মই যেতিয়া সৰু আছিলোঁ (৭/৮ বছৰীয়া) তেতিয়া এটা কুকুৰ পুহিছিলোঁ। সৰ্পদংশনত সেই কুকুৰটোৰ মৃত্যু হৈছিল। সেই সময়ত মই মামা ঘৰত আছিলোঁ। তাৰ পিছত এটা মাইকী কুকুৰ আহি আমাৰ ঘৰত থাকিবলৈ লৈছিল। সেই কুকুৰটো বহু বছৰ আমাৰ লগতে আছিল। ৯ বছৰ মান। তাৰ পিছত এদিন হঠাতে জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰে। তাইৰ পোৱালি এটা আছিল। শাৰীৰিকভাৱে দুৰ্বল আছিল। সেইটো ডেৰ বছৰ মান বাছিছিল। তাৰ পিছত আৰু কুকুৰ পুহিবলৈ বাদ দিওঁ।
কুকুৰটো থকা দিনতে মেকুৰী এটাও আহি ঘৰ ধৰিছিল। তাইৰ বহু কেইবাৰ পোৱালি হৈছিল। ঊণি নামৰ মোৰ মেকুৰীটো আমাৰ খুবেই মৰমৰ আছিল। হঠাৎ এদিন তেওঁ নিৰুদ্দেশ হৈছিল। বহুত বিচাৰিও পোৱা নাছিলোঁ। খুব কষ্টৰে পাৰ হৈছিল সেই দিনবোৰ। ছমাহ পাৰ হোৱাৰ পিছত আকৌ ঘৰত আহি উপস্থিত হৈছিল। আকৌ কেইমাহমান পিছত পুনৰ নিৰুদ্দেশ হয়। তাৰ পিছত কেতিয়াও ঘূৰি নাহে। তেওঁৰ ভণীজনীক গাড়ীয়ে খুন্দিয়াই মাৰে। তাৰ পিছত আৰু এটা মেকুৰী আছিল। সেইটোও এসময়ত নিৰুদ্দেশ হয়। এবছৰ মাহ আগতে আকৌ আহিছিল। বুঢ়া হৈছে। এমাহ মান থাকি আকৌ নিৰুদ্দেশ। মেকুৰী পুহিবলৈও বাদ দিওঁ।
মই জন্মৰে পৰা আমাৰ ঘৰত গৰু দেখিবলৈ পাওঁ। এটা লাওমূৰা গাই গৰু আছিল। তাইক বিক্ৰী কৰা হৈছিল। যিটো মোৰ বাবে খুবেই কষ্টকৰ আছিল। তেতিয়া মই সৰু আছিলোঁ। তাৰ পিছত ৰামু আৰু মাহী নামৰ দুটা গাই গৰু আছিল। তাৰে ভিতৰত ৰামু আছিল মোৰ প্ৰিয়। দুয়োজনী একে মাকৰ আছিল। তাৰ পিছত আহিল সোণীয়া। সোণীয়া ডাঙৰ হৈছিল। তেতিয়ালৈকে পোৱালি জন্ম দিয়া নাছিল। হয়তো আৰু ছমাহ বা এবছৰ পিছত পোৱালি জন্ম দিলে হেঁতেন। কিন্তু হঠাতে বেমাৰ হ'ল। চিকিৎসা কৰা হয়। কিন্তু নাবাছিলে। তাৰ কেইবছৰমান পিছত সকলো গৰু বিক্ৰী কৰা হয়। বৰ্তমান গৰু নাই।
হাঁহ বা কুকুৰা এতিয়ালৈকে আমাৰ ঘৰত পোহা হোৱা নাই। মই যেতিয়া সৰু আছিলোঁ সেই সময়ত মায়ে পাৰ চৰাই পুহিছিল। পিছলৈ পুহা বাদ দিয়ে।
যোৱা বছৰ দুটা শালিকা চৰাই আহি ঘৰ ধৰিছিল। আপোন হৈ পৰিছিল। পিছত বেলেগ শালিকাৰ আক্ৰমণত সিহঁতৰ মৃত্যু হয়।
এইবোৰ কাৰণতেই মই এতিয়া একো পুহিব নিবিচাৰোঁ। তথাপিও পত্নীয়ে বিচৰা বাবে ছাগলী এটা অনা হয়। ক'লা ৰঙৰ ছাগলী। ছাগলীজনী অনাৰ তিনি-চাৰিমাহ মান পিছত যোৱা ১ আগষ্ট (২০২৩) তাৰিখে এটা পোৱালি হয়। যোৱা ১৪ নৱেম্বৰ তাৰিখে ছাগলীজনীক ঘৰৰ সন্মুখৰ পৰাই কোনোবাই উঠাই লৈ যায়। পোৱালিজনী অকলশৰীয়া হৈ পৰে। সেয়ে ১৯ নৱেম্বৰত আৰু এজনী ছাগলী কিনি অনা হয়। কালিলৈকে (২ ডিচেম্বৰলৈকে) সকলো ঠিকেই আছিল। আজি (৩ ডিচেম্বৰ, ২০২৩) ৰাতিপুৱা উঠাৰ পিছত পোৱালিজনী উঠিব নোৱাৰা হৈ আছে। শৰীৰটো এৰি দিয়াৰ দৰে। চিকিৎসাললৈ লৈ গ'লোঁ। একো injection বা sline নিদিলে। কেবল এটা ঔষধৰ কথা ক'লে। ফাৰ্মাচীৰ পৰা ঔষটো কিনি ঘৰলৈ আহিলোঁ। Nurokind Plus Vet Syrup. ঘৰত আহি ঔষধ খুৱাই দিয়াৰ ৫ মিনিট মান পিছতে তাই সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰিলে। এতিয়া ১৯ নৱেম্বৰত কিনি অনা ছাগলীজনী আছে। তাই এতিয়াও আপোন হৈ পৰা নাই। আপোন হৈ পৰিলেই দুখ আহে। সেয়ে তাইক আৰু হয়তো নাৰাখিম। এনেকি আৰু কেতিয়াও কোনো জীৱ-জন্তু নুপুহিম।
কন্দৰ্পজিৎ
No comments:
Post a Comment