Showing posts with label ভাষা. Show all posts
Showing posts with label ভাষা. Show all posts

21/08/2025

দুটা ব্যতিক্ৰমী ভাষাৰ বিষয়ে

বিভিন্ন ভাষাৰ বিষয়ে অধ্যয়ন কৰি ভালপাওঁ। সাধাৰণতে এটা ভাষাৰ সৈতে আন এটা ভাষাৰ সংযোগ থাকে। তাৰোপৰি বৰ্তমান সময়ত প্ৰায়বিলাক ভাষাতেই কিছুমান ইংৰাজী শব্দ ব্যৱহাৰ হয়। ইয়াৰোপৰি মানুহৰ নাম, ঠাইৰ আদি প্ৰায় সকলো ভাষাতেই একে, কেতিয়াবা বানান বা উচ্চাৰণৰ সামান্য তাৰতম্য দেখিবলৈ পোৱা যায়। কিন্তু এনে কিছুমান ভাষা আছে, যিবিলাক ভাষাত মানুহৰ নাম, ঠাই (ৰাজ্য, দেশ)ৰ নাম আদিও সলনি হয়। উদাহৰণস্বৰূপে চীনা, জোংখা আদি ভাষাৰ কথা ক'ব পাৰি। চীনা ভাষাৰ কোনো নিৰ্দিষ্ট বৰ্ণমালা নাই, প্ৰতীক হে আছে, আনহাতে ভূটানৰ জোংখা ভাষাৰ বৰ্ণমালা আছে, তিব্বতী বৰ্ণমালা ব্যৱহাৰ কৰে, যাৰ দেৱনাগৰী বৰ্ণমালাৰ সৈতে কিছু পৰিমাণে সাদৃশ্য আছে, আখৰবিলাক শিকিব পৰা যায়, কিন্তু ভাষাটো খুবেই জটিল। 

চীনাৰ দৰে, জোংখাতো বহিৰাগত শব্দ, বিশেষকৈ ব্যক্তিৰ নাম, দেশৰ নাম, আৰু স্থানসমূহ জোংখাৰ ধ্বনিসমূহৰ সৈতে মিল ৰাখি স্থানীয়কৰণ (localization) কৰা হয়।
উদাহৰণস্বৰূপে গৌতম বুদ্ধক জোংখা ভাষাত "চাংগে" বুলি কোৱা হয়। তলত জোংখা ভাষাত কেইখনমান ৰাষ্ট্ৰৰ নাম দিয়া হ'ল:
১. ভূটান - ড্ৰুক-ইয়ুল
২. ভাৰত — গ্যাগাৰ
৩. চীন – গ্যানাক
৪. বাংলাদেশ — লো-হুৰু-ৰি
৫. নেপাল‌ — বেল্যুল
৬. ইংলেণ্ড — ইংজি

এতিয়া আহো চীনা ভাষালৈ,
চীনা ভাষাত কেইখনমান দেশৰ নাম:
১. ভাৰত – ইন-তু (লিখোতে "ইন্দু" লিখে যদিও সিহঁতৰ উচ্চাৰণ হয় ইন-তু)
২. বাংলাদেশ – মেং-চিয়া-লা-গুৱো
৩. পাকিস্তান – পা-চি-স্‌থান
৪. নেপাল – নি-পো-আৰ
৫. শ্ৰীলংকা – ছলি-লান্-খা
৬. ভূটান – পু-তান
৭. আমেৰিকা – মেই-কু'ও
৮. ইংলেণ্ড – ইং-কু'ও
৯. অষ্ট্ৰেলিয়া – আ'ও-তা-লি-য়া
১০. চীন – চুং-কুও

চীনা ভাষাত ভাৰতৰ কেইখনমান চহৰৰ নাম:
১. দিল্লী – ত্‌ লি
২. মুম্বাই – মেং-মাই
৩. কলকাতা – চিয়া-আ'ৰ-কু'-তা'
৪. চেন্নাই – চিন-নাই
৫. গুৱাহাটী – কু-ৱা-খা-থি

 চীনা ভাষাত ভাৰতৰ ৰাজ্যৰ নাম:
১. অসম – আ'-ছা-মু
২. পশ্চিমবঙ্গ – চি-মেং-চিয়া-লা-পাং

চীনা ভাষাত কেইটামান ভাষাৰ নাম:
১. অসমীয়া ভাষা – আ'-ছা-মু-ইউ
২. হিন্দী ভাষা – ইন-তি-ইউ
৩. বাংলা ভাষা – মেং-চিয়া-লা-ইউ
৪. নেপালী ভাষা – নি-পো-আৰ-ইউ
৫. ইংৰাজী ভাষা – ইং-ইউ
৬. চীনা ভাষা – হান-ইউ / চুং-ৱেন

চীনা ভাষাত কেইজনমান বিখ্যাত ব্যক্তিৰ নাম:
১. শংকৰদেৱ – চাং-ক্‌আ-ত্‌-ত্‌উ
২. গৌতম বুদ্ধ – চিয়াও-তা-মো · চি-তা-তু'অ
৩. শ্বেইকছপীয়েৰ – চা-চি-পি-য়া
৪. মহাত্মা গান্ধী – চেং-চিৱং-কান-তি
৫. শচীন তেণ্ডুলকাৰ – ছা'-চিন · থান-তু-আ'ৰ-কা'আ'ৰ
৬. অমিতাভ বচ্চন – আ-মি-থা-বু · পা-চিয়াং
৭. শ্বাহৰুখ খান – ছা-লু-খু · খাং

অৰ্থাৎ চীনা এনেকুৱা এটা ভাষা, যিটো ভাষাত আপোনাৰ নাম ক'লে আপুনি বুজি নাপাব।

চীনা ভাষাত ভাৰতীয় বা অ-চীনা মানুহৰ নাম দুইধৰণে হ'ব পাৰে, পোনপটীয়া লিপ্যন্তৰ, নাইবা, অৰ্থ অনুসৰি ভাষান্তৰ। বিখ্যাত ব্যক্তিৰ ক্ষেত্ৰত হয়তো নামৰ ওপৰত ভিত্তি কৰি যিকোনো এটা পদ্ধতি মানি লয়। সাধাৰণ মানুহৰ ক্ষেত্ৰত কিছু সমস্যা হয়। উদাহৰণস্বৰূপে মোৰ নামটো (কন্দৰ্পজিৎ) চীনা ভাষাত দুইধৰণে হ'ব পাৰে। লিপ্যন্তৰ কৰিলে- 康达吉特 (কাং-তা-চি-থা ), আনহাতে অৰ্থৰ ওপৰত ভিত্তি কৰি ভাষান্তৰ কৰিলে- 爱神胜利 (আই-চেন ছেং-লি)। 
আই = প্ৰেম, চেন = দেৱতা, (অৰ্থাৎ প্ৰেমৰ দেৱতা কামদেৱৰ আন এটা নাম কন্দৰ্প), 
ছেং = জয়, লি = লাভ কৰা (অৰ্থাৎ বিজয়ী হোৱা, জিৎ)।

সঁচাকৈয়ে Chinese is a amazing language.

#কন্দৰ্পজিৎ

24/07/2023

কাৰ্বি ভাষা

     জনজাতীয় ভাষাসমূহৰ ভিতৰত মোৰ দৃষ্টিত সহজ ভাষা হ'ল বড়ো, ককবৰক, ৰাভা, গাৰো আদি। আনহাতে কঠিন ভাষা হ'ল মিচিং ভাষা। আনহাতে কাৰ্বি ভাষা মাজ ভাগত। ই চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত কিন্তু ইয়াৰ স্থান স্পষ্ট নহয়। সেয়ে হয়তো ভাষা বিজ্ঞানী শ্বাফাৰ আৰু ব্ৰেডলীয়ে মিকিৰ ভাষাক এক পথচ্যুত কুকি-চিন ভাষা বুলি শ্ৰেণীকৰণ কৰিছে। কাৰ্বি ভাষাৰ পুৰণি নাম মিকিৰ ভাষা। কাৰ্বি ভাষা আকৌ মূলতঃ দুই প্ৰকাৰৰ - পাহাৰীয়া কাৰ্বি (অসমৰ কাৰ্বি আংলং জিলাৰ ৰংখাং উপভাষা) আৰু ভৈয়ামৰ কাৰ্বি বা ডোম্‌ৰা কাৰ্বি (অসমৰ কামৰূপ জিলা আৰু মৰিগাঁও জিলা আৰু মেঘালয়ৰ ৰি-ভৈ জিলাত কোৱা হয়)। ডিফু অঞ্চলৰ ভাষাক বৰ্তমান মান্য ভাষা হিচাপে ধৰি লৈছে। কাৰ্বি মানুহৰ সংখ্যা প্ৰায় ৪২ লাখ। এসময়ত কাৰ্বি ভাষা অসমীয়া লিপিৰে লিখা হৈছিল যদিও বৰ্তমান ৰোমান লিপিৰে লিখা হয়। কাৰ্বি ভাষাত বৰ্ণৰ সংখ্যা কম। অসমীয়া লিপিৰে লিখাৰ ক্ষেত্ৰত যিকেইটা বৰ্ণৰ প্ৰয়োজন হয়, সেইকেইটা হ'ল - অ আ ই এ ও ক খ ঙ চ ছ জ ত থ দ ধ ন প ফ ব ভ ম য ৰ ল ৱ হ আৰু ং। আনহাতে কাৰ্বি ভাষাত ব্যৱহাৰ যুক্ত বৰ্ণ বিলাক হ'ল - ক্ৰ ক্ল খ্ৰ থ্ৰ প্ৰ প্ল ফ্ৰ ফ্ল হ্ৰ হ্ল। কাৰ্বি ভাষাত কিছুমান বাক্য বিভিন্ন ধৰণে প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। যেনে - মই তোমাক ভালপাওঁ - নে নাং ফান নিং দ’ক / নে নিং নাং হাং পিক / নে নাংফান নিং নাংদ'ক / নে নাংফান নিং নাংহাং ......। তাৰোপৰি কাৰ্বি ভাষাত কিছুমান একেই শব্দ সুৰৰ ওপৰত ভিত্তি কৰি ভিন্ন অৰ্থ প্ৰকাশ কৰে। যেনে - মে² - ভিনদেউ, মে¹ - জুই, মে’¹ - ভাল। ফু¹ - মূৰ, ফু² ককাদেউতা। (¹ = নিম্ন সুৰ, ² = উচ্চ সুৰ)।

‌ ড° অৰ্পণা কোঁৱৰৰ প্ৰবন্ধৰ পৰা লোৱা কিছুমান কাৰ্বি ভাষাৰ বাক্য তলত দিয়া হ'ল -

• নে আন চ’ - মই ভাত খাওঁ
• চাইনং বাপচ’ - গৰুৱে ঘাঁহ খায়
• লা কিতাপ ত’ক - সি কিতাপ লিখে
• নে নাং ফান নিং দ’ক - মই তোমাক ভাল পাওঁ
• নে ফান মাৰৱে এপুম - মোক এটা আম দিয়া 
• চহাং-চৰেক আকান ছাং চিকিপ ইছি পিথা - ভিক্ষাৰীক চাউল এমুঠি দিয়া 
• নে কলম পেনছি ত'ক - মই কলমেৰে লিখোঁ
• নে হেম দামজি - মই ঘৰলৈ যাম
• নে বজাৰ পেনছি অ'ক নাম - ম‍ই বজাৰৰ পৰা মাছ আনিছোঁ
• দিফুছি বাজাৰ দ' - দিফুত এখন বজাৰ আছে
• হি থাই আলং হন-হনথা আৱে - বজাৰত শাক-পাচলি নাই

     কাৰ্বি ভাষাৰ সংখ্যা - https://www.omniglot.com/language/numbers/karbi.htm

     দৈনন্দিন জীৱনত ব্যৱহৃত ৬০ টা কাৰ্বি বাক্য - https://www.dimasathairili.com/2022/07/karbi-sentences.html?m=1

ডোমাৰী ভাষা

ভাৰতত ডোম জাতিৰ মানুহ আছিল বুলি আপুনি নিশ্চয় শুনিছে। এতিয়াও হয়তো কিছু সংখ্যক আছে, কিন্তু কালক্ৰমত তেওঁলোকে আন ভাষাক আদৰি লোৱাৰ ফলত নিজৰ ডোমাৰী ভাষা হেৰুৱাই পেলাইছে। কিন্তু আশ্চৰ্য্যৰ কথা যে পৃথিৱীৰ আন কিছুমান দেশত এই ভাষাৰ মানুহ আছে বুলি জানিবলৈ পোৱা গৈছে। কিন্তু তেওঁলোক একত্ৰিত নহয়, বিভিন্ন দেশৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ আছে। আচৰিত কথা যে, তেওঁলোকে নিজৰ ভাষা হেৰুৱাই পেলোৱা নাই।

ডোমাৰী হৈছে ভাৰতৰ পৰা বিলুপ্তপ্ৰায় আৰ্য্য ভাষা। এই ভাষাৰ মানুহ মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাত সিঁচৰতি হৈ আছে। এই ভাষাটো আজাৰবাইজানৰ উত্তৰ দিশত আৰু মধ্য চুডানৰ দক্ষিণলৈকে চলে। এই ভাষাৰ মানুহ তুৰস্ক, ইৰাণ, ইৰাক, পেলেষ্টাইন, ইজৰাইল, জৰ্ডান, ইজিপ্ত, চুডান, লিবিয়া, টিউনিছিয়া, আলজেৰিয়া, মৰক্কো, ছিৰিয়া আৰু লেবাননত বাস কৰে। আৰবৰ মানুহে তেওঁলোক নাৱাৰ বুলি কয়, কাৰণ তেওঁলোক আছিল যাযাবৰী জনগোষ্ঠী যিয়ে প্ৰথমে ভাৰতীয় উপমহাদেশৰ পৰা মধ্যপ্ৰাচ্যলৈ প্ৰব্ৰজন কৰিছিল। বৰ্তমান এই ভাষা ক'ব পৰা মানুহৰ সংখ্যা তিনি লাখৰো কম। ডোমাৰীৰ উপভাষা সমূহ হ'ল - নবাৰী, কুৰবাটি, হেলেবি, হালাব, কৰাচী, মাৰাশী, গৰাকা, চুৰি-বালি আৰু নাৰিকুৰাবা। এই ভাষা লিখাৰ ক্ষেত্ৰত অঞ্চল বিশেষে লেটিন, হিব্ৰু আৰু আৰৱী আখৰ ব্যৱহাৰ কৰা হয়।

প্ৰথমে এই ভাষাৰ কেইটামান সংখ্যা তলত দিলোঁ ⤵️

১ য়েক / য়িকা
২ দি
৩ তিৰিন
৪ ইষ্টাৰ
৫ পাঞ্জ
৬ ছাছ
৭ হাৱ্ত / হফ্ত
৮ হায়ছ্থ / হায়তেক
৯ নু
১০ দেজ
২০ ৱিচ
১০০ ছায়

এতিয়া কিছু শব্দ ⤵️

মই - আমা
আমি - এমে / আমিন
তুমি - আতু / তো
কোন - কানি / কো
কি - কি / কায়
ক'ত - কাতে / কেতা
কেতিয়া - কাৱাস / কাচি
কেনেকৈ - কেকে / কেনে‌ কাত
নহয় - না
সকলো - গিছ / গিছতানে
বহুত - বল / বু
কম - আকাম / টিকা
দীঘল - দীৰ্গা / দ্ৰংগে
মানুহ - মানুস / নাফাৰ
সাপ - সাপ / সাব
বাহু - দুদ
গছ - ছাদজ়াৰ / লাউৰা
ফল - ফাৱাকে
ঘাঁহ - হাছিছ
মাংস - মাচি
কণী - আনা
চুলি - ৱালভাল
মূৰ - ছিৰি / ছেৰ
কাণ - কান
চকু - আক্কি
নাক - পিৰিন
দাঁত - দান্দ 
জিভা - ঝিভ / জিব
নখ - নাইল
ভৰি - পাৱ
হাত - হস্ত / সস্ত
পেট - পেট
পিঠি - পিষ্ট 
পান কৰা - পি
খোৱা - কোৱা
জানা - ঝান / জান
শুৱা - ছুছ
মৰা - মাৰি / ম্ৰা
মাৰা - মাৰ
আহা - আও / আউ
দিয়া - দে
গোৱা (গানৰ ক্ষেত্ৰত) - গাক 
পানী - পানী
বৰষুণ - ৱাৰচ
নিমখ - লোন
জুই - আগ
কলা - কালা
ৰাতি - আৰাত
দিন - দিচ
বছৰ - ৱাৰচ
ঠাণ্ডা - সিল্দা
নতুন - নাৱা
আৰু - উ / ৱা
নাম - নাম

#কন্দৰ্পজিৎ

অসমীয়া - বড়ো - ককবৰক

নমস্কাৰ  
খুলুমবায় 
খুলুমখা

তুমি কোন? 
নৗং সৗৰ?  
নৗংনি ছাবু?

তোমাৰ নাম কি?  
নৗংনি মুঙা মা?  
নিনি মুঙ তামো?

মোৰ নাম কন্দৰ্পজিৎ   
আংনি মুঙা কন্দৰ্পজিৎ   
আনি মুঙ কন্দৰ্পজিৎ 

তোমাৰ কি খবৰ? / তুমি কেনে আছা? 
নৗংনি মা খবৰ ?  
নৗঙ ছাবো?

ভাল  
মৗজাং  
কাহামনো

তুমি কোন ঠাইৰ?  
নৗং ব'দে জাইগানি?  
নৗং বোৰোনি? 

মই সাপটগ্ৰামৰ  
আং সাপটগ্ৰামনি  
আং সাপটগ্ৰামনি

আমি ধুবুৰীলৈ যাওঁ  
জৗং ধুবুৰীয়াও থাংদোং  
চৗঙ ধুবুৰী থাহনগো

তেওঁ কিতাপ পঢ়ে  
বিয়ো বিজাব ফৰায়দৗং 
বো বিজাপ পোৰিখা

তেওঁ বিদ্যালয়লৈ যাব
বিয়ো ফৰায়সালিয়াও থাংবায়
বো ৰৗংনোগো থাহোংনাই 

এতিয়া তুমি কি কৰি আছা?
দানিয়া নৗং মা খালামদৗং?
তাবুকখে নৗং খৗলাই তংচা? 

মই কাম কৰি আছোঁ
আং খামানি খালামদৗং
আং তাংগৗই তঙো

তুমি ক'লৈ যোৱা?
নৗং বহায় থাংগৗন?
নৗং বৰো থাহঙৗই?

তেওঁ আজি ঘৰৰপৰা আহিছে
বিয়ৗ দিনৈ ন'নিফ্ৰাই ফৈদৗংমৗন
বো তিনি নোগো ফাইও

মই ৰাতি যাম
আং হৰাৱ থাংগৗন
আং হৰো থাহংখা

মই সুখী
আং গৗজৗনবাই
আং তংহোকজাক 

আহা
ফৈদৗ 
ফাইজাদি

সুপ্ৰভাত
মৗজাং ফুং
ফুং কাহাম

শুভৰাত্ৰি
মৗজাং হৰ
হৰ কাহাম

মই তোমাক ভালপাওঁ
আং নৗংখৌ মৗজাং মৗনৗ  
আং নোনো হামজাকগো

তুমি মোক ভালপোৱা নে?
নৗং আংখৌ মৗজাং মৗনবাই না?
নৗং আংকো হামজাগো?   

হয়
অৗ 
ইন' / আও

নহয়
নাঙা
ইন'হি

ধন্যবাদ
সাবায়খৰ
হামবাই
 
(কিবা ভুল পৰিলক্ষিত হ'লে অনুগ্ৰহ কৰি আঙুলিয়াই দিব।)

#কন্দৰ্পজিৎ

অসমীয়া - বড়ো - ককবৰক - গাৰো - জোংখা - তিব্বত - ৰাভা - কোচ

বড়ো ভাষাৰ লগত মিল থকা ভাষা বিলাক হ'ল - ককবৰক, গাৰো, জোংখা (Dzonkha), তিব্বত, ৰাভা আৰু কোচ ভাষা। ইয়াৰ ভিতৰত বড়োৰ সৈতে বেছি মিল থকা ভাষা হ'ল ত্ৰিপুৰাৰ ককবৰক ভাষা। আনহাতে জোংখা হ'ল ভূটানৰ ভাষা। তলত উল্লেখিত ভাষাসমূহৰ সংখ্যা বিলাক দিয়া হ'ল। (ইয়াত কিবা ভুল পৰিলক্ষিত হ'লে জনাব।)

অসমীয়া - বড়ো - ককবৰক - গাৰো -
             জোংখা - তিব্বত - ৰাভা - কোচ

শূন্য - লাথিখো - বুকচা - শুইনো - 
         লেক্‌কৰ - লাইকৰ - * - ৰিয়া

এক - সে - সা - সা - 
          চি - চিং - সা - সা

দুই - নৈ - নৗই - গ্নি/গিনি - 
        নি - নি - নিঙ - নিঙ

তিনি - থাম - থম - গিত্তাম - 
           চুম - চুম - তাম - তাম

চাৰি - ব্ৰৈ - ব্রৗই - ব্ৰি- 
          ঝি - শি - চেচা - ব্ৰি

পা‌ঁচ - বা - বা - বোঙ- 
         ঙা - ঙা - তলা - বৗঙ

ছয় - দ' - দোক - দোক - 
        দ্ৰু - ত্ৰুগ - ক্ৰোব - ম্ৰোব

সাত - স্নি - স্নি - স্নি/ছিনি - 
          দুৱেন - দুন - চিয়া - সিন

আঠ - দাইন - চাৰ - চেত - 
          গে - গ্যায় - গিন - গিন

ন - গু - চুকু - স্কু - 
      গু - গু - বিঙ - বিন

দহ - জি - চি - চিকুং/চিকিং - 
        চুথাম - চু - সাথা

এঘাৰ - জিসে - চিসা - চিসা - 
            চুচি - চুজি - সাসা

বাৰ - জিনৈ - চিনৗই - চিগ্নি/চিগিনি - 
         চুনি - চুনি - সানিঙ

তেৰ - জিথাম - চিথম - চিগিত্তাম - 
          চুচুম - চুচুম - সাতাম

চৈধ্য - জিব্ৰৈ - চিব্রৗই - চিব্ৰি - 
      ‌ চুঝি - চুশি - সাচেচা

পোন্ধৰ - জিবা - চিবা - চিবোঙা - 
              চুঙা - চুঙা - সাতলা

ষোল্ল - জিদ' - চিদোক - চিদোক - 
           ‌চুদ্ৰু - চুদু - সাক্ৰোব

সোতৰ - জিস্নি - চিস্নি - চিস্নি/চিছিনি - 
             চুদুৱেন - চুদুন - সাচিয়া

ওঠৰ - জিদাইন - চিচাৰ - চিচেত - 
           চুগে - চুগ্যায় - সাগিন

উনৈশ - জিগু - চিচুকু - চিচকু - 
             চুগু - চুগু - সাবিন 

বিশ - নৈজি - নৗইচি - কোলগ্ৰিক - 
         খেচি - নিশু - নিঙথা

একৈশ - নৈজিসে - নৗইচিসা - কোলগ্ৰিকসা - 
             নিয়াৰচি - নিশুৎচাজি - নিঙথা সা

ত্ৰিশ - থামজি - থমইচি - কোলাতচি - 
       ‌ * - চুমজু - থামথা

চল্লিশ - ব্ৰৈজি - ব্রৗইইচি - ছোতব্ৰি - 
 ‌‌ * - শিপজু - চেচাথা

পঞ্চাশ - বাজি - বাইচি - ছোতবোঙা -
           ‌ * - ঙাপজু - তলাথা

ষাঠি - দ'জি - দোকইচি - ছোতদোক - 
                 * - ত্ৰুকচু - ক্ৰোবথা

সত্তৰ - স্নিজি - স্নিইচি - ছোতস্নি/ছোতছিনি -  
                  * - দুনজু - চিয়াথা

আশী - দাইনজি - চাৰইচি - ছোতচেত - 
                       * - গ্যায়জু - গিনথা

নব্বৈ -গুজি - চুকুইচি - ছোতস্কু - 
                * - গুপজু - বিঙথা

এশ - জৌসে - সাৰা - ৰিতছাসা - 
                 * - গ্যা - সাথাথা

দুশ - জৌনৈ - নৗইৰা - ৰিতছাগ্নি/ৰিতছাগিনি - 
                * - গ্যানি - নিঙথাথা

হাজাৰ - ৰৗজা - চাই - হাজালসা - 
                    * - টং

দুই হাজাৰ - নৈৰৗজা - নৗইচাই - হাজালগ্নি/হাজালগিনি - 
                             * - টংনি

লাখ - লাখ - ৰাচাই

দুই লাখ - নৈলাখ - নৗইৰাচাই

কোটি - কোটি - ৰৗজাং

দুই কোটি - নৈকোটি - নৗইৰৗজাং

#কন্দৰ্পজিৎ