19/08/2023

পানী আৰু নদী

“No man ever steps 
in the same river twice, 
for it's not the same river 
and he's not the same man.”     
                          ― Heraclitus.

নদী মানেই পানী
অথচ পানী মানেই নদী নহয়

পানীৰ কোনো ৰং নাই
পানী পানীৰ দৰেই পনীয়া
তাৰ পিছতো মানুহে 
পানীত মিহলি কৰিছে ৰং

পানীৰ কোনো স্বাদ নাই
তাৰ পিছতো মানুহে 
পানীত বাকিছে স্বাদ

পানী নিৰৱধি
তাৰ পিছতো মানুহে
বন্দী কৰিছে পানীক

অৰ্থাৎ পানীক পানীৰ দৰে 
থাকিবলৈ দিয়া নাই মানুহে

সেইবাবেই হয়তো মাজে-সময়ে
বিদ্ৰোহী হৈ উঠে পানী

পানীৰো আছে নানা ৰূপ
বৰষুণৰ পানী
নদ-নদীৰ পানী
সাগৰ-মহাসাগৰৰ পানী
এনে কি চকুপানীবোৰো পানীয়েই

মানুহে মানুহক ভাগ কৰাৰ দৰেই 
পানীকো নানা ভাগত ভাগ কৰি লৈছে
পানীৰ পৰা পানীক আঁতৰাই
অন্য নামেৰে নামাকৰণ কৰিছে

আচলতে প্ৰস্ৰাৱবিলাকো পানী
চৰৱতবিলাকো পানী
পানী তৃষ্ণাৰ্তৰ প্ৰাণ 
এনেকি মদিৰা বুলি আন একো নাই
সেইবোৰো পানীয়েই
জীৱনাৰ্ত মানুহৰ জান

নদীবোৰ লগ লাগি পানী নহয়
পানীবোৰ লগ লাগি নদী হৈ বয়

আপুনি বাৰু নদীত স্নান কৰি পাইছেনে?
কিমানবাৰ আপুনি গাধুইছে নদীত?
এবাৰ... দুবাৰ... এশবাৰ... অসংখ্য বাৰ

বি:দ্ৰ: - আপোনাৰ হিচাপ শুদ্ধ নহ'বও পাৰে

কাৰণ,
এজন মানুহে এখন নদীত 
দুবাৰ গাধুব নোৱাৰে!

✍ #কন্দৰ্পজিৎ

🍁 বহুদিনৰ মূৰত প্ৰাচীন পাত এখিলা সাৰ পাই উঠিল 🍁

🍁 বহুদিনৰ মূৰত 
প্ৰাচীন পাত এখিলা 
সাৰ পাই উঠিল 🍁
==============

এসময়ত পাতৰ প্ৰেমিক আছিলোঁ
শুকান পাত 🍁
কেঁচা পাত 🌱
হালধীয়া পাত 🍁
সেউজীয়া পাত 🌱
মৰহি যোৱা পাত 🍂

পাত পাতেই

পাতৰ দৰে জীৱন 🏃
জীৱনৰ দৰে পাত 🌿

কিতাপৰ পাত 📖
বহীৰ পাত 📝
ডায়েৰীৰ পাত 📚

পাতত লিপিবদ্ধ হয় জীৱনৰ পাঠ

পাতত কবিতা
পাতত গল্প
পাতত উপন্যাস

পাতত খবৰ 🗞️
পাতত ইতিহাস 📕
পাতত উপাখ্যান
পাতত নষ্ট প্ৰেমিকৰ নষ্ট গদ্য

পাত পাতেই
পাতবিলাক আন কাৰো দৰে নহয়
পাতৰ দৰেই

আম গছৰ পাত
কঁঠাল গছৰ পাত
আঁহত গছৰ পাত
কদম গছৰ পাত
মোৰ প্ৰিয় হিজল গছৰ পাত

হাতত পাত 🍃
পাতত হাত 🍀
পাতৰ প্ৰেমিক 🪴
প্ৰেমিকৰ পাত ☘️

পাতত (a+b)² = a²+b²-2ab 
যদিহে ভুল হোৱা নাই
(অংকত সিমান ভাল নাছিলোঁ
এইবাবেই হয়তো
জীৱনৰ অংকৰ হিচাপ নলায়)

পাতত x+y = এটা সপোনৰ গান 

আগলতি কলা পাত ল'ৰে কি চ'ৰে
চিলনী আই মোৰ কাষৰতে পৰে

পাতত দিয়া মাছ 🐠
পাতত দিয়া খাৰ
পাতত দিয়া শাক 🥦

ৰৈ ৰৈ ৰৈ 🧍🧍🧍
গৈ গৈ গৈ 🏃🏃🏃
পাৰ হৈ হৈ হৈ🤾🤾🤾
অৰ্কুটৰ পাত
গুগল প্লাচৰ পাত
ফেচবুকৰ পাত
টুইটাৰৰ পাত

অৰ্কুট কি জানানে?
গুগল প্লাচ কি জানানে?
আমি সেই যুগৰ মানুহ
সেইবোৰ এতিয়া
পুৰি ছাই হোৱা পাত
টুইটাৰো ৰূপ সলাই এক্স হ'ল
ফেচবুকৰ পাতবোৰো
সেউজীয়াৰ পৰা হালধীয়া হৈ আছে ক্ৰমশঃ

পাতো সলনি হয়
মনৰ দৰে
মগজুৰ দৰে 
মানুহৰ দৰে

২৪ খিলা পাত = ১ দিস্তা
এতিয়া ১ দিস্তা = ১২ খিলা

চকুৰ আগতে পাতবোৰে ৰং সলালে
চকুৰ আগতে পাতবোৰে পৰিমাণ সলালে
অথচ মই আজিও স্থিৰপ্ৰজ্ঞ এক শিখাখণ্ড

শিলাখণ্ডৰ কথা আহিল যিহেতু
পাতক আলপ আঁতৰাই থৈ দিলোঁ

শিলাখণ্ডও পাতৰ দৰে প্ৰেমিক
কিন্তু শিলাখণ্ড পাতৰ দৰে অস্থিৰ নহয়

পাৰ্বতীৰ অক্ষত যোনীত
আজিও সাৰ পাই উঠে শিৱৰ শিলাখণ্ড
তাতেই লুকাই লুকাই বাজি উঠে
যৌৱনৰ তন্ত্ৰ-মন্ত্ৰ

পাত বতাহত উৰে
এই কবিতাটোও পাতৰ দৰে
ক'ৰ পৰা উৰি আহি ক'ত পালে
মই নিজেই নাজানো

আচলতে পাতৰ প্ৰেমত পৰি
কবিতা বুলি অকবিতাৰ হাত ধৰি
আকৌ এবাৰ জীৱনক অংকন কৰাৰ
এয়া এক আংবাং প্ৰয়াস

বহুদিনৰ মূৰত 
প্ৰাচীন পাত এখিলা 
সাৰ পাই উঠিল

যিখিলা পাতক কোনেও
বুটলি নাৰাখিলে নিজৰ মাজত!

✍ কন্দৰ্পজিৎ

24/07/2023

কাৰ্বি ভাষা

     জনজাতীয় ভাষাসমূহৰ ভিতৰত মোৰ দৃষ্টিত সহজ ভাষা হ'ল বড়ো, ককবৰক, ৰাভা, গাৰো আদি। আনহাতে কঠিন ভাষা হ'ল মিচিং ভাষা। আনহাতে কাৰ্বি ভাষা মাজ ভাগত। ই চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত কিন্তু ইয়াৰ স্থান স্পষ্ট নহয়। সেয়ে হয়তো ভাষা বিজ্ঞানী শ্বাফাৰ আৰু ব্ৰেডলীয়ে মিকিৰ ভাষাক এক পথচ্যুত কুকি-চিন ভাষা বুলি শ্ৰেণীকৰণ কৰিছে। কাৰ্বি ভাষাৰ পুৰণি নাম মিকিৰ ভাষা। কাৰ্বি ভাষা আকৌ মূলতঃ দুই প্ৰকাৰৰ - পাহাৰীয়া কাৰ্বি (অসমৰ কাৰ্বি আংলং জিলাৰ ৰংখাং উপভাষা) আৰু ভৈয়ামৰ কাৰ্বি বা ডোম্‌ৰা কাৰ্বি (অসমৰ কামৰূপ জিলা আৰু মৰিগাঁও জিলা আৰু মেঘালয়ৰ ৰি-ভৈ জিলাত কোৱা হয়)। ডিফু অঞ্চলৰ ভাষাক বৰ্তমান মান্য ভাষা হিচাপে ধৰি লৈছে। কাৰ্বি মানুহৰ সংখ্যা প্ৰায় ৪২ লাখ। এসময়ত কাৰ্বি ভাষা অসমীয়া লিপিৰে লিখা হৈছিল যদিও বৰ্তমান ৰোমান লিপিৰে লিখা হয়। কাৰ্বি ভাষাত বৰ্ণৰ সংখ্যা কম। অসমীয়া লিপিৰে লিখাৰ ক্ষেত্ৰত যিকেইটা বৰ্ণৰ প্ৰয়োজন হয়, সেইকেইটা হ'ল - অ আ ই এ ও ক খ ঙ চ ছ জ ত থ দ ধ ন প ফ ব ভ ম য ৰ ল ৱ হ আৰু ং। আনহাতে কাৰ্বি ভাষাত ব্যৱহাৰ যুক্ত বৰ্ণ বিলাক হ'ল - ক্ৰ ক্ল খ্ৰ থ্ৰ প্ৰ প্ল ফ্ৰ ফ্ল হ্ৰ হ্ল। কাৰ্বি ভাষাত কিছুমান বাক্য বিভিন্ন ধৰণে প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। যেনে - মই তোমাক ভালপাওঁ - নে নাং ফান নিং দ’ক / নে নিং নাং হাং পিক / নে নাংফান নিং নাংদ'ক / নে নাংফান নিং নাংহাং ......। তাৰোপৰি কাৰ্বি ভাষাত কিছুমান একেই শব্দ সুৰৰ ওপৰত ভিত্তি কৰি ভিন্ন অৰ্থ প্ৰকাশ কৰে। যেনে - মে² - ভিনদেউ, মে¹ - জুই, মে’¹ - ভাল। ফু¹ - মূৰ, ফু² ককাদেউতা। (¹ = নিম্ন সুৰ, ² = উচ্চ সুৰ)।

‌ ড° অৰ্পণা কোঁৱৰৰ প্ৰবন্ধৰ পৰা লোৱা কিছুমান কাৰ্বি ভাষাৰ বাক্য তলত দিয়া হ'ল -

• নে আন চ’ - মই ভাত খাওঁ
• চাইনং বাপচ’ - গৰুৱে ঘাঁহ খায়
• লা কিতাপ ত’ক - সি কিতাপ লিখে
• নে নাং ফান নিং দ’ক - মই তোমাক ভাল পাওঁ
• নে ফান মাৰৱে এপুম - মোক এটা আম দিয়া 
• চহাং-চৰেক আকান ছাং চিকিপ ইছি পিথা - ভিক্ষাৰীক চাউল এমুঠি দিয়া 
• নে কলম পেনছি ত'ক - মই কলমেৰে লিখোঁ
• নে হেম দামজি - মই ঘৰলৈ যাম
• নে বজাৰ পেনছি অ'ক নাম - ম‍ই বজাৰৰ পৰা মাছ আনিছোঁ
• দিফুছি বাজাৰ দ' - দিফুত এখন বজাৰ আছে
• হি থাই আলং হন-হনথা আৱে - বজাৰত শাক-পাচলি নাই

     কাৰ্বি ভাষাৰ সংখ্যা - https://www.omniglot.com/language/numbers/karbi.htm

     দৈনন্দিন জীৱনত ব্যৱহৃত ৬০ টা কাৰ্বি বাক্য - https://www.dimasathairili.com/2022/07/karbi-sentences.html?m=1

কাইলৈ হয়তো মই নাথাকিম

কাইলৈ হয়তো মই নাথাকিম
আৰু মই নথকাৰ এই বাতৰি 
হয়তো আপুনি প'ষ্ট কৰিব 
আপোনাৰ টাইমলাইনত

আপোনাৰ সেই প'ষ্টত 
সকলোৱে 😪 ৰিয়েচন দিব
  
কিছুমানে অৱশ্যে 👍 কৰিব
আন দুই-চাৰিজন বোকা****ই
❤️ অথবা 😆 দিব


কাইলৈ হয়তো মই নাথাকিম
আৰু মই নথকাৰ এই বাতৰি শুনি
কিছুমানে মোৰ প্ৰফাইল খুচৰি চাব

এনেদৰেই কিছুদিন পাৰহৈ যাব

তাৰ পিছত মোৰ টাইমলাইনত
মকৰাই জাল বান্ধিব
শগুনে মৰাশ বিচাৰি অহাৰ দৰেও
কোনেও নাহিব এবাৰো


তাৰ পিছত আপুনি আপোনাৰ পথত

আৰু মই বিষাদৰ বেহেলা বজাই
তাণ্ডৱ নৃত্য কৰিম এন্ধাৰৰ গৰ্ভত!


#কন্দৰ্পজিৎ
২৪/০৭/২০২৩

অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল


অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল
কিদৰে শুকাই যায় অশ্ৰুৰ টোপাল

অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল
কিদৰে মৰাশ এটাও জীয়াই থকাৰ সপোন দেখে

অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল
তেজৰ সোঁতত নৈ বয়

অন্ততঃ তেওঁ বুজিব পাৰিব লাগিছিল
যি বুজিব নোৱাৰিলে তেওঁ

আৰু মই ......

আৰু মই 
বুজিও নুবুজা এটা শ
টিকা ফঁটা ৰ'দত শুকাই নিজৰেই মৃতদেহ !

#কন্দৰ্পজিৎ
২৩/০৭/২০২৩

ডোমাৰী ভাষা

ভাৰতত ডোম জাতিৰ মানুহ আছিল বুলি আপুনি নিশ্চয় শুনিছে। এতিয়াও হয়তো কিছু সংখ্যক আছে, কিন্তু কালক্ৰমত তেওঁলোকে আন ভাষাক আদৰি লোৱাৰ ফলত নিজৰ ডোমাৰী ভাষা হেৰুৱাই পেলাইছে। কিন্তু আশ্চৰ্য্যৰ কথা যে পৃথিৱীৰ আন কিছুমান দেশত এই ভাষাৰ মানুহ আছে বুলি জানিবলৈ পোৱা গৈছে। কিন্তু তেওঁলোক একত্ৰিত নহয়, বিভিন্ন দেশৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ আছে। আচৰিত কথা যে, তেওঁলোকে নিজৰ ভাষা হেৰুৱাই পেলোৱা নাই।

ডোমাৰী হৈছে ভাৰতৰ পৰা বিলুপ্তপ্ৰায় আৰ্য্য ভাষা। এই ভাষাৰ মানুহ মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাত সিঁচৰতি হৈ আছে। এই ভাষাটো আজাৰবাইজানৰ উত্তৰ দিশত আৰু মধ্য চুডানৰ দক্ষিণলৈকে চলে। এই ভাষাৰ মানুহ তুৰস্ক, ইৰাণ, ইৰাক, পেলেষ্টাইন, ইজৰাইল, জৰ্ডান, ইজিপ্ত, চুডান, লিবিয়া, টিউনিছিয়া, আলজেৰিয়া, মৰক্কো, ছিৰিয়া আৰু লেবাননত বাস কৰে। আৰবৰ মানুহে তেওঁলোক নাৱাৰ বুলি কয়, কাৰণ তেওঁলোক আছিল যাযাবৰী জনগোষ্ঠী যিয়ে প্ৰথমে ভাৰতীয় উপমহাদেশৰ পৰা মধ্যপ্ৰাচ্যলৈ প্ৰব্ৰজন কৰিছিল। বৰ্তমান এই ভাষা ক'ব পৰা মানুহৰ সংখ্যা তিনি লাখৰো কম। ডোমাৰীৰ উপভাষা সমূহ হ'ল - নবাৰী, কুৰবাটি, হেলেবি, হালাব, কৰাচী, মাৰাশী, গৰাকা, চুৰি-বালি আৰু নাৰিকুৰাবা। এই ভাষা লিখাৰ ক্ষেত্ৰত অঞ্চল বিশেষে লেটিন, হিব্ৰু আৰু আৰৱী আখৰ ব্যৱহাৰ কৰা হয়।

প্ৰথমে এই ভাষাৰ কেইটামান সংখ্যা তলত দিলোঁ ⤵️

১ য়েক / য়িকা
২ দি
৩ তিৰিন
৪ ইষ্টাৰ
৫ পাঞ্জ
৬ ছাছ
৭ হাৱ্ত / হফ্ত
৮ হায়ছ্থ / হায়তেক
৯ নু
১০ দেজ
২০ ৱিচ
১০০ ছায়

এতিয়া কিছু শব্দ ⤵️

মই - আমা
আমি - এমে / আমিন
তুমি - আতু / তো
কোন - কানি / কো
কি - কি / কায়
ক'ত - কাতে / কেতা
কেতিয়া - কাৱাস / কাচি
কেনেকৈ - কেকে / কেনে‌ কাত
নহয় - না
সকলো - গিছ / গিছতানে
বহুত - বল / বু
কম - আকাম / টিকা
দীঘল - দীৰ্গা / দ্ৰংগে
মানুহ - মানুস / নাফাৰ
সাপ - সাপ / সাব
বাহু - দুদ
গছ - ছাদজ়াৰ / লাউৰা
ফল - ফাৱাকে
ঘাঁহ - হাছিছ
মাংস - মাচি
কণী - আনা
চুলি - ৱালভাল
মূৰ - ছিৰি / ছেৰ
কাণ - কান
চকু - আক্কি
নাক - পিৰিন
দাঁত - দান্দ 
জিভা - ঝিভ / জিব
নখ - নাইল
ভৰি - পাৱ
হাত - হস্ত / সস্ত
পেট - পেট
পিঠি - পিষ্ট 
পান কৰা - পি
খোৱা - কোৱা
জানা - ঝান / জান
শুৱা - ছুছ
মৰা - মাৰি / ম্ৰা
মাৰা - মাৰ
আহা - আও / আউ
দিয়া - দে
গোৱা (গানৰ ক্ষেত্ৰত) - গাক 
পানী - পানী
বৰষুণ - ৱাৰচ
নিমখ - লোন
জুই - আগ
কলা - কালা
ৰাতি - আৰাত
দিন - দিচ
বছৰ - ৱাৰচ
ঠাণ্ডা - সিল্দা
নতুন - নাৱা
আৰু - উ / ৱা
নাম - নাম

#কন্দৰ্পজিৎ

অসমীয়া - বড়ো - ককবৰক

নমস্কাৰ  
খুলুমবায় 
খুলুমখা

তুমি কোন? 
নৗং সৗৰ?  
নৗংনি ছাবু?

তোমাৰ নাম কি?  
নৗংনি মুঙা মা?  
নিনি মুঙ তামো?

মোৰ নাম কন্দৰ্পজিৎ   
আংনি মুঙা কন্দৰ্পজিৎ   
আনি মুঙ কন্দৰ্পজিৎ 

তোমাৰ কি খবৰ? / তুমি কেনে আছা? 
নৗংনি মা খবৰ ?  
নৗঙ ছাবো?

ভাল  
মৗজাং  
কাহামনো

তুমি কোন ঠাইৰ?  
নৗং ব'দে জাইগানি?  
নৗং বোৰোনি? 

মই সাপটগ্ৰামৰ  
আং সাপটগ্ৰামনি  
আং সাপটগ্ৰামনি

আমি ধুবুৰীলৈ যাওঁ  
জৗং ধুবুৰীয়াও থাংদোং  
চৗঙ ধুবুৰী থাহনগো

তেওঁ কিতাপ পঢ়ে  
বিয়ো বিজাব ফৰায়দৗং 
বো বিজাপ পোৰিখা

তেওঁ বিদ্যালয়লৈ যাব
বিয়ো ফৰায়সালিয়াও থাংবায়
বো ৰৗংনোগো থাহোংনাই 

এতিয়া তুমি কি কৰি আছা?
দানিয়া নৗং মা খালামদৗং?
তাবুকখে নৗং খৗলাই তংচা? 

মই কাম কৰি আছোঁ
আং খামানি খালামদৗং
আং তাংগৗই তঙো

তুমি ক'লৈ যোৱা?
নৗং বহায় থাংগৗন?
নৗং বৰো থাহঙৗই?

তেওঁ আজি ঘৰৰপৰা আহিছে
বিয়ৗ দিনৈ ন'নিফ্ৰাই ফৈদৗংমৗন
বো তিনি নোগো ফাইও

মই ৰাতি যাম
আং হৰাৱ থাংগৗন
আং হৰো থাহংখা

মই সুখী
আং গৗজৗনবাই
আং তংহোকজাক 

আহা
ফৈদৗ 
ফাইজাদি

সুপ্ৰভাত
মৗজাং ফুং
ফুং কাহাম

শুভৰাত্ৰি
মৗজাং হৰ
হৰ কাহাম

মই তোমাক ভালপাওঁ
আং নৗংখৌ মৗজাং মৗনৗ  
আং নোনো হামজাকগো

তুমি মোক ভালপোৱা নে?
নৗং আংখৌ মৗজাং মৗনবাই না?
নৗং আংকো হামজাগো?   

হয়
অৗ 
ইন' / আও

নহয়
নাঙা
ইন'হি

ধন্যবাদ
সাবায়খৰ
হামবাই
 
(কিবা ভুল পৰিলক্ষিত হ'লে অনুগ্ৰহ কৰি আঙুলিয়াই দিব।)

#কন্দৰ্পজিৎ