03/04/2024

কলিযুগৰ অন্য এক মহাভাৰতৰ তামসাবৃত্ত কৰ্ণ মই

<<<অসংলগ্ন শব্দগাঁথা>>>

“ক꯭লি꯭যু꯭গ꯭ৰ ꯭অ꯭ন্য꯭ এ꯭ক ꯭ম꯭হা꯭ভা꯭ৰ꯭ত꯭ৰ 
꯭তা꯭ম꯭সা꯭বৃ꯭ত্ত ꯭ক꯭ৰ্ণ꯭ ম꯭ই”

       তেওঁ কৈছিল “সাত শত্ৰুকো বৰপিৰা পাৰি দিব লাগে ”, তেওঁ কৈছিল “প্ৰেমেৰে সকলোৰে অন্তৰ স্পৰ্শ কৰিব পাৰি”। তেওঁ কেৱল কৈছিল হে, অৱশেষত পালন কৰিব নোৱাৰিলে। পালন কৰিব নোৱাৰিলে নে আনৰ দ্বাৰা পৰিচালিত হ'ল তেওঁ! 

      তেওঁ কৈছিল ব্যক্তিসত্বা কেতিয়াও হেৰুৱাব নালাগে। অথচ সম্প্ৰতি তেওঁ নিজেই নিজকে হেৰুৱাই এটা জীৱন্ত পুতলা। তেওঁকলৈ তেওঁৰ নিজৰ দুখ লাগে নে নাই সেয়া মই নাজানো, নে সুখ-দুখ বিহীন এটা প্ৰস্তৰ মূৰ্তি তেওঁ!

      মোক দলিয়াই দিয়া হ'ল। মোক ছলনা কৰি মোৰ পৰা কাঢ়ি লোৱা হ'ল কৱচকুণ্ডল। মোক কৰ্ণ সজোৱা হ'ল। মোকেই আকৌ একলব্যও সজোৱা হ'ল। গুৰু দক্ষিণাৰ নামত কেৱল সোঁহাতৰ বুঢ়া আঙুলি কাটি দিয়াটো বাকী।

      মই মোৰ নিজস্ব ইচ্ছা অনুসৰি কিছুমান কাম কৰিব নোৱাৰোঁ। তেনে কৰিলে হোনো তেওঁৰ হৃদয়ে আঘাত পায়। ঠিক আছে, মানি ল'লোঁ। কিন্তু মোৰ আভ্যন্তৰীণ সুখ-দুখকলৈতো তেওঁলোকে চিন্তা কৰা নেদেখিলোঁ। কেৱল কুন্তীৰ অনুৰোধ পালন কৰিবলৈয়ে কৰ্ণৰ জন্ম হয় নেকি যুগে-যুগে!

     কলিযুগৰ অন্য এক মহাভাৰতৰ তামসাবৃত্ত কৰ্ণ মই। বহুত হেৰুৱালোঁ। হেৰোৱা কৱচকুণ্ডল ঘূৰাই আনিবলৈ এতিয়া অন্য এক যুদ্ধ হ'ব। মই অপ্ৰতিৰোধ্য কৰ্ণ, অপ্ৰতিৰোধ্য একলব্য। বুঢ়া আঙুলি অক্ষত থকালৈকে অপৰাজেয়। এয়া হ'ব প্ৰাপ্যৰ যুঁজ, এয়া হ'ব অধিকাৰৰ যুঁজ, এয়া হ'ব জীয়াই থকা আৰু জীয়াই থাকিবলৈ দিয়াৰ যুঁজ। যদিওবা এই যুঁজলৈ সাজু নাছিলোঁ, ইচ্ছুক নাছিলোঁ। কিয়নো যুদ্ধলৈ ভয় লাগে। কাৰণ যুদ্ধ মানেই পৰাজয়। ইফালে জয় হ'লে সিফালে পৰাজয়। সিফালে জয় হ'লে ইফালে পৰাজয়। কোনেও পৰাজিত হোৱাৰ কামনা নকৰোঁ। কিন্তু সম্প্ৰীতিৰ বাটত কোনোবাই কাঁইট পাৰি দিলে যুদ্ধ নিশ্চিত হৈ পৰে।

        ইয়াৰ পিছত হেৰুৱাই পেলাম কবিতাৰ ভাষা। প্ৰতিক, চিত্ৰকল্প .... এইবিলাক বাদ।
যি কম সেয়া মুক্ত ভাবে ক'ম গদ্যৰ দৰে। 
 
                   হে মহাজীৱন

হে মহাজীৱন, আৰু এই কাব্য নহয়
এইবাৰ কঠিন কঠোৰ গদ্য লৈ আহা
পদ-লালিত্য-ঝংকাৰ মচি যাওক,
গদ্যৰ কঠিন হাতুৰিৰে আজি আঘাত কৰা।

প্ৰয়োজন নাই কবিতাৰ স্নিগ্ধতা---
কবিতা, তোমাক দিলোঁ আজি ছুটি,
ক্ষুধাতুৰ ৰাজ্যত পৃথিৱী গদ্যময়:
পূর্ণিমাৰ জোন যেন সেক্ দিয়া ৰুটি॥

মূল বাংলা কবি: সুকান্ত ভট্টাচার্য 
কাব্য সংকলন: ছাড়পত্র (১৯৪৭)

No comments:

Post a Comment