21/08/2025

স্মৃতি আৰু কিছু ব্যক্তিগত কথা

এবছৰ ধৰি একো লিখিব পৰা নাই। না কবিতা, না জীৱনৰ গদ্য! কেতিয়াবা পুৰণি কাকত-আলোচনীত প্ৰকাশিত তথা ফেচবুক, ব্লগ, ৱেবছাইট আদি লিখা নিজৰ সেই পুৰণি কবিতা, হাইকু, গল্প, জীৱনৰ গদ্য, উপন্যাসিকা, অনুবাদ আদি লুটিয়াই চাওঁ। ক্ৰমশঃ নিজৰ মাজতে নিজকে যেন হেৰুৱাই আছোঁ। বহু সময়ত বহু কথা ভাবোঁ, লিখিম বুলি আৰু লিখা নহয়। হৃদয়ৰ মাজতে জাহ যায় সেই কবিতা-অকবিতা বিলাক। কেৱল লিখা বুলিয়েই নহয়, পঢ়িবলৈও পাহৰি গৈছোঁ! পঢ়িব নোৱাৰোঁ এতিয়া আনৰ অনুভৱ আৰু চিন্তাধাৰা। (ৱিকিপিডিয়াক বাদ দি, কিয়নো ৱিকিপিডিয়াৰ বিষয়বস্তু মৌলিক নহয়।) 

সেই সময় এতিয়া আৰু নাই! জীৱনে বহু বস্তুৱেই কাঢ়ি ল'লে – কবিতাৰ আড্ডা, জীৱনৰ মাদকতা, যৌৱনৰ প্ৰাচুৰ্যতা, সুখ আৰু দুখবোৰ বাকিব পৰা স্বাধীনতা! সময়! – সময়ে বাট সলায়, সময়ে যান্ত্ৰিকতাৰ ফালে লৈ গৈ আছে। মানুহৰ মাজত হৃদয়ৰ পৰা হৃদয়লৈ যি আন্তৰিকতা আছিল, এতিয়া সেয়া নাই। যদিও সামান্য পৰিমানে সহানুভূতি দেখা যায়, সেয়াও যেন এক যান্ত্ৰিক কাৰুকাৰ্যতা হে মাথোঁ। মই নিজেই সলনি হৈছোঁ, যন্ত্ৰৰ দৰে হৈ গৈ আছোঁ দিনক দিনে, আনকনো কি কম! 

লিখিব নোৱাৰা কথা বিলাক ক'ব পাৰিছিলোঁ, ক'ব নোৱাৰা কথা বিলাক লিখিব পাৰিছিলোঁ। এতিয়া এটাও নোৱাৰোঁ।

মাজে মাজে পুৰণি গান বিলাক বজাওঁ, পুৰণি দিনবোৰলৈ উভতি যাবলৈ চেষ্টা কৰোঁ, কিন্তু বাস্তৱত সেয়া জানো সম্ভৱ! 

(বৰ্তমান কিবা এটা লিখাৰ পিছত ফেচবুকত দিম নে নিদিম, ভাবিব লগীয়া হয়। বিশেষকৈ আগৰ দৰে এতিয়া মানুহে দীঘলীয়া লেখা পঢ়িবলৈ ভাল নাপায়, সময় নাপায়। তাৰ পিছতো, আনে পঢ়ক বা নপঢ়ক, নিজৰ স্মৃতি হিচাবে সাঁচি ৰাখিবলৈয়ে ফেচবুকত দিয়াৰ সিদ্ধান্ত ল'লোঁ।)

সেই পুৰণি গাঁও, পুৰণি চহৰ, পুৰণি বাট-পথ, এইবিলাক এতিয়া স্মৃতিৰ বাহিৰে আন একো নহয়। স্মৃতি বিলাক বিস্তৃতি হৈ নাযাওক কোনোদিনে ......

                                     #কন্দৰ্পজিৎ

কামতাপুৰ়ী ভাষা : সমস্যা আৰ়্ সমাধান

(ধনঞ্জয় সিংহ দাৰ় ফেচবুক পোষ্টেৰ় আধাৰ়ত)

১। হয়, নামেৰ় ক্ষেত্ৰত বিতৰ্ক আছে। এমনকি জাতিগত ভাবেও নামেৰ় ক্ষেত্ৰত ভিন্নতা আছে। মুঁই কামতাপুৰ়ী সমৰ্থন কৰ়ুং বা আপনি সমৰ্থন কৰ়েন ৰ়াজবংশী। যিয়েই নাহৌক উভয় পক্ষৰ়েই হাতত নিশ্চয় যুক্তি আছে। কিন্তু এইটাৰ় সমাধান চাং। তাৰ়োপৰ়ি উইকিমিডিয়াত কামতাপুৰ়ী ভাষা অন্তৰ্ভুক্ত কৰ়া হৈছে যুদিও Language Code হিসাবে কিন্তু ৰ়ংপুৰ়ী হোয়া আছে। অন্যহাতে নেপালেৰ় ৰ়াজবংশীৰ বাদে আলাদা কৰ়িয়া Language Code আছে, যেইটা হৈল ৰ়াজবংশী, কিন্তু অই Language Code-ত অসমীয়া/বাংলা লিপি লেখাৰ় অনুমতি নাই, অৰ়ে লিপি হৈল দেবনাগৰ়ী। গুগল ক্যিবৰ্ডোতো ”ৰ়ংপুৰ়ী (কামতা)” উল্লেখ আছে। এগুলানেৰ শুধৰ়ণিৰ় প্ৰয়োজন।

২। উত্তৰ়বঙ্গত 'ৱ' নাই। 'ৱ'ৰ বদল 'য়' বৰ্ণৰ প্ৰয়োগ দেখা যায়। কিন্তু অনেক ক্ষেত্ৰত য় ব্যবহাৰ় কৰ়িলে শুদ্ধ উচ্চাৰণ ফুটিয়া নাউঠে। যেমন - গোয়ালপাৰ়া, গুয়াহাটী (উচ্চাৰ়ণেৰ় ভিন্নতা আসে।) তাৰ যাগাত গোআলপাৰ়া আৰ়্ গুআহাটী বেসি শুদ্ধ। অবশ্যে কুনো কুনো ক্ষেত্ৰত 'ৱ' বাদ দিয়া শুদ্ধ উচ্চাৰ়ণ সম্ভব নাহয়। যেমন - ৱাশ্বিংটন, ৱাহিদা। (য় বা অ ব্যবহাৰ় কৰ়িলে শুদ্ধ উচ্চাৰ়ণ সম্ভব নাহবো।)

৩। “ৰ” আৰ়্ "র" – এই দুইটাৰ় সমাধান হিসাবে নিশ্চয় মোৰ় লেখাটাত ব্যবহাৰ় কৰা “ৰ়” সগায় ব্যবহাৰ় কৰ়িবাৰ় পায়।

৪। বৰ্ণ সংখ্যা, ব্যাকৰ়ণ আদিক নিয়া আলোচনাৰ় প্ৰয়োজন আছে।

৫। আৰ়ো কিছু আভ্যন্তৰ়িণ কাৰ়ণ আছে। বিশেষ কৰ়িয়া নিজেৰ় মাজত নিজকে চিনাৰ় অভাব, যোগাযোগ হীনতা, কিছু ক্ষেত্ৰত দূৰ়দৰ্শীতাৰ় অভাব। নিজেৰ় ভাষাক বাদ দিয়া অসমীয়া আৰ়্ বাংলাক মাধ্যম হিসাপে নিয়া জাতি আৰ়্ সংস্কৃতিৰ় কথা চিন্তা কৰ়া। ......

৫। অসম সৰ়কাৰ়েৰ় অধীনস্থ স্কুলত বিভিন্ন ভাষাত পাঠ্যপুথি আছে। বড়ো, গাৰ়ো, ৰ়াভা ইত্যাদি। কিন্তু আমাৰ় ভাষাত সম্ভব হবো না? কামতাপুৰ়বাসী (বিশেষ কৰ়িয়া ৰ়াজবংশী) মানুষে নিজেৰ় ছাওয়াক (ছাৱাক) পড়াবো না? 


সমাধান:

১। বিভিন্ন দিশত বিভিন্ন সংগঠন থাকিলেও ভাষা-সাহিত্যৰ় ক্ষেত্ৰত একটা মূল সংগঠন হোআ দৰ়কাৰ়।

২। প্ৰচাৰ়মূলক কাৰ্যসূচীৰ় প্ৰয়োজন। প্ৰচাৰ় আৰ়্ যোগাযোগ হীনতাৰ় ফলত এই অঞ্চলেৰ় কিছু মানুসে অই অঞ্চলেৰ় মানুষক বাঙালী বুলিয়া ভাবে। ঠিক উল্টা দৃষ্টিত অই অঞ্চলেৰ় কিছু মানুষে এই অঞ্চলেৰ় মানুষক অসমীয়া বুলিয়া ভাবে।

৩। অনলাইন অনুষ্ঠানেৰ় প্ৰয়োজন (ভাষাৰ় ক্ষেত্ৰত আলদা কৰ়িয়া)।

৪। দৈনিক খবৰ়েৰ় কাগজ প্ৰকাশ। (নিশ্চয় টাকা থাকা মানুষ আছে, কিন্তু চিন্তাৰ় অভাব বা লোকসানেৰ় ভয়।), দৈনিক নাহৈলেও সাপ্তাহিক, নাহৈলেও একখান মাসিক সাহিত্য পত্ৰিকা!

৫। কামতাপুৰ়ী উইকিমিডিয়াৰ় জৈন্যে অল্প সমায় দেওয়াৰ় মানসিকতা সৃষ্টি কৰ়া। প্ৰশিক্ষণেৰ় ব্যবস্থা কৰ়া। কাৰ়ণ সদস্য আৰ়্ প্ৰবন্ধেৰ় সংখ্যা বৃদ্ধি হৈলেসেই উইকিমিডিয়াৰ় থাকিয়া উইকিপিডিয়া সংস্কৰণ পাওয়া সম্ভব হবো।

#কন্দৰ্পজিৎ

দুটা ব্যতিক্ৰমী ভাষাৰ বিষয়ে

বিভিন্ন ভাষাৰ বিষয়ে অধ্যয়ন কৰি ভালপাওঁ। সাধাৰণতে এটা ভাষাৰ সৈতে আন এটা ভাষাৰ সংযোগ থাকে। তাৰোপৰি বৰ্তমান সময়ত প্ৰায়বিলাক ভাষাতেই কিছুমান ইংৰাজী শব্দ ব্যৱহাৰ হয়। ইয়াৰোপৰি মানুহৰ নাম, ঠাইৰ আদি প্ৰায় সকলো ভাষাতেই একে, কেতিয়াবা বানান বা উচ্চাৰণৰ সামান্য তাৰতম্য দেখিবলৈ পোৱা যায়। কিন্তু এনে কিছুমান ভাষা আছে, যিবিলাক ভাষাত মানুহৰ নাম, ঠাই (ৰাজ্য, দেশ)ৰ নাম আদিও সলনি হয়। উদাহৰণস্বৰূপে চীনা, জোংখা আদি ভাষাৰ কথা ক'ব পাৰি। চীনা ভাষাৰ কোনো নিৰ্দিষ্ট বৰ্ণমালা নাই, প্ৰতীক হে আছে, আনহাতে ভূটানৰ জোংখা ভাষাৰ বৰ্ণমালা আছে, তিব্বতী বৰ্ণমালা ব্যৱহাৰ কৰে, যাৰ দেৱনাগৰী বৰ্ণমালাৰ সৈতে কিছু পৰিমাণে সাদৃশ্য আছে, আখৰবিলাক শিকিব পৰা যায়, কিন্তু ভাষাটো খুবেই জটিল। 

চীনাৰ দৰে, জোংখাতো বহিৰাগত শব্দ, বিশেষকৈ ব্যক্তিৰ নাম, দেশৰ নাম, আৰু স্থানসমূহ জোংখাৰ ধ্বনিসমূহৰ সৈতে মিল ৰাখি স্থানীয়কৰণ (localization) কৰা হয়।
উদাহৰণস্বৰূপে গৌতম বুদ্ধক জোংখা ভাষাত "চাংগে" বুলি কোৱা হয়। তলত জোংখা ভাষাত কেইখনমান ৰাষ্ট্ৰৰ নাম দিয়া হ'ল:
১. ভূটান - ড্ৰুক-ইয়ুল
২. ভাৰত — গ্যাগাৰ
৩. চীন – গ্যানাক
৪. বাংলাদেশ — লো-হুৰু-ৰি
৫. নেপাল‌ — বেল্যুল
৬. ইংলেণ্ড — ইংজি

এতিয়া আহো চীনা ভাষালৈ,
চীনা ভাষাত কেইখনমান দেশৰ নাম:
১. ভাৰত – ইন-তু (লিখোতে "ইন্দু" লিখে যদিও সিহঁতৰ উচ্চাৰণ হয় ইন-তু)
২. বাংলাদেশ – মেং-চিয়া-লা-গুৱো
৩. পাকিস্তান – পা-চি-স্‌থান
৪. নেপাল – নি-পো-আৰ
৫. শ্ৰীলংকা – ছলি-লান্-খা
৬. ভূটান – পু-তান
৭. আমেৰিকা – মেই-কু'ও
৮. ইংলেণ্ড – ইং-কু'ও
৯. অষ্ট্ৰেলিয়া – আ'ও-তা-লি-য়া
১০. চীন – চুং-কুও

চীনা ভাষাত ভাৰতৰ কেইখনমান চহৰৰ নাম:
১. দিল্লী – ত্‌ লি
২. মুম্বাই – মেং-মাই
৩. কলকাতা – চিয়া-আ'ৰ-কু'-তা'
৪. চেন্নাই – চিন-নাই
৫. গুৱাহাটী – কু-ৱা-খা-থি

 চীনা ভাষাত ভাৰতৰ ৰাজ্যৰ নাম:
১. অসম – আ'-ছা-মু
২. পশ্চিমবঙ্গ – চি-মেং-চিয়া-লা-পাং

চীনা ভাষাত কেইটামান ভাষাৰ নাম:
১. অসমীয়া ভাষা – আ'-ছা-মু-ইউ
২. হিন্দী ভাষা – ইন-তি-ইউ
৩. বাংলা ভাষা – মেং-চিয়া-লা-ইউ
৪. নেপালী ভাষা – নি-পো-আৰ-ইউ
৫. ইংৰাজী ভাষা – ইং-ইউ
৬. চীনা ভাষা – হান-ইউ / চুং-ৱেন

চীনা ভাষাত কেইজনমান বিখ্যাত ব্যক্তিৰ নাম:
১. শংকৰদেৱ – চাং-ক্‌আ-ত্‌-ত্‌উ
২. গৌতম বুদ্ধ – চিয়াও-তা-মো · চি-তা-তু'অ
৩. শ্বেইকছপীয়েৰ – চা-চি-পি-য়া
৪. মহাত্মা গান্ধী – চেং-চিৱং-কান-তি
৫. শচীন তেণ্ডুলকাৰ – ছা'-চিন · থান-তু-আ'ৰ-কা'আ'ৰ
৬. অমিতাভ বচ্চন – আ-মি-থা-বু · পা-চিয়াং
৭. শ্বাহৰুখ খান – ছা-লু-খু · খাং

অৰ্থাৎ চীনা এনেকুৱা এটা ভাষা, যিটো ভাষাত আপোনাৰ নাম ক'লে আপুনি বুজি নাপাব।

চীনা ভাষাত ভাৰতীয় বা অ-চীনা মানুহৰ নাম দুইধৰণে হ'ব পাৰে, পোনপটীয়া লিপ্যন্তৰ, নাইবা, অৰ্থ অনুসৰি ভাষান্তৰ। বিখ্যাত ব্যক্তিৰ ক্ষেত্ৰত হয়তো নামৰ ওপৰত ভিত্তি কৰি যিকোনো এটা পদ্ধতি মানি লয়। সাধাৰণ মানুহৰ ক্ষেত্ৰত কিছু সমস্যা হয়। উদাহৰণস্বৰূপে মোৰ নামটো (কন্দৰ্পজিৎ) চীনা ভাষাত দুইধৰণে হ'ব পাৰে। লিপ্যন্তৰ কৰিলে- 康达吉特 (কাং-তা-চি-থা ), আনহাতে অৰ্থৰ ওপৰত ভিত্তি কৰি ভাষান্তৰ কৰিলে- 爱神胜利 (আই-চেন ছেং-লি)। 
আই = প্ৰেম, চেন = দেৱতা, (অৰ্থাৎ প্ৰেমৰ দেৱতা কামদেৱৰ আন এটা নাম কন্দৰ্প), 
ছেং = জয়, লি = লাভ কৰা (অৰ্থাৎ বিজয়ী হোৱা, জিৎ)।

সঁচাকৈয়ে Chinese is a amazing language.

#কন্দৰ্পজিৎ