29/01/2019

জীৱনৰ_বাটে-ঘাটে

                                (১)

            এতিয়া বিয়াৰ বতৰ । গাঁৱে-ভূঁয়ে সকলোতে খাদ্য পৰিৱেশনৰ বাবে "কেটাৰিং" ব্যৱস্থা চলে । যুগৰ পৰিৱৰ্তন হৈছে, মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হৈছে । সেয়ে উক্ত ব্যৱস্থাক লৈ মোৰ ব্যক্তিগত কোনো মন্তব্য দিব বিচৰা নাই । কোকৰাঝাৰ আৰু ধুবুৰী জিলাত  থলুৱা মানুহৰ ঘৰত বাংলা ভাষী কেটাৰাৰক মতা হয় । এইক্ষেত্ৰতো মোৰ আপত্তি নাই । সিহঁতো আমাৰ ইয়াত বাস কৰি থকা পুৰণি বাসিন্দা । কিন্তু মোৰ আপত্তি হ'ল সিহঁতে থলুৱা মানুহৰ ঘৰত বাংলা ভাষাত ফলক (পোষ্টাৰ) লগোৱা কাৰ্য তথা বাংলা ভাষাৰ ব্যৱহাৰ । বাংলা ভাষী মানুহৰ ঘৰত বাংলা ভাষাত ফলক লগালে বা বাংলা ভাষা ব্যৱহাৰ কৰিলে মোৰ ক'ব লগা একো নাই । সিহঁতে ব্যৱসায়ৰ খাতিৰতো আমাৰ ভাষা ব্যৱহাৰ নকৰাটো পৰিতাপৰ বিষয় । দ্বিতীয়তে এই ক্ষেত্ৰত আমাৰ মানুহৰ নিৰৱতা তথা তৎপৰহীনতা হোৱা কাৰ্য খুবেই দুৰ্ভাগ্যজনক । কাৰণ মোৰ ঘৰত যদি মই বেলেগ ভাষাৰ পোষ্টাৰ লগাবলৈ নিদিওঁ সিহঁতে লগাব নোৱাৰিব ।
           মই বাংলা ভাষাৰ বিৰোধি নহওঁ, প্ৰয়োজন সাপেক্ষে বাংলা ভাষা কওঁ, বাংলা ভাষাত লিখোঁ । সকলো ভাষাকেই সন্মান কৰোঁ । মই বিচাৰোঁ সিহঁতেও প্ৰয়োজন সাপেক্ষে আন ভাষা ব্যৱহাৰ কৰক ।
          বহুতো বাংলা ভাষী মানুহে আমাৰ লগত আমাৰ ভাষা ব্যৱহাৰ কৰে । আমিও সিহঁতৰ ভাষা কওঁ । মই সকলোকে কোৱা নাই । অনুগ্ৰহ কৰি উক্ত পোষ্টটোৰ মূল উদ্দেশ্য নুবুজাকৈ বিতৰ্ক নকৰে যেন ।

                            (২)
       কিছুমান মানুহৰ পোচাক সলনি হ'লে মুখৰ ভাষাও সলনি হয় । ৰাজহুৱা স্থানত উচ্চ আধুনিক ভাষা ওলায় । যি গ্ৰাম্যাঞ্চলৰ ভাষাৰ মাজত সৰুৰ পৰা ডাঙৰ হয় সেই ভাষা ৰাজহুৱা স্থানত ক'বলৈ বহুতেই সংকোচবোধ কৰে । এইবোৰ কাৰণতেই বহু ভাৰতীয় ভাষা হেৰাই গৈছে । আৰু বহু ভাষা হেৰাই যোৱাৰ উপক্ৰম হৈছে ।

                          ‌    (৩)

          চিকিৎসকৰ চেম্বাৰ যেন ভাৰতীয় ভাষাৰ কচাইখানা! ঊর্ধ্বাঙ্গৰ পৰা নিম্নাঙ্গ, বক্ষৰ পৰা নিতম্ব আদি সকলো অঙ্গ-প্রত্যঙ্গৰ নাম ইয়াত ইংৰাজী ভাষাত ব্যৱহাৰ কৰা হয় । এই ক্ষেত্ৰত ভাৰতীয় ভাষাৰ শব্দ ইমানেই ‘অশ্লীল’ বুলি বিবেচিত যে কিবাকৈ এই অঙ্গৰ নাম আঞ্চলিক শব্দত কাৰোবাৰ মুখেৰে ওলালে সভ্য সমাজৰ ব্যক্তিয়ে মূৰ ঘূৰোৱা দেখা যায় । Urine বুলি ক'লে সভ্যতাৰ পৰিচয় । প্ৰেচাৱ বা প্ৰস্ৰাৱ বুলি ক'লে বহুতেই অৰ্ধ শিক্ষিত বুলি ভাবি লয় । মুত বা মুতা বুলি ক'লে অশিক্ষিত তথা অসভ্য বুলি ভাবে । বহুতে আপত্তিও কৰে । কিন্তু সেই সকল শিক্ষিত ব্যক্তিয়ে হয়তো নাজানে সংস্কৃতত মুত্ৰ বুলি কোৱা হয় ।

#কন্দৰ্পজিৎ


         এটা জাতিক নিশ্চিহ্ন কৰিবলৈ বোমা ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই, সিহঁতৰ ভাষা ধ্বংস কৰি দিলেই যথেষ্ট। - নোৱাম চমস্কি

No comments:

Post a Comment