Kandarpajit Kallol
02/07/2025
16/01/2025
২০২৪-২০২৫ : কিছু ব্যক্তিগত কথা, কিছু স্মৃতি
“২০২৪-২০২৫ : কিছু ব্যক্তিগত কথা, কিছু স্মৃতি”
.............................................................
নিজৰ ভিতৰৰ পৰা নিজকে লুকুৱাই ৰখাৰ কচৰৎ ...... ২০২৫ চনৰ ১৫ টা দিন পাৰ হৈ গ'ল। একো নিলিখিলোঁ। ফেচবুকতো কোনো এটা প'ষ্ট নিদিলোঁ। ...... কমাই কমাই শূণ্যতাৰ ফালে গতি ...... প্ৰায় তিনিমাহ ধৰি একো নিলিখাকৈয়ে পাৰ কৰিলোঁ। ......
অৱশ্যে ব্যক্তিগত জীৱনৰ কথা (কবিতা, গদ্য আদি) বাদ দি ৱিকিপিডিয়াত কিবাকিবি প্ৰবন্ধ তৈয়াৰ কৰি আছোঁ। যোৱা ১ ডিচেম্বৰ তাৰিখে ৱিকিপিডিয়াত ২০০ প্ৰবন্ধ অতিক্ৰম কৰোঁ। বৰ্তমান ২৫০ পাৰ হৈছে। কামতাপুৰী (ৰাজবংশী) উইকিমিডিয়াৰ পৃষ্ঠাৰ সংখ্যাও বৃদ্ধি কৰি আছোঁ। লগতে আৰু কেইবাটাও ভাষাৰ ৱিকিপিডিয়াত কিছু সংখ্যককৈ পৃষ্ঠা যোগ দিছোঁ। লগতে অসমীয়া ৱিকিপিডিয়াৰ এছিয়ান মাহ ২০২৪ সম্পাদনা মেলাত অংশগ্ৰহণ কৰি সাতটা প্ৰবন্ধ সৃষ্টি কৰাৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ 'পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৪'-ত অংশ লৈ (২৩টা প্ৰবন্ধ সম্পাদনা কৰি) 'সম্পাদনা মেলাত অৱদানৰ ভিত্তিত' দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হওঁ।
তাৰোপৰি নতুন বছৰৰ প্ৰথম সপ্তাহত মোৰ ইউটিউব চেনেলৰ Subscriber-ৰ সংখ্যা ২০ হাজাৰ অতিক্ৰম হয়।
ইয়াৰ পিছতো কিবা এটা শূণ্যতাই খেদি ফুৰে মোক। ...... কিছুমান কথা ভিতৰি ভিতৰি আত্মস্থ কৰিব পাৰি। লিখিব নোৱাৰি, ক'ব নোৱাৰি। ...... যিবোৰ কথা কাকো খুলি ক'ব নোৱাৰি, সেইবোৰেই যন্ত্ৰণা! ...... পাৰ হৈ যোৱা দিনবোৰ দিন আছিল, সম্প্ৰতি ৰাতি! ...... সময়ে সকলো সলনি কৰে। সময়ৰ স'তে ময়ো সলনি হৈ গ'লোঁ। ...... সম্প্ৰতি মই নিজেই মোৰ মাজত মোক বিচাৰি নাপাওঁ। ......
ৰৈ ৰৈ পুৰণি দিনবোৰ স্মৰণ কৰি আছোঁ। ...... পুৰণি কাকতৰ লেখা বিলাক উলিয়াই চালোঁ। পুৰণি হাতে লিখা বহীৰ পৃষ্ঠা লুটিয়াই চালোঁ। ...... তাৰে কিছুমান আগৰে টাইপ কৰা আছিল, কিছুমান স্কেনিং কৰিলোঁ, কিছুমান আৰু কৰা নহ'ল। ...... মোৰ কবিতা, অনুবাদ কবিতা, গল্প, গদ্য, প্ৰবন্ধ আদি PDF File বনাই ৰাখিলোঁ ...... স্মৃতি হিচাবে ......
❖ অসমীয়া : ↷
• তুমি ভালপাওঁ বুলি ক'লে মোৰ বুকুত সাতটা শিয়ালে হোৱা দিয়ে (কেইটামান স্ব-নিৰ্বাচিত কবিতা) (৬৩ পৃষ্ঠা) : https://drive.google.com/file/d/10PSCyolJSe_CVDg3JS7XryiF4nWenmMo/view?usp=drivesdk
• নিৰ্বাচিত বাংলা কবিতাৰ অসমীয়া অনুবাদ (৩৬ পৃষ্ঠা) : https://drive.google.com/file/d/10mqzax9BUW81qbnFClqrxBaaKX_9bcLX/view?usp=drivesdk
• কেইটামান অনুবাদ কবিতা (৭ পৃষ্ঠা) : https://drive.google.com/file/d/10D8-WyMxAYjsOI8cU_uVvO4QcE0mcAsU/view?usp=drivesdk
• মোৰ কেইটামান স্ব-নিৰ্বাচিত গল্প (৩৩ পৃষ্ঠা) : https://drive.google.com/file/d/1118eODZyMI5Q4Jafcs1TpJZSG0W7ulL9/view?usp=drivesdk
• কন্দৰ্পজিৎ কল্লোলৰ নিৰ্বাচিত কবিতা (২৫ পৃষ্ঠা) : https://drive.google.com/file/d/13ny19HkiuxXElxOolS1d9DD37mYYZ1ll/view?usp=drivesdk
• নিৰ্বাচিত কবিতা (২০০৮) (১৫ পৃষ্ঠা) : https://drive.google.com/file/d/10hf6QDKEQ_rUHdSbr96SqghHeaU4LMYH/view?usp=drivesdk
• কবিতা সমগ্ৰ (২০১৩) (১৩০ পৃষ্ঠা) : https://drive.google.com/file/d/1-IkPg7h7mFWsTTa1X_mD35lxJcxYc62l/view?usp=drivesdk
• কবিতা সমগ্ৰ (২০১৪) (৬৫ পৃষ্ঠা) : https://drive.google.com/file/d/1-LBwKCjsldmJbL2RHFLEnxdwF4aebHkR/view?usp=drivesdk
• কবিতা সমগ্ৰ (২০১৫) (৪১ পৃষ্ঠা) : https://drive.google.com/file/d/1-Sr0-OqKgqarbf0WVTXY-WUTMxXCrvUk/view?usp=drivesdk
• কবিতা সমগ্ৰ (২০১৬) (২০ পৃষ্ঠা) : https://drive.google.com/file/d/1-WGveoVX6B480sN67FcsThSoEKF01D_8/view?usp=drivesdk
• কবিতা সমগ্ৰ (২০১৭) (১০ পৃষ্ঠা) : https://drive.google.com/file/d/1-csaEv6-ZLCcbuscUPSESH0TqwsKEdvK/view?usp=drivesdk
• কবিতা সমগ্ৰ (২০১৮) (১৩ পৃষ্ঠা) : https://drive.google.com/file/d/1-i3Y-SG7e7g5QQu7H8PUfTsLOzLcSPs7/view?usp=drivesdk
• কবিতা সমগ্ৰ (২০১৯ - ২০২২) (১৬ পৃষ্ঠা) : https://drive.google.com/file/d/1-jy_henWU7h4_frkQfdCzelk3aUUQSN8/view?usp=drivesdk
• কবিতা সমগ্ৰ (২০২৩) (৩৩ পৃষ্ঠা) : https://drive.google.com/file/d/104WGTyJb2nGiccwq6x8RQtOe6EaasLL5/view?usp=drivesdk
• কবিতা সমগ্ৰ (২০২৪) (২০ পৃষ্ঠা) : https://drive.google.com/file/d/104ZM1es8MV-SX-8LRwuZvf9BMScCMKB7/view?usp=drivesdk
• নৰকত নষ্ট অকবিৰ ফাঁচীৰ ৰছী (৩১ পৃষ্ঠা) : https://drive.google.com/file/d/10YMcPjtjSBNS-Ly_QhKti7e47Av-TTGS/view?usp=drivesdk
• ভিন্ন গদ্য (২০১৩) (৩০ পৃষ্ঠা) : https://drive.google.com/file/d/110fquA3aj-VTRCOTt4421doQdUv_oaZU/view?usp=drivesdk
• পৃথিৱীৰ বিভিন্ন ভাষা (১৮ পৃষ্ঠা) https://drive.google.com/file/d/10udwBEZi_3WFD9V4JbANKjgR9s4wz_1R/view?usp=drivesdk
• একশৰণ ধৰ্ম, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু বৰ্তমান সমাজ (৮ পৃষ্ঠা) : https://drive.google.com/file/d/1-9pjB_9GEln2esAFy3n_9QYywW2xMOah/view?usp=drivesdk
• হিন্দুৰ ব্ৰাহ্মণ্যবাদ, ধৰ্মান্তকৰণ, ভাৰতত বৌদ্ধৰ পতন আৰু দেৱদাসী প্ৰথা (৬ পৃষ্ঠা) : https://drive.google.com/file/d/11CNlNGs6lxuRFBQ-BkBEeR6QrbKeSehC/view?usp=drivesdk
• ওড়িয়া প্ৰবচন (৬ পৃষ্ঠা) : https://drive.google.com/file/d/1-EZg5yPaG_ES9TtoZsmaKqtvQdgE-tfM/view?usp=drivesdk
• ওড়িয়া উপন্যাস সাহিত্যৰ চমু পৰিচয় (হাতে লিখা) (৬ পৃষ্ঠা) : https://drive.google.com/file/d/1riNhoGADDu0tqvL4_xMElAOXA28rX5q9/view?usp=drivesdk
• আংবাং (৬ পৃষ্ঠা) : https://drive.google.com/file/d/1-7IfewIn2ar12__bfIj4eBPWcwaODlW1/view?usp=drivesdk
• ছেক্স ভাৰ্ছেচ্ ছুই্চাইড (গল্প) (৬ পৃষ্ঠা) : https://drive.google.com/file/d/1l8dTjjDQ00ujOt2l-jyauY6fkWMPT4x6/view?usp=drivesdk
• অসংলগ্ন শব্দগাঁথা (৫ পৃষ্ঠা) : https://drive.google.com/file/d/1-8QjmMy-6N8UhaimBDv5LbTFGjlat33A/view?usp=drivesdk
• ৰোমান লিপি আৰু অসমীয়া বানান (৪ পৃষ্ঠা) : https://drive.google.com/file/d/116dhZAfhuHls1xkj34JkzRZGtvGb-Gqe/view?usp=drivesdk
• ধৰ্ম, জাতিভেদ ইত্যাদি (৪ পৃষ্ঠা) : https://drive.google.com/file/d/10WovVcWD79VWn2GYZu6Ll7j0eIiboKFq/view?usp=drivesdk
• জীৱনৰ বাটে-ঘাটে (৩ পৃষ্ঠা) https://drive.google.com/file/d/10MYH24Q0VQMd_Oo801GemiMaY_Maw2_Q/view?usp=drivesdk
• জীৱনৰ গদ্য (২০২৪) (২ পৃষ্ঠা) : https://drive.google.com/file/d/10LB9xqWA-FUgJKFh5GV3IJY1GWZW3nmf/view?usp=drivesdk
• নষ্ট গদ্য - ভৱিষ্যত অপৈত্ৰিক বিষাদ (২ পৃষ্ঠা) : https://drive.google.com/file/d/10Ymu0tzCmoCOZNlJwXMZFEMTrEP5clo3/view?usp=drivesdk
• জলবেশ্যা (২ পৃষ্ঠা) : https://drive.google.com/file/d/10IYrWe-Cu4kRGIOJN6kzhsr-ZBFikXjf/view?usp=drivesdk
• সাপটগ্ৰাম কেনেকৈ চাপটগ্ৰাম হ'ল? (২ পৃষ্ঠা) : https://drive.google.com/file/d/117f9AlPOrT20d_bJhccgCyc_dh91db68/view?usp=drivesdk
• ৰঙিলী, ৰৰৈ আৰু ৰচকী (২ পৃষ্ঠা) : https://drive.google.com/file/d/116cQrbyKXYIsr3ykmkeZvNevEPhGjtks/view?usp=drivesdk
• অমিয়া-মাধুৰী (মোৰ সম্পাদনাত প্ৰকাশিত আলোচনী) (৮০ পৃষ্ঠা) : https://drive.google.com/file/d/13vP_QKk8THxgPiAxOU-VorgeiLo5yqWs/view?usp=drivesdk
• তুমি ভালপাওঁ বুলি ক'লে মোৰ বুকুত সাতটা শিয়ালে হোৱা দিয়ে (অডিঅ') (কণ্ঠ: পৰেশ আকাশ সন্দিকৈ) : https://drive.google.com/file/d/1gA5n7dse4JjMigZattgFXtnmA0hjm-k-/view?usp=drivesdk
❖ কামতাপুৰ়ী : ↷
• বিন্না কুমাৰীৰ কিচ্ছা (কামতাপুৰী কবিতা সমগ্ৰ) (৬৬ পৃষ্ঠা) : https://drive.google.com/file/d/10vY3-871jxrwCUDKTkFf0R_ugwz4GYI0/view?usp=drivesdk
• নিৰ্বাচিত ৩০টা অসমীয়া কবিতাৰ কামতাপুৰী ৰাওবদল (৫৭ পৃষ্ঠা) : https://drive.google.com/file/d/10kYgY0XvA2vESzwUWSXzTMILIwdfFHIh/view?usp=drivesdk
• কয়েকটা অসমীয়া আৰ্ বাংলা কবিতাৰ কামতাপুৰী ৰাওবদল (১৪ পৃষ্ঠা) : https://drive.google.com/file/d/108rtA3etEx4dzVDcLihrs0Y8O8Y3gtdS/view?usp=drivesdk
• আলগা চৰেৰ বাইচাৰ (উপন্যাসিকা) (৫২ পৃষ্ঠা) : https://drive.google.com/file/d/1-91Zss8ApTBNZWT8uWUFoILfkV_RxbeT/view?usp=drivesdk
• কামতাপুৰী ভাষা, সাহিত্য, সংস্কৃতি (১৬ পৃষ্ঠা) : https://drive.google.com/file/d/10BEwpaFz5a_4XfUgJW9lIvj_KwHous0s/view?usp=drivesdk
• মুঁই নষ্ট শিব (কবিতা) (কণ্ঠ: স্পন্দন অনুৰাগ বৰ্মন) : https://youtu.be/vdKbRLP4zTw?si=0HnD2EGb5L8996Dn
❖ চা-বাগানীয়া : ↷
• চামেলী, তোৰ দেহাৰ ভাঁজে ভাঁজে ফাগুন না আগুন (কবিতা ) (৫ পৃষ্ঠা) : https://drive.google.com/file/d/10EBA1wMSSVdibpNMjmT36N--QFTSVP9o/view?usp=drivesdk
❖ বাংলা : ↷
• আমার বাংলা কবিতা সমগ্র (৫ পৃষ্ঠা) : https://drive.google.com/file/d/1-7VUN0Up11pYm0pdyTIefpeNw19k7ppd/view?usp=drivesdk
𒊹︎ YouTube Channel (প্ৰায় এহেজাৰ ভিডিঅ', 20 K+ Subscribers) : https://youtube.com/@kksvlogsapatgram?si=JWBPWq2U0sTn2RBU
֍ কামতাপুৰ়ী উইকিমিডিয়া (৫০০+ পৃষ্ঠা) : https://incubator.m.wikimedia.org/wiki/Wp/rkt/মূল_পাতা
֍ অসমীয়া ৱিকিপিডিয়াত মই সৃষ্টি কৰা প্ৰবন্ধসমূহ (২৫০+) : https://xtools.wmcloud.org/pages/as.wikipedia.org/Kandarpajit%20Kallol/0/noredirects/live
֍ Wikimedia Account : https://meta.m.wikimedia.org/wiki/User:Kandarpajit_Kallol
֍ অসমীয়া ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠা : https://as.m.wikipedia.org/wiki/সদস্য:Kandarpajit_Kallol
⦿ ব্ল'গ : https://kandarpajit.blogspot.com/?m=0
⦿ ৱেবছাইট : https://www.kkallol.xtgem.com/
𒊹︎ ফেচবুক পৃষ্ঠা : https://www.facebook.com/kandarpajit
⦿ Google Search :
1. কন্দৰ্পজিৎ (ৰ) : https://tinyurl.com/f2uvhxhm
2. কন্দৰ্পজিৎ কল্লোল (ৰ) : https://tinyurl.com/2s47dt2c
3. কন্দর্পজিৎ কল্লোল (র) : https://tinyurl.com/3pky5byx
4. কন্দর্পজিৎ (র) : https://tinyurl.com/38f2pn37
5. Kandarpajit : https://www.google.com/search?q=Kandarpajit
5. Kandarpajit Kallol : https://www.google.com/search?q=Kandarpajit_Kallol
6. कन्दर्पजित कल्लोल : https://tinyurl.com/yv7946dm
7. କନ୍ଦର୍ପଜିତ : https://www.google.com/search?q=କନ୍ଦର୍ପଜିତ
⦿ Facebook # Search :
1. কন্দৰ্পজিৎ (ৰ) : #কন্দৰ্পজিৎ
2. কন্দর্পজিৎ (র) : #কন্দর্পজিৎ
3. Kandarpajit : #Kandarpajit
27/10/2024
সুভদ্ৰাৰ মূৰত ১০০ কলংক
সুভদ্ৰাৰ মূৰত ১০০ কলংক
===================
কোৱা হে
দেৱতাসকল
তোমালোকে কাৰ কথা শুনিবা?
যেতিয়া
৫৬ ইঞ্চি বুকু দেখুৱাই
এই দেশৰ ৰজাই
এই মাটিতে কৰিছিল
সুভদ্ৰাৰ গুণগান,
ঠিক সেই সময়তে
সুভদ্ৰাই কান্দিছিলে হিয়া ধাকুৰি
গণতন্ত্ৰৰ সুৰক্ষা মন্দিৰত
ৰুদ্ধদ্বাৰ পাৰ হৈ বিয়পি পৰিছিল
কৰুণ ক্ৰন্দন।
পোচাকধাৰী দেৱতা সকল
হৈ পৰিছিল চয়তান
সেইবাবেই তো আমাৰ দেশৰ
আইন সলনি হৈছে
আমি সকলোৱেই ভাগ্যৱান!
কোৱা কোৱা দেৱতাসকল
তোমালোকে কাৰ কথা শুনিবা?
এশ দিনৰ মধুৰ মাত
কিমান শক্তিশালী, কিমান সফল
নে
সুভদ্ৰাৰ মূৰত এশটা কলংক!
আমাৰ কাণ ফাটি
বৈ গৈছে তেজ
সিদ্ধান্ত লোৱা দেৱতাসকল
তেজ দেখিবা নে সলনি হৈ যাবা
চয়তানৰ ভক্ত!
֍ মূল ওড়িয়া কবিতা ֍
• কবি: সন্তোষ কুমাৰ পণ্ডা
• অসমীয়া অনুবাদ: কন্দৰ্পজিৎ কল্লোল
ସୁଭଦ୍ରା ମଥାରେ ୧୦୦ କଳଙ୍କ
© ସନ୍ତୋଷ କୁମାର ପଣ୍ଡା
କୁହ ହେ
ଦେବତାମାନେ
ତୁମେ କାହା କଥା ଶୁଣିବ ?
ଯେତେବେଳେ
୫୬ ଇଞ୍ଚ ଛାତି ଦେଖାଇ
ଏ ଦେଶର ରାଜା
ଏଇ ମାଟିରେ କରୁଥିଲେ
ସୁଭଦ୍ରାର ଗୁଣଗାନ,
ଠିକ୍ ସେତିକିବେଳେ
ସୁଭଦ୍ରା କାନ୍ଦୁଥୁଲା ଛାତି ଫଟାଇ
ଗଣତନ୍ତ୍ରର ସୁରକ୍ଷା ମନ୍ଦିରରେ
ରୁଦ୍ଧଦ୍ଵାର ଦେଇ ଶୁଭୁଥିଲା
କରୁଣ କ୍ରନ୍ଦନ ।
ପୋଷାକଧାରୀ ଦେବତା ସବୁ
ପାଲଟିଥିଲେ ସଇତାନ
ତେଣୁ ତ ଆମ ଦେଶର
ଆଇନ ବଦଳିଛି
ଆମେ ସବୁ ଭାଗ୍ୟବାନ !
କୁହକୁହ ଦେବତାଗଣ
ତୁମେ କାହା କଥା ଶୁଣିବ ?
ଶହେ ଦିନର ମୋହନ ସ୍ୱର
କେତେ ଶକ୍ତିଶାଳୀ କେତେ ସଫଳ
ନା
ସୁଭଦ୍ରା ମଥାରେ ଶହେ କଳଙ୍କ !
ଆମର କାନଫାଟି
ବୋହି ଯାଉଛି ରକ୍ତ
ନିଷ୍ପତ୍ତି ନିଅ ଦେବତାମାନେ
ରକ୍ତ ଦେଖୁବ କି ପାଲଟିବ
ସଇତାନର ଭକ୍ତ !
29/08/2024
ৰঙিলী, ৰৰৈ আৰু ৰচকী
আজি তিনিটা অসমীয়া শব্দকলৈ আলোচনা কৰিম। শব্দ আৰু আখৰ অভিধানত শব্দ তিনিটাৰ যি অৰ্থ দিছে তাকলৈ একমত হ'ব নোৱাৰিলোঁ। উক্ত শব্দ তিনিটা হ'ল - ৰঙিলী, ৰৰৈ আৰু ৰচকী।
শব্দ আৰু আখৰ অভিধানৰ মতে ৰঙিলী আৰু ৰৰৈ শব্দৰ অৰ্থ হ'ল — আন মহিলাৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰা মহিলা (A woman whose sexual orientation is to women) English: lesbian, Assamese: সমকামী মহিলা, ৰঙিলী, ৰৰৈ, Bodo: जोआथोनारी गोसो।
আনহাতে আধুনিক অসমীয়া অভিধানৰ মতে ৰঙিলী শব্দৰ অৰ্থ হ'ল — ৰঙিয়াল তিৰোতা। আৰু ৰৰৈ শব্দৰ অৰ্থ হ'ল — কথকী তিৰোতা; ৰঙিয়াল তিৰোতা। হেমকোষৰ আৰু চন্দ্ৰকান্ত অভিধানত ৰঙিলী শব্দটো উল্লেখ নাই। অৱশ্যে ৰৰৈ শব্দটো আছে। হেমকোষৰ মতে ৰৰৈ শব্দৰ অৰ্থ হ'ল — ৰঙ্গেৰে বহুতকৈ কথা কোৱা তিৰোতা, কথকী। চন্দ্ৰকান্ত অভিধানৰ মতে ৰৰৈ শব্দৰ অৰ্থ হ'ল — ধেমেলীয়া কথকী তিৰোতা।
শব্দ আৰু আখৰ অভিধানৰ মতে ৰচকী শব্দৰ অৰ্থ হ'ল — কোনো কামতে মনপুতি নলগা। তাৰোপৰি ৰচকী তিৰোতাৰ অৰ্থ — ধুন-পেচ মাৰি চটফটাই ফুৰা দুশ্চৰিত্ৰা তিৰোতা। আনহাতে হেমকোষ, চন্দ্ৰকান্ত অভিধান আৰু আধুনিক অসমীয়া অভিধানত দুশ্চৰিত্ৰা শব্দটো নাই। হেমকোষৰ মতে ৰচকী শব্দৰ অৰ্থ হ'ল — গা সজাই বা ধুন মাৰি ফুৰা তিৰোতা, পুৰুষৰ মন আকর্ষণ কৰিবলৈ মনৰ ভাব আৰু গাৰ ভঙ্গি দেখাই ফুৰা তিৰী, ধুন মাৰি গা ঘেলাই ফুৰা, চঞ্চলা (স্ত্রী); যেনে, ৰচকী তিৰীত বিশ্বাস নাই। চন্দ্ৰকান্ত অভিধানৰ মতে ৰচকী শব্দৰ অৰ্থ হ'ল — গা সজাই বা ধুন মাৰি ফুৰা তিৰী; ধুন মাৰি ফুৰা; চঞ্চলা। আধুনিক অসমীয়া অভিধানৰ মতে ৰচকী শব্দৰ অৰ্থ হ'ল — ৰচক-পচক কৰি ফুৰা তিৰোতা। ধুন পেচ মাৰি গা দেখুৱাই ফুৰা।
✍ কন্দৰ্পজিৎ
11/07/2024
আহা আকৌ এবাৰ প্ৰেমত পৰো
আহা আকৌ এবাৰ প্ৰেমত পৰো
=======================
দীপান্বিতা,
আহা আকৌ এবাৰ প্ৰেমত পৰো
ইজনে সিজনৰ
তোমাৰ ঠাইত তুমি থাকিবা
মোৰ ঠাইত মই
তোমাক তোমাৰ পৰা কাঢ়ি লৈ নাহো
মোকো মোৰ ঠাইত মোৰ দৰে থাকিবলৈ দিয়া
কেৱল দুয়ো দুয়োৰে প্ৰেমত পৰো আহা
বিচ্ছেদৰ নাওখন আগতীয়াকৈ পাৰত বান্ধি থৈ
আগৰ দৰেই আকৌ এবাৰ প্ৰেমত পৰিম
আগৰ দৰেই আকৌ এবাৰ বিচ্ছেদ হম
আগৰ দৰেই এইখন প্ৰাচীন চহৰত
কিছুদিনৰ বাবে প্ৰেমিক হৈ উঠিম
আগৰ দৰেই কিছুদিনৰ বাবে উন্মাদ হম
আগৰ দৰেই আকৌ বিচ্ছেদ হম
আগৰ দৰেই সেই পুৰণি গান গুণগুণাম
আগৰ দৰেই ভগা বাঁহি ভগা সুৰ
আগৰ দৰেই ৰ'দ দি দি বৰষুণ
আগৰ দৰেই পিছল পিছল বাট
আগৰ দৰেই মামৰে ধৰা তৰোৱাল
আগৰ দৰেই বিচ্ছেদৰ ধূসৰ আকাশ
দীপান্বিতা,
আহা আগৰ দৰেই
আকৌ এবাৰ প্ৰেমত পৰো
ইজনে সিজনৰ
বিষাদৰ নদীত নাও বাবলৈ
✍ কন্দৰ্পজিৎ
10/06/2024
বৰষুণ মোৰ আজন্ম প্ৰেমিকা
এতিয়া এজাক বৰষুণত তিতিম
তিতিবৰ বাবে নহয়
সাবটি ধৰিবলৈ দুখৰ দিনবোৰ
“Some people feel the rain,
Others just get wet.”
– Roger Miller
মই বৰষুণত তিতিবলৈ ভালপাওঁ
অশ্ৰু লুকুৱাই নিৰৱ দুপৰীয়া
তেজৰ দাগ ঢাকি জয়াল নিশা
“I always like walking in the rain,
so no one can see me crying.”
– Charlie Chaplin
এতিয়া অলপ উন্মাদ হম
এই বৰষুণ জাকৰ প্ৰেমত
কাৰণ, বৰষুণ মোৰ আজন্ম প্ৰেমিকা
বুকুৰ অন্তৰ্ভাগ ভেদি বৈ অহা
এঢোঙা তেজৰ দৰে
যি ধুই দিয়ে মোৰ অশ্ৰুৰ টোপাল
এজনী নাৰী
এমুঠি বিষাদ
এচলু চকুলো
এটা নিস্তব্ধ বাট
এজন দুৰ্ভগীয়া পুৰুষ
এটা কবিতা
সকলোকে উটুৱাই লৈ যাবলৈ
এজাক বৰষুণৰ প্ৰয়োজন
সেই বৰষুণ এতিয়া
মেঘ হৈ উৰি আছে
মোৰ হৃদয়ৰ ভিতৰত
এতিয়া মোৰ চকুলো বৈ আহিব
লগতে মোৰ দুখ ঢাকি ৰখা এজাক বৰষুণ
এতিয়া মই সেই বৰষুণ জাকত তিতিম
আৰু গুণগুণাই থাকিম এটা অন্তহীন গান
✍ কন্দৰ্পজিৎ
05/05/2024
সংযোগ
সংযোগ
======
ৰচী ছিগি যায়
বৈদ্যুতিক তাঁৰ ছিগি যায়
পথ ছিগি যায়
কাপোৰ ছিগি যায়
কেতিয়াবা সম্পৰ্কও ছিগি যায়
ওপৰোক্ত আটাইবোৰেই যোৰা দিব পাৰি
যদিহে সংযোগাত্মক মানসিকতা থাকে
যোৰা লগাই দিব বিচৰাসকলেই মানুহ
ছিগি দিব বিচৰাসকলেই মানুহৰ কায়া
আহক
সময়বোৰ যোৰা দিওঁ
সপোনবোৰ যোৰা দিওঁ
আহক
সকলোৱে এবাৰ আওৰাও
“সৰ্বে ভৱন্তু সুখীনঃ
সৰ্বে সন্তু নিৰাময়ঃ”
✍ কন্দৰ্পজিৎ
Subscribe to:
Posts (Atom)