মানুহ গুচি যায়, থৈ যায় স্মৃতি! স্মৃতি হৈ সদায় আমাৰ মাজত থাকিব তাই। সময় কেতিয়াবা নিষ্ঠুৰ হৈ উঠে, নিষ্ঠুৰ সময়ে কাঢ়ি লৈ গ'ল
পৰিয়ালটোৰ একমাত্ৰ ভৰসা! আশা কৰোঁ, পৰিয়ালটোক প্ৰকৃতি আৰু সময়ে সহায় কৰিব।
কলেজীয়া দিনতেই লগ পাইছিলোঁ তাইক, তাৰপিছত তাই শিক্ষকতা কৰা বেচৰকাৰী বিদ্যালয়খনত তাইৰ স'তে একেলগে সাত বছৰমান শিক্ষকতা কৰিছিলোঁ। টেট, ডিএলএড আদি কিবাকিবি পাছ কৰিলে; কিন্তু তাই আশা কৰাৰ দৰে একো হ'ব নোৱাৰিলে। বহু সময়ত তাইৰ মাজত নোপোৱাৰ বেদনা দেখিবলৈ পাইছিলোঁ। জীয়াই থাকিবলৈ আৰু সময়ৰ স'তে যুঁজিবলৈ সকলোৱে সাহস দিছিলোঁ; আৰু তেনেদৰেই জীয়াই আছিল। আশা আছিল হৃদয়ত, সপোন আছিল দুচকুত, দ্বায়িত্ব আৰু মৰম আছিল পৰিয়ালৰ প্ৰতি।
যোৱা তিনিবছৰ মানৰ পৰা বিশেষ যোগাযোগ নাই। আজি হঠাৎ অখবৰটো পালোঁ। মানসিক চাপত আছিল বুলি জানো, কিন্তু কৰ্কট ৰোগত ভুগি আছিল বুলি জনা নাছিলোঁ, আজিহে শুনিলোঁ। অৱশেষত সময়ে লৈ গ'ল দুজন বিশেষভাবে সক্ষম ভাতৃৰ ডাঙৰ ভগ্নীক। পিতৃ-মাতৃৰ একমাত্ৰ ভৰসা অৱশেষত আজীৱন শুই পৰিল। বহু আশা বুকুত বান্ধি লৈ গুচি গ'ল তাই!
স্মৃতি হিচাবে সদায় সাৰে থাকিবা তুমি, সংগীতা বৰ্মন