===
বাঁহীৰ সুৰত কিবা এটা পোৱাৰ উন্মাদনা
বাঁহীৰ সুৰত কিবা এটা নোপোৱাৰ বেদনা
বাঁহীৰ সুৰত মুগ্ধ পৃথিৱীৰ সপোন-ভালপোৱা
বাঁহীৰ সুৰত ঈশ্বৰহীনতাৰ মৌন প্ৰাৰ্থনা
মই এটা বাঁহী হ'ব খোজোঁ
তোমাৰ ওঁঠত সুৰ হ'বলৈ
মই এটা বাঁহী হ'ব খোজোঁ
তোমাৰ নৈৰাশ্যতাত জাহ যাবলৈ
আচলতে বাঁহীত তেওঁ বিচাৰি পাইছিল
সূৰ্যোদয়ৰ সেউজ সোণোৱালী স্বকাল
আচলতে বাঁহীত তেওঁ হেৰুৱাই পেলাইছিল
সূৰ্যাস্তৰ অদৃশ্য বিষাদ
তেওঁ তেওঁ হৈ গুচি গ'ল
বাজি থাকিল বাঁহীৰ সুৰ
মই মই হৈ ৰৈ আছোঁ
বাঁহীৰ সুৰত বাকৰুদ্ধ হৈ
এই সুৰ ৰৈ গ'লেই
আমি এজন এজনকৈ ডুব যাম
কেঁকুৰি নৈখনৰ আস্ফালিত বুকুত
দাদা, আকৌ এবাৰ বজাই দিয়াচোন
তোমাৰ ওঁঠেৰে জীয়াই থকাৰ ৰাগ
মই পান কৰিব বিচাৰোঁ সেই ৰাগৰ ৰাগী!
(দীপক শৰ্মাৰ স্মৃতিত......)
#কন্দৰ্পজিৎ
No comments:
Post a Comment