতীত। কেতিয়াবা কাঁচ আছিল মোৰ যৌৱনৰ গল্প, জীৱনৰ কবিতা। দাপোনৰ সৈতে মোৰ বহুদিনীয়া সম্পৰ্ক। মোৰ উচুপনিৰ নিৰোৱ দৰ্শক দাপোন, যি কেতিয়াবা মোৰ চকুপানীক স্পৰ্শ কৰি মোৰ সৈতে দুখবোৰ পান কৰিছিল। এনেকি চকুপানীবোৰ শুকাই যোৱাৰ পিছতো দাপোন মোৰ প্ৰিয়, য'ত দেখিবলৈ পাওঁ বহু ঘটনা আৰু কল্পনাৰ ৰূপৰেখা। আপোনাৰ দাপোন আৰু মোৰ দাপোনৰ মাজত পাৰ্থক্য আছে। পাৰ্থক্য অনুভৱৰ, পাৰ্থক্য জীৱন-দৰ্শনৰ। দাপোন মোৰ প্ৰিয়, কাৰণ হয়তো দাপোনৰ বাহিৰে আন কোনেও দেখা নাপায় মোৰ হৃদয়ৰ অন্তৰ্ভাগত বৈ থকা শব্দৰ প্ৰতিবিম্ব। 

আচলতে মোৰ কিবা এটা হৈছে, কি হৈছে মই নিজেই নাজানো, যি কথা কেৱল দাপোনখনে জানে, কিন্তু একো ক'ব নোৱাৰে।

                                   ✍ কন্দৰ্পজিৎ

01/10/2025

বহু আশা বুকুত বান্ধি লৈ গুচি গ'ল তাই!

মানুহ গুচি যায়, থৈ যায় স্মৃতি! স্মৃতি হৈ সদায় আমাৰ মাজত থাকিব তাই। সময় কেতিয়াবা নিষ্ঠুৰ হৈ উঠে, নিষ্ঠুৰ সময়ে কাঢ়ি লৈ গ'ল 
পৰিয়ালটোৰ একমাত্ৰ ভৰসা! আশা কৰোঁ, পৰিয়ালটোক প্ৰকৃতি আৰু সময়ে সহায় কৰিব। 

কলেজীয়া দিনতেই লগ পাইছিলোঁ তাইক, তাৰপিছত তাই শিক্ষকতা কৰা বেচৰকাৰী বিদ্যালয়খনত তাইৰ স'তে একেলগে সাত বছৰমান শিক্ষকতা কৰিছিলোঁ। টেট, ডিএলএড আদি কিবাকিবি পাছ কৰিলে; কিন্তু তাই আশা কৰাৰ দৰে একো হ'ব নোৱাৰিলে। বহু সময়ত তাইৰ মাজত নোপোৱাৰ বেদনা দেখিবলৈ পাইছিলোঁ। জীয়াই থাকিবলৈ আৰু সময়ৰ স'তে যুঁজিবলৈ সকলোৱে সাহস দিছিলোঁ; আৰু তেনেদৰেই জীয়াই আছিল। আশা আছিল হৃদয়ত, সপোন আছিল দুচকুত, দ্বায়িত্ব আৰু মৰম আছিল পৰিয়ালৰ প্ৰতি। 

যোৱা তিনিবছৰ মানৰ পৰা বিশেষ যোগাযোগ নাই। আজি হঠাৎ অখবৰটো পালোঁ। মানসিক চাপত আছিল বুলি জানো, কিন্তু কৰ্কট ৰোগত ভুগি আছিল বুলি জনা নাছিলোঁ, আজিহে শুনিলোঁ। অৱশেষত সময়ে লৈ গ'ল দুজন বিশেষভাবে সক্ষম ভাতৃৰ ডাঙৰ ভগ্নীক। পিতৃ-মাতৃৰ একমাত্ৰ ভৰসা অৱশেষত আজীৱন শুই পৰিল। বহু আশা বুকুত বান্ধি লৈ গুচি গ'ল তাই! 

স্মৃতি হিচাবে সদায় সাৰে থাকিবা তুমি, সংগীতা বৰ্মন 

19/09/2025

এক উজ্বল নক্ষত্ৰৰ মহাপ্ৰয়াণত

“এক উজ্বল নক্ষত্ৰৰ মহাপ্ৰয়াণত”

শব্দবোৰ থমকি ৰ'ল!
শব্দবোৰ গান হোৱাহেঁতেন!
উমহু গান নহ'ল!

শব্দবোৰ হেৰাই গ'ল!
শব্দবোৰ কবিতা হোৱাহেঁতেন!
উমহু কবিতা নহ'ল!

শব্দ!
দুখবোৰ বাকিবলৈ আজি শব্দৰ অভাৱ!!

সময়!
সময় কাৰো বাবে ৰৈ নাথাকে!
ৰৈ নাথাকিল!
সময়ে কাঢ়ি লৈ গ'ল!

স্মৃতি!
স্মৃতি সদায় সাৰে থাকে,
সাৰে থাকিব চিৰকাল......

পাবলৈ আৰু একো নাথাকিল 
হেৰুৱাবলৈ অপ্ৰস্তুত মূহুৰ্তত......

দুখ!
দুখ এতিয়া বৰফ হ'ব!
বৰফ গলিব আজীৱন,
এক ইতিহাস হৈ!

কথাবিলাক সপোন হোৱাহেঁতেন!
সপোন ভাঙিব, দুঃস্বপ্ন আঁতৰি প্ৰভাত হ'ব 

কথাবিলাক কালিঘুঁকিৰ ডিঙিৰ কৰুণ ক্ৰন্দন
সকলোৰে বুকুত বাজি ৰ'ব 

কথাবিলাক সাধুকথাৰ দৰে হোৱাহেঁতেন
কিবা এক আশ্চৰ্যকৰ!
শুই থকা মানুহ জাগি উঠিব!!

(জুবিন দা, আমি আপোনাক বিদায় জনাব নোৱাৰিম কোনোদিনে!)

                                   #কন্দৰ্পজিৎ