Showing posts with label অভিজ্ঞতা. Show all posts
Showing posts with label অভিজ্ঞতা. Show all posts

09/11/2026

বাংলাদেশ ভ্ৰমণৰ কিছু বিশেষ অভিজ্ঞতা

#বাংলাদেশ ভ্ৰমণৰ কিছু বিশেষ অভিজ্ঞতা 

(১) কিছুমান ক্ষেত্ৰত অসমৰ তুলনাত বাংলাদেশ কিছু পিছপৰি থকা যেন লাগে। আনহাতে আন কিছুমান ক্ষেত্ৰত অসমতকৈ আগবঢ়া। যেনে - অট্টালিকা, বিমান বন্দৰ, পৰিবহণ আদিৰ ক্ষেত্ৰত পুৰণি দিনলৈ ঘূৰি যোৱা যেন অনুভৱ হয়। আনহাতে বিমান বন্দৰৰ সংখ্যা অধিক, দুমহলীয়া বাছ চলাচল কৰে। ৰাস্তাত গাড়ী চলোৱাৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতাৰ অভাৱ, অৱশ্যে দুৰ্ঘটনাৰ সংখ্যাও কম। আয়তনৰ ক্ষেত্ৰত অসমতকৈ কিছু ডাঙৰ যদিও, পূৰ্বৰ অবিভক্ত অসমতকৈ কম। বাংলাদেশত বাতৰি কাকত, টেলিভিছন চেনেল আদিৰ সংখ্যা অসমতকৈ বেছি। তাৰে ৰে'লত ধঁপাত জাতীয় সামগ্ৰী বৰ্জনীয়। এনেকি ৰে'লৰ ভিতৰত ডাষ্টবিনৰ ব্যৱস্থা আছে। ৰে'লৰ ভিতৰত কেৱল ৰে'ল বিভাগৰ সামগ্ৰীহে বিক্ৰী কৰে, আমাৰ ইয়াৰ দৰে বিভিন্ন বস্তু বিক্ৰেতাৰ ভিৰ নাই।

(২) বাংলাদেশত অসমৰ দৰে সুৰাৰ দোকান নাই। মদ্যপান কৰা মানুহৰ সংখ্যা প্ৰায় নাই বুলিব পাৰি। চিগাৰেট পোৱা যায়, কিন্তু গুটখা জাতীয় সামগ্ৰী একেবাৰে পাবলৈ নাই। তামোল-পাণৰ দোকান আছে যদিও, সংখ্যাত খুব কম। চাধা তেওঁলোকৰ বাবে এটা আশ্চৰ্যকৰ বস্তু, বাংলাদেশত পাবলৈ নাই। 

(৩) ভিছা, পাছপ'ৰ্ট থকা ঠাইত এৰি বহু সময়ত ৰাতি অকলে ঘূৰিছিলোঁ, বিশেষকৈ পাণ দোকান বিচাৰি। কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই। ৰাতিৰ ৰাজপথ তথা বজাৰত #হিন্দু মহিলাই নিজৰ ল'ৰা-ছোৱালীলৈ ঘূৰি ফুৰা দেখিছোঁ। কিছুমান হিন্দু মানুহৰ লগত কথাও পাতিছোঁ। বহু সময়ত পৰিস্থিতি বেয়া হোৱাৰ মূল কাৰণ ৰাজনীতি, ধৰ্ম আৰু মিডিয়া। এনে কি ঠায়ে ঠায়ে হিন্দু মন্দিৰো আছে। অৱশ্যে প্ৰাচীন হিন্দু ঐতিহ্য, যেনে ৰাজবাৰী, পুৰণি মন্দিৰ আদিৰ ক্ষেত্ৰত বাংলাদেশ চৰকাৰৰ গুৰুত্ব কম। হয়তো সেইবোৰত বিশেষ গুৰুত্ব আৰোপ কৰিলে পৰ্যটনৰ ক্ষেত্ৰত বাংলাদেশ বহু উন্নত হ'ব পাৰিলহেঁতেন।

(৪) আমাৰ ইয়াত গাঁও অঞ্চলত ঘৰৰ সন্মুখত মাটি এনেয়ে পৰি থকা দেখিবলৈ পোৱা যায়। কিন্তু বাংলাদেশত তেনে দৃশ্য বিৰল। কাৰণ সিহঁতৰ ঘৰৰ সন্মুখত খালি মাটি নাই। কোনোবাই গছ-গছনি ৰুইছে, কাৰোবাৰ ঘৰৰ সন্মুখত পুখুৰী আছে, তাৰ উপৰিও যি মাটি আছে তাত বিভিন্ন ধৰণৰ খেতি-বাতি কৰিছে। 

(৫) ৰাজশাহীৰ সীমান্ত অঞ্চলত, বিশেষকৈ পদ্মা নদীৰ পাৰত, সেই অঞ্চলৰ বজাৰত, কাজিহাটা অঞ্চলত জিঅ'ৰ নেটৱৰ্ক পোৱা যায়, ৰোমিং অবিহনেই ভাৰতলৈ পোনপটীয়াকৈ কল কৰিব পাৰি। পদ্মা নদীৰ পাৰৰ পৰা ভাৰতৰ পশ্চিমবংগৰ মুৰ্শিদাবাদত জ্বলি থকা বৈদ্যুতিক চাকি দেখিবলৈ পোৱা যায়।

(৬) ভাৰতৰ #পশ্চিমবংগ, #ত্ৰিপুৰা, #অসম আদি বিভিন্ন ঠাইত #বাংলা ভাষী মানুহ আছে যদিও বাংলা ৱিকিপিডিয়াত লিখা-মেলা কৰা অধিক সংখ্যক সদস্য বাংলাদেশৰ। এনে কি বাংলাদেশৰ এজন ৱিকিমিডিয়ান আছে, যিয়ে বাংলাৰ লগতে অসমীয়া ৱিকিপিডিয়াতো লিখা-মেলা কৰে।

(৭) বাংলাদেশত যাত্ৰিবাহী পৰিবহণ ব্যৱস্থা অধিক যদিও তুলনামূলকভাবে ব্যক্তিগত চাৰিচকীয়া বাহন, বাইক আদিৰ সংখ্যা কম। স্কুটিৰ সংখ্যা খুবেই কম।

(৮) "বাংলা উইকি সম্মেলন"ত বিভিন্ন ভাষাৰ মানুহৰ লগ পাইছিলোঁ, যেনে - বাংলা (বাংলাদেশ আৰু পশ্চিমবংগৰ), নেপালৰ নেপালী, মৈথিলী, ডোটেলী, বাংলাদেশৰ ছিলটী, চাওঁতালী, অসমৰ অসমীয়া। "বাংলা উইকি সম্মেলন"ৰ আয়োজকসকলৰ লগতে BRAC Learning Centre Rajshahi-ৰ কৰ্মচাৰী সকলৰো ব্যৱহাৰো খুবেই ভাল লাগিছে।

ණ #কন্দৰ্পজিৎ 
 
#Bangladesh #bangla #Wikipedia #Wikimedia #Rajshahi #BanglaWikipedia #বাংলা #উইকিপিডিয়া #উইকিমিডিয়া #রাজশাহী #কন্দর্পজিৎ #kandarpajit #kksvlogsapatgram #sapatgram #assam #assamese #Bongaigaon #GuwahatiAirport #KolkataAirport #DhakaAirport #RajshahiAirport #bangladeshtrain #travellingexperience