Showing posts with label অনুবাদ কবিতা. Show all posts
Showing posts with label অনুবাদ কবিতা. Show all posts

27/10/2024

সুভদ্ৰাৰ মূৰত ১০০ কলংক

সুভদ্ৰাৰ মূৰত ১০০ কলংক
===================

কোৱা হে 
দেৱতাসকল 
তোমালোকে কাৰ কথা শুনিবা?

যেতিয়া 
৫৬ ইঞ্চি বুকু দেখুৱাই
এই দেশৰ ৰজাই 
এই মাটিতে কৰিছিল 
সুভদ্ৰাৰ গুণ‌গান, 
ঠিক সেই সময়তে
সুভদ্ৰাই কান্দিছিলে হিয়া ধাকুৰি
গণতন্ত্ৰৰ সুৰক্ষা মন্দিৰত 
ৰুদ্ধদ্বাৰ পাৰ হৈ বিয়পি পৰিছিল 
কৰুণ ক্ৰন্দন।

পোচাকধাৰী দেৱতা সকল
হৈ পৰিছিল চয়তান
সেইবাবেই তো আমাৰ দেশৰ
আইন সলনি হৈছে 
আমি সকলোৱেই ভাগ্যৱান!

কোৱা কোৱা দেৱতাসকল 
তোমালোকে কাৰ কথা শুনিবা? 
এশ দিনৰ মধুৰ মাত
কিমান শক্তিশালী, কিমান সফল 
নে
সুভদ্ৰাৰ মূৰত এশটা কলংক!

আমাৰ কাণ ফাটি
বৈ গৈছে তেজ
সিদ্ধান্ত লোৱা দেৱতাসকল 
তেজ দেখিবা নে সলনি হৈ যাবা 
চয়তানৰ ভক্ত!

֍ মূল ওড়িয়া কবিতা ֍
• কবি: সন্তোষ কুমাৰ পণ্ডা
• অসমীয়া অনুবাদ: কন্দৰ্পজিৎ কল্লোল



ସୁଭଦ୍ରା ମଥାରେ ୧୦୦ କଳଙ୍କ 
© ସନ୍ତୋଷ କୁମାର ପଣ୍ଡା 

କୁହ ହେ 
ଦେବତାମାନେ 
ତୁମେ କାହା କଥା ଶୁଣିବ ? 

ଯେତେବେଳେ 
୫୬ ଇଞ୍ଚ ଛାତି ଦେଖାଇ 
ଏ ଦେଶର ରାଜା 
ଏଇ ମାଟିରେ କରୁଥିଲେ 
ସୁଭଦ୍ରାର ଗୁଣ‌ଗାନ, 
ଠିକ୍ ସେତିକିବେଳେ 
ସୁଭଦ୍ରା କାନ୍ଦୁଥୁଲା ଛାତି ଫଟାଇ 
ଗଣତନ୍ତ୍ରର ସୁରକ୍ଷା ମନ୍ଦିରରେ 
ରୁଦ୍ଧଦ୍ଵାର ଦେଇ ଶୁଭୁଥିଲା 
କରୁଣ କ୍ରନ୍ଦନ । 

ପୋଷାକଧାରୀ ଦେବତା ସବୁ 
ପାଲଟିଥିଲେ ସଇତାନ 
ତେଣୁ ତ ଆମ ଦେଶର 
ଆଇନ ବଦଳିଛି 
ଆମେ ସବୁ ଭାଗ୍ୟବାନ ! 

କୁହକୁହ ଦେବତାଗଣ 
ତୁମେ କାହା କଥା ଶୁଣିବ ? 
ଶହେ ଦିନର ମୋହନ ସ୍ୱର 
କେତେ ଶକ୍ତିଶାଳୀ କେତେ ସଫଳ 
ନା 
ସୁଭଦ୍ରା ମଥାରେ ଶହେ କଳଙ୍କ ! 

ଆମର କାନଫାଟି 
ବୋହି ଯାଉଛି ରକ୍ତ 
ନିଷ୍ପତ୍ତି ନିଅ ଦେବତାମାନେ 
ରକ୍ତ ଦେଖୁବ କି ପାଲଟିବ 
ସଇତାନର ଭକ୍ତ !

09/03/2024

মানুহ

মানুহ
====

মই হয়তো মানুহ নহওঁ, 
মানুহবিলাক বেলেগ ধৰণৰ,
খোজকাঢ়িব পাৰে, 
বহিব পাৰে, 
ইঘৰৰ পৰা সিঘৰলৈ যায়,
মানুহবিলাক বেলেগ ধৰণৰ, 
সাপে খুঁটিলে দৌৰি পলায়।

মই হয়তো মানুহ নহওঁ, 
গোটেই দিন থিয়হৈ থাকোঁ,
গছৰ দৰে থিয়হৈ থাকোঁ।
সাপে খুঁটিলে গম নাপাওঁ, 
চিনেমা চাই গান নাগাওঁ,
বহুদিন বৰফ মিশ্ৰিত পানী নাখাওঁ।
কিদৰে তথাপিও জীয়াই আছোঁ,
ছবি আকিছোঁ,
ৰাতিপুৱা, দুপৰীয়া অবাক কৰি
গোটেই দিন জীয়াই আছোঁ মোৰ দৰে। অবাক লাগে।

মই হয়তো মানুহ নহওঁ,  
মানুহ হ'লে জোতা থাকিল হেঁতেন,
ঘৰ থাকিল হেঁতেন,
ৰাতিৰ সময়ত ঘৰৰ ভিতৰত 
নাৰী থাকিল হেঁতেন,
পেটৰ পটত মোৰ 
ক'লা শিশু আঁকিল হেঁতেন।

মই হয়তো মানুহ নহওঁ, 
মানুহ হ'লে আকাশ দেখি হাঁহিম কিয়?
মানুহবিলাক বেলেগ ধৰণৰ, 
হাত থাকিব,
নাক থাকিব, 
তোমাৰ দৰে চকু থাকিব,
নিকেল মিশ্ৰিত অতি সুন্দৰ চকু থাকিব 
ভালপোৱাৰ কথা দিলেই কথা ৰাখিব।

মানুহ হ'লে ঊৰুৰ ভিতৰত 
দাগ থাকিল হেঁতেন,
দেউতা থাকিল হেঁতেন, 
ভণ্টি থাকিল হেঁতেন,
ভালপোৱাৰ মানুহ থাকিল হেঁতেন,
হঠাৎ কৰি মৰি যোৱাৰ ভয় থাকিল হেঁতেন।

মই হয়তো মানুহ নহওঁ, 
মানুহ হ'লে তোমাকলৈ কবিতা লিখা
আৰু নহ'ল হেঁতেন,
তোমাক এৰি গোটেই ৰাতি 
জীয়াই থকা আৰু নহ'ল হেঁতেন।

মানুহবিলাক সাপে খুঁটিলে দৌৰি পলায়;
অথচ মই সাপ দেখিলে আগুৱাই যাওঁ,
অবহেলাত মানুহে ভাবে সাবটি ধৰোঁ।

✍ মূল: নির্মলেন্দু গুণ (বাংলা কবি)
✍ অনুবাদ: কন্দৰ্পজিৎ কল্লোল