19/09/2020

ক’ৰোনা আৰু ভগৱান দুয়ো একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি


কিছুমান মানুহে ভগৱানৰ অস্তিত্বক বিশ্বাস কৰে
আন কিছুমানে নকৰে
ঠিক তেনেদৰেই কিছুমানৰ মতে ক’ৰোনা আছে
কিছুমানৰ মতে নাই

ধৰ্মৰ চকুৰে হেনো ভগৱানক দেখা যায়
ঠিক তেনেকৈয়ে 
বিজ্ঞানৰ দৃষ্টিৰে দেখা যায় ক’ৰোনাক
কিন্তু আমাৰ সাধাৰণ দুচকুত
ক’ৰোনা আৰু ভগৱান দুয়ো অদৃশ্য

ধৰ্মই ভগৱানৰ ৰূপ আঁকে
ঠিক তেনেদৰেই বিজ্ঞানে দেখুৱায় আমাক
ক’ৰোনাৰ চিত্ৰ

ভগৱান আছে বুলি কোৱা সকল আস্তিক
ভগৱান নাই বুলি কোৱা সকল নাস্তিক

ক’ৰোনা আছে বুলি কোৱা সকল হেনো গেৰুৱা
ক’ৰোনা নাই বুলি কোৱা সকল হেনো সেউজীয়া

মানুহৰ কথা এইবোৰ
মই ভাই নাজানো 
সেউজীয়া নে হালধীয়া

কাৰণ মই অজ্ঞেয়বাদী

আস্তিকে নাস্তিকৰ বিৰুদ্ধে প্ৰতিবাদ কৰে
নাস্তিকেও আস্তিকৰ বিৰুদ্ধে 
কলা পতাকা উৰুৱায়
কেতিয়াবা এই প্ৰতিবাদত পথাৰ হয়
ৰক্তৰ দৰে ৰঙা
এইক্ষেত্ৰতো ঠিক তেনেকুৱাই

অজ্ঞেয়বাদীয়ে একো মন্তব্য নিদিয়ে
যদিওবা তেৱঁৰো ভিতৰত থাকে কিছু অনুভূতি
কিন্তু নিবিচাৰে তেওঁ তেজৰ পৃথিৱী

ঠিক তেনেদৰে ক’ৰোনাৰ ক্ষেত্ৰতো 
বহুতেই অজ্ঞেয়বাদৰ ভূমিকা পালন কৰে
কাৰণ নৈখনৰ পানীত আছে ঘঁৰিয়াল
আৰু পাৰত আছে নাহৰফুটুকী বাঘ

আস্তিকৰ মতে
ভগৱানে আমাক পৰিচালনা কৰে
পৰিচালনা কৰে
আমাৰ জীৱন আৰু মৃত্যু

ঠিক তেনেদৰে বহুতৰে মতে
সম্প্ৰতি ক’ৰোনাই আমাক পৰিচালনা কৰে
পৰিচালনা কৰে
আমাৰ জীৱন আৰু মৃত্যু

ভগৱানৰ নামত কিছুমানে 
উপাৰ্জনৰ পথ বাচি লয়
ঠিক তেনেদৰেই 
বৰ্তমান কিছুমানে উপাৰ্জনৰ পথ বাচি লয়
ক’ৰোনাৰ নামত

ভগৱানক কোনে সৃষ্টি কৰিছে? 
মানুহে। 
ক’ৰোনাৰ সৃষ্টি কোনে কৰিছে? 
এইটোও মানুহে। 

ভগৱানক লৈ যিদৰে ধৰ্মৰ মতানৈক্য আছে
ঠিক তেনেদৰে ক’ৰোনাক লৈও 
ভিন্ন দেশত ভিন্ন নিয়ম

ধৰ্মই সময়ে সময়ে ৰূপ পৰিৱৰ্তন কৰে
ঠিক তেনেদৰেই সময়ে সময়ে পৰিৱৰ্তন হয়
ক’ৰোনাক লৈ পালন কৰিব লগীয়া
নীতি-নিৰ্দেশনা

ধাৰ্মিকৰ মতে সমস্ত বিশ্বব্ৰহ্মাণ্ড
ভগৱানৰ অধীনত
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সম্প্ৰতি গোটেই পৃথিৱী
ক’ৰোনা অধীনত

বিঃদ্ৰঃ - 
কাৰোবাৰ মতে আকৌ 
ক’ৰোনাও এগৰাকী দেৱী

মোৰ বোধেৰে
সেয়া একান্ত ব্যক্তিগত কথা

কাৰণ বিশ্বাসে মিলয় হৰি
ক’ৰোনাও বিশ্বাস 
খালী চুকুৰে দেখা পোৱা নাযায়

ঠিক তেনেদৰেই যাৰ যি বিশ্বাস 

কাৰোবাৰ মতে ক’ৰোনা মহামাৰী
কাৰোবাৰ মতে সাধাৰণ বেমাৰ
তেনেদৰেই আন কাৰোবাৰ মতে 
অদৃশ্য শক্তি অথবা দেৱী 

আৰে ভাই, যাৰ যি বিচাৰ সেয়াই ভগৱান
যাৰ যি মানসিক অনুভূতি সেয়াই ক’ৰোনা

মুঠতে 
আপুনি যেনেদৰেই বিচাৰ বিশ্লেষণ নকৰক কিয়
এয়া চিৰন্তন সত্য যে
ক’ৰোনা আৰু ভগৱান দুয়ো 
একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি! 

© কন্দৰ্পজিৎ কল্লোল

No comments:

Post a Comment