ডোমাৰী হৈছে ভাৰতৰ পৰা বিলুপ্তপ্ৰায় আৰ্য্য ভাষা। এই ভাষাৰ মানুহ মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাত সিঁচৰতি হৈ আছে। এই ভাষাটো আজাৰবাইজানৰ উত্তৰ দিশত আৰু মধ্য চুডানৰ দক্ষিণলৈকে চলে। এই ভাষাৰ মানুহ তুৰস্ক, ইৰাণ, ইৰাক, পেলেষ্টাইন, ইজৰাইল, জৰ্ডান, ইজিপ্ত, চুডান, লিবিয়া, টিউনিছিয়া, আলজেৰিয়া, মৰক্কো, ছিৰিয়া আৰু লেবাননত বাস কৰে। আৰবৰ মানুহে তেওঁলোক নাৱাৰ বুলি কয়, কাৰণ তেওঁলোক আছিল যাযাবৰী জনগোষ্ঠী যিয়ে প্ৰথমে ভাৰতীয় উপমহাদেশৰ পৰা মধ্যপ্ৰাচ্যলৈ প্ৰব্ৰজন কৰিছিল। বৰ্তমান এই ভাষা ক'ব পৰা মানুহৰ সংখ্যা তিনি লাখৰো কম। ডোমাৰীৰ উপভাষা সমূহ হ'ল - নবাৰী, কুৰবাটি, হেলেবি, হালাব, কৰাচী, মাৰাশী, গৰাকা, চুৰি-বালি আৰু নাৰিকুৰাবা। এই ভাষা লিখাৰ ক্ষেত্ৰত অঞ্চল বিশেষে লেটিন, হিব্ৰু আৰু আৰৱী আখৰ ব্যৱহাৰ কৰা হয়।
প্ৰথমে এই ভাষাৰ কেইটামান সংখ্যা তলত দিলোঁ ⤵️
১ য়েক / য়িকা
২ দি
৩ তিৰিন
৪ ইষ্টাৰ
৫ পাঞ্জ
৬ ছাছ
৭ হাৱ্ত / হফ্ত
৮ হায়ছ্থ / হায়তেক
৯ নু
১০ দেজ
২০ ৱিচ
১০০ ছায়
এতিয়া কিছু শব্দ ⤵️
মই - আমা
আমি - এমে / আমিন
তুমি - আতু / তো
কোন - কানি / কো
কি - কি / কায়
ক'ত - কাতে / কেতা
কেতিয়া - কাৱাস / কাচি
কেনেকৈ - কেকে / কেনে কাত
নহয় - না
সকলো - গিছ / গিছতানে
বহুত - বল / বু
কম - আকাম / টিকা
দীঘল - দীৰ্গা / দ্ৰংগে
মানুহ - মানুস / নাফাৰ
সাপ - সাপ / সাব
বাহু - দুদ
গছ - ছাদজ়াৰ / লাউৰা
ফল - ফাৱাকে
ঘাঁহ - হাছিছ
মাংস - মাচি
কণী - আনা
চুলি - ৱালভাল
মূৰ - ছিৰি / ছেৰ
কাণ - কান
চকু - আক্কি
নাক - পিৰিন
দাঁত - দান্দ
জিভা - ঝিভ / জিব
নখ - নাইল
ভৰি - পাৱ
হাত - হস্ত / সস্ত
পেট - পেট
পিঠি - পিষ্ট
পান কৰা - পি
খোৱা - কোৱা
জানা - ঝান / জান
শুৱা - ছুছ
মৰা - মাৰি / ম্ৰা
মাৰা - মাৰ
আহা - আও / আউ
দিয়া - দে
গোৱা (গানৰ ক্ষেত্ৰত) - গাক
পানী - পানী
বৰষুণ - ৱাৰচ
নিমখ - লোন
জুই - আগ
কলা - কালা
ৰাতি - আৰাত
দিন - দিচ
বছৰ - ৱাৰচ
ঠাণ্ডা - সিল্দা
নতুন - নাৱা
আৰু - উ / ৱা
নাম - নাম
#কন্দৰ্পজিৎ
No comments:
Post a Comment