30/11/2025

এইখন চহৰৰ পৰা এদিন নিৰুদ্দেশ হৈ যাম মই

এইখন চহৰৰ পৰা এদিন নিৰুদ্দেশ হৈ যাম মই
================================

এইখন চহৰৰ পৰা এদিন মই নিৰুদ্দেশ হৈ যাম
নিৰুদ্দেশ হৈ যাম এটা অপ্ৰাসংগিক যুগলৈকে

এই ম'বাইল 
এই ইণ্টাৰনেট 
এই ফেচবুক 
এই ইউটিউব 
এই ৱিকিপিডিয়া
কোনেও মোক ঢুকি নাপাব

সময়ে সদায় মোক ব্যৱহাৰ কৰি আছে 
আকৌ সময়ত দলিয়াই দিয়ে মোক! 
যি শিপাই সাবটি ৰাখিব লাগিছিল
সেই শিপাই দলিয়াই দিয়ে বাৰে-বাৰে!

উঘালি পৰা শিপাৰ পৰা আঁতৰি গৈ গৈ ......
...... গৈ গৈ নিৰুদ্দেশ হৈ যাম 

নিৰুদ্দেশ হ'বলৈ বৰ মন যায় অ' মোৰ

নিৰুদ্দেশ হ'বলৈ এই সময়ৰ পৰা
যি সময়ে সততে দলিয়াই দিয়ে 

নিৰুদ্দেশ হ'বলৈ এইখন চহৰৰ পৰা 
যিখন চহৰত কামিজৰ পকেটত লৈ ফুৰোঁ
ৰক্তাক্ত হোৱা কলিজা

নিৰুদ্দেশ হ'বলৈ মন যায় 
আপোন মানুহবোৰৰ পৰা 
যিসকলে কোনোদিনে চুই নাচালে 
তেজেৰে লুতুৰি-পুতুৰি হৈ থকা 
মোৰ হৃদপিণ্ডৰ অকবিতা

হঠাৎ এদিন আপুনি শুনিবলৈ পাব
মানুহজন নিৰুদ্দেশ হৈছে 
অস্পষ্ট বিষাদ সহিব নোৱাৰি 
সময়ৰ পৰা, জীৱনৰ পৰা 

হয়তো কোনোবা এটা বৌদ্ধ মন্দিৰত
বাজি উঠিব বিষাদৰ অবৰুদ্ধ ঢৌ হৈ
বুদ্ধং শৰণং গচ্ছামি 
সংঘং শৰণং গচ্ছামি 

বহু বছৰ পিছত ......
বৰফাবৃত্ত বিষাদবোৰ ঠেলি 
বগা বগা চুলি উৰুৱাই বতাহত
চকুদুটা মোহাৰি কণামুনা বাটেৰে 
খোজ কাঢ়ি আহি উপস্থিত হ'ম 
আপোনাৰ কাষত 

সেইদিনা হয়তো আপুনি মোক চিনি নাপাব 
মই নিঃশব্দে কৈ যাম
বুদ্ধং শৰণং গচ্ছামি 
সংঘং শৰণং গচ্ছামি 

মোৰ কোনো দুখ নাই 
মোৰ কোনো বিষাদ নাই
মই পাহাৰৰ পাথৰৰ দৰে স্থিৰপ্ৰজ্ঞ
আনৰ বিষাদবোৰ মচি দিবলৈ ৰাতি-দিন

                        ✍ কন্দৰ্পজিৎ কল্লোল 
                               (৩০/১১/২০২৫)

No comments:

Post a Comment