08/07/2019

মায়া

সপোন
প্ৰেম
মায়া

মায়াৰ় আছে অসংখ্য কায়া
কায়াৰ়ো আছে কিছু ছায়া  !

(ওপৰোক্ত অনুভৱখিনি অসমীয়া নে বাংলা নে কামতাপুৰী ভাষাত লিখা সেয়া সঠিককৈ ক'ব পৰা নাযায় । তেন্তে এই ভাষাটোৰ কি নাম দিব পৰা যায় ?!)

অসুখৰ অসুখ

==========

নদীৰ দৰে বাট
মৰুভূমিৰ দৰে ঘাট
আৰু বুকুত বৈ থাকে
ছাঁ-পোহৰৰ জলপ্ৰপাত

আজি কিছুদিনৰ পৰা
অসুখৰ অসুখ
কঢ়িয়াই লৈ ফুৰোতে
হেৰাই থাকিল
সুখ-দুখৰ নিমখীয়া আলাপ!

ණ কন্দৰ্পজিৎ কল্লোল

বৈদ্যুতিক শ

বৈদ্যুতিক গতিৰে পাৰ হৈ যোৱা
সপোন এটাৰ পৰাই জন্ম হয়
এই বিদ্যুৎস্পৰ্শী নদীখনৰ 

আৰু তাৰ জলতৰঙ্গত উটি আহে
এটা সদ্যজাত শ
অস্থিৰ উন্মাদ উন্মুক্ত

সেই শ এদিন ডাঙৰ দীঘল হয়
সেই একেই উন্মাদপ্ৰায় অস্থিৰ
নদীৰ দৰে
বৈদ্যুতিক গতিৰ দৰে

নদীৰো আছে সুখ-দুখৰ অনুভূতি
কিন্তু নাথাকে কোনো নিৰ্দিষ্ট পথ
কেৱল ৰৈ ৰৈ বৈ যায়
সৃষ্টি হয় জলতৰঙ্গ !

♦ কন্দৰ্পজিৎ

07/05/2019

উৰিষ্যা নে ওড়িশা

মূল ওড়িআ /ওড়িয়া ভাষাত ( উৰিয়া ভাষা নহয়) ৰাজ্যখনৰ নাম ওড়িশা "ଓଡ଼ିଶା" । ইংৰাজীতো Odisha. হিন্দীতো ओड़िशा । সৰুতে আমি উৰিষ্যা বুলি পঢ়িছিলোঁ যদিও মূল ভাষাৰ দিশৰ পৰা চাবলৈ গ'লে "ওড়িশা" শুদ্ধ নহয় । আনহাতে ওডিছা বা ওড়িশ্যা সম্পূৰ্ণ ভুল । ঠিক যেনেকৈ আসামী বা অসমিয়া বুলি আন ভাষাত লিখিলেও আমি "অসমীয়া" বুলি লিখোঁ, ঠিক তেনেকৈ যাৰ ভূমি সিহঁতে "ওড়িশা" বুলি লিখে । ভূপেন হাজৰিকাৰ নামটো কোনোবাই হিন্দীত ভূপেন হাজাৰিকা বুলি লিখিলেও আমি লিখিম জানো ? এতিয়া আমি শুদ্ধ ৰূপত তেলেগুৰ ঠাইত তেলুগু, কানাড়াৰ ঠাইত কন্নড় আৰু পাঞ্জাবৰ ঠাইত পঞ্জাব লিখোঁ । ঠিক তেনেদৰে বেংগলী বা বঙালী ভাষা নাই । বাঙালী (বঙালী নহয়) জাতিগত অৰ্থত ব্যৱহাৰ হয় । কিন্তু ভাষাৰ নাম "বাংলা" । শ্ৰীলংকাৰ ভাষাক আমি সিংহলী বুলি লিখোঁ । কিন্তু শুদ্ধ ৰূপ হ'ল - সিংহল ভাষা ।
এই বিষয়ে মই ৫/৬ বছৰ মান আগতে লিখিছিলোঁ । তলত পুনৰ সেই লেখাটো সংযোগ কৰিলোঁ । -

বিষয়: ৰোমাণ লিপি আৰু অসমীয়া বানান

(১)
আমাৰ গাঁওৰ নাম HARALTARI.
অসমীয়ালৈ লিপ্যন্তৰিত
কৰিলে হৰলটাৰী (হাৰালতাৰী নহয়)।
Ramen = ৰমেন (ৰামেন নহয়) ।
Karna = কর্ণ (কার্ণ নহয়) ।
Sagarika =
সাগৰীকা (সাগাৰীকা নহয়) ।
Tarali = তৰালী (টৰালী,
তাৰালী বা টাৰালী নহয়) ।

ঠিক তেনেকৈ
* Odia = ওড়িআ [ওড়িয়া] < ଓଡ଼ିଆ >
* Tamil = তমিলং [তমিল] < தமிழ் >
* Telugu = তেলুগু < తెలుగు >
* Malayalam =
মলয়ালং [মলয়ালম] < മലയാളം > *
Kannada = কন্নড় < ಕನ್ನಡ >
* Marathi = মৰাঠী < मराठी >
* Gujrati = গুজৰাতী < ગુજરાતી >
* Bangla = বাংলা
* Punjabi = পঞ্জাবী < ਪੰਜਾਬੀ >

(২)
অভিধান অনুসৰি অ= a,
আ=a.
ৰমেন = Ramen (Romen নহয়)
কন্দর্প = Kandarpa
(Kondorpo নহয়)
কিন্তু আমি আজিকালি ৰোমান লিপিৰে অসমীয়া লিখোতে উচ্চাৰণৰ
ওপৰত ভিত্তি কৰি লিখোঁ, কিছুক্ষেত্ৰত সংক্ষিপ্তৰূপ ব্যৱহাৰ কৰোঁ। কিন্তু
এতিয়া প্ৰশ্ন হ'ল স= ?,
হ= ?
সাহিত্য= Sahitya (শুদ্ধৰূপ),
আজিকালি Sahityo, Xahityo আদিও
লিখোঁ। কিন্তু কিছুমানে কিয় স= h
আকৌ হ= h ব্যৱহাৰ
কৰে বুজি নাপালোঁ। যেনেঃ hahityo, homoy, hagor.
আকৌ কিছুমানে হ=x ব্যৱহাৰ কৰে।
যেনেঃ xol (হ'ল), xahi আদি। ঠিক তেনেকৈ জোনাক= Jonak, ৰ'দ=
rod, তোমাৰ= tomar আদিৰ ঠাইত Junak, rud, tumar আদি ব্যৱহাৰ
কৰে !

(৩)
স+থ = স্থ (স্থান/ স্হান নহয়)
স+ হ = স্হ
ন+ত+উ = ন্তু (কিন্তু/ কিন্ত্ত নহয় )
ন+ত+ত = ন্ত্ত

ණ কন্দর্পজিৎ কল্লোল

02/04/2019

যন্ত্ৰ

কেতিয়াবা কেতিয়াবা কান্দিব বিচাৰিও
                            কন্দাৰ সময় নাথাকে !
অনুভৱ হয় যান্ত্ৰিক যুগৰ ময়ো এটা যন্ত্ৰ ।

11/02/2019

বিষাদ শূণ্যতা

মই শূণ্যতাৰ চিকাৰ
শূণ্যতাৰ স'তে মোৰ
আজীৱন সহবাস !

শূণ্যতাই বুকুত হেঁচা মাৰি ধৰে
বিষাদবোৰ মৌনতাৰ নৌকাত উঠি
অসীমলে' ভাঁহি ফুৰে দিকভ্ৰষ্ট হৈ !!

মোৰ নিজৰ বুলিবলে' একো নাই
যি আছে সব বিষাদগ্ৰস্ততাৰ যন্ত্ৰণা
যি আছে সব মৌন কৰ্হাল
যি আছে সব বৈ থকা শূণ্যতাৰ
ৰৈ থকা অপূৰ্ণতা !!!

© কন্দৰ্পজিৎ

29/01/2019

#অকবিতা - জ্বলি উঠুক শব্দৰ #ফুৰ্ঙা


এঠেই খাড়া হোয়া থাকা মুঁই মানুসটা
মুঁইয়েয় না
না সময়েৰ ধামখামাত হাৰেয়া যাৱা
মোৰ কায়া !
সময় বদলিল ৰাস্তা-ঘাটা বদলিল
বদলিল কবিতাৰ ভাষা শব্দ বাক্য

মুঁই সম্প্ৰতি শব্দহীনতাত দিন কাটাং
তাৰ পৰে কি কবিতা কিসেৰ কবিতা
যেই সময় সময়েৰ গদ্যয় মাথাত ডাঙায়
দলিবালিয়ে ইটাল ভাঙোৱাৰ মতন কৰিয়া
অই সময় আৰ্ কিসেৰ কবিতা

পৰিবৰ্তন
পৰিবৰ্তনেৰ হাৱাত
চলো পাল্টাই কবিতাৰ ভাষা
এলা আৰ্ কবিতা নাহয়
জ্বলি উঠুক শব্দৰ ফুৰ্ঙা

বিঃদ্ৰঃ - ফুৰ্ঙাৰ থাকিয়াও খাণ্ডব দাহ হয় ।

#কন্দৰ্পজিৎ